Showing posts with label 141.সামাজিক পৰিবৰ্তনৰ মাধ্যম হিচাপে শিক্ষা. Show all posts
Showing posts with label 141.সামাজিক পৰিবৰ্তনৰ মাধ্যম হিচাপে শিক্ষা. Show all posts

Saturday, September 11, 2021

সামাজিক পৰিবৰ্তনৰ মাধ্যম হিচাপে শিক্ষা । Education as a medium of social change.

প্ৰৱন্ধটোৰ বাটচ'ৰা ---
** শিক্ষা কি 
** সামাজিক পৰিবৰ্তন কি
** সামাজিক পৰিবৰ্তনৰ মাধ্যম হিচাপে শিক্ষা
** শিক্ষা প্ৰদানৰ মূল ভেটি বিদ্যালয়
** উপসংহাৰ







শিক্ষা কি ?

     যিকোনো এটা বিষয়ৰ ওপৰত বিশেষ জ্ঞান, দক্ষতা আৰু কৌশল আহৰণ কৰা প্ৰক্ৰিয়াই হ'ল শিক্ষা। শিক্ষাৰ ব্যুৎপত্তিগত অৰ্থ হৈছে - শাসন কৰা, নিয়ন্ত্ৰিত কৰা, বা নিৰ্দেশনা দিয়া। শিক্ষাৰ ইংৰাজী প্ৰতিশব্দ Education । এই শব্দ লেটিন ভাষাৰ পৰা উৎপত্তি বুলি কোৱা হয়। ইয়াৰ অৰ্থ হৈছে শিক্ষা দান কাৰ্য। 
   শিক্ষা প্ৰক্ৰিয়াই প্ৰাচীন কালৰ পৰাই মানুহৰ জীৱনত প্ৰভাৱিত কৰি আহিছে। পূৰ্বতে প্ৰাথমিক আৰু অত্যাৱশ্যকীয় কামৰ দক্ষতা আয়ত্বকৰণতে শিক্ষা আৱদ্ধ আছিল আৰু অভিজ্ঞতাৰ সহায়ত দক্ষতা অৰ্জন কৰিব পাৰিছিল। বৰ্তমান সময় পৰিবৰ্তন হৈছে। পৰিৱৰ্তিত সময়ৰ লগত খাপ খোৱাকৈ এতিয়া বিভিন্ন বিষয়ত শিক্ষাৰ প্ৰয়োজনীয়তা অধিক হৈ পৰিছে। কলা, বিজ্ঞান, উদ্যোগ আদি ক্ষেত্ৰত হোৱা তুমুল পৰিৱৰ্তনে শিক্ষাৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ আৰু জটিল কৰি তুলিছে। গতিশীল সমাজৰ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি সেয়ে বিভিন্ন সময়ত বিভিন্ন জন দাৰ্শনিক পণ্ডিতে শিক্ষা সম্পৰ্কে সংজ্ঞা আগবঢ়াই আহিছে। পাশ্চাত্য জগতৰ মনীষী প্লেটো , দাৰ্শনিক এৰিষ্ট'টল , গডফ্ৰে থমচন, ডামভিলে, শিক্ষাবিদ ডিউ, পাৰ্চিনান, দাৰ্শনিক পেষ্টালজী আদি ব্যক্তি সকলে শিক্ষাৰ সংজ্ঞা ভিন ভিন ধৰণে আগবঢ়াইছে যদিও প্ৰকৃত শিক্ষাই মানুহৰ দৈহিক, মানসিক, আধ্যাত্মিক আৰু সামাজিক পৰিবৰ্তনৰ দিশত অৰিহনা আগবঢ়াই বুলি সকলোৰে সংজ্ঞাত পৰিস্ফুট হৈছে।

সামাজিক পৰিবৰ্তন কি ?

শিক্ষাৰ জৰিয়তে সমাজৰ যি পৰিৱৰ্তন হৈ আহিছে সাধাৰণতে সেয়াই হ'ল সামাজিক পৰিবৰ্তন ।  প্ৰাচীন কালৰ শিক্ষা খুব সহজ আছিল। স্বাভাৱিক পৰিৱেশৰ পৰা আহৰণ কৰা অভিজ্ঞতা , চিন্তাধাৰা , কলা কৌশল আদিৰ পৰা জ্ঞান আহৰণ কৰা হৈছিল। বিশেষকৈ এটা বংশৰ পৰা আন এটা বংশলৈ এই শিক্ষা চলমান আছিল। কিন্তু ক্ৰমান্বয়ে প্ৰগতিৰ পথত আগবঢ়া সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত বিদ্যমান হ'ল জটিলতাৰ যাৰ বাবে প্ৰত্যক্ষ আৰু প্ৰণালীবদ্ধ ভাৱে শিক্ষা প্ৰচলনৰ দিহা কৰিব লগা হল। বিদ্যালয়ৰ সৃষ্টিও এনেদৰেই হ'ল। আধুনিক যুগত শিক্ষাৰ অবিহনে গত্যন্তৰ নাই। এইদৰে বহু স্তৰ অতিক্ৰম কৰি আজিৰ অৱস্থাত উপনীত হৈছিহি শিক্ষাৰ জগতখন।

সামাজিক পৰিবৰ্তনৰ মাধ্যম হিচাপে শিক্ষা ?
    
    সামাজিক পৰিবৰ্তনৰ মাধ্যম হিচাপে শিক্ষাক অগ্ৰাধিকাৰ দিয়া হয়। এখন সমাজৰ মানুহবোৰ সামাজিক, অৰ্থনৈতিক আৰু মনস্তাত্বিক দিশত পৰিৱৰ্তন হ'লেহে  এখন সভ্য সমাজৰ সৃষ্টি হয়। সমাজত বাস কৰা লোকসকল অজ্ঞানী, নিৰক্ষৰ, চিন্তাধাৰণাহীন হ'লে সমাজ এখন কেতিয়াও পৰিৱৰ্তন হ'ব নোৱাৰে। শিক্ষাইহে এই দিশত অগ্ৰগতি লাভ কৰিবলৈ সহায় কৰে। সামাজিক, অৰ্থনৈতিক আৰু মনস্তাত্বিক চাহিদা পূৰণ কৰিবলৈ শিক্ষাৰ প্ৰয়োজন আছে। বিজ্ঞান, শিল্প উদ্যোগ , সাহিত্য আদিৰ দিশত যিমানেই পৰিৱৰ্তন তড়িত গতিত হ'ব সমাজৰ বিভিন্ন ক্ষেত্ৰত সিমানেই ক্ষিপ্ৰ গতিত পৰিৱৰ্তন হব এয়া নিশ্চিত। 
     সময়ে সময়ে সমাজত দেখা দিয়া মহামাৰী, বিভিন্ন বেমাৰ-আজাৰ , অন্ধবিশ্বাস আদিৰ দৰে কুসংস্কাৰ সমাজৰ পৰা বিদূৰ হ'বলৈ হ'লে শিক্ষাৰ বিকল্প নাই। শিক্ষিত সমাজ সদায় সংস্কাৰমুক্ত হয়। উদাহৰণ স্বৰূপে বৰ্তমান সামাজত দেখা দিয়া কোভিড-19 মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপাই আছিল ইয়াৰ বিষয়ে সম্পূৰ্ণ জ্ঞাত হৈ সজাগ আৰু সচেতন হোৱা। যিহেতু আদিতে ইয়াৰ কোনো ঔষধ নাছিল। যদি সমাজৰ মানুহবিলাকৰ শিক্ষা নথকাহেঁতেন কি অৱস্থা হ'ল হেঁতেন সেয়া সহজে অনুমেয় (?) । গতিকে শিক্ষাই এইদৰে সামাজিক পৰিবৰ্তনত পোনপটীয়া প্ৰভাৱ পেলায়। 

শিক্ষা প্ৰদানৰ মূল ভেটি বিদ্যালয় !

   এইটো নক'লেও হয় যে শিক্ষা আহৰণৰ মূল ভেটি হৈছে বিদ্যালয়। বিদ্যালয়ৰ শিক্ষাক সাধাৰণতে আনুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। আনুষ্ঠানিক শিক্ষাই শিশুৰ মানসিক বিকাশত সহায় কৰে। নীতি শিক্ষা, মূল্যবোধৰ শিক্ষা, আধ্যাত্মিক প্ৰমূল্যৰ জ্ঞান লাভ কৰিবলৈ হ'লে বিদ্যালয়ৰ পাঠ্যপুথিৰ জ্ঞান অৰ্জন কৰিব লাগিব। শিশুৰ চৰিত্ৰ গঠন, ব্যক্তিত্ব গঠন, নানা বিষয়ৰ জ্ঞান অৰ্জন, অভিজ্ঞতাৰ অৰ্জন, নীতি নিয়ম, চিন্তা ধাৰা , সাহিত্য সংস্কৃতি আদিৰ জ্ঞান অৰ্জন কৰি প্ৰয়োগ কৰিব শিকিবলৈ বিদ্যালয়ৰ প্ৰয়োজন আছে। গতিকে বিদ্যালয় সমাজ পৰিবৰ্তন মূল আহিলা। এখন ভাল বিদ্যালয়ৰ অন্তৰালত কিছুমান ভাল মানুহৰ জন্ম হয় আৰু ভাল চিন্তাধাৰা অন্তৰ্নিহিত হৈছিল থাকে।


উপসংহাৰ

মানুহ সামাজিক প্ৰাণী। সমাজ পাতি বাস কৰি ভাল পোৱা শ্ৰেষ্ঠ জীৱ। মানুহৰ প্ৰকৃতিৰ পৰিৱৰ্তন আৰু শিক্ষিত হলেহে সামাজিক পৰিবৰ্তনৰ সম্ভাৱনা দৃঢ় হয়। গতিকে শিক্ষা হ'ব লাগে সামাজিক পৰিবৰ্তনৰ মাধ্যম , নিজক গঢ় দিব পৰা মাধ্যম। কেৱল পঢ়িব লাগে বাবেই পঢ়া উচিত নহয়। 



প্ৰৱন্ধটো পঢ়াৰ বাবে আন্তৰিক ধন্যবাদ জনালো। -- দুদুল সোণোৱাল।


Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts