Showing posts with label 147. ভটনাগৰ বঁটা আৰু ড° বিনয় কুমাৰ শইকীয়া. Show all posts
Showing posts with label 147. ভটনাগৰ বঁটা আৰু ড° বিনয় কুমাৰ শইকীয়া. Show all posts

Tuesday, September 28, 2021

ভটনাগৰ বঁটা আৰু ড° বিনয় কুমাৰ শইকীয়া । Santiswarup Bhatnagar award.

শান্তিস্বৰূপ ভটনাগৰ বঁটা কি? বিনয় কুমাৰ শইকীয়াৰ অৱদান কেনে?

ভটনাগৰ বঁটা হৈছে ভাৰতৰ বিজ্ঞান গৱেষণাগাৰৰ পিতৃস্বৰূপ ড° শান্তিস্বৰূপ ভটনাগৰ বিজ্ঞানী গৰাকীৰ নামত প্ৰদান কৰা একপ্ৰকাৰৰ বঁটা বা সন্মান। এই বঁটাৰ অৰ্থমূল্য হৈছে পাঁচ লাখ টকা (৫,০০,০০০/-) । তদুপৰি বঁটা প্ৰাপক গৰাকীয়ে ৬৫ বছৰ বয়সলৈকে মাহিলী ১৫ হাজাৰ টকাকৈ পেন্সন লাভ কৰি থাকে। বঁটা বিধ লাভ কৰিবলৈ হ'লে নিৰ্বাচিত বিজ্ঞানী বা উদ্ভাৱক গৰাকীৰ বয়স ৪৫ বছৰৰ ভিতৰত হ'ব লাগিব।  ৪৫ বছৰ বয়সলৈকে বিজ্ঞান আৰু প্ৰযুক্তিৰ যিকোনো ক্ষেত্ৰত গৱেষণাত নিয়োজিত ভাৰতৰ যিকোনো নাগৰিক হ'ব লাগিব। তদুপৰি ভাৰতৰ বিদেশী নাগৰিক (OCI) আৰু ভাৰতত কাম কৰা ভাৰতীয় মূলৰ ব্যক্তি (PIEO) সকলক এই বঁটাৰ বাবে যোগ্য ব্যক্তি হিচাপে বিবেচিত কৰা হয়।

এই বঁটাটো বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ (CSIR) ভাৰতৰ প্ৰতিষ্ঠাপক সঞ্চালক স্বৰ্গীয় ড০  শান্তি স্বৰূপ ভাটনাগৰৰ নামেৰে নামাকৰণ কৰা হৈছে আৰু ইয়াক 'বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে শান্তি স্বৰূপ ভাটনাগৰ (SSB) বঁটা' বুলি জনা যায়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যালৈ অসামান্য অৱদানৰ বাবে প্ৰতি বছৰে এই পুৰস্কাৰ প্ৰদান কৰা হয়। 

ভটনাগৰ বঁটা নিম্নলিখিত শাখাবোৰত উল্লেখযোগ্য আৰু উৎকৃষ্ট গৱেষণাৰ বাবে প্ৰদান কৰা হয় --  ১/জৈৱবিজ্ঞান,  ২/ ৰাসায়নিক বিজ্ঞান,  ৩/ পৃথিৱী, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহ বিজ্ঞান,  ৪/ অভিযান্ত্ৰিক বিজ্ঞান, ৫/ গাণিতিক বিজ্ঞান, ৬/ চিকিৎসা বিজ্ঞান, ৭/ ভৌতিক বিজ্ঞান ।

বঁটাটো প্ৰদান কৰাৰ উদ্দেশ্য হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত উৎকৃষ্ট ভাৰতীয় কামক স্বীকৃতি দিয়া আৰু অনুপ্ৰাণিত কৰা ।

 এই বঁটা এনে এজন ব্যক্তিক প্ৰদান কৰা হয় যি ভাৰতৰ গৱেষণা পৰিষদৰ মতে প্ৰচেষ্টাৰ নিৰ্দিষ্ট ক্ষেত্ৰত মানৱ জ্ঞান আৰু প্ৰগতিৰ ক্ষেত্ৰত স্পষ্টভাৱে গুৰুত্বপূৰ্ণ আৰু অসামান্য অৱদান আগবঢ়াইছে, যি হৈছে তেওঁৰ বিশেষজ্ঞতা।
পুৰস্কাৰৰ বছৰৰ আগৰ পাঁচ বছৰত প্ৰাথমিকভাৱে ভাৰতত কৰা কামৰ জৰিয়তে আগবঢ়োৱা অৱদানৰ আধাৰত এই বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰাপকে গৱেষণা দেশতেই সম্পন্ন কৰিব লাগিব, আৰু অৱশ্যেই গৱেষণা হ’ব লাগিব দিকদৰ্শী৷ এনেবোৰ কাৰণতেই এই সন্মানক দেশৰ বিজ্ঞান ক্ষেত্ৰৰ অত্যন্ত শীৰ্ষস্থানীয় বঁটা বুলি গণ্য কৰি অহা হৈছে৷ 

 এই বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় বিজ্ঞানী হৈছে  কৰিমানিকম শ্ৰীনিবাস কৃষ্ণন। তেখেতে ১৯৫৮ চনত বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ ভিত্তিত এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

২০২১ বৰ্ষত ইতিমধ্যে ঘোষণা কৰা জাননী অনুসৰি বিজ্ঞানক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ পৰিপ্ৰেক্ষিতত অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সংস্থাৰ জ্যেষ্ঠ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়া ডাঙৰীয়াক এই ভটনাগৰ বঁটা প্ৰদান কৰা হৈছে। যোৱা ২৫ চেপ্তেম্বৰত এই সম্পৰ্কে বাতৰি দূৰদৰ্শনত সম্প্ৰচাৰিত হৈছে।
ড° বিনয় কুমাৰ শইকীয়া উত্তৰ পূব ভাৰতৰ প্ৰথম গৰাকী এই বঁটা পোৱা ব্যক্তি। তেখেত জোনাকী নগৰত ওপজা আৰু  যোৰহাটৰ NEIST অৰ্থাৎ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সংস্থাৰ জ্যেষ্ঠ বিজ্ঞানী হিচাপে পৰিচিত ।
 

ড° বিনয় কুমাৰ শইকীয়াৰ বিজ্ঞান ক্ষেত্ৰত অৱদান :


       এই বছৰ শান্তি স্বৰূপ  ভটনাগৰ বঁটা  লাভ কৰিব সক্ষম হোৱা বিনয় কুমাৰ শইকীয়া হ'ল NEISTৰ পলিমাৰ পেট্ৰ’লিয়াম আৰু কয়লা ৰসায়ন গোটৰ বিজ্ঞানী । ড° শইকীয়াই কৰ্কট ৰোগৰ কোষ চিনাক্তকৰণৰ বাবে কয়লাক ব্যাৱহাৰ কৰাৰ এক ৰাসায়নিক পদ্ধতিৰ বিকাশ ঘটাই দুবছৰমানৰ পূৰ্বে বিশেষ চৰ্চা লাভ কৰিছিল৷ দেহৰ কৰ্কট আক্ৰান্ত কোষ নিৰূপণকে ধৰি চিকিৎসাক্ষেত্ৰত কাৰ্বন আধাৰিত এক অতি ক্ষুদ্ৰাকৃতিৰ পদাৰ্থ ব্যৱহাৰ কৰা হয়৷ কাৰ্বন কোৱাণ্টাম ডট (CQD) নামৰ এই পদাৰ্থবিধৰ আকাৰ ১০ নেন’মিটাৰ, মানে ১ চেণ্টিমিটাৰৰ ১ নিযুতভাগৰ ১০ ভাগতকৈ সৰু (অৰ্থাৎ ০.০০০০০১০ চেণ্টিমিটাৰ)৷ আমেৰিকা আৰু জাপানৰ দুটামান ৰাসায়নিক উদ্যোগে DQD উৎপাদন কৰে যদিও এই উৎপাদন ব্যয় খুবেই বেছি ৷ শইকীয়া আৰু তেওঁৰ সহযোগীয়ে যিৰূপে ’ডট’ উৎপাদনৰ কৌশল উদ্ভাৱন কৰিলে, সেই পদ্ধতিয়ে CQDৰ খৰচ আমদানিকৃত CQDৰ বিশভাগৰ এভাগলৈ হ্ৰাস কৰিলে৷ 

শইকীয়াৰ এনে আৰু কিছু উল্লেখযোগ্য অৱদান আছে৷ নিজা উদ্ভাৱনী গুণৰ বাবেই তেওঁৰ নামত ভাৰত আৰু আমেৰিকাত মুঠতে চাৰিটাকৈ পেটেণ্ট আছে৷ তেওঁলৈ যথাৰ্থভাৱেই আহিছে শান্তিস্বৰূপ ভটনাগৰ বঁটা ৷ এই বঁটাই এইটোও দুনাই প্ৰমাণ কৰিলে যে অসমতে পঢ়াশুনা কৰি, (বিনয় শইকীয়া দেবৰাজ ৰয় কলেজৰ স্নাতক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ) অসমতেই গৱেষণা কৰি বিজ্ঞানক্ষেত্ৰলৈ বিশিষ্ট বৰঙনি আগ বঢ়াব পাৰি৷ তেওঁৰ এই সন্মান উঠি অহা সকলৰ বাবে অনুপ্ৰেৰণা হওক ৷ আমাৰ সমাজৰ পৰা এনে শতজন বিনয় কুমাৰ শইকীয়াৰ জন্ম হওঁক তাকে কামনা কৰিলো।

   সদৌশেষত পুনৰাই কওঁ যে ইচ্ছা কৰিলে সকলো কৰিব পাৰি। উচ্চাকাংক্ষী ব্যক্তিয়েহে জীৱনত এনে সফলতা অৰ্জন কৰিব পাৰে। এনেধৰণৰ মহৎ তথা বিজ্ঞ ব্যক্তিসকলৰ জীৱনী অধ্যয়ন কৰিবৰ বাবে মই এই ছেগতে ছাত্ৰ ছাত্ৰী সকলক আন্তৰিক অনুৰোধ জনালোঁ। জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগৰ তৰফৰ পৰা আমি সন্মানীয় বিজ্ঞানী গৰাকীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।


প্ৰৱন্ধটো পঢ়াৰ বাবে অশেষ ধন্যবাদ জনালো।

         --  দুদুল সোণোৱাল।



+++++++++++++++++++++++++++++++

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts