কাতি বিহু : আজিৰ আৰু তাহানিৰ। পূৰ্বৰ কাতি বিহুত সৰু সৰু ল'ৰা-ছোৱালীৰ তুলসীৰ তল চাফা কৰা দৃশ্যই সকলোকে মোহিত কৰিছিল কিন্তু আজিকালি গ্ৰাম্য বা নগৰতেই হওঁক এই দৃশ্য দুৰ্লভ হৈ পৰিল।
তাহানিৰ কাতি বিহু : বিশেষকৈ গ্ৰাম্য সমাজত কাতি বিহুৰ উপভোগ কৰিবলৈ ভাল আছিল। যদিও মানুহৰ ঘৰত অভাৱ অনাটনে জুৰুলা কৰা সময়ৰ বিহু তথাপিও মানুহৰ মনত সেই সময়ত অকৃত্ৰিম ভাৱ এটাই অনবৰতে শিপাই আছিল। পৌৰাণিক ৰীতি-নীতি সুচাৰুৰূপে পালন কৰাত ধনী দুখীয়া সকলোৱে কৃপণালি কৰা নাছিল। প্ৰতিটো পৰিয়ালৰ আয়তীসকলে সকলো দুখ ভাগৰ পৰিহাৰ কৰি চোতালত আকাশ বন্তি জ্বলাইছিল। নঙলা মুখত দিয়া হৈছিল দুটা কলৰ পুলি আৰু সেই কলৰ পুলিত ফলাবাঁহৰ ওপৰত লগোৱা হৈছিল মিঠাতেলৰ প্ৰদীপ।
কাতি বিহু মানে কঙালী বিহু। শাওন ভাদ মাহত খেতি পথাৰ সামৰি মানুহে নিজৰ গা'টো টঙাই ল'বলৈ পাই কি নাপাই, কাতি বিহু ঘৰৰ চোতাল আহি পাইহিয়েই। সেয়ে এই সময়ত গ্ৰাম্য সমাজৰ ছবিখন পূৰ্বতে বৰ সন্তোষজনক নাছিল বুলিলেও হয়। আনহাতে গাঁৱৰ আলি পদূলি তেতিয়াও ঠায়ে ঠায়ে একাঠু দ বোকাময় হৈয়ে থাকে। পথাৰত ৰোৱা ধানৰ পুলিবোৰ ঋতুমতী হয় । কৰবাত কৰবাত দুই এঠোক ধান ওলাই পথাৰৰ পৰিৱেশ সুন্দৰ কৰি তোলে।
অসমীয়া সমাজৰ কাতি বিহু হ'ল কঙাল সময়ৰ বিহু। সেয়ে এই বিহুত কোনো ধৰণৰ জা-জলপান যোগাৰ কৰা নহয়। আনকি পূৰ্বতে কোনো ধৰণৰ বিহুগীত গোৱাও দেখা যায় নাই আৰু ৰংৰহইচ বিহুৰ নিয়ম নহয়। চোতালত মাটি চাকি জ্বলোৱা হয়, তুলসীৰ তলত চাকি জ্বলায় ঘৰৰ দুখ দুৰ্গতিৰ বিনাশৰ বাবে ঈশ্বৰক খাটনি ধৰি উপাসনা কৰা হয়। পথাৰত গেৰধৰা ধাননি পথাৰ পোক পতংগই, জীৱ-জন্তুৱে যাতে কোনো হানি-বিঘিনি ঘটাব নোৱাৰে তাৰবাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি মিঠাতেলৰ চাকি জ্বলোৱা হয়। এই বিহু সম্পূৰ্ণ গ্ৰাম্য সমাজতহে বৰ্তী আছে বুলি কোৱাৰ থল আছে। নগৰৰ পৰিৱেশত কাতি বিহু সাধাৰণতে জাকজমকতা পূৰ্ণ হোৱা দেখা যায়। কিন্তু কাতি বিহুৰ নীতি নিয়ম জাকজমকতা পূৰ্ণ নহয়। ই সম্পূৰ্ণ কৃষিজীৱি সমাজৰ লগতহে জড়িত। সেয়ে নগৰৰ কাতি বিহু কৃত্ৰিমতাৰে ভৰা।
আজিৰ সময়ত কাতি বিহুৰ ৰেহ-ৰূপ :
সময় বাগৰাৰ লগে লগে কাতি বিহুৱেও কিছু বাগৰ সলোৱা যেন অনুভৱ হয়। পূৰ্বৰ দৰে আজিকালি সৰু সৰু ল'ৰা-ছোৱালীয়ে চোতালত তুলসীৰ পুলি ৰুই ঈশ্বৰক উপাসনা কৰিবলৈ অনিচ্ছুক হ'ল। ঘৰৰ আযতীয়েও সময়ৰ অভাৱত এইবোৰ কাণ পাতিবলৈ প্ৰায় এৰাৰ দৰে হ'ল। কিবা কৰি যেনতেন নিয়মটো কৰি থব লাগে থিক তেনেকুৱা মনোভাৱ এটাই সকলোকে গ্ৰাস কৰি পেলাইছে। আগৰ দৰে কাতি বিহুৰ উছাহ উদ্দীপনা নোহোৱা হৈ গ'ল নেকি ? মানুহবোৰ লাহে লাহে যন্ত্ৰৰ দৰে হৈ পৰিছে নেকি ? কাতি বিহু ভৱিষ্যতৰ দিনবিলাকত অক্ষত অৱস্থাত থাকিব নে ? নতুন প্ৰজন্মই সঠিক ভাৱে জীয়াই ৰাখিব নে ? এনেধৰণৰ কিছুমান আবোল তাবোল প্ৰশ্নই মনত ডোলা দি যায়।
কৃষ্টি সংস্কৃতি জীয়াই ৰখাটো আমাৰ কাম্য আৰু কৰ্তব্য। যি জাতিৰ কৃষ্টি সংস্কৃতি নাই সেই জাতিৰ মেৰুদণ্ড নাই বুলি কোৱা হয়। সেয়ে আমি আমাৰ কাতি বিহুক আমাৰ সমাজত জীয়াই ৰাখিব লাগিব অনাগত দিনবিলাকতো । আহক সকলোৱে হাত উজান দিও।
প্ৰৱন্ধটো লিখোঁতে কোনো কিতাপৰ বা বয়োজ্যেষ্ঠ ব্যক্তিৰ সহায় লোৱা নাই আৰু মোৰ সম্পূৰ্ণ নিজা চিন্তা ধাৰণাহে। গতিকে ভুলো হ'ব পাৰে । শুভাকাঙ্খী সকলে ভুল হ'লে আঙুলিয়াই দিয়ে যেন। - দুদুল সোণোৱাল।
++++++++++++++++++++++++++++++++