Showing posts with label 154. দুৰ্গাপূজা : অতীত আৰু বৰ্তমান। I It's past and present.. Show all posts
Showing posts with label 154. দুৰ্গাপূজা : অতীত আৰু বৰ্তমান। I It's past and present.. Show all posts

Wednesday, October 13, 2021

দুৰ্গা পূজা : অতীত আৰু বৰ্তমান । Durga Puja:, it's past and present.

দুৰ্গাপূজা : অতীত আৰু বৰ্তমান। Durga Puja : it's past and present.


দুৰ্গাপূজা :

       
      হিন্দু দেৱী দুৰ্গাৰ আৰাধনাক কেন্দ্ৰ কৰি সমগ্ৰ হিন্দু সম্প্ৰদায়ৰ মাজত অতীজৰে পৰা বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ বা দুৰ্গোৎসৱ অতি উলহ-মালহেৰে অনুষ্ঠিত হৈ আহিছে।শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ'ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ'ত মাহত বা বসন্ত কালত পালন কৰা দুৰ্গা পূজাক বাসন্তী দুৰ্গাপূজা আৰু আহিন মাহত বা শৰৎকালত পালন কৰা দুৰ্গা পূজাক শাৰদীয় দুৰ্গাপূজা বুলি কোৱা হয়। ভাৰতীয় উপমহাদেশৰ অধিকাংশ ৰাষ্ট্ৰই এই দুৰ্গাপূজা পালন কৰা দেখা যায়। দূৰ্গা পূজাৰ পাঁচ দিনক যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়।
   
     "দুৰ্গা"ৰ  সম্পূৰ্ণ অৰ্থ জানেনে ? মাতা দুৰ্গা ৰ প্ৰতিটো আখৰে অৰ্থ বহন কৰে আৰু ইয়াৰ অৰ্থ এনেধৰণৰ -- দুৰ্গাৰ ‘দ’-আখৰে দৈত্য নাশ, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ এ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক, আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক হিচাপে অৰ্থপ্ৰকাশ কৰে । অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা । দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। ভগৱান ব্ৰহ্মা,  বিষ্ণু আৰু ভগৱান শংকৰে তেখেতসকলৰ শক্তিৰে এই শক্তিৰ সৃষ্টি। সৃজন, পালন-পোষণ আৰু সংহাৰ হ'ল ইয়াৰ মহাত্ম্য গুণ। আই দুৰ্গা দেৱীৰ ৰূপ ন বিধ। শাস্ত্ৰত বৰ্ণনা কৰা মতে সেইবোৰৰ নাম হৈছে ক্ৰমে-

১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী।

      ভাৰতৰ বিভিন্ন ৰাজ্যত এই পূজা অনুষ্ঠিত কৰা হয়। বিশেষকৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা ৰাজ্য আৰু পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যাত দুৰ্গাপূজাৰ প্ৰয়োভৰ বেছি। আনকি দুৰ্গাপূজাৰ উপলক্ষে চৰকাৰী অফিচ-কাছাৰী আৰু শিক্ষানুষ্ঠান আদি পাঁচ দিন পৰ্যন্ত চৰকাৰী বন্ধ ঘোষনা কৰা দেখা যায়।

অতীত আৰু বৰ্তমান:

     বৰ্তমান সময়ত দুৰ্গাপূজাৰ সম্পৰ্কে নজনা লোক প্ৰায় নাই বুলিলেও অত্যুক্তি কৰা নহয়। পূৰ্বতে দুৰ্গাপূজাত নিশ্চয় অসমীয়া সমাজৰ অংশগ্ৰহণ কম আছিল। ইয়াৰ কাৰণ নথকাও নহয়। যিহেতু দুৰ্গাপূজা হৈছে বলি বিধান কৰাৰ এক পূজা। পৌৰাণিক মূলৰ অসমীয়া সমাজৰ প্ৰায় অৰ্ধেক লোক বৈষ্ণৱ পন্থী আৰু শংকৰী ধৰ্মৰ সমৰ্থক সেয়ে হয়তো বলিবিধানৰ প্ৰতি বৰ আগ্ৰহী নহয়। কিন্তু সময় বাগৰাৰ লগে লগে দেখা গৈছে যে এই অসমীয়া সকলেও দুৰ্গাপূজা উলহ-মালহেৰে উদযাপন কৰিবলৈ লৈছে। এয়া নিশ্চয় সময়ৰ আহ্বান। সময়ৰ আহ্বানক কোনো ভেটা দি ৰাখিব নোৱাৰে। হ'লেও নিজস্ব ৰীতি-নীতি বিসৰ্জন দি ফালৰি কাটি আন পূজাত সক্ৰিয় হোৱাটোও অনুচিত। ই গ্ৰহনযোগ্য নহয়। 
   

       ই যি কি নহওঁক, দেৱ দেৱীৰ পূজা-পাতল এতিয়াৰ প্ৰথা নহয়। অতীজৰে পৰা যুগ যুগ ধৰি হিন্দু সমাজত এই প্ৰথা চলি আহিছে ।
   

     পূৰ্বৰ দুৰ্গাপূজা আজিৰ দৰে নিশ্চয় জাকজমকতাপূৰ্ণ নাছিল। কেৱল মাত্ৰ পূজাৰ বাবে পূজা কৰা হৈছিল। কিন্তু সাম্প্ৰতিক সময়ত দুৰ্গাপূজা এক বিৰাট উৎসৱলৈ পৰিণত হ'ল। যাক দুৰ্গোৎসৱ বুলি অভিহিত কৰা হয়। 
  

         হৰেক ৰকমৰ সামগ্ৰীৰ দোকান-পোহাৰৰ ভিৰ। জেলেপি ,ৰসগোল্লা,বুন্দিয়া ভূজিয়া আদি মিঠাইৰ দোকানৰ উপৰিও বিভিন্ন বালা,খাৰু ,আ-অলংকাৰ, বেলুন আদিয়ে দোকান পোহাৰ উপচি থাকে। অৰ্থাৎ দুৰ্গাপূজা মানে আজিৰ সময়ত বিৰাটাকায় ব্যৱসায়। দোকান পোহাৰো আকৌ সেই বনিক বা পুঁজিপতিৰ হাতোৰাৰ জোৰতহে নাচি থাকে। আজিৰ দিনত পূজাৰ মণ্ডপৰ বাহাৰ। লাখ লাখ টকা শৰাধ কৰি বনোৱা হয় দুৰ্গাপূজাৰ মণ্ডপ । যাৰ বাবে পূজাৰ ৰেহৰূপে সলনি হৈ যায়। আকৌ মণ্ডপ কোনে কিমান ভালদৰে বনোৱাব পাৰে তাৰো যেন বাজি হয়। মণ্ডপৰ চৌহদটো দোকানৰ অতিপাত ভিৰ। মুঠতে ব্যৱসায়িক ভিত্তিক উৎসৱ বা পূজা। আচৰিত লাগে যে মা-দুৰ্গাও ইমান বিলাসীতা ভাল পাই নে ? লাখ লাখ টকা শৰাধ কৰি মণ্ডপ নবনালে তেওঁ নাহে নেকি ?

    আকৌ ইফালে পূজা থলীৰ DJ বক্সৰ অতি শব্দৰ গুমগুমণি আছেই। কাণতাল মৰা শব্দৰ সমাহাৰ। শব্দ প্ৰদূষণ ! ইয়াৰ মাজতে যেন দুৰ্গামাতাই কুচিমুচি হৈ বহি থাকে মানুহৰ মাজত। কি যে দিনকাল আহিল ! আমাৰ নাতি-পুতিৰ দিনত হয়তো ঘৰে ঘৰে দুৰ্গোৎসৱ হ'ব ! 

 
    পূজা আহে শৰতৰ শেৱালী ফুলে। আমোলমোল গোন্ধ চৌদিশে বিয়পি পৰে। ফৰকাল আকাশত জোনৰ জোনালী। পথাৰত সেউজীয়া ধাননিয়ে গেৰ ধৰি ঋতুমতী হয়। এনে ক্ষণতে অহা দুৰ্গা পূজা মানুহৰ আপোন নহৈ কি হ'ব ? হ'লেও দুখীয়া নিচলাৰ পেট নভৰে। একেই থাকে সিহঁতৰ সপোন। পুঁজিপতিৰ জালত আমি হাবু ডুবু খাওঁ। পূজা আহিলে পুঁজিপতিৰ , ব্যৱসায়ীৰ আনন্দ বাঢ়ে। আমি সাঁচতীয়া টকাবোৰ নি সাদৰেৰে পুঁজিপতিক গতাই দিওঁ। সকলোতে দুখীয়াৰ মৰন। মধ্যবিত্তৰ মৰন। 
  

     চাৰিদিন পূজা পালন কৰাৰ পাছত আহে ভাচন। পূৰ্বতে দুৰ্গাপূজাত এনে নিয়ম আছিল যদিও বিসৰ্জন পৰ্ব ইমান ডাঙৰ নহৈছিল। বিসৰ্জনৰ সম্পৰ্কে মানুহে বেছিকৈ গমকে নাপাইছিল বুলিলেও হয়। কিন্তু বৰ্তমান সময়ত দুৰ্গাপূজাৰ বিসৰ্জন ভাবিলে আচৰিত হ'ব লগা ধৰণৰ। DJ বক্সৰ কালতাল মৰা গাণৰ শব্দ । ( আচলতে সেইটো গাণৰ শাৰীতে নপৰে নেকি ?) গাণৰ তালে তালে সেইজাত খোৱা এমখাৰ গাড়ীৰ আগত উদ্দাম নৃত্য আৰু সমদল। ইয়াত DJ বক্সৰ প্ৰয়োজন আছিল নে বাৰু ? নে দুৰ্গা মাতাই নুশুনে নেকি ?  
    

        আকৌ বিসৰ্জন থলীত কেনে পৰিৱেশৰ উদ্ভৱ হয় ? মানুহৰ অতিমাত্ৰা কোলাহল , ঠেলা হেঁচা আৰু বিসৰ্জনৰ পাছত নদীত প্ৰতীমাৰ জৰিয়তে হোৱা জাবৰ-জোঁথৰৰ দম। পুনৰাই চাফা নকৰাৰ ফলত নদীৰ গভীৰতাত আঘাত। এনে ধৰণৰ কথাবিলাকত পূজা সমিতি বিলাকে গুৰুত্ব দিয়া পৰিলক্ষিত নহয়। 
    
     সদৌ শেষত পুনৰ কওঁ যে পূজা সকলোৰে কাম্য। কিন্তু ইয়াৰ পৰা যাতে পৰিৱেশ বিনষ্ট নহয় সেই কথাটো আমাৰ সমিতি বিলাকে লক্ষ্য ৰাখিব লাগে আৰু আনকো সজাগ কৰিব লাগে। বৰ্তমান মহামাৰীৰ সময়ত এই বিষয়বোৰ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। সমূহ দুৰ্গা পূজা প্ৰেমী ৰাইজক পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 
    
     প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।-- লেখক : দুদুল সোণোৱাল।


+++++++++++++++++++++++++++++++

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts