Showing posts with label 98. Fraction and Decimal | ভগ্নাংশ আৰু দশমিক. Show all posts
Showing posts with label 98. Fraction and Decimal | ভগ্নাংশ আৰু দশমিক. Show all posts

Wednesday, May 26, 2021

ভগ্নাংশ আৰু দশমিক Fraction And Decimal (২য় খণ্ড)

https://anuragblogadress.blogspot.com/2021/05/fraction-and-decimal.html?m=1 (   প্ৰথম অংশ)

 ভগ্নাংশ আৰু দশমিক (Fraction And Decimal)


 

  (২য় খণ্ড) 

....গতিকে ভগ্নাংশ এটাত হৰ 10, 100, 1000, 10000,100000,1000000, 10000000 আদি হ'লে তাক দশমিক ভগ্নাংশলৈ পৰিবৰ্তন কৰিব পাৰি।হৰটোৰ লগত যিমানটা শূণ্য থাকিব লবটোৰ ঘৰত সিমান স্হানত দশমিক বহে।

দশমিক ভগ্নাংশ আৰু দশমিক সংখ্যা একেনে ?


যদি ভগ্নাংশ এটাৰ হৰ 10 ৰ গুণিতক হয় অৰ্থাৎ হৰ 10, 100, 1000, 10000, 100000, 1000000, 10000000 হ'লে ভগ্নাংশটোক দশমিক ভগ্নাংশ বোলা হয়। 
আমি পাইছিলো যে , ⁴/10 = 0•4 , ³⁴/100 =0•34
ইয়াত 0•4 , 0•34 আদিক দশমিক সংখ্যা বুলি কোৱা হয়। মনত ৰাখিবা দশমিক ভগ্নাংশ আৰু দশমিক সংখ্যা একে। কেৱল ইহঁতৰ লিখা পদ্ধতিটো বেলেগ।

সমমান বা সমতুল্য ভগ্নাংশ কি ?


কোনো এটা ভগ্নাংশৰ হৰ আৰু লবক একে অশূন্য সংখ্যাৰে উভয়কে পূৰণ বা হৰণ কৰি পোৱা নতুন ভগ্নাংশবোৰক মূল ভগ্নাংশটোৰ সমমান বা সমতুল্য ভগ্নাংশ বোলা হয়। 
যেনে -- 
ইয়াত পূৰণ কৰা অশূন্য সংখ্যাবোৰ হ'ল ক্ৰমে - 2, 3, 4, 5 , 6

আৰু ¹⁰/12, ¹⁵/18, ²⁰/24, ²⁵/30, ³⁰/36 

মূল ভগ্নাংশ  ⅚  ৰ সমমান বা সমতুল্য ভগ্নাংশ।

নিজে ভাবি উলিওৱা --

⅔ ৰ পাঁচটা সমমান ভগ্নাংশ কি কি হ'ব ?
⅞ ৰ পাঁচটা সমমান ভগ্নাংশ কি কি হ'ব ?

সদৃশ ভগ্নাংশ কি ?

What is the 'Like Fraction' ?

যিবিলাক ভগ্নাংশৰ হৰ একে হয় সেইবিলাক ভগ্নাংশক সদৃশ ভগ্নাংশ বুলি কোৱা হয়। 
যেনে -- ¾ ⁶/4, ⁷/4, ¹²/4, ⁹/4 আদি। এইবোৰ সদৃশ ভগ্নাংশ, কাৰণ ইহঁতৰ হৰ বিলাক একে । 

বিসদৃশ ভগ্নাংশ কি ?

What is the 'Unlike Fraction' ?


যিবিলাক ভগ্নাংশৰ হৰ একে নহয় বা হৰ বেলেগ বেলেগ হয় , সেইবিলাক ভগ্নাংশক বিসদৃশ ভগ্নাংশ বোলা হয়।
যেনে-- ⅔ , ⅜, ⅚, ⁸/13, ⅗, ⅐, ⅒ আদি। এইবোৰ বিসদৃশ ভগ্নাংশ কাৰণ ইহঁতৰ হৰ বিলাক বেলেগ বেলেগ বা একে নহয়।

এতিয়া নিজে তলত দিয়া ভগ্নাংশ বিলাকৰ পৰা কোনকেইযোৰ সদৃশ আৰু কোনকেইযোৰ বিসৃশ বাচি উলিয়াবলৈ প্ৰয়াস কৰা।

ভগ্নাংশৰ প্ৰতিক্ৰম কি ? 

What is the reciprocal of a fraction ?


যেতিয়া দুটা সংখ্যাৰ পূৰণফল 1 হয়, তেতিয়া সংখ্যা কেইটাৰ এটাক আনটোৰ প্ৰতিক্ৰম বোলা হয়। প্ৰতিক্ৰম মানে গুণাত্মক বিপৰীত। গতিকে কোনো এটা ভগ্নাংশৰ বিপৰীত ভগ্নাংশই হ'ল মূল ভগ্নাংশটোৰ প্ৰতিক্ৰম ভগ্নাংশ। সংখ্যাৰ ক্ষেত্ৰত আমি এইধৰনে পাওঁ - 

গণিতৰ ভাষাত 6 আৰু ⅙ হ'ল এটা আনটোৰ প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত।


তলত দিয়া প্ৰতিটো সংখ্যাৰ প্ৰতিক্ৰম কি হ'ব নিজে লিখিবলৈ প্ৰচেষ্টা কৰা--

 ⅙,8, ⅜, ³¹/5, 7

** দুটা ভগ্নাংশৰ পূৰণফল নিৰ্ণয়ৰ নিয়ম--


1. দুটা ভগ্নাংশৰ পূৰণফল উলিয়াওঁতে প্ৰথমে ভগ্নাংশ কেইটাৰ লব কেইটা একেলগে আৰু হৰ কেইটা একেলগে পূৰণ কৰি ল'ব লাগে।
অৰ্থাৎ 

2. এইদৰেও কোৱা হয় --- 

উদাহৰণ : ভগ্নাংশ পূৰণ কৰা ।

1. ⅗×⅞
সমাধান :  ⅗× ⅞
              = 3×7/5×8
              = 21/40
              ________
( ইয়াত 3 আৰু 7 লব , 5 আৰু 8 হৰ পূৰণ কৰা হৈছে।)






Thank you very much for reading this simple article. Please leave a comment in the comments section and share with your friends.

❤👲❤👱







            

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts