সুখী জীৱনৰ উপায়:
জীৱনত এনেয়ে সুখ নাহে। সুখ আহিবৰ বাবে আমি কিছুক্ষেত্ৰত প্ৰয়াস কৰিব লাগিব। কিছুমান কঠোৰ নীতি নিয়ম মানি চলিব লাগিব। পৰিশ্ৰম, অধ্যৱসায়, ধৈৰ্য, সন্তুষ্টি, নিদ্ৰা আদি কাৰকৰ ওপৰত জীৱনৰ প্ৰতিটো ক্ষণ নিৰ্ভৰশীল। শাৰীৰিক, মানসিক , আধ্যাত্মিক অনুশীলনৰ ফলত মনক সন্তুষ্ট কৰি ৰাখিব লাগে। ইজনে সিজনক মৰম স্নেহৰ ক্ৰমবিনিময় কৰিব ইচ্ছুক হ'ব লাগিব। জীৱন এৰা-ধৰাৰ মাজেৰে সহনশীলতাৰে আগুৱাই নিব যত্ন কৰিব লাগিব।তেহে জীৱনত সুখৰ মন্দাকিনী ব'ব । সুখী জীৱনৰ বাবে তলত দহটা টিপচ আগবঢ়োৱা হ'ল।
১) সন্তুষ্টিৰে আৰু ধীৰে ধীৰে খাদ্য গ্ৰহণ কৰক:
প্ৰতিদিনে প্ৰতিসাঁজ আহাৰ খাওঁতে আপোনাৰ মন:পুত নহ’বও পাৰে। আপুনি বিচৰা ধৰণে খাই ভাল লগা ব্যঞ্জন প্ৰতিদিনৰ আহাৰত নাপাবও পাৰে। এজন মানুহে তেতিয়াহে সুখ অনুভৱ কৰে, যেতিয়া তেওঁ দুখৰ মুখামুখি হয়। একেদৰে সুস্বাদু আহাৰ প্ৰতিদিনে গ্ৰহণ কৰি থাকিলে আহাৰ গ্ৰহণৰ তৃপ্তি নোপোৱা হ’ল। সেয়ে কেতিয়াবা অতি সাধাৰণ খাদ্যও সন্তষ্টিৰে গ্ৰহণ কৰা উচিত। বিভিন্ন অধ্যয়নৰ পৰা এই কথা প্ৰমাণ হৈছে যে আহাৰৰ প্ৰতি যেতিয়া মানুহৰ আগ্ৰহ কমি যায়, তেতিয়া জোৰ কৰি আহাৰ খোৱা অনুচিত। আপুনি এই কথাটো নিজৰ সন্তানৰ ক্ষেত্ৰত প্ৰয়োগ কৰি চাবচোন। সিহঁতে কেতিয়াবা একেবাৰে খাব নিবিচাৰে। সেই কথাটোত গুৰুত্ব নিদি আপুনি সিহঁতক খাবলৈ নিদিলে সিহঁতক এটা সময়ত আপোনা-আপুনি খাবলৈ বিচাৰে। খাদ্য-দৰ্শনৰ সুত্ৰ মতেও এই কথা প্ৰমাণ হৈছে যে চকুৰে বেয়া লগা খাদ্য গ্ৰহণেও মানুহক সুখী কৰাত সহায় কৰে।
২) সু-স্বাস্থ্যৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পানী খাওক:
আমাৰ শৰীৰটো চাফা কৰি ৰখাত পানীয়ে যথেষ্ট সহায় কৰে। আমি নজনাকৈয়ে পানীয়ে আমাক শক্তি যোগায় আৰু মানসিক সজাগতা বৃদ্ধি কৰে। পানী কম খোৱাৰ এটা সাধাৰণ প্ৰমাণ হ’ল প্ৰস্ৰাৱৰ বৰণ। শেঁতা হালধীয়া প্ৰস্ৰাৱ হ’লে জানিব যে আপোনাৰ পানী খোৱা কম হৈছে। শৰীৰ সুস্থ কৰি ৰাখিবলৈ যথেষ্ট পানী খাওক।
৩) মনোযোগ আৰু ইচ্ছাৰে দৈনন্দিন কাম-কাজ কৰিবলৈ শিকক:
নিজৰ কাম নিজে নিয়াৰিকৈ কৰিবলৈ প্ৰয়াস কৰক। আনৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ কাম কাজ কেতিয়াও খেয়ালী মনেৰে কৰিবলৈ চেষ্টা নকৰিব। কামত সন্তুষ্টি পালেহে মনৰ সন্তুষ্টি লাভ কৰিব পৰা যায়। খুব খৰকৈ বা খুব লাহে লাহে কাম নকৰি এটা নিৰ্দিষ্ট গতিত নিজৰ কাম সমাপন কৰি সুখী হ’বলৈ চেষ্টা কৰক।
৪) প্ৰকৃতিৰ আমেজ উপলব্ধি কৰিবলৈ শিকক:
বাৰিষাৰ বৰষুণত বিৰক্ত হোৱা অথবা শীতৰ ঠাণ্ডাত অতিষ্ঠ হৈ নিজৰ মন বেয়া নকৰিব। বতৰৰ এই পৰিৱৰ্তনবোৰ আনন্দ মনেৰে গ্ৰহণ কৰক আৰু শীত কালত ৰ’দত বহি শীতৰ আমেজ লওক। একেদৰে বাৰিষাৰ বতৰত বৰষুণত ছাতি লৈ এপাক ফুৰিও মনৰ আনন্দ উপলব্ধি কৰক।
৫) সঠিক আৰু পৰ্যাপ্ত পৰিমাণে টোপনি যাওক:
টোপনিয়ে আমাৰ শাৰীৰিক- মানসিক কাৰ্যক্ষমতা বৃদ্ধি কৰে। প্ৰতিদিনে ৮ ঘণ্টা শুবলৈ চেষ্টা কৰক। সময় বেছি পালেও তাতকৈ বেছি বিছনাত শুই নাথাকিব। এই সৰু অভ্যাসটোৱে আপোনাক কৰ্মক্ষম কৰি তুলিব। দিনত শোৱাৰ অভ্যাস থাকিলে আধা ঘণ্টাতকৈ বেছি জিৰণি নল’ব।
৬) নিতৌ খোজ কঢ়াৰ অভ্যাস কৰক:
খোজ কাঢ়িলে সৰ্বশৰীৰত তাৰ প্ৰভাৱ পৰে। আমাৰ শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি হয় বাবে তাৰ প্ৰভাৱ শৰীৰ আৰু মগজুত পৰে। এই প্ৰভাৱে মন ভাল লগাৰ হৰম’নত ক্ৰিয়া কৰে। সেয়ে প্ৰতিদিনে অন্তত: আধা ঘণ্টা হ’লেও খোজ কাঢ়িব।
৭) কাৰ্যক্ষমতা বৃদ্ধি কৰিবৰ বাবে শাৰীৰিক সক্ৰিয়তা বঢ়াওক
বয়সৰ লগে লগে মানুহৰ শাৰীৰিক সক্ৰিয়তা কমি আহে। এই সক্ৰিয়তা বৃদ্ধি কৰিবৰ বাবে আমি শৰীৰত বয়সে পেলোৱা প্ৰভাৱবোৰ প্ৰতিৰোধ কৰিব লাগে। তাৰ বাবে শৰীৰটো সক্ৰিয় হৈ থকাটো প্ৰয়োজন। এইক্ষেত্ৰত ব্যায়ামে যথেষ্ট প্ৰভাৱ পেলায়। আপোনাৰ জীৱনশৈলীৰ লগত মিলাই নিজে কিছুমান ব্যায়াম পচন্দ কৰি অনুশীলন কৰাৰ অভ্যাস কৰক।
৮) আনৰ প্ৰতি সহানুভুতি আৰু দয়ালু হওক:
আনৰ দুখত দুখী হ’ব পৰাটো আৰু আনৰ সুখত সুখী হ’ব পৰাটো মানুহৰ মহৎ গুণ। এই গুণ আপুনিও আহৰণ কৰিবলৈ চেষ্টা কৰক। সপ্তাহৰ এসাঁজ আনক খুৱাই যি মানসিক তৃপ্তি লাভ কৰিব তাক শব্দৰে ব্যাখ্যা কৰিব নোৱাৰি।
৯)পৰিয়ালৰ লগত ফুৰ্তি-তামাচাৰে সময় কটাওক:
আপুনি যিমানেই ব্যস্ত নহওক কিয়, পৰিয়ালক কিছু সময় দিয়াটো অতি জৰুৰী। পৰিয়ালৰ সকলোৱে যেতিয়া সুখী অনুভৱ কৰিব, তাৰ প্ৰভাৱ আপোনাৰ ওপৰতো পৰিব।
১০) আনক উৎসাহ দিবলৈ চেষ্টা কৰক:
আধুনিক জীৱনত কিছুমান কথা জটিল। সেয়ে কিছুমান নেতিবাচক দিশ আওকাণ কৰি ইতিবাচক চিন্তাৰ ওপৰত বেছি মনোযোগ দিব। ভাল কাম দেখিলে সদায় উৎসাহ দিব আৰু আপুনি যে সেই কথাত সুখী অনুভৱ কৰিছে সেই কথা আনক বুজাবলৈ চেষ্টা কৰিব ।
জীৱন বৰ সুন্দৰ আৰু অনুপম। ইয়াক ৰুষ্ট প্ৰকৃতিৰ মন মগজুৰ সমাহাৰ বুলি ভবা উচিত নহয়। জীৱনৰ প্ৰতিটো ক্ষণ অবাবত বিনষ্ট কৰা অনুচিত। সতেজ মনোভাৱ জগাই তোলাৰ চেষ্টা কৰিব লাগে ইয়ে মানুহৰ মনলৈ সুচিন্তা, ধনাত্মক মনোভাৱ কঢ়িয়াই অনাত সহায় কৰে।
প্ৰৱন্ধ টো ধৈৰ্যৰে পঢ়ি ছোৱাৰ হেতুকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।
লেখক : দুদুল সোণোৱাল ।