Showing posts with label 136. বৃত্তিমূলক শিক্ষা কাক বোলে ? ইয়াৰ প্ৰয়োজনীয়তা কিমান ?. Show all posts
Showing posts with label 136. বৃত্তিমূলক শিক্ষা কাক বোলে ? ইয়াৰ প্ৰয়োজনীয়তা কিমান ?. Show all posts

Saturday, August 28, 2021

বৃত্তিমূলক শিক্ষা কাক বোলে ? ইয়াৰ প্ৰয়োজনীয়তা কিমান ?

বৃত্তিমূলক শিক্ষা কি ? 

বৃত্তিমূলক শিক্ষা হৈছে সাধাৰণ জ্ঞানৰ উপৰি সামাজিক আৰু আৰ্থিক জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ লগত সম্পৰ্কিত থকা বৃত্তিসমূহৰ প্ৰযুক্তি আৰু আনুসংগিক বিজ্ঞানৰ অধ্যয়ন , ব্যৱহাৰিক কৌশল আহৰণ, ব্যৱহাৰিক জ্ঞান, মনোভাৱ আৰু বোধ শক্তিৰ সৈতে জড়িত সকলো অৱস্থা আৰু পৰ্যায়ৰ এক শৈক্ষিক প্ৰক্ৰিয়া। ৰাষ্ট্ৰসংঘৰ অধীনস্থ সংস্হা ইউনেস্কোৰ মতে উপৰোক্ত সংজ্ঞাটো গ্ৰহণযোগ্য হিচাপে বিবেচিত।

     শিশুৰ বা শিকাৰুৰ মাজত কামৰ মাজেৰে জীৱনৰ সম্পৰ্কে সুস্থ মনোভাৱ বিকশিত কৰাব পৰা যায়। বিভিন্ন বৃত্তি , উদ্যমিতা আৰু আত্মসংস্হাপনৰ জ্ঞান জগাই তুলিবৰ বাবে আৰু ইয়াৰ দক্ষতা বৃদ্ধি আৰু বিকাশ ঘটাবৰ বাবে বৃত্তি মূলক শিক্ষাৰ বিকল্প নাই। ব্যক্তিগত নিয়োগ যোগ্যতাৰ মাপকাঠি তথা দক্ষতাৰ গুণ বিকশিত কৰিবলৈ হ'লে বৃত্তি মূলক কামৰ প্ৰতি সকলোৱে আকৰ্ষিত আৰু ইচ্ছুক হ'ব লাগিব।

   

 কিতাপৰ সীমাবদ্ধ জ্ঞানৰ জৰিয়তে যি শিকিব পৰা নাযায়, যি দক্ষতা আৰু কৌশলী জ্ঞান অৰ্জন কৰিব পৰা নাযায়, সেই জ্ঞান বৃত্তি মূলক শিক্ষাৰ মাধ্যমেৰে আহৰণ কৰিব পাৰি।

    বৰ্তমান সময়ত ভাৰত চৰকাৰেও নতুন শীক্ষানীতিৰ জৰিয়তে এই বৃত্তি মূলক শিক্ষাৰ সংযোজন ঘটাইছে আৰু সমগ্ৰ শিক্ষাৰ বিশেষ আঁচনিৰ যোগেদি প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ কৰ্ম অভিজ্ঞতা , ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰাক বৃত্তিমূখী শিক্ষা আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বৃত্তিমূখী শিক্ষা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কৰ্মৰ জড়িয়তে শিশুক কাম আৰু জীৱনৰ গুৰুত্ব উপলব্ধি কৰিবলৈ প্ৰেৰণা যোগাব।

বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা !


   ইতিহাসৰ পাত লুটিয়াই চালে পৰিলক্ষিত হয় যে প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থা কেৱল তাত্ত্বিক নাছিল বৰঞ্চ বাস্তৱ ক্ষেত্ৰ আৰু কৰ্মৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত আছিল। ছাত্ৰই গুৰুৰগৃহত থাকি ঘৰুৱা কামৰ লগত জড়িত হৈ জীৱনৰ সম্পৰ্কে বিভিন্ন জ্ঞান অৰ্জন কৰাৰ উপৰিও বৃত্তিমুখী আৰু সমাজকল্যাণ মূলক কামৰ মাধ্যমেৰে শ্ৰমৰ মৰ্যদা সম্পৰ্কে বুজিব পাৰিছিল। গুৰুৰ টোলত বা গৃহত থকা কালত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা কাম, ফুলনি বাৰী পতা কাম, চৌহদ চাফাই আদি কামবোৰ কৰিব লগা হৈছিল। ইয়াৰ জৰিয়তে শিষ্যই শ্ৰমৰ প্ৰতি আকৃষ্ট হৈছিল আৰু মৰ্যদাৰ জ্ঞান লাভ কৰিছিল। গতিকে তৎকালীন সময়ৰ জ্ঞানৰ লগত সামঞ্জস্য ৰাখি ভাৰতৰ শিক্ষা ব্যৱস্থাত যি বৃত্তিমূখী শিক্ষাৰ ব্যৱস্থা কৰিব বিচৰা হৈছে সেয়া এই প্ৰাচীন শিক্ষাৰে নামান্তৰ বুলিব পাৰি। জাতিৰ পিতা মহাত্মা গান্ধী, বি আৰ আম্বেদকাৰ ,ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আদি মহান দাৰ্শনিক আৰু চিন্তাশীল ব্যক্তিসকলেও শিক্ষা ব্যৱস্থাত বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰি গৈছে। এতিয়া সেয়ে ভাৰতৰ শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ বিচৰা হৈছে। বিভিন্ন বিষয়ত গঠিত হোৱা বিভিন্ন শিক্ষা আয়োগে এইসকল নমস্য ব্যক্তিৰ ধাৰণা আৰু পৰৱৰ্তী সময়ত আয়োগে উত্থাপন কৰা মতামতৰ ওপৰত ভিত্তি কৰি শিক্ষা ব্যৱস্থাত বৃত্তিমুখী কৰণৰ বিষয়বস্তু সন্নিবিষ্ট কৰিব বিচৰা হৈছে। এয়া নিশ্চয় সময়ৰ দাবী । বৃত্তিমুখী শিক্ষাৰ পৰা বহু শিকিবলগা নিশ্চয় আছে। বৰ্তমান পৰিৱৰ্তিত সময়ৰ লগত খাপ খোৱাই আগুৱাই যাবলৈ হ'লে প্ৰতিজন শিশুৰ তথা শিকাৰুৰ মনত বৃত্তিমুখী মানসিকতা জগাই তোলাৰ প্ৰয়োজন আছে। 

   উৎপাদনশীলতা আৰু নতুনত্বৰ সৃষ্টিৰ ক্ষেত্ৰত শিশুক উৎসাহ আৰু উদ্দীপনাৰে আগবাঢ়ি যোৱাৰ বাট প্ৰশস্ত কৰিব লাগিব। ১৯৫৪ চনৰ পৰাই বৃত্তিমুখী বা বৃত্তিমূলক শিক্ষাক গুৰুত্ব দি অহা হৈছে। চৰকাৰৰ বিভিন্ন আয়োগে বৃত্তিমুখী শিক্ষাৰ বাবে বিদ্যালয়, মহাবিদ্যালয় , কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আদি স্হাপনৰ পৰামৰ্শ আগবঢ়াই আহিছে।

   বৃত্তিমুখী শিক্ষাত প্ৰতিটো বৃত্তিকেই সমান বৃত্তি বুলি গণ্য কৰা হয়। সাহিত্য আৰু বিজ্ঞান শিক্ষাৰ লগত বৃত্তিমূলক শিক্ষা প্ৰায় সমকক্ষৰ বুলি ধাৰণা কৰা হৈছে। শিশুসকলক বা শিকাৰুক বিভিন্ন উৎপাদনশীল আৰু সৃজনীমূলক কামৰ সৈতে পৰিচয় কৰাই দক্ষতা আৰু কৌশলী জ্ঞান আয়ত্বকৰণত সুবিধা প্ৰদান কৰাৰ বাবে বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজনীন আছে। 

     কামে মানুহক শিকাৰ এক অৱকাশ প্ৰদান কৰে। শিকন প্ৰক্ৰিয়া দৃঢ়ীকৰণত কৰ্মৰ অৱদান আছে।শিকাৰুক কায়িক শ্ৰমৰ প্ৰতি সন্মান, আত্মনিৰ্ভৰশীলতাৰ মূল্যবোধ , সহযোগিতা, অধ্যৱসায় , সহায়কাৰিতা, কৰ্মৰ নীতিবোধ, উৎপাদনশীল কাৰ্যৰ সৈতে জড়িত দৃষ্টিভংগী আৰু মূল্যবোধ আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ জ্ঞান লাভত বৃত্তিমুখী শিক্ষাই সহায় কৰিব। সঠিক কৰ্ম কৌশল বিকশিত কৰি সঠিক দক্ষতাৰ জ্ঞান আয়ত্বকৰণ কৰিব পাৰিলে শিশুসকল উপকৃত হ'ব। সেয়েহে শিশুৰ উৎপাদনশীল আৰু আত্মনিৰ্ভৰশীল মানসিকতা সৃষ্টিৰ বাবে বৃত্তিমুখী শিক্ষাৰ অতীব প্ৰয়োজন আছে ।

বৃত্তিমুখী শিক্ষাৰ অংগ সমূহ:

   বৃত্তিমুখী শিক্ষাৰ অংগ সমূহ হৈছে -- গোঁঠা কাৰ্য, ফুলনি বা উদ্যান পতা কাৰ্য, উদ্যান তত্বাৱধান লোৱা কাৰ্য, ৰন্ধন কাৰ্য, চিত্ৰাঙ্কন, কাঠৰ আচবাব প্ৰস্তুত কৰা কাম, মৃৎশিল্প, কাৰু শিল্প, চিলাই কৰা কাৰ্য, পুতলা প্ৰস্তুত কৰা কাম, কাগজৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা কাম, বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী প্ৰস্তুতৰ কাম আদিৰ লগত শিশুক চিনাকি কৰাই দি ইয়াৰ কৌশল আৰু দক্ষতা অৰ্জনত সহায় কৰিলে সুফল পোৱা যাব।  


নতুন শিক্ষা নীতিত বৃত্তিমূলক শিক্ষাৰ গুৰুত্ব 

   2021 ৰ নতুন শিক্ষা নীতিত বৃত্তিমূলক শিক্ষাক অগ্ৰাধিকাৰ দিয়া হৈছে। নতুন শিক্ষা নীতিত কোৱা হৈছে যে, " বৃত্তিগত শিক্ষাক মূলসুঁতিৰ শিক্ষা ব্যৱস্থাতকৈ হীন বুলি ভবা হয় আৰু কোৱা হয় যে বৃত্তিগত শিক্ষা সেইসকলৰ বাবেহে যিসকলে উচ্চ শিক্ষাৰ প্ৰয়োজনীয় ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয়। গতিকে এই ধাৰণাই শিশুৰ শিক্ষাৰ পথ নিৰ্বাচনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাই। সেয়ে এই মানসিকতা আতঁৰাবৰ বাবে বৃত্তিগত শিক্ষা খণ্ডত পুন:পৰিকল্পনাৰ প্ৰয়োজন আহি পৰিছে।" 

    গতিকে নতুন শীক্ষা নীতিয়ে এনেধৰণৰ ঋণাত্মক মনোভাৱ আঁতৰাই বৃত্তিমুখী শিক্ষাক মূলসুঁতিৰ শিক্ষাৰ লগত সংযোজিত কৰাত গুৰুত্ব আৰোপ কৰিছে। এয়া নতুন শিক্ষা নীতিৰ ভাল সিদ্ধান্ত আৰু দিশ। বৃত্তিমুখী শিক্ষা ব্যৱস্থাই প্ৰতিজন শিকাৰুকে একোটা বিষয়ত বৃত্তিৰ জ্ঞান লাভত সহায় কৰিব আৰু শ্ৰমৰ প্ৰতি প্ৰতিজন শিশুৰ তথা শিক্ষাৰ্থীৰ মৰ্যদা আৰু মূল্যবোধ বৃদ্ধি পাব বুলি ধাৰণা কৰিব পাৰি। নতুন শিক্ষা নীতিৰ মতে ২০২৫ চনৰ ভিতৰত কমেও ৫০% শিকাৰুৱে বিদ্যালয় বা উচ্চ শিক্ষাৰ জৰিয়তে বৃত্তিমুখী শিক্ষা লাভ কৰিব বুলি ঠাৱৰ কৰা হৈছে। 


উপসংহাৰ

    যিকোনো আঁচনি বা কামৰ সুফল লাভ কৰিবলৈ হ'লে আঁচনি ৰূপায়নৰ দায়িত্ববাহী কাণ্ডাৰীসকল ভাল হ'ব লাগিব। দায়িত্ব প্ৰাপ্ত শিক্ষক সকলে শিকাৰুক সঠিকভাৱে দিশ নিৰ্ণয়ত অৰিহণা যোগাব লাগিব।  হাতে-কামে কৰাৰ মানসিকতা সৃষ্টিত শিকাৰুক উৎসাহ আৰু সহযোগিতা আগবঢ়াব পাৰিব লাগিব। তেতিয়াহে আকাংক্ষিত ফলাফল লাভ হোৱাৰ সম্ভাৱনা থাকিব। 






প্ৰৱন্ধটো পঢ়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

ব্লগৰ  Home বুটন হেঁচি দিলে আৰু আন প্ৰৱন্ধ পঢ়িব পাৰিব। Web view অকে কৰিলে আটাইবোৰ প্ৰবন্ধ একেলগে পাব ।   --- দুদুল সোণোৱাল।


Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts