Tuesday, May 25, 2021

Fraction And Decimal ভগ্নাংশ আৰু দশমিক

ভগ্নাংশ আৰু দশমিক  

(Decimal And Fraction)


ভগ্নাংশ কি ? What is the Fraction ?


   কোনো এটা গোটা বস্তুক ভাঙি দিলে পোৱা প্ৰতিটো অংশক গোটা বস্তুটোৰ ভগ্নাংশ বোলা হয়। যেনে এটা আপেল চাৰিডোখৰ কৰি কাটিলে পোৱা প্ৰতিটো অংশকেই বা টুকুৰাকেই আপেলটোৰ অংশ বা ভগ্নাংশ বুলি কোৱা হয়।

    সংখ্যাৰ ক্ষেত্ৰতো একেই কথা।যদি কোনো এটা গোটা সংখ্যা বা স্বাভাৱিক সংখ্যাক ভাগ কৰা হয়, তেন্তে সংখ্যাটোৰ কিছুমান সৰু সৰু অংশ পোৱা যাব। এই প্ৰতিটো সৰু সৰু অংশক সংখ্যাটোৰ ভগ্নাংশ বুলি কোৱা হয়। 

    চিত্ৰৰে--- 

                উদাহৰণ - ১
   
     ভগ্নাংশ লিখোঁতে বস্তুটোৰ মুঠ অংশক 'হৰ' হিচাপে আৰু যিটো অংশক বুজাব বিচৰা হৈছে তাক 'লব' হিচাপে লৈ ভগ্নাংশটো লিখা হয়।
    উদাহৰণ ১ ত চিত্ৰত দেখুওৱাৰ দৰে আপেলটোক চাৰিভাগ কৰা হৈছে। গতিকে আপেলটোৰ মুঠ ভাগ হ'ব 4 , যাক আমি 'হৰ' হিচাপে লিখিব লাগে। ইয়াৰ প্ৰতিটো অংশক ভগ্নাংশত লিখিলে হ'ব এনেদৰে--¼ ,¼, ¼, ¼


ভগ্নাংশ -- 

* ভগ্নাংশৰ প্ৰকাৰ ( Types of Fraction) :


ভগ্নাংশ তিনি প্ৰকাৰৰ আছে।

   (ক) প্ৰকৃত ভগ্নাংশ ( proper fraction) .

   (ক) অপ্ৰকৃত ভগ্নাংশ ( Improper fraction)

   (গ) মিশ্ৰ ভগ্নাংশ ( Mixed fraction).


(ক) প্ৰকৃত ভগ্নাংশ :

    যিবিলাক ভগ্নাংশৰ হৰ, লবতকৈ ডাঙৰ বা লব, হৰতকৈ সৰু হয় সেইবিলাক ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বোলা হয়।

যেনে -- ⅒, ⅖, ⅜, ⅘, ⅝, ⅞, ⅛, ⅔, ⅗, .....


ওপৰত উল্লেখিত প্ৰতিটো ভগ্নাংশৰ 'হৰ' বিলাক লবতকৈ ডাঙৰ। ইয়াত হৰ-- 10,5,8,5,8,8,8,3,5 আৰু লব হ'ল -   1,2,3,4,5,7,1,2,3

(খ) অপ্ৰকৃত ভগ্নাংশ :


      যিবিলাক ভগ্নাংশৰ হৰ, লবতকৈ সৰু বা লব, হৰতকৈ ডাঙৰ হয় সেইবিলাক ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বোলা হয়। অপ্ৰকৃত ভগ্নাংশ আচলতে প্ৰকৃত ভগ্নাংশৰ ওলোটা ৰূপ।

যেনে -- 10/1,  8/2, 7/4 , 12/3 , 13/5, 14/6....

 

(গ) মিশ্ৰ ভগ্নাংশ :

    
       যিবিলাক ভগ্নাংশ এটা স্বাভাৱিক সংখ্যা বা গোটা সংখ্যাৰ লগত এটা প্ৰকৃত ভগ্নাংশ যোগ হৈ গঠিত হয়, সেইবিলাক ভগ্নাংশক মিশ্ৰ ভগ্নাংশ বোলা হয়। 
যেনে -- 

👇👺

মনত ৰাখিবা >

    (i) গোটা সংখ্যাটোৰ লগত প্ৰকৃত ভগ্নাংশটোৰ হৰটোৱে হৰণ যাব নালাগিব। অৰ্থাৎ   4 + ⅗ = 4⅗ ৰ ক্ষেত্ৰত  4 ৰে  5 ক হৰণ যাব নালাগিব।

    (ii) প্ৰকৃত ভগ্নাংশটো এটা লঘিষ্ঠ ৰূপ হ'ব লাগিব। অৰ্থাৎ লবই হৰক ভাগ যাব নালাগিব।

   * দশমিক ভগ্নাংশ(Decimal Fraction) :


দশমিক বিন্দু হৈছে গোটা সংখ্যা আৰু ভগ্নাংশক দুভাগ কৰা এটা ফুটচিহ্ন । দশমিক বিন্দু সদায় সংখ্যা এটাৰ একক আৰু দশমাংশ ঘৰৰ মাজত বহে। আচলতে দশমিক বিন্দুটো হৈছে পূৰ্ণসংখ্যা আৰু ভগ্নাংশৰ পৃথককাৰী। ইয়াৰ বাওঁফালে পূৰ্ণ সংখ্যা আৰু সোঁফালে ভগ্নাংশৰ স্হান । 
যেনে -- 👇👹

মনত ৰাখিবা >

(i) বিভিন্ন একক পৰিবৰ্তনৰ ক্ষেত্ৰত দশমিকৰ সহায় লোৱা হয়।
(ii) দৈৰ্ঘ্য, ওজন, টকা- পইচা, আয়তন আদি জোখ মাখৰ ক্ষেত্ৰত দশমিক ব্যৱহাৰ কৰা হয়।
কেনেকৈ দশমিক বহৱাবা চাওঁ আহা:
(I) ভগ্নাংশটোৰ হৰ 10 হ'লে লবটোৰ দশমাংশৰ ঘৰত দশমিক বহিব।
(ii) ভগ্নাংশটোৰ হৰ 100 হ'লে লবটোৰ শতাংশৰ ঘৰত দশমিক বহিব।                      
(iii) ভগ্নাংশটোৰ হৰ 1000 হ'লে লবটোৰ সহস্ৰাংশৰ ঘৰত দশমিক বহিব ।
(iv) ভগ্নাংশটোৰ হৰ 10000 হ'লে লবটোৰ অযুতাংশৰ ঘৰত দশমিক বহিব।
(v) ভগ্নাংশটোৰ হৰ 100000 হ'লে লবটোৰ লক্ষ্যাংশৰ ঘৰত দশমিক বহিব।
(vi) ভগ্নাংশটোৰ হৰ 1000000 হ'লে লবটোৰ নিযুতাংশৰ ঘৰত দশমিক বহিব।
(vii) ভগ্নাংশটোৰ হৰ 10000000 হ'লে লবটোৰ কোটিতাংশৰ ঘৰত দশমিক বহিব।

👇👺

,
 

গতিকে ভগ্নাংশ এটাত হৰ 10, 100, 1000, 10000,100000,1000000, 10000000 আদি হ'লে তাক দশমিক ভগ্নাংশলৈ পৰিবৰ্তন কৰিব পাৰি।হৰটোৰ লগত যিমানটা শূণ্য থাকিব লবটোৰ ঘৰত সিমান স্হানত দশমিক বহে।


আগলৈ...




No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts