Showing posts with label 145. পৰিয়াল কাক বোলে ? বিভিন্ন পৰিয়ালৰ সম্পৰ্কে আলোচনা।. Show all posts
Showing posts with label 145. পৰিয়াল কাক বোলে ? বিভিন্ন পৰিয়ালৰ সম্পৰ্কে আলোচনা।. Show all posts

Friday, September 24, 2021

পৰিয়াল কাক বোলে ? বিভিন্ন পৰিয়ালৰ সম্পৰ্কে আলোচনা। What is the family ? Discussing about different families .

পৰিয়াল কাক বোলে ?

কোনো এটা বিবাহিত দম্পত্তী আৰু তেওঁলোকৰ সন্তান সন্ততি, আত্মীয় সকলক লৈ যি গোটৰ গঠণ হয় সেয়ে হ'ল সাধাৰণতে পৰিয়াল । 

 আনহাতে পৰিয়ালক এটা সামাজিক অনুষ্ঠানৰ লগতো তুলনা কৰিব পাৰি। যিদৰে এটা সামাজিক অনুষ্ঠানত বিভিন্ন বিষয়ত মিলামিছা মনোভাৱ থাকে আৰু পাৰস্পৰিক সহযোগিতা,বুজাপৰা থাকে, ঠিক একেদৰে এটা পৰিয়ালতো এই সদৃশ গুণবোৰ বা বিশেষত্ববোৰ থাকে। তদুপৰি পৰিয়ালত বিভিন্ন বিষয়ত আদান-প্ৰদান সুচাৰুৰূপে পৰিচালিত হয় আৰু জীৱনত ঐক্য শান্তি সম্প্ৰীতিৰ এনাজৰী ডালত ঘূণে নধৰিবৰ বাবে প্ৰচেষ্টা কৰা হয় আৰু সমাজৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হয়। সেয়ে বহুতো সমাজবিদ আৰু শিক্ষাবিদেও পৰিয়ালক এটা শাশ্বত সামাজিক গোট বুলি অভিহিত কৰিছে। 
   মেকাইভাৰ আৰু পেজ নামৰ সমাজবিদ কেইগৰাকীৰ মতে সন্তান সন্ততি জন্ম আৰু লালন পালন কৰিবৰ বাবে যি মানৱ গোট গঠণ কৰা হয়,সেয়াই হ'ল গৃহ বা পৰিয়াল । একেদৰে বালাৰ্ড, পেষ্টালজি, হিউম আদি সমাজবিদ সকলেও প্ৰায় একেধৰণৰ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়।

পৰিয়ালৰ বিশেষত্ব কি ?    


পৰিয়ালৰ নীতি নিয়ম, গঠিত পৰিয়ালৰ অৱয়ব আদি সময়ে সময়ে পৰিবৰ্তন হৈ থকা দেখা যায়। 
বিভিন্ন কাৰণত পৰিয়াল একোটাৰ অন্তৰ্ভুক্ত মানুহবিলাকৰ মাজত কেতিয়াবা সূত্ৰপাত হোৱা কন্দলৰ বাবেই হওঁক বা আন কাৰণত হওঁক পৰিয়ালৰ হৰণ ভগণ হয়। তেতিয়াই ডাঙৰ পৰিয়াল এটা সৰু পৰিয়াললৈ পৰিবৰ্তন হয়। গতিকে পৰিয়ালৰ কিছুমান বৈশিষ্ট থাকে। সেইবোৰ হৈছে--
১/ পৰিয়ালৰ নীতি নিয়ম আৰু পৰম্পৰা পৰিবৰ্তনশীল ।
২/ পৰিয়ালৰ এটা উমৈহতীয়া বাসস্থান থাকে।
৩/ ৰান্ধনীঘৰ পৰিয়ালৰ এটা গুৰুত্বপূৰ্ণ ভাগ।
৪/ এটা পৰিয়ালত জন্মগ্ৰহণ কৰা মানুহবিলাকৰ মাজত তেজৰ সম্পৰ্ক থাকে।
৫/ সাধাৰণতে পৰিয়ালৰ সকলোৰে উপাৰ্জন একেটা ভঁৰালতে ৰখা হয়।
৬/ এটা পৰিয়ালত জন্মগ্ৰহণ কৰা আটায়ে সা-সম্পত্তি,অৰ্থ, বিভিন্ন খাদ্য দ্ৰব্য সমানে ভোগ কৰিব পাৰে।
৭/ বিবাহপাশত আবদ্ধ কৰাৰ জৰিয়তে পুৰুষ আৰু মহিলাৰ অবৈধ যৌন সম্পৰ্ক ৰোধ কৰে পৰিয়ালে।
৮/ পৰিয়ালৰ কৰ্তৃত্ব জ্যেষ্ঠ জনৰ হাতত ন্যস্ত থাকে।

সাধাৰণতে উপৰোক্ত বিশেষত্তসমূহ এটা পৰিয়ালত পৰিলক্ষিত হয়। গতিকে পৰিয়ালৰ সংজ্ঞা বুজাত উপৰৰ আলোচনাই নিশ্চয় সহায় কৰিছে।


পৰিয়ালৰ প্ৰকাৰ আৰু ব্যাখ্যা :

    
      বাস্তৱ জীৱনৰ পৰা আহৰণ কৰা অভিজ্ঞতা আৰু চিন্তাধাৰা অনুসৰি পৰিয়ালক ঘাইকৈ দুটা ভাগত ভাগ কৰিব পাৰি। ইয়াৰে এটা হৈছে - একক পৰিয়াল বা প্ৰাথমিক পৰিয়াল  আৰু আনটো হৈছে - যৌথ পৰিয়াল বা সংযুক্ত পৰিয়াল ।
     

    একক পৰিয়াল বা প্ৰাথমিক পৰিয়াল হৈছে কোনো এজন পুৰুষৰ - তেওঁৰ পত্নী, তেওঁৰ  সন্তান সন্ততি বা তোলনীয়া  অবিবাহিত পুত্ৰ-কন্যা আদিৰে গঠিত হোৱা এক সৰু পৰিয়াল । বৰ্তমান সময়ত একক পৰিয়ালৰ গুৰুত্ব বেছি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। একক পৰিয়ালৰ কিছুমান সুবিধা থাকে যি সংযুক্ত পৰিয়ালত পোৱা নাযায়। পৰিয়াল সৰু হ'লে ব্যয়ৰ পৰিমাণ কমে আৰু উপাৰ্জনৰ ক্ষেত্ৰত স্বতন্ৰতা বজাই ৰাখিবলৈ সক্ষম হয়। পৰিয়ালৰ ভৰণ পোষণৰ ক্ষেত্ৰত কোনো কন্দলৰ সৃষ্টি নহয়। কম মানুহ থকাৰ বাবে কম খৰচতে যিকোনো কাম হাচিল কৰিব পাৰি। আনহাতে চৰকাৰী সা-সুবিধা লাভৰ ক্ষেত্ৰতো একক পৰিয়ালৰ সুবিধা আছে। বৰ্তমান চৰকাৰে একক পৰিয়ালৰ লোককহে চাউল, দাইল, কেৰাচিন তেল আদি বেছিকৈ সাহায্য আগবঢ়োৱা দেখা গৈছে।   
    কিন্তু একক পৰিয়ালত কোনো বয়োজ্যেষ্ঠ ব্যক্তি নথকাৰ বাবে কেতিয়াবা পৰিয়ালত কিছু মতানৈক্যৰ মনোভাৱ জন্ম হোৱা দেখা যায় যিহেতু কোনো বিষয়ত পতি-পত্নীয়ে সুসিদ্ধান্ত লোৱাত ব্যৰ্থ হ'বও পাৰে তেনে সময়ত বয়োজ্যেষ্ঠ জনৰ পৰামৰ্শ অতীৱ প্ৰয়োজন হৈ পৰে। 

     আনহাতে যৌথ পৰিয়াল বা সংযুক্ত পৰিয়াল হৈছে কোনো এজন পুৰুষৰ - তেওঁৰ পত্নী , ককাই ভাইৰ পত্নী সকল , তেওঁলোকৰ ঔৰসত জন্ম গ্ৰহণ কৰা সন্তান সন্ততি, নাতি-নাতিনী , ককাক আইতাক আদি লগলাগি গঠন হোৱা সংমিশ্ৰিত পৰিয়ালক যৌথ পৰিয়াল বা সংযুক্ত পৰিয়াল বুলি কোৱা হয়। যৌথ পৰিয়াল প্ৰকৃততে আশী নব্বৈ দশকৰ আগৰ ছোৱাত আটাইতকৈ বেছি প্ৰচলিত আছিল।  যৌথ পৰিয়াল এটা পৰিচালনা কৰিবলৈ কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। এনে পৰিয়ালৰ জ্যেষ্ঠ বা জ্যেষ্ঠা জন বা মূৰব্বী জন এক কথাৰ মানুহ হ'ব লাগে। যিকোনো পদক্ষেপ লওঁতে খুব সাৱধান হ'ব লাগে। নিৰপেক্ষভাৱে পৰিয়ালৰ লোকসকলক যিকোনো নিৰ্দেশ দিয়া দৰকাৰ হয়। ঘৰৰ আয় কৰা আৰু ব্যয় কৰা ক্ষেত্ৰত মিলামিছা মনোভাৱ নাথাকিলে যৌথ পৰিয়াল বেছি দিনলৈ টিকি নাথাকে।
   যৌথ পৰিয়াল সন্তানসকলৰ বাবে সুবিধা হয়। সৰুৰে পৰা বেছি মানুহৰ লগত উঠাবহা কৰিব লগা হোৱাৰ বাবে ল'ৰা ছোৱালীবিলাকৰ মনত থকা ভয়,লাজ, সংকোচ মনোভাৱ সৰুতেই আঁতৰে। তাৰোপৰি যৌথ পৰিয়ালত জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীয়ে বাই, ভনী,ককাই,দদাই, বৌ, পেহী,জেঠাই আদি সম্বন্ধবোৰ সোনকালে আয়ত্ত কৰি লোৱাৰ উপৰি এই সম্বন্ধৰ জৰিয়তে নৈতিক শিক্ষা লাভ কৰিবলৈ সক্ষম হয়। সেয়ে যৌথ পৰিয়ালত জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীৰ মনত মৰম চেনেহ, শ্ৰদ্ধা ভক্তি আদি মানৱীয় গুণসমূহ বেছিকৈ পৰিলক্ষিত হয়।
    


পৰিয়ালৰ কাৰ্যাৱলী  কি কি?


সাম্প্ৰতিক সময়ত প্ৰত্যেক ব্যক্তিৰ স্বতন্ত্ৰ চিন্তা ধাৰণাৰ ফলত পৰিয়ালৰ গুৰুত্ব কিছু কমিছে যদিও এতিয়াও ই শিশুৰ সামাজিক জীৱনৰ অদ্বিতীয় নিয়ন্ত্ৰক হিচাপে স্বীকৃত হৈ আছে। এক বিশিষ্ট সামাজিক গোট হিচাপে পৰিয়ালে সামাজিকভাৱে বহু কৰ্তব্য আৰু দায়িত্ব মূৰ পাতি ল'ব লগা হয়। ইয়াৰ ভিতৰত আছে - জৈৱিক কৰ্তব্য, অন্ন বস্ত্ৰ আৰু আবাস সম্পৰ্কীয়, সজ অভ্যাস গঠণ সম্পৰ্কীয়, নিৰাপত্তা সম্পৰ্কীয়, বৌদ্ধিক সম্পৰ্কীয়, নৈতিক বিকাশ, সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰা, সামাজিককৰণ, বিনোদন সম্পৰ্কীয়, নাগৰিকত্বৰ জ্ঞান, ধৰ্মীয় ধাৰণাৰ ভেটি স্থাপন কৰা, জাতীয় চেতনা জগাই তোলা, আন ধৰ্মৰ প্ৰতি সহনশীলতাৰ মনোভাৱ জগাই তোলা, আত্মপ্ৰকাশৰ সুবিধা দিয়া স্বাধীনতা ভোগ কৰিবলৈ দিয়া আদি হ'ল এটা পৰিয়ালৰ কৰ্তব্য। অৰ্থাৎ সন্তান সন্ততি সকলৰ জীৱন শৃংখলিত ৰূপত সজাই তোলিবলৈ হ'লে পৰিয়ালৰ মূৰব্বীজনে সন্তান সন্ততি সকলক এই আটাইবোৰ বিষয়ত জ্ঞান অৰ্জন কৰোৱাব লাগিব।

সামৰণি

উপৰোক্ত আলোচনাৰ পৰা ক'ব পাৰি যে পৰিয়ালৰ কৰ্তব্য সমূহ অতি গুৰুত্বপূৰ্ণ। শিশুৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঠনত পৰিয়ালৰ পৰিৱেশে প্ৰত্যক্ষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। পৰিয়ালে দৈহিক, মানসিক, সাংস্কৃতিক, আৰ্থসামাজিক, বৌদ্ধিক আদি ভিন্ন ক্ষেত্ৰত শিশুক পূৰ্ণাংগ মানৱ ৰূপে গঢ় দিয়াত বিভিন্ন দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলগীয়া হয়। গতিকে ইয়াৰ পৰা ক'ব পাৰি যে শিশুৰ বাঞ্চিত বিকাশৰ বাবে পিতৃ-মাতৃ, অভিভাৱকৰ বহু কৰণীয় আছে। সৰুকালতেই শিশুক পিতৃ-মাতৃয়ে নৈতিক শিক্ষা প্ৰদান কৰা উচিত যাতে শিশুজনে ভৱিষ্যতে কোনো ধৰণৰ অনৈতিক কাৰ্যত লিপ্ত হৈ নিজৰ লগতে সমাজত অসহনীয় বাতাবৰণৰ বিষবাষ্প সৃষ্টিত অৰিহণা যোগাব নোৱাৰে। 

লেখনিটো পঢ়ি ছোৱাৰ বাবে অশেষ আন্তৰিক ধন্যবাদ জনালো। --দুদুল সোণোৱাল।

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts