Saturday, November 14, 2020

গোপন কথা

    

      গোপন কথা


তুমি নোৱাৰা আহিব মোৰ জীৱনত
আগভেটি বৈ আছে নৰ নৈৰ কোবাল সোঁত

ঢেকীয়া ফুল হৈ ফুলিবা মোৰ বুকুৰ অন্তেষপুৰত
আলফুলে আকোঁৱালি লম এচেৰেঙা ৰ'দ

তুমি প্ৰত্যাগমন কৰিলেই ফুলি উঠিব জীৱনৰ
লঠঙা বিৰিখত পাজিসেৰীয়া শুকুলা কপৌ

কওঁ বুলিওতো ক'ব নোৱাৰি তোমাক সকলো কথা
বনজুইৰ সদৃশ বিয়পি পৰিব ইটোৰ পৰা সিটোলৈ

তথাপি মনে যে নামানে প'লে প'লে উৰা মাৰে
তোমাৰ আৱেশ সনা দুচকুত মৰম হৈ নামে

বাটত পোৱা এঢলিটো আকৌ এবাৰ পাম জানো !
এবাৰ অহা সুযোগ পুনৰাই পাখি মেলি আহে জানো?

 আহিবা নহ'লে সংগোপনে গৰকিবাহি মোৰ বকুলফুলীয়া নিজম ভেটি 
তুমি অহাৰ বাটত অপেক্ষা কৰিম এটা বিনিদ্ৰ ৰজনী 
অতিবাহিত কৰিম এশালি শালিকাৰ দৰে 

তুমি হয়তো ভাবিব পাৰা কেনেকৈ জীন যাব
নিসিজা শাকৰ খৰচীয়া সোৱাদ

তোমাৰহে কথা তোমাৰ এটা মাথোঁ চকুৰ টিপত
হৃদয়ৰ হ'ল্ডল ভাঙি বৈ আহিব আশা আৰু হেপাঁহৰ তপত নিজৰা মোৰ চৌপাশ শীতল কৰি।

অদূৰত ভাঁহি থাকিব জীয়া প্ৰেমৰ সুৰীয়া গান
জীৱন জীপাল কৰি অহৰহ।














সময় ২.৩০
দিনাঙ্ক ১৩/১১/২০

Monday, November 9, 2020

পুৰণি টকাৰ বিক্ৰী পুৰণি টকাত টকাৰ বৰষুণ !!

পুৰণি টকাৰ বিক্ৰী কিমান দূৰ সত্য ?

পুৰণি টকাত টকাৰ বৰষুণ !!

এই কেইদিনমান হ'ল মোবাইল নেটৱৰ্ক খুলাৰ লগে লগে দৃশ্যমান হয় পুৰণি টকাৰ বিক্ৰীৰ সম্পৰ্কে। ব্যাখ্যা দেখি ধনী হোৱাৰ সহজ পথ পালো যেন লাগে।

কিন্তু কিমান দূৰ সত্য পুৰনি টকা বিক্ৰী হোৱা বিষয়টো। India mart ত লগ অন কৰিছিলোঁ কিন্তু প্ৰথম পঞ্জীয়ন কৰাৰ বাবেহে দেখুৱাই। 



পঞ্জীয়ন ৰ দাম ২ -৩ হাজাৰ। অৰ্থাৎ টকা দিলেহে পঞ্জীয়ন হয়। নিউজ চেনেলবোৰত কৈ থকাৰ দৰে সহজ নহয়। 



সাধাৰণ মানুহক ঠগি লুটি-পুটি নিয়াৰ এটা ফন্দি যেনহে লাগে। 



আকৌ ১৯১৫ চনৰহে বোলে মুদ্ৰা হ'ব লাগে। কেৱল সেয়ে নহয় নোট খন হেনো 786 ছিৰিজৰ হ'ব লাগে। কিযে নাভুতনাশ্ৰুত কথা। 
বাতৰি বোৰ পৰিৱেশন কৰা উদ্দেশ্য কি নাজানো। কিন্তু এইবোৰত যে কোনো সত্যতা নাই সেয়া 100% ই সত্য। ভুৱা বাতৰি পৰিৱেশন নকৰিলে নহয়নে বাৰু ? 

 
জনসাধাৰণ ইয়াৰ পৰা কি লাভাম্বিত হৈছে ? 

মিছাকৈ বহু মানুহৰ মূৰত টকাৰ লোভৰ পোকটো ঠেলি সেচি সুমুৱাই দিয়া হৈছে ! 

Sunday, November 8, 2020

তোমাৰ আগমনৰ পিছৰ খবৰ...

   তোমাৰ আগমনৰ পিছৰ খবৰ...

ভবাই নাছিলোঁ দিনবোৰ এদিন
তুমি অহা বাটত ৰৈ থাকিব আশাৰ শেতেলি পাৰি
বুকুখনত ফুলি ৰ'ব ৰ'দঘাইৰ কহুৱা এডৰা
বসন্তৰ পম খেদি নিজানে নিতালে
ঠিক মলয়া এজাকৰ দৰে 

ভবাই নাছিলোঁ মই তোমাৰ কলপতীয়া মৰমবোৰ
আঁউসীৰ আন্ধাৰৰ দৰে লহপহকৈ বাঢ়ি আহিব
বুকুৰ কন্দৰত কুৰুকি কুৰুকি সোমাব 
বেদনাৰ উল্কা হৈ নামি আহিব সময়ৰ মাজেৰে
প্ৰাপ্তি অপ্ৰাপ্তিৰ হালধীয়া ঠিকনা।

ঠিক তোমাৰ হাত আৰু ওঁঠৰ তপত স্পৰ্শত
প্ৰাণ পাই উঠিছিল মোৰ বিৱৰ্ণ দুভৰিৰ ছন্দ
তোলা কোমল বুকুৰ উৰজৰ স্পৰ্শত 
হেন্দোলিত হৈছিল মোৰ সমগ্ৰ সত্তা 
তেতিয়াই ৰঙীন স্বপ্ন এটাই ৰিঙিয়াই মাতিছিল মোক
মই 'তুমি' হোৱাৰ প্ৰৱল হাবিয়াসত
এতিয়া নৈ এৰাসুঁতিৰ সদৃশ বৈ আছোঁ অবিৰাম ।

এতিয়া 
প্ৰতি খোজতে সৰি সৰি পৰে উৎকণ্ঠাৰ পাপৰি
আলিঙ্গনাৱন্ধ অন্যমনস্কতাৰ বাটেৰে বাট বুলোতে
হেৰাই যায় ভাৱনাৰ সাগৰত মনৰ তন্ময়তা
ছাঁ হৈ ডুলি থাকে মন গহন বনত 
তোমাৰ কহুৱাঁ বৰনীয়া প্ৰতিচ্ছবি
অহনিৰ্শে !!

 
সময় : ৮.২০ ,ৰাতি ।
দিনাঙ্ক : ৮/,১১/২০২০

Featured post

শৈক্ষিক প্ৰতিষ্ঠান আৰু গৃহত শক্তি সঞ্চয়ৰ অভ্যাস। Habits of Energy Saving in Educational Institutions and Homes.

শৈক্ষিক প্ৰতিষ্ঠান আৰু গৃহত শক্তি সঞ্চয়ৰ অভ্যাস। পাতনি: বৰ্তমানৰ বিজ্ঞান-প্ৰযুক্তিৰ যুগত বিদ্যুৎ শক্তি আমাৰ জীৱন-যাত্ৰাৰ অতি প্ৰ...

Popular posts