Monday, May 17, 2021

জননেতা ভীমবৰ দেউৰী


জননেতা ভীমবৰ দেউৰী

মহম্মদ আলি জিন্না আৰু জৱাহৰলাল নেহৰুৰ মাজত তেতিয়া অসমক পূব পাকিস্তান(আজিৰ বাংলাদেশ)ৰ লগত চামিল কৰাৰ মানসেৰে দৰ-দাম চলি আছিল। আৰু তেতিয়াই এজন সাহসী অসমীয়া নেতাই টেবুলত ভুকু মাৰি সদম্ভে কৈছিল- "দৰকাৰ হলে অসম অকলে থকাৰ সাহস আছে আৰু অকলে থাকিব কিন্তু পাকিস্তানৰ লগত নাথাকে।"  

       স্বদেশ-স্বজাতিৰ হৃতাৰ্থে এজন অসমীয়াই টেবুলত ভুকু মাৰি কথা কোৱাৰ এনে দুৰ্বাৰ সাহস দেখি মহম্মদ আলি জিন্না আৰু জৱাহৰলাল নেহৰু স্তম্ভিত আৰু আচৰিত হৈ পৰিল। এইজন সাহসী অসমীয়া আন কোনো নহয়- অসমৰ জননেতা ভীমবৰ দেউৰী।

স্বদেশ-স্বজাতিৰ প্ৰতি থকা অপৰিসীম ভালপোৱাৰ স্বাভীমানী বীৰত্বৰে ৰঞ্জিত এইজন ভীমবৰ দেউৰীয়ে দিল্লীত মহম্মদ আলি জিন্নাক লগ কৰি কৈছিল- "অসম দেশ ব্ৰিটিছ অহাৰ আগতে ভাৰতৰ ভিতৰুৱা নাছিল আৰু আগৰেপৰা স্বাধীন দেশ আছিল। এতিয়া পূব বংগৰ জমিদাৰী প্রথাৰ দ্বাৰা নিষ্পেষিত খেতিয়ক সকলক মাটি দিয়াৰ অজুহাতেৰে অসম পাকিস্তানৰ অংগ হ’ব নোৱাৰে। মুছলমান ৰজা আৰু মোগল সম্ৰাটসকলে সোতৰবাৰকৈ অসম আক্রমণ কৰিও অসম দেশ অধিকাৰ কৰিব নোৱাৰিলে। এতিয়া আপুনি কলমৰ আগত কেনেকৈ অসম ল’ব? অসমখন কোনো হিন্দু বা মুছলমানৰ নহয়, ই ট্রাইবেলৰহে দেশ। গতিকে অসম কাৰ লগত থাকিব সেই সিদ্ধান্ত অসমবাসীয়ে ল'ব। আপোনাৰ এই আশা পৰিত্যাগ কৰক। আমাৰ দেহত এটোপাল তেজ থকালৈকে আমি যুঁজ দিম।" 

              এইজন মহান অসমীয়া নেতাৰ কাৰণেই মহম্মদ আলি জিন্নাৰ অসমক পূব পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰাৰ সপোন বাস্তৱায়িত নহ'ল। সাম্প্ৰতিক অসমত এনে সাহসী আৰু স্বাভীমানী অসমীয়া নেতা আছে বুলি বা ভৱিষ্যতেও অসমত এনে অসমীয়া নেতাৰ জন্ম হ'ব বুলি ক'ব নোৱাৰি। আজিৰ ফোপোলা দেশপ্ৰেম, জাতিপ্ৰেমৰ বোকোচাত উঠি স্বয়ম্ভূ জাতীয়তাবাদী নেতাবোৰে অসম আৰু অসমীয়াক বিদেশী-বহিৰাগতৰ ওচৰত বন্ধকত থ'বলৈহে বদ্ধপৰিকৰ। ইয়াতকৈয়ো দুখৰ কথা হ'ল যে যিজন জৱাহৰলাল নেহৰুৱে অসমক পূব পাকিস্তানৰ হাতত গতাই দিবলৈ উলাইছিল, সেইজন জৱাহৰলাল নেহৰুক আমাৰ অসমীয়াই পূজে। কিন্তু যাৰ কাৰণে আজি অসম পূব পাকিস্তানৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা পৰিল, সেইজন জননেতা ভীমবৰ দেউৰীৰ বিষয়ে অসমৰে অসমীয়াই নাজানে। অসমীয়া জাতিৰ কাৰণে এয়া লজ্জাজনক কথা। 
আজি জন্মদিৱসৰ পবিত্ৰ ক্ষণত এইজন মহৎ অসমীয়া নেতাক সশ্ৰদ্ধ সোঁৱৰণ। 
 
            





  ।। জয় আই অসম ।। ✍️অবিনাশ বৰা, দেৰগাঁও, গোলাঘাট
 লেখক অবিনাশ বৰা ডাঙৰীয়াৰ লেখাটো পঢ়ি ভাল লাগিল। সেয়েহে তেখেতৰ অজ্ঞাতে হ'লেও লেখাটো মোৰ ব্লগত উঠাই দিলোঁ । তেখেতে যেন এই অভাজনক একো বেয়া নাপায়। ধন্যবাদ।

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts