গণিতৰ ব্যৱহাৰ
প্ৰাচীন কালত মানুহে হাঁহিব বা কান্দিব জনা মুহূৰ্ত্তৰ পৰাই বা কিছু বুজিবৰ সক্ষম হোৱা দিনৰে পৰা গণিতৰ ব্যৱহাৰ আমাৰ সমাজত বা মানুহৰ অলক্ষিতে ব্যৱহাৰ হৈ আহিছে। আদি কালত মানুহে ভেড়াৰ হিচাপ কৰোঁতে কাঠৰ বা বাঁহৰ মাৰি বা লাঁঠি ব্যৱহাৰ কৰিছিল। তদুপৰি কিছুলোকে শিলগুটি বা টান মাটিৰ টুকুৰাও ব্যৱহাৰ কৰিছিল বুলি জনা যায়। এনেদৰে গণিতৰ ক্ৰমবিকাশ ঘটি আজিৰ পৰ্যায়ত উপনীত হৈছেহি।
দৈনন্দিন জীৱনত সচৰাচৰ ব্যৱহাৰ হোৱা গণনাৰ ওপৰত ভিত্তি কৰিয়েই হওঁক বা প্ৰয়োজনৰ তাগিদাতেই হওঁক বিভিন্ন দেশৰ পণ্ডিত সকলে বিভিন্ন সময়ত গণিতৰ সোপান চিহ্ন বোৰ আৱিষ্কাৰ কৰি গণিতক মানুহৰ প্ৰিয় বিষয় কৰি তুলিবলৈ সক্ষম হৈছে। গণিতৰ চিহ্ন 1,2,3,4,5,6,7,8,9,..... আদি ব্যৱহাৰ কৰি আজি বিভিন্ন ক্ষেত্ৰক আগুৱাই নিবলৈ মানুহৰ সুবিধা হৈছে।
জীৱনৰ প্ৰতিটো মূহুৰ্ততে গণিতৰ ব্যৱহাৰ হৈ আছে। খাওঁতে , পিন্ধোতে, উঠোতে,বহোতে, বিয়া সবাহ,দহা, বিভিন্ন বিষয়ত অধ্যয়ণ কৰোঁতে .. আদি সকলোতে গণিতে অনুঘটক হিচাপে কাম কৰি আহিছে। গণিতৰ অবিহনে জীৱনৰ গতি অৱৰুদ্ধ হৈ পৰিবলৈ বাধ্য। সেয়েহে গণিতৰ গুৰুত্ব অনস্বীকাৰ্য। জ্যোতিষ শাস্ত্ৰত গণিত নহ'লে নহয়।বতৰ নিৰীক্ষণ কৰিবলৈ গণিত নহ'লে নহয়। গতিকে গণিতৰ ব্যৱহাৰ আৰু প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি আজিৰ প্ৰজন্মই গণিত ভালদৰে শিকাটো বাঞ্ছনীয় হৈ পৰিছে।
গণিত কিয় শিকিব লাগে ?
গণিত শিকিলে আমি লাভৱান হব পৰা দিশ --
১/ গণিত শিকণৰ জৰিয়তে দৈনন্দিন জীৱনত দেখা দিয়া গাণিতিক সমস্যাসমূহ সমাধান কৰিব পৰাৰ সামৰ্থ্যতা বিকাশ সাধন হ'ব ।
২/গণিতৰ জৰিয়তে শিশুক নিজৰ সংস্কৃতিৰ বিষয়ে অৱগতকৰণ কৰোৱাব পৰা যায়।
৩/মানুহৰ মনত বা শিকাৰুৰ মনত উপযোগী অনুশাসনৰ উন্মেষ ঘটাব পাৰে।
৪/ বিভিন্ন জীৱিকা অৰ্জনৰ পথ প্ৰশস্ত কৰাত গণিতে সহায় কৰে।
৫/মানুহৰ বাবে এটা উদ্দেশ্যধৰ্মী, উন্নত আৰু অৰ্থনৈতিক ভাৱে স্বচ্ছল জীৱন যাপন কৰাত গণিতে সুবিধা প্ৰদান কৰে।
৬/বিভিন্ন বিষয়ত যেনে বিজ্ঞান, অৰ্থনৈতিক, ইঞ্জিনিয়াৰিং, মনোবিজ্ঞান, জ্যোতিষ শাস্ত্ৰৰ জ্ঞান আদি, প্ৰাথমিক অথবা উচ্চ শিক্ষা অৰ্জন কৰাত গণিতে সহায় কৰে।
৭/ গণিতৰ জ্ঞানে আত্মবিশ্বাস,মনোবল,মনোযোগ, আৱিষ্কাৰ, মিতব্যয়ী আদি প্ৰয়োজনীয় গুণৰ অধিকাৰী হোৱাত সহায় কৰে।
৮/ গণিতে পৰিশ্ৰমী হ'বলৈ শিকায়, ধৈৰ্য্যশীল হ'বলৈ শিকায় আৰু বৈজ্ঞানিক, বাস্তৱবাদী হ'বলৈ অনুপ্ৰেৰণা যোগায়।
নতুন প্ৰজন্ম আৰু গণিত
নতুন প্ৰজন্মই গণিত শিক্ষা ভালদৰে আয়ত্ব কৰি বিশেষ ভূমিকা পালন কৰিব পাৰে। আজি কালি দেখা যায় বহু শিশুৱে গণিত বুলি ক'লে আমনি পায়, ভয় খাই, অনীহা প্ৰকাশ কৰে। ইয়াৰ মুলতে হ'ল গণিতক ভাল পাব নিশিকা স্বভাৱ। গণিতৰ প্ৰতি থকা ভয়ভাৱ যেতিয়াই আঁতৰিব তেতিয়াই গণিতৰ প্ৰতি আকৰ্ষিত হ'ব,ৰাপ বাঢ়িব। কঠোৰ পৰিশ্ৰম কৰি গণিতৰ সমস্যাবোৰ সমাধান কৰিব শিকিব লাগিব। একাগ্ৰতা আৰু মনোযোগ বিষয়টোৰ প্ৰতি বাঢ়িব লাগিব, শিকিবলৈ আগ্ৰহী হ'ব লাগিব। তেতিয়াহে গণিতৰ প্ৰতিটো অংক সহজে শিকিব পৰা যায়।
ক্ৰমশঃ গণিত শিকাৰ পদ্ধতি আৰু কৌশল।
No comments:
Post a Comment
dudulsonowal32@gmail.com