Showing posts with label 83. Happiness of Life. Show all posts
Showing posts with label 83. Happiness of Life. Show all posts

Thursday, April 8, 2021

Happiness of Life | জীৱনৰ সুখবোৰ

কেনেকৈ জীৱনত সুখে বাহ  লয় ?

জীৱনটো বৰ সুন্দৰ। বৰ অনুপম। জীৱনৰ কোনটো কোণত সুখে বাহ সাজে আমি নাজানো। যেতিয়া প্ৰাপ্য বস্তু বা আকাংক্ষিত বস্তু বা মনৰ বাসনা পূৰ্ণ হয় তেতিয়াই মনত সুখৰ ভাৱ উদ্ৰেক হয়। সুখ এক অনুভৱ মাত্ৰ। যাক চকুৰে দেখা পোৱা নাযায়। প্ৰকৃততে সুখ আহে দুখৰ পিছে পিছে। অনন্ত সুখৰ নৈ হৈ বৈ যায় বুকুৰ সেওঁতা ফালি অহৰহ। দুখ সুখৰ চিৰলগৰী। যেনেকৈ দুখৰ কঠিয়াতলিত সুখৰ বিচৰণ, ঠিক তেনেকৈ সুখৰ পশ্বাদত দুখৰ বিচৰণ। সুখৰ সংজ্ঞা দিয়া সহজ নহয়। পাৰ্থিৱ জগতত সুখ, দুখ, হাঁহি, কান্দোন এক গৌণ কাৰক মাত্ৰ। মূখ্য হ'ল জীৱন । জীৱনত আশা কৰা মতে ভোগ কৰিব নাপালে দুখ আহে আৰু ভোগ কৰিব পালে দুখ আঁতৰি সুখ আহে। সেয়ে সুখ আৰু দুখ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । 

    তেতিয়াই জীৱনত সুখে বাহ সাজিব ,যেতিয়া আমি অভাৱ মোচন হোৱাৰ পথ বিচাৰি পাম। কায়িক, মানসিক আৰু আধ্যাত্মিকভাৱে আমাৰ মনোকামনা পূৰ্ণ হ'ব লাগিব। অৰ্থাৎ এই তিনি স্তৰৰ মাজেৰে আমি সুখ অনুভৱ কৰিব পাৰোঁ।
    

কায়িক সুখ কি ?

      
    কায়িক সুখ হ'ল শাৰীৰিক ভাৱে কষ্ট কৰি অৰ্জন কৰা সুখ। আমি কোনো কাম শাৰীৰিক ভাৱে বল প্ৰয়োগ কৰি সমাধান কৰিব লাগে। এনেদৰে কৰোঁতে আমি যেতিয়া সফলতা লাভ কৰোঁ  , তেতিয়া আমাৰ মন হাঁহি আনন্দেৰে ভৰপূৰ হয়। এই ক্ষণটোৱেই হ'ল সুখ। আনহাতে জীৱনত যদি কোনো কামতেই সফলতা লাভ কৰিব পৰা নাযায়, তেতিয়াই জীৱনলৈ নামি আহে দুখৰ বন্যা।  হতাশ ভাৱে আগুৰি ধৰে জীৱনৰ চৌপাশ। অৰ্থাৎ দুখ হ'ল হতাশাৰে অন্য এটা নাম। 
    দুখ জীৱনৰ পৰা যিমান দূৰলৈ আঁতৰি যাব, সুখে সিমান ওচৰলৈ নামি আহি জীৱনৰ প্ৰতিটো ক্ষণ ৰঙীন কৰি তোলিব। 
  

মানসিক সুখ কি ?

 
       মানসিক সুখ হ'ল মানসিকভাৱে আৰ্জিত সুখ। মানসিক সুখ নিৰ্ভৰ কৰে কায়িক সুখৰ ওপৰত। কায়িক কষ্ট স্বীকাৰ কৰি সফলতা অৰ্জন কৰিলে মনত আনন্দৰ উদয় হয়। ইয়ে মনক পূৰ্ণতা দান কৰে। মনৰ ইচ্ছা , মনৰ আকাংক্ষা , মনৰ অভাৱ দূৰ হোৱা মাত্ৰকে মন মগজুৰ সিৰা উপসিৰাৰে আনন্দ, উত্তেজনা আদি কাৰক সমূহে বগুৱা বাই যায় মনক আন্দোলিত কৰে। তেতিয়াই আমাৰ মনত সন্তোষৰ মনোভাৱ জাগ্ৰত হয়। ইয়ে হ'ল প্ৰকৃততে মানসিক সুখ।

আধ্যাত্মিক সুখ কি ?

   
     আধ্যাত্মিক সুখ হ'ল ধৰ্ম, ধৰ্মৰ নীতিসমূহ পালন কৰি ভগৱানৰ ওচৰত নিজক সমৰ্পণ কৰাৰ পাছত উদ্ভৱ হোৱা সুখ। বিশেষকৈ বয়সস্থ হোৱাৰ লগে লগে ভগৱানক উপাসনা কৰাৰ অসীম ইচ্ছা জাগে। এই ইচ্ছা সঠিকভাৱে পূৰ্ণ হ'লে যি সুখৰভাৱ জাগি উঠে, সিয়েই হ'ল আধ্যাত্মিক সুখ।

   

      দুখৰ মাজতে সুখৰ ঠিকনা। সুখ বিচাৰি আমি বলিয়া হোৱা উচিত নহয়। সুখ বিচাৰিলে পোৱা দ্ৰব্য নহয়। ইয়াক উদ্যোগত প্ৰস্তুত কৰা নাযায়। সুখ হ'ল মন গহণত উদয় হোৱা অস্পৃশ্য অনুভৱ। 

    

সামৰণি :

      জীৱন ৰথৰ চকৰি সুন্দৰ ভাৱে ঘূৰাবলৈ প্ৰয়াস কৰিব লাগে। অহোপুৰুষাৰ্থ প্ৰয়াসৰ অবিহনে জীৱনে গতি হেৰুৱাবও পাৰে, তেতিয়াই জীৱনলৈ নামি আহে আন্ধাৰ অমানিশা। যাক কোৱা হয় দুখ। ইয়াতে দুটা উদাহৰণ দাঙি ধৰিছো ।

   

সুখৰ পৰা দুখ----

    নমিতা এগৰাকী বিবাহিত মহিলা । তাইৰ গিৰিয়েক বেংকৰ এজন কেচিয়াৰ। ধনে জনে উভয়নদী। ল'ৰা ছোৱালী এহাল। সুখ সন্তোষেৰে জীৱন অতিবাহিত হৈছিল।......কিন্তু বিধিৰ বিপাকত সিদিনা হঠাতে গিৰিয়েকৰ উচ্চ ৰক্তচাপ বৃদ্ধি হয় আৰু তেজ ব্লক মাৰে । চিকিৎসালয় নিয়ে মানে তেওঁৰ জীৱনে ৰূপ সলায়। গিৰীয়েক নাইকীয়া হোৱাৰ পিছৰ পৰাই জীৱনত অথন্তৰ ঘটিল। টকাৰ অভাৱ , ঘৰ চলোৱাৰ ক্ষেত্ৰত সমস্যা উদ্ভৱ হোৱাৰ বাবে ঘৰলৈ নামি আহিল অশান্তিময় পৰিৱেশ ...। 

দুখৰ পৰা সুখ...

লজিত এজন পেটেভাতে খাই থকা লোক। কেতিয়াবা আনৰ ঘৰত হাজিৰা কৰে নতুবা নিতৌ খৰি বিক্ৰী কৰি টকা উপাৰ্জন কৰে আৰু সেই টকাৰে পেটেভাটে চলি আছিল। কিন্তু বিধিৰ লিখন নহয় খণ্ডণ। তেওঁৰো কপালত খাব ল'বলৈ লিখা আছিল নিশ্চয়। সিদিনা খৰি লৰিব যাওতে অৰন্যত এজোপা ডাঙৰ গছৰ তলত এটা বেগ পাইছিল,যিটো টকাৰে পৰিপূৰ্ণ আছিল। সি ঘৰলৈ বেগটো লৈ আহিছিল আৰু টকাৰ বাণ্ডিলবোৰ গণনা কৰি এশ পঞ্চাছ লাখ পাইছিল।কথাটো গুপুতে ৰাখি সি সেই টকাৰে ঘৰ সাজিছিল আৰু প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিছিল। ইয়াৰ পাছৰ পৰাই তেওঁৰ অভাৱ দূৰ হৈছিল।....

দুখৰ পৰা সুখ...


বলিজ এজন দুখীয়া খেতিয়কৰ ল'ৰা আছিল। এসাঁজ খাই এসাঁজ লঘোণে দিনবোৰ অতিবাহিত কৰিছিল। তেওঁ মেধাৱী আছিল। কোনো মতে টকা মিলাই ইংৰাজীত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। ইমান দুখৰ মাজতো সি এজন আই,পি,এছ হোৱাৰ সপোন দেখিছিল। সি তাৰবাবে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু এদিন সচাঁকৈয়ে আই পি এছ সফলতাৰে উত্তীৰ্ণ হৈছিল আৰু আই পি এছ বিষয়া হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছৰ পৰাই তেওঁৰ লগতে তেওঁলোকৰ পৰিয়াল এটা সুন্দৰ আৰ চি চি বিল্ডিংত বসবাস কৰে। যত চিন্তা নাই, অশান্তি নাই, কোনো অভাৱ নাই গতানুগতিকতাৰে হাঁহি ধেমালি আৰু আনন্দেৰে দিন অতিবাহিত কৰিছে। ...


   উপৰোক্ত উদাহৰণ কেইটাৰ পৰা বুজা যায় যে সুখ হ'বলৈ হ'লে আমি নিজে কষ্ট স্বীকাৰ কৰিব লাগিব । ্্ ইয়াৰোপৰি কিছু ভাগ্যৱানো হ'ব লাগে। 






ধন্যবাদ আপুনি পঢ়ি চোৱাৰ বাবে। কমেণ্ট আৰু চেয়াৰ কৰিব নাপাহৰিব।



+++++++++++++++++++++++++++++++++




Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts