Showing posts with label 65. Show all posts
Showing posts with label 65. Show all posts

Monday, February 22, 2021

মৌলিক সংখ্যা আৰু ইয়াৰ প্ৰয়োজনীয়তা। primary numbers and it's importance.

মৌলিক সংখ্যা কি ? 

   গণিতজ্ঞ ইৰাটস্হেনিছৰ মতে মৌলিক সংখ্যা হ'ল সেইবোৰ যিবিলাক সংখ্যা দুই, তিনি, পাঁচ,সাত, আৰু এঘাৰৰ গুনিতক নহয়। অৰ্থাৎ দুইক লৈ দুইৰ গুণিতকবোৰ এৰিব লাগে, তিনিক লৈ, তিনিৰ গুণিতকবোৰ এৰিব লাগে, পাঁচক লৈ পাঁচৰ গুণিতকবোৰ এৰিব লাগে, সাতক লৈ সাতৰ গুণিতকবোৰ এৰিব লাগে, এঘাৰক লৈ এঘাৰৰ গুনিতকবোৰ এৰিব লাগে ,ইয়াৰ পিছত ৰৈ যোৱা সংখ্যাখিনিকেই মৌলিক সংখ্যা বোলা হয়। ইয়াৰ বাবে একৰ পৰা এশলৈ আপুনি নিজে চেষ্টা কৰি চাব পাৰে। মনত ৰাখিব এক সংখ্যাটো যৌগিকো নহয় মৌলিকো নহয়।
   মৌলিক সংখ্যা বিলাকৰ বৈশিষ্ট্য হ'ল ইহঁতৰ উৎপাদক কেৱল দুটা। এটা এক আনটো সংখ্যাটো নিজেই। এনে সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয়। যেনে = ২= ১×২ , ৩=১×৩, ৫=১×৫, ৭= ১×৭, ...., ৩৭ = ১× ৩৭ আদি। 

পৰস্পৰ মৌলিক সংখ্যা কি ? 

   যদি কোনো দুটা সংখ্যাৰ সাধাৰণ উৎপাদক কেৱল ১ হয় তেন্তে সংখ্যা কেইটাক পৰস্পৰ মৌলিক সংখ্যা বোলা হয়। পৰস্পৰ মৌলিক সংখ্যা কেইটা মৌলিক অথবা যৌগিক হ'ব পাৰে। যেনে ১২ আৰু  ২৫ ৰ সাধাৰণ উৎপাদক কেৱল ১ আছে । সেয়ে এই সংখ্যা কেইটা পৰস্পৰ মৌলিক সংখ্যা।
আকৌ যিকোনো দুটা মৌলিক সংখ্যা সদায় পৰস্পৰ মৌলিক সংখ্যা হয়। দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰতো দেখা যায় দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা সদায় পৰস্পৰ মৌলিক সংখ্যা হয়। যেনে (২,৩ ), (৪,৫), (৭,৮) ,.. আদি।

যমজ মৌলিক সংখ্যা কি ? 

     যদি যিকোনো দুটা মৌলিক সংখ্যাৰ মাজত কেৱল এটা যৌগিক সংখ্যা থাকে তেন্তে মৌলিক সংখ্যা কেইটাক যমজ মৌলিক সংখ্যা বোলা হয়।
যেনে (৩ আৰু ,৫) , (১৭ আৰু ১৯) আদি। ৩ আৰু ৫ ৰ মাজত এটা যৌগিক সংখ্যা ৪ আছে। একেদৰে ১৭ আৰু ১৯ ৰ মাজত এটা যৌগিক সংখ্যা আছে ১৮ । 

মৌলিক ত্ৰয় কি ? 

     যদি তিনিটা ক্ৰমিক মৌলিক সংখ্যাৰ প্ৰত্যেকৰে মাজত বিয়োগফল ২ হয় তেন্তে সেই তিনিটা মৌলিক সংখ্যাক মৌলিক ত্ৰয় বোলা হয়। যেনে (৩,৫,৭) হ'ল মৌলিক ত্ৰয়। ইয়াত। ৭-৫= ২ ,    
৫-৩ = ২ , 




Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts