Showing posts with label 298.স্মৃতি কাক বোলে ? ইয়াৰ উপাদান সমুহ কি কি ?. Show all posts
Showing posts with label 298.স্মৃতি কাক বোলে ? ইয়াৰ উপাদান সমুহ কি কি ?. Show all posts

Saturday, February 24, 2024

স্মৃতি কাক বোলে ? ইয়াৰ উপাদান সমুহ কি কি ?What is the memory? What are its components ?

স্মৃতি কাক বোলে আৰু ইয়াৰ উপাদান সমুহ কি কি ?What is the memory? What are its components ?

❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️


     আমাৰ দৈনন্দিন জীৱনত আমি বিভিন্ন ক্ষেত্ৰৰ পৰা আহৰণ কৰা অভিজ্ঞতা সমূহক আমাৰ মানসপটত ছাপ হিচাপে ৰাখি প্ৰয়োজন সাপেক্ষে সেইবোৰ পুনৰুদ্ধাৰ কৰি চিনাক্তকৰণ কৰা মানসিক প্ৰক্ৰিয়াকে স্মৃতি বোলা হয়। অৰ্থাৎ সচেতন মনত পূৰ্বৰ অভিজ্ঞতাৰ পুনৰ জাগৰণ হোৱা কাৰ্যকে স্মৃতি বা স্মৰণ ক্ৰিয়া বোলা হয়। সেয়ে স্মৰণ প্ৰক্ৰিয়াক অতীত অভিজ্ঞতাৰ বৰ্তমান জ্ঞান বুলিও কোৱা হয়। 

      প্ৰতিজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ প্ৰতিটো মূহুৰ্ততে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ পৰা ভিন ভিন অভিজ্ঞতা অৰ্জন কৰে। এনে অভিজ্ঞতাবোৰ প্ৰতিটো ক্ষণতে আমাৰ মানসপটত মুদ্ৰিত হৈ পুনৰ অপসাৰিত হৈ গৈ থাকে আৰু মানুহৰ মনে অচেতন স্তৰত এই অভিজ্ঞতাবোৰৰ ছবি সংৰক্ষণ কৰে। গতিকে কেতিয়াবা পূৰ্ব অভিজ্ঞতাৰ প্ৰয়োজন সাপেক্ষে পুনৰুদ্ৰেক হয়। গতিকে কোৱা হয় যে অতীত অভিজ্ঞতাক অবিকল ভাৱে পুনৰুদ্ৰেক কৰাৰ যি মানসিক শক্তি সেয়াই হৈছে স্মৃতিশক্তি। 

     ষ্টাউট, মেকডুগেল,বাইবান আদি নামৰ মনোবিদ সকলে স্মৃতিৰ সম্পৰ্কে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। বাইবান নামৰ মনোবিদজনে কৈছে-"আমাৰ অভিজ্ঞতা সংগ্ৰহ কৰাৰ যি ক্ষমতা আছে সেই অভিজ্ঞতা লাভ কৰাৰ কিছু পৰৰ পিছত তাক সচেতন স্তৰলৈ আনিব পৰা যি ক্ষমতা থাকে তাকেই স্মৃতি আখ্যা দিয়া হয়।" গতিকে ক'ব পাৰি যে আমি পূৰ্বে শিকা কথা মনত পেলোৱাৰ মাজতে স্মৃতি নিহিত হৈ থাকে।

   স্মৃতিৰ কিছুমান উপাদান আছে। উপাদান সমুহ হ'ল - শিক্ষণ, সংৰক্ষণ, পুন:স্মৰণ, প্ৰত্যভিজ্ঞা আদিয়েই প্ৰধান। সংক্ষিপ্ত ৰূপত বৰ্ণনা আগবঢ়োৱা হ'ল। -

শিক্ষণ বা শিকণ : কোনো অভিজ্ঞতা লাভ নকৰাকৈ বা কোনো এটা বিষয়ৰ সম্পৰ্কে নিশিকাকৈ আমি কোনো অভিজ্ঞতা পাব নোৱাৰো ,অভিজ্ঞতা অবিহনে শিকা সম্ভৱ নহয়। সেয়ে আমি প্ৰথমে কোনো বিষয়বস্তুৰ সম্পৰ্কে শিকি মনৰ মাজত তাক মুদ্ৰিত কৰি ৰাখিব লাগিব। তেতিয়াহে পিছত সেই অভিজ্ঞতাবোৰ স্মৰণ কৰিব পাৰি। অৰ্থাৎ পৰৱৰ্তী স্মৰণ কাৰ্যৰ সাফল্য নিৰ্ভৰ কৰে এই শিক্ষা কাৰ্য বা শিকা কাৰ্য বা পঞ্জীয়ন কাৰ্যৰ ওপৰত। কোনো এটা কাম যদি অতীতত ভালদৰে মনোযোগেৰে শিকা হয় তেন্তে সেই কাম ভৱিষ্যতে স্মৰণ কৰাত আমাৰ বিশেষ অসুবিধা নহয়। গতিকে স্মৃতি ক্ষিপ্ৰ হ'বলৈ হ'লে জ্ঞান অৰ্জনৰ কাম দৃঢ় হ'ব লাগিব।

সংৰক্ষণ : অতীততে লাভ কৰা অভিজ্ঞতাৰ জ্ঞানবোৰ বা স্মৃতিবোৰ আমাৰ স্নায়ু তন্ত্ৰত সংৰক্ষিত হৈ থাকে। একেদৰে আমাৰ দৈনন্দিন জীৱনত অৰ্জন কৰা শিক্ষাক মনৰ মাজত আমি সযতনে সংৰক্ষণ কৰি ৰাখো। বৰ্তমানত লাভ কৰা অভিজ্ঞতাবোৰ মনত সাঁচি নাৰাখিলে আমি তাক স্পষ্টকৈ মনত পেলাব নোৱাৰিম।  সেয়ে অভিজ্ঞতাক বা শিকাবোৰ সম্পূৰ্ণ বুজি লৈ মনত ৰাখিবলৈ প্ৰচেষ্টা কৰিব লাগে। গতিকে সংৰক্ষণ সঠিক নহ'লে কোনোৱে মেধা শক্তি অৰ্জন কৰিব নোৱাৰে। সেয়ে এইটো এটা গুৰুত্বপূৰ্ণ উপাদান।

পুন:স্মৰণ: কোনো এটা বিষয়ত আমাৰ দৈনন্দিন জীৱনৰ কোনো সময়ত শিকা কথাবোৰ মস্তিষ্কই সংৰক্ষণ কৰাৰ পিছত তাক পুনৰ স্মৰণ কৰা কাৰ্যটোক পুন:স্মৰণ বা পুনৰুদ্ৰেক কৰা বোলা হয়। পুন:স্মৰণ আমাৰ জীৱনৰ স্মৃতিৰ গুৰুত্বপূৰ্ণ বিষয়। পুন:স্মৰণ কৰিবলৈ আমি কথাবোৰ খৰচিমাৰি শিকিব লাগে। 

প্ৰত্যভিজ্ঞা : কেৱল অতীত অভিজ্ঞতাৰ পুন:স্মৰণ হ'লেই স্মৰণ কাৰ্যৰ সম্পাদন হৈছে বুলি ক'ব নোৱাৰি যদিহে অভিজ্ঞতাৰ প্ৰতিৰূপ বিলাকক আমি পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব নোৱাৰোঁ। অৰ্থাৎ এটা অংক পূৰ্বে যিধৰণে শিকা হৈছিল, যদি তাক পুনৰাই অবিকল ৰূপত স্মৰণ কৰিব পৰা যায়, তেন্তে সেই স্মৰণেই হ'ব প্ৰত্যভিজ্ঞা। গতিকে শিকাবোৰ সঠিক হ'লে প্ৰত্যভিজ্ঞা সঠিক হয়।

     গতিকে ওপৰত আলোচনা কৰা প্ৰতিটো উৎপাদনৰ ৰূপ স্মৰণত সংমিশ্ৰণ ঘটিলেহে তাক সঠিককৈ স্মৃতি বুলিব পাৰি। প্ৰতিটো উপাদানৰ ৰূপ সঠিককৈ আনিবলৈ হ'লে শিকাৰ ক্ষেত্ৰত অধিক মনোযোগ,ধ্যান আদি গুণৰ সমাহাৰ ঘটিব লাগিব। 

    স্মৃতিশক্তি বৰ্দ্ধনৰ বাবে আমি বিভিন্ন কাৰ্য বা গুণৰ অধিকাৰী হ'ব লগীয়া হয়। বিশেষকৈ বিদ্যালয়ৰ পৰ্যায়ত স্মৃতিশক্তি বৰ্দ্ধনৰ উপাদান সমুহ বেছি প্ৰয়োজন আছে। আগৰ দিনত শিক্ষকে দীঘল কবিতা মুখস্থ কৰিবলৈ দিছিল। কিন্তু বৰ্তমানৰ শিক্ষাত মুখস্থ বিদ্যা সম্পূৰ্ণ পৰিত্যাগ কৰা হ'ল। অৱশ্যে এই কথা একেবাৰে সঁচা নহয়। মনত ৰখা বা মুখস্থ কৰা প্ৰায় সমপৰ্যায়ৰ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব নিশ্চয়। মনত নথলে জানো কিবা এটা কথা সংৰক্ষণ কৰিব পাৰি ?  যিকোনো বিষয়ত কথাবোৰ সুস্পষ্ট ৰূপত মনত ৰাখিবলৈ হ'লে - গভীৰ মনোযোগ, পুন: পুন: অনুশীলন, অৰ্থপূৰ্ণ শিক্ষণ, ব্যৱহৃত শিক্ষণ, প্ৰৱল আগ্ৰহ, সক্ৰিয় প্ৰচেষ্টা, ইন্দ্ৰিয়ৰ সঠিক ব্যৱহাৰ, খণ্ড আৰু অখণ্ড পদ্ধতি, জিৰণি, পৰিৱেশৰ অৱস্থা , শাৰীৰিক আৰু মানসিক অৱস্থা, ছন্দৰ প্ৰয়োগ, ইচ্ছাশক্তি, অভিপ্ৰায় আদি উপাদান সমূহ বা গুণসমূহ আমি আয়ত্ব কৰিব প্ৰয়াস কৰিব লাগে। 

    কোনো বিষয়ত যিমানেই মনোযোগ দি শিকা হয় সিমানেই শিকা কথাবোৰ সুস্পষ্ট ৰূপত মনত ৰৈ যায়। অৰ্থাৎ গভীৰ মনোযোগেৰে শিকা কথাবোৰ সদায় স্থায়ী হয়। আজিৰ সময়ত গভীৰ মনোযোগৰ একেবাৰে অভাৱ দেখা যায় যাৰ বাবে আজিৰ ল'ৰা ছোৱালীৰ শিক্ষা ক্ষণস্থায়ী ৰূপত পৰ্যবসিত হৈছে ( অৱশ্যে সকলোবোৰ নহয়) । শিকিবলগীয়া কথাবোৰ বাৰে বাৰে পুনৰাবৃত্তি আৰু চৰ্চা কৰিব প্ৰয়াস কৰিব লাগে, তেনে কৰিলে শিকা কথাবোৰ স্থায়ী হয়। কোনো বিষয়ত অধ্যয়ণ কৰিলে যুক্তিযুক্ত ভাৱে অৰ্থ ফঁহিয়াই শিকিব যত্ন কৰিব লাগে, তেতিয়া মানসপটত কথাবোৰ দীৰ্ঘস্থায়ী হয়। এইটো কথা সত্য যে ইচ্ছা নাথাকিলে কোনো কামে সুচাৰুৰূপে কৰিব নোৱাৰি। শিকাৰ ক্ষেত্ৰতো ই প্ৰযোজ্য। মনৰ ইচ্ছাৰ বিৰুদ্ধে কোনো কাম কৰিলে বা শিকাত আগ্ৰহ নাথাকিলে সেই শিক্ষা কোনোকালে সাৰ্থক নহয়। আমাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক বিলাকে এই কথাটো ভবা উচিত। স্মৃতি শক্তি সজীৱ কৰিবলৈ পাঠ্যপুথিৰ নিস্ক্ৰিয় শিক্ষাৰ সৈতে কিছু ক্ষেত্ৰত সক্ৰিয় শিক্ষাৰ ব্যৱস্থাও সন্নিৱিষ্ট কৰা উচিত। 

    কথাবোৰ সুস্পষ্ট ৰূপত মনত ৰাখিবলৈ খণ্ড আৰু অখণ্ড পদ্ধতি এটা ভাল পদ্ধতি। শিকিবলগীয়া কথাবোৰ মনত ৰাখিবৰ বাবে সদায় খণ্ড খণ্ডকৈ বা ভাগ ভাগকৈ আৰু অখণ্ডকৈ বা সম্পূৰ্ণকৈ শিকিব চেষ্টা কৰিব লাগে। তেতিয়া সহজে কথাবোৰ মনত ৰৈ যায়। শিক্ষা পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। গতিকে পৰিৱেশটো শিক্ষাৰ্থীৰ বাবে সদায় শিক্ষাৰ অনুকুল হোৱা প্ৰয়োজন। হাই উৰুমি,কোলাহল পূৰ্ণ পৰিৱেশত শিকাবোৰ স্থায়ী নহয়।         উপৰোক্ত নিয়মবোৰ মানি চলি পঢ়িলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে শিকাত উপকৃত হ'ব।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

লেখক :  দুদুল সোণোৱাল।





🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺







Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts