সোমবার, ৯ নভেম্বর, ২০২৬

Green Dipawali কি ? ফটকা নহয়, চাকিৰে আলোকিত কৰক

Green Diwali - ফটকা নহয়, চাকিৰে পোহৰাওক


                  
                    Green Dipawali ৰ নমুনা চিত্ৰ।

দীপাৱলী মানে পোহৰৰ উৎসৱ, ধোঁৱাৰ উৎসৱ নহয়। কিন্তু আজিকালি দীপাৱলী আহিলেই আকাশখন ধোঁৱাই ভৰি পৰে। ফটকাৰ শব্দত কাণ তাল মাৰি যায়, চকু জ্বলি উঠে।

এইবাৰ দীপাৱলীৰ আগদিনাই দিল্লীৰ বতাহ বিশ্বৰ আটাইতকৈ বেয়া হৈছিল। আমাৰ গোলাঘাট, গুৱাহাটীতো একেই অৱস্থা হ'বলৈ বেছি দিন নাই।

আমি নিজৰ হাতেৰে নিজৰ ঘৰখনকে বেয়া কৰি আছোঁ নেকি?

১. ফটকাই কাৰ কাৰ ক্ষতি কৰে ?


আমি ভাবো ফটকা মানে কেৱল আনন্দ। কিন্তু সঁচা কথাটো অলপ বেলেগ ধৰণৰ নহয় নে ? ইয়াৰ সৈতে সম্পৰ্কিত কিছুমান ক্ষতিকাৰক দিশ হ'ল -

সৰু ল'ৰা-ছোৱালী : সৰু ল'ৰা-ছোৱালীৰ কোমল শৰীৰৰ বাবে ফটকাৰ শব্দ আৰু ধোঁৱা অতি ক্ষতিকাৰক। ফটকাৰ ধোঁৱাত সিহঁতৰ কাহ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ হোৱাৰ সম্ভাৱনা হয়। লগতে অতি উচ্চ প্ৰাৱল্যৰ শব্দই শ্ৰৱণ শক্তিৰ ওপৰত আঘাত হনাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যোৱা কালি News ত কলকাতাৰ এজন ডাক্তৰে কৈছে - ফটকাৰ বাবে বহু ল'ৰা-ছোৱালীৰ কাণৰ ক্ষতি হৈছে, চকুত জুই লাগিছে। গতিকে ফটকা ফুটাব দিয়াৰ আগতে দহ ভবা উচিত। তাৰোপৰি অতি শব্দৰ ফলত পৰিৱেশ বিনষ্ট কৰাৰ লগতে বায়ু প্ৰদূষণৰ সৃষ্টিত ই অৰিহণা যোগায়।

বৃদ্ধ মানুহ: ঘৰত থকা বৃদ্ধ মা-দেউতা, হাঁপানী থকা মানুহৰ বাবে এই ২-৩ দিন বৰ কষ্টৰ হয়। তেওঁলোকে ৰাতি শুবও নোৱাৰে। ইয়াৰ ধোঁৱাই হাপানি ৰোগীক আঘাত হানিব পাৰে।

জীৱ-জন্তু : আমাৰ ঘৰৰ কুকুৰ-মেকুৰীবোৰলৈ চাওকচোন। ফটকাৰ শব্দত সিহঁতে কিমান ভয় খায়। ভয়ত ঘৰৰ চুকত সোমাই থাকে, খাবলৈও নোৱাৰে। সিহঁতৰ কাণ আমাতকৈ বহুত বেছি সংবেদনশীল। নহয় নে ? আমাৰ অলপ আনন্দৰ বাবে সিহঁতে কিমান কষ্ট পায়, এবাৰ ভাবি চাইছেনে ?

২. আগৰ দীপাৱলী আৰু বৰ্তমানৰ দীপাৱলী


আমাৰ সৰুকালৰ দীপাৱলী কেনে আছিল আপোনাৰ মনত আছে নে ?

১৯৮০ দশকত, তেতিয়া ফটকা বেছি নাছিল। মাটিৰ চাকি, কলগছত চাকি, আকাশ বন্তি, ঘৰত মিঠাই বনোৱা - এইবোৰেই আছিল দীপাৱলী। আমি সৰুৰে পৰা দেখি অহা অন্ততঃ ২০০০ চনলৈকে বৰ বেছি ফটকা বা আতচবাজী ফুটোৱাৰ কথা মনত নপৰে।

আনহাতে গাঁৱৰ প্ৰতিটো ঘৰতে দিপাৱলী উৎসৱ পালন কৰা নহৈছিল। তেনেদৰে ফটকাও বৰ বেছি নাছিল। অৰ্ধেক লোকে চাকি জ্বলাই ঘৰখন আলোকিত কৰিছিল। গতিকে তেতিয়া তেনেকৈ ধোঁৱা বা শব্দৰ প্ৰদূষণ হোৱা নাছিল, কেৱল পোহৰ আছিল।

আজিকালি মাটিৰ চাকিৰ ঠাইত চাইনিজ লাইট আহিল, আকাশ বন্তিৰ ঠাইত ডাঙৰ ডাঙৰ বোম ফটকা আহিল। আকাশৰ মাজত ফটকা ফুটা হ'ল।পোহৰ কমিল, শব্দ আৰু ধোঁৱা বাঢ়িল।

আমি আমাৰ নিজৰ পৰম্পৰাক পাহৰি গৈছোঁ নেকি?

৩. Green Diwali মানে কি ?


      গ্ৰীণ দিপাৱলী (Green Diwali) বা সেউজ দীপাৱলী হৈছে পৰিৱেশৰ কোনো ক্ষতি নকৰাকৈ প্ৰকৃতি-অনুকূলভাৱে উদযাপন কৰা পোহৰৰ উৎসৱ। ইয়াৰ মূল উদ্দেশ্য হৈছে বায়ু আৰু শব্দ প্ৰদূষণ হ্ৰাস কৰা। বিশেষকৈ -

পৰিৱেশ-অনুকূল উদযাপন : গ্ৰীণ দিপাৱলীৰ মূল লক্ষ্য হৈছে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থযুক্ত পৰম্পৰাগত ফটকাৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বৰ্জন কৰা।

সেউজ ফটকাৰ ব্যৱহাৰ : এই উদযাপনত কেৱল চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত 'সেউজ ফটকা' (Green Crackers) ফুটোৱা হয়, যিয়ে ৩০ শতাংশ পৰ্যন্ত কম প্ৰদূষণ ঘটায়।

মাটিৰ চাকিৰ অগ্ৰাধিকাৰ : ইয়াত প্লাষ্টিক বা কৃত্ৰিম লাইটৰ পৰিৱৰ্তে থলুৱা মাটিৰ চাকি আৰু সৰিয়হৰ তেল ব্যৱহাৰ কৰি ঘৰ-দুৱাৰ পোহৰাই তোলাৰ ব্যৱস্থা কৰা হয়।

প্ৰাকৃতিক ৰঙ্গলী : ঘৰৰ পদূলিত ৰংগুলী বা আল্পনা আঁকিবলৈ ৰাসায়নিক ৰঙৰ সলনি ফুলৰ পাপৰি, চাউলৰ গুড়ি আৰু হালধীৰ দৰে প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰা হয়।

উপহাৰ আৰু সচেতনতা : এই উৎসৱত প্লাষ্টিকৰ সামগ্ৰীৰ পৰিৱৰ্তে গছৰ পুলি বা কাপোৰৰ মোনা উপহাৰ দি সমাজত পৰিৱেশ সুৰক্ষাৰ বাবে সচেতনতা বৃদ্ধি কৰা হয়। 

গতিকে প্ৰতিজন লোকে ব্যক্তিগত লাভালাভৰ কথা নাভাবি সামগ্ৰিকভাৱে চিন্তা কৰি এই উৎসৱ পালন কৰা উচিত।

আপুনি কেনেকৈ পাতিব ?


 মাটিৰ চাকি জ্বলাওক : এইবাৰ ১০০টা ফটকাৰ টকাৰে ১০০ টা মাটিৰ চাকি কিনক। ঘৰৰ চৌদিশে জ্বলাই দিয়ক। আপোনাৰ ঘৰটোৱেই আটাইতকৈ ধুনীয়া লাগিব। লগতে কুমাৰ এজনৰো ঘৰত সুন্দৰ দীপাৱলী হ'ব।

২. এটা গছপুলি ৰুৱক : এইবাৰ দীপাৱলীত এটা গছপুলি ৰুৱক। এয়াই আচল লক্ষ্মী পূজা। গছে আমাক জীৱন দিয়ে। হয় নে ?

৩. কম শব্দৰ ফটকা : যদি একেবাৰে ফটকা নুফুটোৱাকৈ থাকিব নোৱাৰে, তেন্তে কম শব্দ হোৱা ফুলজাৰি, কলগছ , জিলজিলি আদি ব্যৱহাৰ কৰক। তেতিয়া পৰিৱেশ বিনষ্ট নহ'ব আৰু আপোনাৰো মনোকামনা পূৰ্ণ হ'ব। কিন্তু ডাঙৰ বোম ফটকা ফুটোৱাৰ পৰা একেবাৰে বিৰত থাকক। 

৪. অসমৰ ৰাইজৰ বাবে এটা আহ্বান !


 বিশ্বই জানে,অসম এখন সেউজীয়া প্ৰদেশ। ইয়াত গছ আছে, নদী আছে, চৰাই আছে । বিভিন্ন জীৱ-জন্তুৰে ভৰি আছে আমাৰ চৌপাশৰ অভয়াৰণ্য। গতিকে বেছি প্ৰাৱল্যৰ ফটকা ফুটাই পৰিৱেশ বিনষ্ট নকৰিব।

আমি যদি এই সেউজীয়াখিনি নষ্ট কৰি দিওঁ, তেন্তে আমাৰ ল'ৰা-ছোৱালীয়ে কি পাব ? মই ভুল কৈছোঁ নেকি ?

এইবাৰ তিনিচুকীয়া পৰাই আৰম্ভ কৰোঁ আহক। এইবাৰৰ দীপাৱলী - ফটকা নহয়, চাকিৰে পাতোঁ।

আপুনি মোৰ লগত একমত নে? এইবাৰ আপুনি কেইটা চাকি জ্বলালে? তলত Comment ত জনাব।



সকলোলৈকে সেউজীয়া দীপাৱলীৰ শুভেচ্ছা জনালোঁ 🙏🪔

রবিবার, ৮ নভেম্বর, ২০২৬

দীপাৱলীত অকলশৰীয়া মানুহবোৰৰ কথা কোনে ভাৱে ? Dipawalit okolxoriya manuhburor kotha kune bhabe?

দীপাৱলীত অকলশৰীয়া মানুহবোৰৰ কথা কোনে ভাবে ? 

Dipawalit okolxoriya manuhburor kotha kune bhabe?


   দীপাৱলীৰ পোহৰৰ মাজতো অকলে এগছি চাকি লৈ বহি থকা মানুহজন... তেওঁৰ কথা কোনে ভাবে ?  Photo - AI.



দীপাৱলী মানে পোহৰৰ উৎসৱ।

ঘৰে ঘৰে চাকি জ্বলে, ল'ৰা-ছোৱালীয়ে নতুন কাপোৰ পিন্ধে, ফটকাৰ শব্দত গাঁও-চহৰ কঁপি উঠে।

কিন্তু এই পোহৰৰ মাজতে কিছুমান ঘৰত আজিও আন্ধাৰ হৈ থাকে।

কিছুমান মানুহৰ ঘৰত আজি কোনো এজনো চাকি এগছি জ্বলাবলৈও নাই। বিশেষকৈ -

প্ৰথমতে,
বৃদ্ধাশ্ৰমৰ দীপাৱলী 🪔

কালি এটা ভিডিঅ' দেখিলোঁ। এটা বৃদ্ধাশ্ৰমত কেইজনমান বুঢ়া মা-দেউতাই মিলি চাকি জ্বলাইছে।

তেওঁলোকৰ ল'ৰা-ছোৱালী আছে, ঘৰ আছে, টকা-পইচা আছে। কিন্তু দীপাৱলীৰ দিনা তেওঁলোক অকলশৰীয়া।

এজনী আইতাই কৈছিল - "মোৰ ল'ৰাটোৱে এইবাৰো ফোন এটাও নকৰিলে।"

কথাষাৰ শুনি বুকুখন বিষাই গ'ল।

আমি দীপাৱলীত ঘৰখন পোহৰাওঁ, কিন্তু মা-দেউতাৰ মনটো পোহৰাবলৈ পাহৰি যাওঁ নেকি?

দ্বিতীয়তে,
অকলশৰীয়া মানুহবোৰ !

তিনিচুকীয়া জিলাতে চাওকচোন। কিমান মানুহ আছে যি এইবাৰ দীপাৱলীত অকলে হয়তো অকলে আছে।

কাৰোবাৰ ল'ৰা বিদেশত, কাৰোবাৰ ঘৈণীয়েক ঢুকাইছে, কাৰোবাৰ সন্তান নাই ... ইত্যাদি।

তেওঁলোকৰ বাবে দীপাৱলী মানে কেৱল আনৰ ঘৰৰ পোহৰ চাই থকা, নহয় নে বাৰু ? 

আমি যদি এইবাৰ এগছি চাকি তেওঁলোকৰ বাবেও জ্বলাওঁ, তেতিয়া হ'লেহে প্ৰকৃত দীপাৱলী হোৱা যেন অনুভৱ হ'ব , মই মিছা কৈছোঁ নেকি?

প্ৰকৃত দীপাৱলী কি ?

দীপাৱলী মানে কেৱল ফটকা ফুটোৱা নহয়।
দীপাৱলী মানে কেৱল মিঠাই খোৱাও নহয়।

👉দীপাৱলী মানে -
একাপ চাহ লৈ কাষৰ অকলশৰীয়া মানুহজনৰ কাষত অলপ বহা।
মা-দেউতাক এটা ফোন কৰা - "মা, দীপাৱলীৰ শুভেচ্ছা।"
বৃদ্ধাশ্ৰমত থকা মানুহ এজনক এপাকেট মিঠাই দিয়া।

এই সৰু সৰু কামবোৰেই আচল পোহৰ, হয় নে নহয় কওক ❓ 

শেষত এটাই কথা -

এইবাৰ দীপাৱলীত ঘৰখনৰ লগতে মনটোও পোহৰাই তোলক।
যিজন মানুহে আপোনালৈ বাট চাই আছে, তেওঁলোকক পাহৰি নাযাব।

আপোনাৰ কাষতো এনেকুৱা কোনোবা অকলশৰীয়া মানুহ আছে নেকি? তলত Comment ত জনাব।

শুভ দীপাৱলী 🙏




প্ৰৱন্ধটো পঢ়ি ভাল পালে শ্বেয়াৰ আৰু Comment কৰি উৎসাহিত কৰিব 🔥 🙏 

ধনতেৰছত ঝাড়ু কিয় কিনা হয়? ই বিজ্ঞান নে অন্ধবিশ্বাস ?

ধনতেৰছত ঝাড়ু কিয় কিনা হয়? ই বিজ্ঞান নে অন্ধবিশ্বাস?


        প্ৰতি বছৰে দীপাৱলীৰ ঠিক আগে আগে অহা ধনতেৰছ Dhanteras 2026 উৎসৱক লৈ আমাৰ সমাজত উছাহৰ অন্ত নাই । এই দিনটাত সোণ, ৰূপ বা নতুন বাচন-বৰ্তন কিনাটো যেনেকৈ এক পৰম্পৰা, ঠিক তেনেকৈ আন এটা বস্তু কিনাটো অতি আৱশ্যকীয় বুলি গণ্য কৰা হয়— সেইটো হৈছে এটা সাধাৰণ 'ঝাড়ু' বা সোপা।

প্ৰথম অৱস্থাত কথাটো অলপ আচৰিত যেন লাগিব পাৰে— য’ত ধন-সম্পত্তিৰ দেৱী লক্ষ্মীক পূজা কৰা হয়, তাত হঠাত ঝাড়ুৰ কি কাম? বহুতে ইয়াক এক অন্ধবিশ্বাস বুলিও ভাবিব পাৰে। কিন্তু আপুনি জানেনে, এই সৰু পৰম্পৰাটোৰ আঁৰত কেৱল ধৰ্মীয় বিশ্বাসেই নহয়, বৰঞ্চ এক গভীৰ সামাজিক আৰু স্বাস্থ্যসন্মত কাৰণো লুকাই আছে। আহক, আজিৰ এই ব্লগত আমি ইয়াৰ আচল ৰহস্য ফঁহিয়াই চাওঁ।

ধৰ্মীয় আৰু প্ৰতীকী বিশ্বাস: ঝাড়ু কিয় ইমান গুৰুত্বপূৰ্ণ?


সনাতন সংস্কৃতিত ঝাড়ুক কেৱল ঘৰ চাফা কৰা এটা সঁজুলি হিচাপেই নহয়, তাক দেৱী লক্ষ্মীৰ প্ৰতীক হিচাপেও সন্মান কৰা হয়। ইয়াৰ আঁৰৰ মূল বিশ্বাসসমূহ হ’ল:

দৰিদ্ৰতা আৰু নেতিবাচকতাৰ অন্ত: ঝাড়ুৱে যেনেকৈ ঘৰৰ ধূলি-মাকতি আৰু আৱৰ্জনা দূৰ কৰে, তেনেকৈ ই ঘৰৰ পৰা 'অলক্ষ্মী'ক (অৰ্থাৎ দৰিদ্ৰতা, খং-ৰাগ আৰু কন্দল) সোপাই বাহিৰ কৰি দিয়ে বুলি বিশ্বাস কৰা হয়।

শুভ আগমনৰ প্ৰস্তুতি: ধনতেৰছৰ পৰাই দীপাৱলীৰ আৰম্ভণি ঘটে। এটা প্ৰচলিত ধাৰণা আছে যে দেৱী লক্ষ্মী কেৱল সেইবোৰ ঘৰলৈহে আহে যিবোৰ ঘৰ পৰিষ্কাৰ আৰু পোহৰ হৈ থাকে। সেয়েহে, ঘৰখন নতুনকৈ সজাবলৈ নতুন ঝাড়ু অনাটো অত্যন্ত শুভ বুলি ভবা হয়।

ই বিজ্ঞান নে অন্ধবিশ্বাস? 


       এই পৰম্পৰাক পোনপটীয়াকৈ "অন্ধবিশ্বাস" বুলি উলাই কৰাৰ আগতে ইয়াৰ মনস্তাত্বিক আৰু স্বাস্থ্যসন্মত (Hygienic) দিশটো বুজি লোৱা দৰকাৰ।

স্বাস্থ্য আৰু বিজ্ঞানৰ সংযোগ: ভাৰতত উৎসৱৰ এই বতৰটো সাধাৰণতে ঋতু পৰিৱৰ্তনৰ সময়ত (শৰৎ আৰু শীতৰ সন্ধিক্ষণত) আহে। এই সময়ছোৱাত বতৰ শুকান হোৱাৰ বাবে ধূলি-বালি বাঢ়ে আৰু বিভিন্ন বীজাণু বা মহ-মাখিৰ প্ৰকোপ বৃদ্ধি পায়। ধৰ্ম আৰু উৎসৱৰ চলেৰে গোটেই ঘৰখন নতুন ঝাড়ুৰে চাফ-চিকুণ কৰিলে ঘৰৰ পৰা বীজাণু নাশ হয়। পুৰণি কালত মহামাৰী আদিৰ পৰা বাচিবলৈ এই স্বচ্ছতা অত্যন্ত জৰুৰী আছিল, যিটো আজিও সমানেই প্ৰাসংগিক।

মনস্তাত্বিক প্ৰভাৱ (Psychological Effect): পৰিষ্কাৰ আৰু সুসজ্জিত পৰিৱেশে মানুহৰ মগজুত ধনাত্মক প্ৰভাৱ পেলায়। ঘৰখন চাফা থাকিলে মানসিক চাপ কমে আৰু মনলৈ এক নতুন উদ্যম আহে। 
গতিকে ইয়াক ঠিক অন্ধবিশ্বাস বুলি কোৱা যুগুত নহয়, প্ৰকৃততে ই এক লোক পৰম্পৰাহে।

তেন্তে অন্ধবিশ্বাস কেতিয়া হয়?


যদি কোনোবাই ভাবে যে কাম-বন নকৰাকৈ কেৱল এটা ঝাড়ু কিনি আনি ঘৰৰ চুকত থৈ দিলেই ৰাতিটোৰ ভিতৰতে ভাগ্য সলনি হৈ যাব বা টকাৰ বৰষুণ হ’ব, তেন্তে সেইটো নিশ্চিতভাৱে অন্ধবিশ্বাস। কিন্তু ইয়াক যদি 'স্বচ্ছতা আৰু পবিত্ৰতা'ৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হয়, তেন্তে ই সম্পূৰ্ণ যুক্তিসংগত বুলি বিবেচিত হ'ব।

বজাৰ আৰু ব্যৱসায়ীসকলৰ ভূমিকা: কিয় ইমান বিক্ৰী হয় ?

ধনতেৰছৰ দিনা আপুনি বজাৰলৈ গ’লে দেখিব যে প্ৰতিখন দোকানতে ঝাড়ুৰ পাহাৰ গঢ়ি উঠিছে। ইয়াৰ আঁৰত আছে এক সুন্দৰ অৰ্থনীতি। সেয়া হ'ল -

চাহিদা আৰু যোগান: যিহেতু কোটি কোটি গ্ৰাহকে এই নিয়মটো মানি চলে, সেয়েহে দোকানীসকলেও লাভৰ উদ্দেশ্যে আৰু গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিবলৈ বৃহৎ পৰিমাণৰ ঝাড়ু মজুত ৰাখে।

সৰ্বসাধাৰণৰ বাবে সুলভ (Affordability): ধনতেৰছত সোণ-ৰূপ বা দামী গাড়ী-বাইক কিনাৰ নিয়ম আছে। কিন্তু সমাজৰ প্ৰতিজন মানুহৰে ইমান সামৰ্থ্য নাথাকে। মাত্ৰ ৫০ বা ১০০ টকা খৰচ কৰি এটা ঝাড়ু ধনী-দুখীয়া সকলোৱেই কিনিব পাৰে। ইয়াৰ ফলত সমাজৰ একেবাৰে নিম্ন শ্ৰেণীৰ মানুহজনেও উৎসৱটোৰ অংশীদাৰ হোৱাৰ আনন্দ লাভ কৰে।

সামৰণি


          সামৰণিত ক’বলৈ গ’লে, ধনতেৰছত ঝাড়ু কিনাৰ এই পৰম্পৰাটো আচলতে সমাজত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্য সজাগতা বজাই ৰখাৰ এক অতি সুন্দৰ প্ৰাচীন ব্যৱস্থা। ধৰ্মৰ আৱৰণ দি ইয়াক আমাৰ সংস্কৃতিৰ সৈতে এনেদৰে সাঙুৰি দিয়া হৈছে যাতে কোনেও ঘৰখন চাফা কৰিবলৈ পাহৰি নাযায়।
        গতিকে এইবাৰ ধনতেৰছত যেতিয়া আপুনি এটা নতুন ঝাড়ু ঘৰলৈ আনিব, তেতিয়া কেৱল ভাগ্য সলনি হোৱাৰ আশাত নহয়, বৰঞ্চ আপোনাৰ পৰিয়ালটোক এক সুস্থ আৰু পৰিষ্কাৰ পৰিৱেশ উপহাৰ দিয়াৰ সংকল্পৰে আনিব।




আপোনালোক সকলোলৈকে ধনতেৰছ আৰু দীপাৱলীৰ আন্তৰিক শুভেচ্ছা থাকিল!

রবিবার, ১ নভেম্বর, ২০২৬

'Great Minds on India’ কিতাপখন কিয় প্ৰতিজন অসমীয়াই পঢ়া উচিত ?

'Great Minds on India’ কিতাপখন কিয় প্ৰতিজন অসমীয়াই পঢ়া উচিত ? 



Great Minds on India’ কিতাপখন কিয় প্ৰতিজন অসমীয়াই পঢ়া উচিত ? আপুনি কিতাপখনৰ সম্পৰ্কে শুনিছে নে ? জানিবলৈ পঢ়ক এই প্ৰৱন্ধটো। ইয়াৰ জৰিয়তে আপুনি জানিব পাৰিব গীতাৰ গুৰুত্ব। 


কিছুদিন আগতে মই বাতৰি কাকতত এখন বিশেষ কিতাপৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ। কিতাপখনৰ নাম আছিল ‘Great Minds on India’। এই কিতাপখনে আমাৰ প্ৰাচীন ভাৰতক লৈ থকা মোৰ দৃষ্টিভংগী সলনি কৰি দিলে। গতিকে ভাবিলোঁ কিতাপখনৰ মূল কথাখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ । ভাল পালে সম্পূৰ্ণ পঢ়িব। 🙏

অপ্ৰিয় হ'লেও সত্য যে ভাৰতৰ বহু লোকে আধুনিক বিজ্ঞান, প্ৰযুক্তি আৰু দৰ্শনৰ সকলো মহান চিন্তাধাৰা কেৱল পশ্চিমীয়া দেশসমূহৰ পৰাহে অহা বুলি মুকলি বিষেদগাৰ প্ৰকাশ কৰে। কিন্তু আপুনি জানেনে যে আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটি স্থাপন কৰা পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী আৰু দাৰ্শনিকসকলে নিজৰ গৱেষণাৰ বাবে ভাৰতৰ প্ৰাচীন ধৰ্মপুথি গীতা আৰু উপনিষদৰ আশ্ৰয় লৈছিল ?

শ্বিলঙ প্ৰদেশৰ বিশিষ্ট গৱেষক আৰু লেখক সলিল গেৱালীৰ বিখ্যাত গ্ৰন্থ ‘Great Minds on India’ গ্ৰন্থত এই সত্যটোকে প্ৰমাণ সহকাৰে আমাৰ সন্মুখলৈ টানি আনিছে । ইয়াৰ জৰিয়তে বেদ উপনিষদ গীতাৰ দৰে গ্ৰন্থ সমূহৰ মহত্ব কিমান তাক সুন্দৰকৈ বুজাই দিছে। সুখবৰ এয়ে যে, অসম চৰকাৰৰ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত এই অমূল্য কিতাপখন এতিয়া অসমীয়া ভাষাতো উপলব্ধ হৈছে। আহক, আজিৰ এই ব্লগত আমি এই বিশেষ কিতাপখনৰ ভিতৰচ’ৰাত কি আছে, তাৰ ওপৰত এক চমু আলোকপাত কৰোঁ।


কিতাপখনৰ উদ্দেশ্য - হীনমন্যতা দূৰীকৰণ


বছৰ বছৰ ধৰি চলোৱা উপনিৱেশিক শাসনৰ বাবে ভাৰতৰ মানুহৰ মাজত নিজৰ প্ৰাচীন সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি এক ধৰণৰ হীনমন্যতা গঢ়ি উঠিছিল। এই হীনমন্যতা মনোভাৱ আতৰোৱাৰ প্ৰচেষ্টাৰে লেখক সলিল গেৱালীয়ে প্ৰায় দুই দশক জোৰা নিৰৱচ্ছিন্ন গৱেষণাৰ অন্তত বিশ্বৰ মহান লোকসকলৰ ডায়েৰী, চিঠি আৰু তেওঁলোকৰ কিতাপৰ পৰা প্ৰমাণিত উদ্ধৃতিসমূহ গোটাই এই গ্ৰন্থখন যুগুত কৰি উলিয়াইছে। যিখন কিতাপৰ মূল উদ্দেশ্যই হৈছে— বিশ্বৰ শ্ৰেষ্ঠ মগজুসমূহৰ দৃষ্টিৰে ভাৰতবৰ্ষৰ প্ৰকৃত মহত্ত্বক পুনৰ আৱিষ্কাৰ কৰি ভাৰতৰ মানুহৰ হীনমন্যতা দূৰ কৰা।

আধুনিক পদাৰ্থ বিজ্ঞান আৰু বেদ-উপনিষদ


সলিল গেৱালিৰ কিতাপখনৰ আটাইতকৈ আমোদজনক দিশটো হ’ল আধুনিক বিজ্ঞানৰ জনকসকলৰ ওপৰত ভাৰতীয় দৰ্শনৰ এৰাব নোৱৰা প্ৰভাৱ। কোৱাণ্টাম মেকানিক্স (Quantum Mechanics) লৈ কাম কৰা বিজ্ঞানীসকলে কেনেকৈ বেদ-উপনিষদৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল, তাক ইয়াত ধুনীয়াকৈ প্ৰমাণ সহকাৰে দেখুওৱা হৈছে। লেখকৰ মতে -

 ক) আৰউইন শ্ৰুডিংগাৰ (Erwin Schrödinger) নামৰ কোৱাণ্টাম পদাৰ্থ বিজ্ঞানৰ এজন মহান বিজ্ঞানীয়ে মুকলিকৈ স্বীকাৰ কৰিছিল যে তেওঁৰ বৈজ্ঞানি তত্ত্বসমূহৰ বহুলাংশই উপনিষদৰ ‘অদ্বৈত বেদান্ত’ ধাৰণাৰ দ্বাৰা প্ৰভাৱিত।

খ) বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে (Albert Einstein) কৈছিল— "আমি ভাৰতীয়সকলৰ ওচৰত বহু পৰিমাণে ঋণী, কাৰণ তেওঁলোকে আমাক গণনা কৰিবলৈ শিকাইছিল । শূন্যৰ আৱিষ্কাৰ হৈছিল ভাৰতত। ইয়াৰ অবিহনে বৰ্তমান সময়ত কোনো আধুনিক বৈজ্ঞানিক আৱিষ্কাৰ সম্ভৱ নহ’লহেঁতেন।"

গ) ৱাৰ্নাৰ হাইজেনবাৰ্গ (Werner Heisenberg) নামৰ বিজ্ঞানীজনেও স্বীকাৰ কৰিছিল যে ভাৰতীয় দৰ্শন আলোচনা কৰাৰ পিছতহে তেওঁৰ বাবে কোৱাণ্টাম পদাৰ্থ বিজ্ঞানৰ জটিল আৰু অদ্ভুত সূত্ৰসমূহ বুজি পোৱাটো সহজ হৈ পৰিছিল।


পশ্চিমীয়া দাৰ্শনিক আৰু সাহিত্যিকসকলৰ দৃষ্টিত ভাৰত :


 বিজ্ঞানী সমাজৰ লগতে, বিশ্ববিখ্যাত সাহিত্যিক আৰু সমাজ সংস্কাৰক সকলেও ভাৰতীয় চিন্তাৰ প্ৰতি যে আকৰ্ষিত হৈছিল সেই সম্পৰ্কেও কিতাপখনত ব্যাখ্যা আগবঢ়োৱা হৈছে।   

ক) ফৰাচী দাৰ্শনিক ভল্টেয়াৰে দৃঢ়তাৰে কৈছিল যে জ্যোতিৰ্বিজ্ঞান, জ্যোতিষশাস্ত্ৰ আৰু আধ্যাত্মিকতাৰ আদিভূমি হ’ল ভাৰতবৰ্ষ। 

 খ) আমেৰিকাৰ এজন বিখ্যাত লেখক মাৰ্ক টোৱেইনেও (Mark Twain) ভাৰতক লৈ এনেদৰে লিখিছিল— "ভাৰত হ’ল মানৱ ইতিহাসৰ দোলনা, মানৱ ভাষাৰ জন্মভূমি, ইতিহাসৰ মাতৃ আৰু পৰম্পৰাৰ আইতাক।"

গ) জাৰ্মান দাৰ্শনিক শ্বপেনহাৱা(Arthur Schopenhauer) ৰে উপনিষদক লৈ এনেদৰে কৈছিল— "উপনিষদৰ অধ্যয়নেই মোৰ জীৱনৰ সান্ত্বনা আছিল আৰু ইয়েই মোৰ মৃত্যুৰো সান্ত্বনা হ’ব।"

অসমীয়া সংস্কৰণৰ গুৰুত্ব কিয় ?


       অসম চৰকাৰৰ পৃষ্ঠপোষকতাত বিশিষ্ট লেখক সুৰেন গোস্বামীৰ সাৱলীল অনুবাদ আৰু অচ্যুত পাটোৱাৰীৰ দক্ষ সম্পাদনাৰে প্ৰকাশ পোৱা অসমীয়া সংস্কৰণটোৱে আমাৰ বৌদ্ধিক সমাজৰ বাবে এক ডাঙৰ উপহাৰ হিচাপে বিবেচিত। অতি সহজ-সৰল ভাষা ব্যৱহাৰ কৰাৰ বাবে স্কুল-কলেজৰ শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ গৱেষকসকললৈকে সকলোৱে যে এই কিতাপখন পঢ়ি আমোদ পাব সেয়া ধ্ৰুৱসত্য।

সামৰণি


       সামগ্ৰিকভাৱে ক’বলৈ গ’লে, ‘Great Minds on India’ কেৱল এখন কিতাপ নহয়, ই আমাৰ হেৰাই যোৱা আত্মগৌৰৱ , ঘূৰাই অনাৰ এটা মাধ্যম বুলি ক'লেও অত্যুক্তি কৰা নহ'ব কিজানি। কিতাপখনে আমাক সোঁৱৰাই দিয়ে যে ভাৰতৰ প্ৰাচীন গ্ৰন্থসমূহ কেৱল ধৰ্মীয় ৰীতি-নীতিৰ মাজতে সীমাবদ্ধ নহয়, ইয়াৰ মাজত বিজ্ঞান আৰু মানৱীয় চেতনাৰ এক বিশাল উৎস লুকাই আছে। প্ৰতিজন সচেতন পাঠক তথা শিক্ষাৰ্থীৰ সংগ্ৰহত থাকিবলগীয়া এইখন এখন সঁচাকৈয়ে অপৰিহাৰ্য গ্ৰন্থ।



       প্ৰৱন্ধটো পঢ়ি ভাল পালে Comment কৰিব আৰু Share কৰি নপঢ়াজনক পঢ়িবলৈ সুবিধা কৰি দিব।🙏

শনিবার, ৩১ অক্টোবর, ২০২৬

মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা (MMLSAY): অসম চৰকাৰৰ এক যুগান্তকাৰী নগদ বিহীন স্বাস্থ্য বীমা আঁচনি

মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা (MMLSAY): অসম চৰকাৰৰ এক যুগান্তকাৰী নগদ বিহীন স্বাস্থ্য বীমা আঁচনি


অসম চৰকাৰৰ মুখ্যমন্ত্রী লোক সেৱক আৰোগ্য যোজনা (MMLSAY) বৰ্তমান ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত আটাইতকৈ চৰ্চিত আৰু গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। 

পূৰ্বৰ জটিল চিকিৎসা ব্যয় ঘূৰাই পোৱা (Reimbursement) প্ৰক্ৰিয়াৰ সলনি নগদবিহীন বা কেচলেচ (Cashless) চিকিৎসা সেৱা লাভ কৰাৰ বাবে এই আঁচনিয়ে কৰ্মচাৰী সমাজলৈ এক বৃহৎ সকাহ কঢ়িয়াই আনিছে। যদি আপুনি আপোনাৰ নগদ বিহীন চিকিৎসা সেৱা লাভৰ বাবে ইয়াৰ বিষয়ে বিতং তথ্য বিচাৰিছে, তেন্তে এই প্ৰৱন্ধটোৱে নিশ্চয় আপোনাক সহায় কৰিব।

✍️মুখ্যমন্ত্রী লোক সেৱক আৰোগ্য যোজনা (MMLSAY) কি ?


মুখ্যমন্ত্রী লোক সেৱক আৰোগ্য যোজনা (MMLSAY) হৈছে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত পৰিচালিত এক অভিলাষী স্বাস্থ্য বীমা আঁচনি। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল অসম চৰকাৰৰ কাৰ্যৰত কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলক উন্নত মানদণ্ডৰ চিকিৎসা সেৱা সহজতে প্ৰদান কৰা। 

পূৰ্বতে চৰকাৰী কৰ্মচাৰীসকলে চিকিৎসাৰ পিছত বিল জমা দি টকা ঘূৰাই পাবলৈ মাহৰ পিছত মাহ অপেক্ষা কৰিবলগীয়া হৈছিল। কিন্তু এই আঁচনিয়ে সমগ্ৰ প্ৰক্ৰিয়াটোক সৰল আৰু ডিজিটেল কৰি তুলিছে।

✍️MMLSAY-ৰ মূল বৈশিষ্ট্য আৰু লাভসমূহ :


এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলে কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা লাভ কৰে:

ক) ৫ লাখ টকালৈকে কেচলেচ (Cashless) চিকিৎসা লাভ : প্ৰতিটো পঞ্জীভুক্ত পৰিয়ালে বছৰি সৰ্বাধিক ৫ লাখ টকালৈকে নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব পাৰে। অৰ্থাৎ চিকিৎসালয়ত ভৰ্তি হ'লে জেপৰ পৰা পইচা নিদিয়াকৈয়ে চিকিৎসা সেৱা সম্ভৱ হয়।

খ) সমগ্ৰ ভাৰতবৰ্ষত চিকিৎসাৰ সুবিধা : কেৱল অসমতে নহয়, এই আঁচনিৰ অধীনত অসমৰ বাহিৰৰো বহুকেইখন নামী-দামী তালিকাভুক্ত (Empanelled) হাস্পতালত চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰি। সেইবোৰ হৈছে -

✍️দিল্লী আৰু NCR (National Capital Region) অঞ্চলত 
👉Medanta – The Medicity: গুৰুগ্ৰাম (Gurugram)

👉Max Super Speciality Hospital : দিল্লীৰ বিভিন্ন ইউনিট বিলাকত।

👉BLK-Max Super Speciality Hospital : নতুন দিল্লী

👉Jaypee Hospital / Jaypee Healthcare: নয়ডা (Noida)

✍️উত্তৰ প্ৰদেশ আৰু উত্তৰ ভাৰতত -

👉Medanta Hospital: লক্ষ্ণৌ (Lucknow) আৰু নয়ডা ইউনিট

👉Max Super Speciality Hospital: লক্ষ্ণৌ (উত্তৰ প্ৰদেশ), ডেৰাডুন (উত্তৰাখণ্ড) আৰু বাথিন্দা (পঞ্জাব)

✍️মহাৰাষ্ট্ৰ (মুম্বাই)ত-

👉Nanavati Max Super Speciality Hospital: মুম্বাই

✍️অসমৰ অন্তৰ্ভূক্ত চৰকাৰী চিকিৎসালয় তথা মহাবিদ্যালয় সমূহ আৰু বিভিন্ন বেচৰকাৰী নাৰ্চিং হোমতো এই আচঁনি উপলব্ধ।

গ) চেণ্ট্ৰেল জি এইচ এছ (CGHS) দৰমহাৰ হাৰ : কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি (CGHS)ৰ নিৰ্ধাৰিত দৰমহাৰ হাৰ অনুসৰি ইয়াত চিকিৎসাৰ খৰচ বহন কৰা হয়, যাৰ ফলত হিতাধিকাৰীসকলে সঠিক মূল্যত উন্নত চিকিৎসা পায়।

ঘ) সহজ ডিজিটেল প্ৰক্ৰিয়া : আঁচনিখনৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীক এক নিৰ্দিষ্ট হেল্থ কাৰ্ড (Health Card) প্ৰদান কৰা হয়, যাৰ জৰিয়তে চিকিৎসালয়ত প্ৰৱেশ কৰিয়েই সুবিধা ল'ব পাৰি।

✍️আঁচনিখন বৰ্তমান কিয় ট্ৰেণ্ডত আছে ? 


বৰ্তমান সময়ত MMLSAY সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়াত অতিশয় সক্ৰিয় হৈ থকাৰ কাৰণসমূহ তলত দিয়া ধৰণৰ:

ক) কেচলেচ (Cashless) সেৱাৰ পূৰ্ণাংগ শুভাৰম্ভ
আঁচনিখন প্ৰথমাৱস্থাত কেৱল ৰিইম্বাৰ্চমেণ্ট (Reimbursement) মডেলত চলি আছিল যদিও, চৰকাৰে শেহতীয়াকৈ ইয়াক সম্পূৰ্ণ নগদ বিহীন ৰূপলৈ ৰূপান্তৰ কৰিছে। বৰ্তমান নেটৱৰ্ক চিকিৎসালয় সমূহত ই-কাৰ্ড দেখুৱাই চিকিৎসা কৰাটো সম্ভৱ হৈ উঠিছে।

খ) পেণ্ডিং ক্লেইম বাতিলৰ জৰুৰী জাননী :
অটল অমৃত অভিযান ছ'চাইটীৰ (AAAS) তৰফৰ পৰা শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। যিসকল কৰ্মচাৰী বা পেঞ্চনাৰৰ পূৰ্বৰ চিকিৎসা ব্যয়ৰ ক্লেইম আবেদনসমূহ যাৱতীয় নথিপত্ৰৰ অভাৱত এবছৰ বা ততোধিক সময় ধৰি 'পেন্দিং' (Pending) হৈ আছে, তেওঁলোকক অতি সোনকালে নথিপত্ৰ আপলোড কৰিবলৈ কোৱা হৈছে। অন্যথা এই ক্লেইমসমূহ স্থায়ীভাৱে বাতিল কৰা হ'ব।

গ) নতুন পঞ্জীয়ন আৰু হেল্থ কাৰ্ড বিতৰণ :
ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগসমূহত এতিয়াও হেল্থ কাৰ্ড বিতৰণ আৰু নতুনকৈ নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি আছে। যাৰ বাবে কৰ্মচাৰীসকলৰ মাজত ইয়াৰ ব্যৱহাৰ আৰু সজাগতা ব্যাপক হাৰত বৃদ্ধি পাইছে।

✍️আঁচনিখনৰ বাবে যোগ্যতা (Eligibility Criteria) কি?


MMLSAY-ৰ সুবিধা কোনে কোনে লাভ কৰিব পাৰিব ?👇


i/ অসম চৰকাৰৰ সকলো কাৰ্যৰত নিয়মীয়া কৰ্মচাৰী।
ii/ অসম চৰকাৰৰ সকলো ৰাজ্যিক পেঞ্চনাৰ।
iii/ কৰ্মচাৰী বা পেঞ্চনাৰগৰাকীৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকল (যেনে- স্বামী/স্ত্ৰী, সন্তান আৰু আশ্ৰিত পিতৃ-মাতৃ)।

✍️ কেনেকৈ পঞ্জীয়ন কৰিব ? (Registration Process):


যদি কোনোবাই এতিয়াও পঞ্জীয়ন কৰা নাই, তেন্তে তেওঁলোকে অফিচিয়েল পৰ্টেলৰ জৰিয়তে তলত দিয়া ধৰণে আবেদন কৰিব পাৰিব :

👉 ৱেবছাইট খোলক : প্ৰথমে মুখ্যমন্ত্রী লোক সেৱক আৰোগ্য যোজনাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব।

👉 নথিপত্ৰ প্ৰস্তুতকৰণ : পঞ্জীয়নৰ বাবে কৰ্মচাৰীৰ ID (Employee ID/PPO Number), পেন কাৰ্ড, আধাৰ কাৰ্ড, আৰু পৰিয়ালৰ সদস্যসকলৰ ফটো প্ৰয়োজন হ'ব।

👉 ফৰ্ম পূৰণ : অনলাইন ফৰ্মখনত নিজৰ চাকৰিৰ সবিশেষ আৰু পৰিয়ালৰ তথ্য নিখুঁতভাৱে পূৰণ কৰিব লাগিব।

👉ভেৰিফিকেচন আৰু অনুমোদন : আপলোড কৰা নথিপত্ৰসমূহ বিভাগীয় কৰ্তৃপক্ষই পৰীক্ষা কৰাৰ পিছত আপোনাৰ ই-কাৰ্ড (E-Card) জেনেৰেট হ'ব, যাৰ প্ৰিণ্টআউট আপুনি উলিয়াই ল'ব পাৰিব।

✍️কি কি ৰোগৰ ক্ষেত্ৰত প্ৰযোজ্য ?


ক) হৃদৰোগ (Cardiology & Cardiac Surgery) ক্ষেত্ৰত :


👉হাৰ্ট এটেকৰ জৰুৰীকালীন চিকিৎসা।
👉ক’ৰ’নাৰী এনজিঅ’প্লাষ্টি আৰু ষ্টেণ্ট (Stent) 
      বহুওৱা।
👉বাইপাছ চাৰ্জাৰী (CABG)।
👉পেচমেকাৰ (Pacemaker) সংৰোপণ।

খ) কেন্সাৰ বা কৰ্কট ৰোগৰ (Oncology) ক্ষেত্ৰত :


👉 অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন (ACCF)আৰু অন্যান্য হাস্পতালত কৰা সকলো ধৰণৰ কেন্সাৰ চিকিৎসা।
👉কেমোথেৰাপী (Chemotherapy) আৰু ৰেডিয়েশ্যন থেৰাপী (Radiation Therapy)।
👉 কেন্সাৰ টিউমাৰ আঁতৰাবলৈ কৰা অস্ত্ৰোপচাৰ (Surgical Oncology)।

গ) বৃক্ক বা কিডনীৰ ৰোগ (Nephrology & Urology):


👉 দীৰ্ঘম্যাদী কিডনী বিকলতাৰ বাবে প্ৰয়োজনীয় ডায়ালাইচিছ (Dialysis)।
👉 কিডনীৰ পাথৰ (Kidney Stones) আঁতৰোৱা চিকিৎসা।
👉 কিডনী সংৰোপণ (Renal Transplant)।

ঘ) স্নায়ু আৰু মগজুৰ ৰোগ (Neurology & Neurosurgery)


👉 মগজুৰ টিউমাৰ (Brain Tumor) ৰ অস্ত্ৰোপচাৰ
👉 ষ্ট্ৰোক (Stroke) আৰু ব্ৰেইন ট্ৰমা (Trauma 
       Craniotomy) ৰ জৰুৰীকালীন চিকিৎসা।
👉 মেৰুদণ্ডৰ (Spine) জটিল অস্ত্ৰোপচাৰ。

ঙ) হাড় আৰু জোৰাৰ ৰোগ (Orthopedics) :

👉 ফ্ৰেক্সাৰ বা হাৰ ভঙাৰ জৰুৰীকালীন প্লাষ্টাৰ আৰু অস্ত্ৰোপচাৰ।
👉 আঁঠু আৰু কঁকালৰ গাঁঠি সলনি কৰা (Knee &    
        Hip Replacement) অস্ত্ৰোপচাৰ।
👉 স্পাইনেল ফিউজন (Spinal Fusion)।

চ) সাধাৰণ আৰু অন্যান্য জটিল অস্ত্ৰোপচাৰ (General & GI Surgery) :


👉 এপেণ্ডিক্স (Appendicitis), গলব্লাডাৰৰ পাথৰ (Cholecystectomy) আৰু হাৰ্নিয়া (Hernia) ৰ অস্ত্ৰোপচাৰ।
👉 স্তনৰ টিউমাৰ বা ৰেডিকেল মেষ্টেকটমী (Mastectomy)।
👉 প্ৰসূতি আৰু স্ত্ৰীৰোগ সংক্ৰান্তীয় জটিলতা (গৰ্ভধাৰণ আৰু চিজাৰিয়ান প্ৰসৱ)।

ছ) চকু আৰু নাক-কাণ-ডিঙিৰ ৰোগ (Ophthalmology & ENT) :


👉 চকুৰ কটাৰেক্ট বা চকুৰ ছানি পৰা ৰোগৰ 
      অস্ত্ৰোপচাৰ।
👉 কৰ্নিয়া সংৰোপণ (Corneal Grafting)।
👉 কাণৰ পৰ্দা ভাল কৰা (Tympanoplasty) আদি       
      অস্ত্ৰোপচাৰ।

✍️ কি কি বস্তু আঁচনিৰ অধীনত কভাৰ নহয়? (Exclusions)


👉 কেৱল হাস্পতালত ভৰ্তি (In-patient/Hospitalization) হৈ কৰা চিকিৎসাৰ ক্ষেত্ৰতহে এই আঁচনি প্ৰযোজ্য।
👉 হাস্পতালত ভৰ্তি নোহোৱাকৈ ওলাই থাকি কৰা সাধাৰণ ও পি ডি (OPD) খৰচ, ডাক্তৰৰ ভিজিট আদি ইয়াত অন্তৰ্ভুক্ত নহয়।
👉 কোনো ধৰণৰ ওলোৱা-সোমোৱা স্বাস্থ্য পৰীক্ষা (Routine Health Check-up) বা কছমেটিক/সৌন্দৰ্য বৰ্ধনকাৰী চাৰ্জাৰীৰ খৰচ আঁচনিয়ে বহন নকৰে।

ঝ) সামৰণি


মুখ্যমন্ত্রী লোক সেৱক আৰোগ্য যোজনা (MMLSAY) কেৱল এখন স্বাস্থ্য আঁচনিয়েই নহয়, ই অসমৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ বাবে এক ডাঙৰ অৰ্থনৈতিক সুৰক্ষা কৱচ। স্বাস্থ্য সংকটৰ সময়ত যাতে কোনো চৰকাৰী কৰ্মচাৰীয়ে ধনৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, চৰকাৰে এই আঁচনিৰ জৰিয়তে তাকেই নিশ্চিত কৰিছে। বৰ্তমান চলি থকা কেচলেচ ব্যৱস্থা আৰু ক্লেইম সম্পৰ্কীয় নতুন নিয়মসমূহৰ বাবে কৰ্মচাৰীসকলে নিজৰ কাৰ্ড আৰু ক্লেইমসমূহ সক্ৰিয় কৰি ৰখাটো অতি জৰুৰী।


পোষ্টটো পঢ়ি ভাল পালে Share আৰু Comment কৰিব। ধন্যবাদ।🌹🙏

শুক্রবার, ৩০ অক্টোবর, ২০২৬

শান্তনু কৌশিক বৰুৱাৰ Assam Year Book 2026 : অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থী আৰু জ্ঞানপিপাসুৰ বাবে এক অপৰিহাৰ্য হাতপুথি

শান্তনু কৌশিক বৰুৱাৰ Assam Year Book 2026 : অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থী আৰু জ্ঞানপিপাসুৰ বাবে এক অপৰিহাৰ্য হাতপুথি 



একবিংশ শতিকাৰ তথ্য-প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ যুগত যিকোনো বিষয়ৰ সঠিক, নিৰ্ভৰযোগ্য আৰু সময়োপযোগী তথ্য লাভ কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। বিশেষকৈ অসমৰ দৰে এক বৈচিত্ৰ্যপূৰ্ণ ৰাজ্যৰ ইতিহাস, ভূগোল, অৰ্থনীতি, সমাজ-সংস্কৃতি আৰু সাম্প্ৰতিক পৰিঘটনাসমূহক এটা টোপোলাতে সংগ্ৰহ কৰাটো অতি কঠিন কাম। এই কঠিন কামটোক বিগত বহু বছৰ ধৰি অত্যন্ত নিষ্ঠা আৰু নিখুঁতভাৱে কৰি আহিছে বিশিষ্ট সাংবাদিক, লেখক তথা তথ্য-সম্ৰাট শান্তনু কৌশিক বৰুৱাই। তেওঁৰ দ্বাৰা সম্পাদিত আৰু সংকলিত ‘অসম ইয়াৰ বুক’ (Assam Year Book) বৰ্তমান সময়ত অসমৰ বৌদ্ধিক আৰু শৈক্ষিক জগতৰ এক অন্যতম পৰিচিত নাম। শেহতীয়াকৈ প্ৰকাশিত 'Assam Year Book 2026' ইয়াৰ ব্যতিক্ৰম নহয়। এই গ্ৰন্থখনে কেৱল অসম লোকসেৱা আয়োগ (APSC), অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তি পৰীক্ষা (ADRE) আদিৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ্থীসকলক সহায় কৰাই নহয়, বৰঞ্চ অসমৰ সামগ্ৰিক চিত্ৰখন বুজি পাবলৈ বিচৰা প্ৰতিজন সচেতন নাগৰিকৰ বাবেও এক গুৰুত্বপূৰ্ণ সমল হিচাপে আত্মপ্ৰকাশ কৰিছে।

গ্ৰন্থখনৰ মূল গাঁথনি আৰু মূল বিষয়বস্তু :


'অসম ইয়াৰ বুক ২০২৬' গ্ৰন্থখনক অতি পৰিকল্পিতভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ অধ্যায়ত বিভক্ত কৰা হৈছে, যাতে পঢ়ুৱৈয়ে অতি সহজে নিজৰ প্ৰয়োজনীয় তথ্যসমূহ বিচাৰি উলিয়াব পাৰে। গ্ৰন্থখনৰ মূল আকৰ্ষণসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি:

ক) সাম্প্ৰতিক পৰিঘটনাৱলী (Current Affairs 2025-2026): গ্ৰন্থখনৰ প্ৰথম অংশতে বিগত বৰ্ষৰ অসম, ভাৰত আৰু বিশ্বৰ বুকুত ঘটি যোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাৱলী, নতুন চৰকাৰী আঁচনি, চুক্তি আৰু ৰাজনৈতিক পৰিৱৰ্তনসমূহ সন্নিৱিষ্ট কৰা হৈছে। বিশেষকৈ অসম চৰকাৰৰ শেহতীয়া বাজেট, নতুন প্ৰশাসনীয় সংস্কাৰ আৰু উন্নয়নমূলক খতিয়ান ইয়াত নিখুঁতভাৱে দাঙি ধৰা হৈছে।

খ) অসমৰ ইতিহাস আৰু ঐতিহ্য : প্ৰাচীন কামৰূপৰ পৰা আৰম্ভ কৰি আহোম যুগ, ব্ৰিটিছ শাসনকাল আৰু স্বাধীনতা আন্দোলনত অসমৰ ভূমিকাৰ এক সংক্ষিপ্ত অথচ তথ্যসমৃদ্ধ খতিয়ান ইয়াত পোৱা যায়। পৰীক্ষাৰ দৃষ্টিভংগীৰ পৰা প্ৰয়োজনীয় প্ৰতিটো গুৰুত্বপূৰ্ণ চন-তাৰিখ আৰু চৰিত্ৰসমূহ ইয়াত নিখুঁতভাৱে উপস্থাপন কৰা হৈছে।

গ) অসমৰ ভূগোল আৰু পৰিৱেশ : অসমৰ নদ-নদী, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জলবায়ু আৰু প্ৰাকৃতিক সম্পদৰ বিষয়ে অতি চমৎকাৰভাৱে বৰ্ণনা কৰা হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰেক্ষাপটত অসমৰ বানপানী আৰু খহনীয়া সমস্যাৰ সাম্প্ৰতিক স্থিতিও ইয়াত আলোচনা কৰা হৈছে বৰ মনোৰমকৈ।

ঘ) অসমীয়া সমাজ, সংস্কৃতি আৰু সাহিত্য : অসমৰ বিভিন্ন জনগোষ্ঠীৰ উৎসৱ-পাৰ্বন, লোক-সংস্কৃতি, ভাষা-সাহিত্যৰ ক্ৰমবিকাশ আৰু শংকৰী সংস্কৃতিৰ বিষয়ে বিস্তৃত তথ্য ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। অসমীয়া সাহিত্যৰ উল্লেখযোগ্য বঁটা আৰু সন্মিলনসমূহৰ শেহতীয়া তথ্যসমূহো ইয়াত যোগ দিয়া হৈছে।
ঙ) অৰ্থনীতি আৰু জনসংখ্যা : অসমৰ কৃষি, উদ্যোগ, চাহ উদ্যোগ, খনিজ সম্পদ আৰু ২০২৬ চন পৰ্যন্ত হোৱা অৰ্থনৈতিক উন্নয়নৰ এক খতিয়ান ইয়াত ডাঙি ধৰা হৈছে। লগতে ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ আধাৰত অসমৰ জনসংখ্যাৰ গাঁথনিৰ বিষয়েও আলোচনা কৰা হৈছে।

প্ৰতিযোগিতামূলক পৰীক্ষাত এই গ্ৰন্থখনৰ গুৰুত্ব :


বৰ্তমান সময়ত অসম চৰকাৰৰ চাকৰিৰ পৰীক্ষাসমূহ অত্যন্ত প্ৰতিযোগিতামূলক হৈ পৰিছে। এনে সময়ত ‘অসম ইয়াৰ বুক ২০২৬’ পৰীক্ষাৰ্থীসকলৰ বাবে এটা ‘একক সমাধান’ (One-stop Solution) হিচাপে পৰিগণিত হৈছে।

ক) ADRE আৰু APSC পৰীক্ষাৰ বাবে অপৰিহাৰ্য: অসম চৰকাৰৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত ‘অসম সম্পৰ্কীয় সাধাৰণ জ্ঞান’ (Assam GK) এক অতি গুৰুত্বপূৰ্ণ অংশ। সান্তনু কৌশিক বৰুৱাৰ এই কিতাপখনে পৰীক্ষাৰ চিলেবাছৰ প্ৰায় ৮০% অংশ সামৰি লৈছে বুলি ক'ব পাৰি।

খ) তথ্যৰ নিৰ্ভৰযোগ্যতা : ইণ্টাৰনেটত অসম সম্পৰ্কে বহু ভুল তথ্য পোৱা যায় । কিন্তু সান্তনু কৌশিক বৰুৱাৰ তথ্যসমূহ চৰকাৰী নথি-পত্ৰ আৰু নিৰ্ভৰযোগ্য উৎসৰ পৰা সংগ্ৰহ কৰা বাবে ইয়াৰ গ্ৰহণযোগ্যতা সৰ্বাধিক।

গ) বস্তুনিষ্ঠ আৰ্হি (MCQ Friendly): কিতাপখনৰ বহু অংশ এনেদৰে পইণ্ট আকাৰে লিখা হৈছে যাতে শিক্ষাৰ্থীসকলে অতি সহজে বহুবিকল্প প্ৰশ্নৰ উত্তৰ দিব পাৰে।

সান্তনু কৌশিক বৰুৱাৰ সংকলন শৈলী :


সান্তনু কৌশিক বৰুৱাৰ লিখনি আৰু সম্পাদনা শৈলীৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ’ল ইয়াৰ সৰলতা আৰু স্পষ্টতা। জটিল পৰিসংখ্যা বা চৰকাৰী ডাটাবেছসমূহক তেওঁ সাধাৰণ পঢ়ুৱৈয়ে বুজি পোৱাকৈ সহজ অসমীয়াত উপস্থাপন কৰে। তেওঁ তথ্যৰ মাজেৰে জ্ঞান বিতৰণৰ যি এক সুকীয়া শৈলী গঢ়ি তুলিছে, তাৰ প্ৰতিফলন ‘অসম ইয়াৰ বুক ২০২৬’ত স্পষ্টকৈ দেখা পোৱা যায়। ইয়াত কোনোধৰণৰ অতিৰিক্ত অলংকাৰ অবিহনে কেৱল প্ৰয়োজনীয় তথ্যসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে।

সামৰণি


সদৌ শেষত, সামগ্ৰিকভাৱে ক’বলৈ গ’লে, শান্তনু কৌশিক বৰুৱাৰ 'Assam Year Book 2026' কেৱল এখন কিতাপেই নহয়, ই অসমক জানিবলৈ আৰু বুজিবলৈ কৰা এক গুৰুত্বপূৰ্ণ বৌদ্ধিক প্ৰয়াস। কেৱল পৰীক্ষা পাছ কৰাৰ স্বাৰ্থতে নহয়, নিজৰ ৰাজ্যখনৰ ঐতিহাসিক গৌৰৱ, ভৌগোলিক গুৰুত্ব আৰু অৰ্থনৈতিক সম্ভাৱনাৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিবলৈ অসমৰ প্ৰতিটো পৰিয়ালৰ কিতাপৰ আলমাৰীত এই গ্ৰন্থখন থকাটো প্ৰয়োজন। তথ্যৰ নিখুঁত সংমিশ্ৰণ আৰু সহজ উপস্থাপনৰ বাবে এই গ্ৰন্থখন আগন্তুক দিনতো অসমৰ শিক্ষাৰ্থী সমাজৰ বাবে এক পথপ্ৰদৰ্শক হৈ ৰ’ব বুলি নিশ্চিতভাৱে ক’ব পাৰি।

Amazon Link:👇

Assam Year Book 2026 Assamese Medium Shantanu Kaushik Baruah | Assamese year book new https://amzn.in/d/0f8SA8kR



প্ৰৱন্ধটো পঢ়ি কেনে পালে জনাবলৈ Comment কৰিব । ভাল লাগিলে Share কৰি আনকো পঢ়াৰ সুযোগ দিব। ধন্যবাদ🌹🙏

বৃহস্পতিবার, ২৯ অক্টোবর, ২০২৬

অসমত পুৰণা গাড়ী বিক্ৰী কৰিলে ₹৩০০০ Green Cess দিব লাগিব - নতুন নিয়ম ২০২৬

অসমত পুৰণা গাড়ী বিক্ৰী কৰিলে ₹৩০০০ Green Cess দিব লাগিব - নতুন নিয়ম ২০২৬




         যদি আপোনাৰ পুৰণা গাড়ী আছে আৰু বিক্ৰী কৰাৰ কথা ভাবি আছে, তেন্তে এই খবৰটো আপোনাৰ বাবে। অসম চৰকাৰে ৪ অক্টোবৰ ২০২৬ ত Cabinet বৈঠকত এটা নতুন নিয়ম অনুমোদন কৰিছে।

নতুন নিয়মটোনো কি ?


৩ বছৰতকৈ পুৰণি গাড়ীৰ মালিকানা সলনি অৰ্থাৎ নাম Transfer কৰিলে এতিয়াৰ পৰা ₹৩০০০ টকা Green Cess দিব লাগিব। 

এই টকা চৰকাৰে গছপুলি ৰোৱা আৰু ভূমি স্খলন ৰোধ কৰা কামতহে ব্যৱহাৰ কৰিব।

কাক দিব লাগিব, কাক নালাগে ?


দিব লাগিব:
৩ বছৰতকৈ পুৰণি চাৰিচকীয়া গাড়ী অৰ্থাৎ Second-hand Car বিক্ৰী কৰিলে Green Cess দিব লাগিব।

কোনবোৰ বাহনৰ বাবে দিব নালাগে (Exempt):


👉 দুচকীয়া বাইক, স্কুটী
👉 তিনিচকীয়া অটো
👉 Electric Vehicle (EV)
👉 CNG গাড়ী
👉 দেউতাকৰ মৃত্যুৰ পিছত ল'ৰা-ছোৱালীয়ে গাড়ীখন নিজৰ নামত আনিলে কোনো মাচুল ভৰিব নালাগে।

অৰ্থাৎ সাধাৰণ মানুহৰ বাইক বা অটোত এই Tax নালাগে।

কিয় এই নিয়ম প্ৰযোজ্য কৰা হৈছে ?


অসম চৰকাৰৰ মতে, ৰাজ্যত পুৰণা গাড়ীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। পুৰণা গাড়ীয়ে নতুন গাড়ীতকৈ বেছি ধোঁৱা এৰে, যাৰ ফলত বায়ু প্ৰদূষণ হয়।

         সেয়েহে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে, এই Cess ৰ পৰা যি টকা আহিব, সেই টকা অন্য কামত খৰচ নকৰি কেৱল পৰিবেশ ৰক্ষাৰ কামতহে ব্যৱহাৰ কৰা হ'ব। বিশেষকৈ -
১. ৰাজ্যত নতুন গছপুলি ৰোপণ
২. ভূমিস্খলন হোৱা ঠাইত গছ ৰুই মাটি খহনীয়া ৰোধ
৩. বনাঞ্চল সংৰক্ষণ আদি।

     চৰকাৰে বিচাৰিছে মানুহে পুৰণা ডিজেল-পেট্ৰলৰ গাড়ীৰ সলনি Electric বা CNG গাড়ী ব্যৱহাৰ কৰক, সেয়ে হয়তো EV আৰু CNG ক এই Cess ৰ পৰা ৰেহাই দিয়া হৈছে।

মোৰ অনুভৱ :

       আগতে আমি গাড়ী বেচিলে কেৱল RTO ৰ ফীজহে দিছিলোঁ। এতিয়া পৰিবেশৰ বাবেও অলপ দিব লাগিব। ৩০০০ টকা বেছি নহয় যদিও, পুৰণা গাড়ী কিনা-বেচা কৰা সকলে এই কথা নিশ্চয় মনত ৰাখিব লাগিব। 

এই বিষয়ত আপোনালোকে কি মত আগবঢ়াব ? 




Comment Box ত জনাওক কেৱল এটা শব্দৰে 🙏

বুধবার, ২৮ অক্টোবর, ২০২৬

Jio IPO Listing Today: আজি ১০ বজাত List হ'ব, GMP ২৩% - সাধাৰণ মানুহে কি লাভ পাব? অসমীয়াত জানক

Jio IPO Listing Today: আজি ১০ বজাত List হ'ব, GMP ২৩% - সাধাৰণ মানুহে কি লাভ পাব? অসমীয়াত জানক




      ভাৰতীয় শ্বেয়াৰ বজাৰৰ (Share Market) বাবে আজি এক ঐতিহাসিক দিন। বহু প্ৰতীক্ষিত Jio IPO Listing আজি অৰ্থাৎ ২৮ অক্টোবৰ, ২০২৬ তাৰিখে পুৱা ১০ বজাত মুম্বাই ষ্টক এক্সচেঞ্জ (BSE) আৰু নেচনেল ষ্টক এক্সচেঞ্জ (NSE) ত আনুষ্ঠানিকভাৱে তালিকাভুক্ত হৈছে। বজাৰৰ বিশেষজ্ঞসকলৰ মতে, এই IPO-ই দেশৰ খুচুৰা বিনিয়োগকাৰী বা সাধাৰণ মানুহৰ ভাগ্য সলনি কৰিব পাৰে।

      আজিৰ এই প্ৰৱন্ধটোত আমি আলোচনা কৰিম যে Jio IPO Grey Market Premium (GMP) ৰ স্থিতি কি আৰু ইয়াৰ দ্বাৰা আপোনাৰ দৰে সাধাৰণ মানুহে কেনেকৈ লাভ বা প্ৰফেচনেল ইনকাম কৰিব পাৰিব।

Jio IPO Listing Time আৰু বৰ্তমানৰ GMP


     শ্বেয়াৰ বজাৰৰ নিয়ম অনুসৰি, পুৱা ৯:০০ বজাৰ পৰা ৯:৪৫ বজালৈ 'Pre-open Session' চলিব আৰু ঠিক পুৱা ১০:০০ বজাত জিঅ'ৰ শ্বেয়াৰ বজাৰত কেনেকৈ ট্ৰেডিং হ’ব সেয়া স্পষ্ট হৈ পৰিব।
টাইমলাইন আৰু গুৰুত্বপূৰ্ণ তথ্যসমূহ তলৰ তালিকাত চমুকৈ দিয়া হ’ল:

বিষয় (Particulars)     সবিশেষ তথ্য (Details)

Listing Date 
& Time                        ২৮ অক্টোবৰ, ২০২৬ (পুৱা     
                                                  ১০:০০ বজাত)
Listing Platform.       BSE আৰু NSE

Latest Grey
Market Premium
(GMP)                             ২৩% (প্ৰায়)
Expected
Listing Gain                ২৩% তকৈ অধিক হোৱাৰ 
                                       সম্ভাৱনা

         বৰ্তমান গ্ৰে মাৰ্কেটত IPO-ৰগুঞ্জনবহুত বেছি। আজি পুৱাৰ তথ্য অনুসৰি ইয়াৰ GMP প্ৰায় ২৩% চলি আছে। ইয়াৰ অৰ্থ হ’ল, যদি আপোনাক এই IPO-ৰ শ্বেয়াৰ অলট হৈছে, তেন্তে বজাৰ খোলাৰ লগে লগেই আপুনি প্ৰায় ২৩% লৈকে লাভ (Listing Gain) অৰ্জন কৰিব পাৰিব।

সাধাৰণ মানুহে কি লাভ পাব? (Benefits for Common Man)


        যদি আপুনি এজন সাধাৰণ নাগৰিক বা নতুন বিনিয়োগকাৰী, তেন্তে এই লিষ্টিঙে আপোনাক ৩ টা মূল উপায়েৰে লাভৱান কৰিব পাৰে:

১/ মেগা লিষ্টিং গেইন (Listing Gain) : যিসকল খুচুৰা বিনিয়োগকাৰীয়ে (Retail Investors) আইপিঅ’ৰ বাবে আবেদন কৰিছিল আৰু শ্বেয়াৰ লাভ কৰিছে, তেওঁলোকে আজি ১০ বজাতে ২৩% বা তাতকৈ অধিক লাভত নিজৰ শ্বেয়াৰ বিক্ৰী কৰি পোনপটীয়া মুনাফা লাভ কৰিব পাৰিব।

২/ দীৰ্ঘম্যাদী বিনিয়োগৰ সুযোগ (Long-term Investment) : যদি আপুনি শ্বেয়াৰ পোৱা নাই, তথাপিও আজি ১০ বজাৰ পিছত সাধাৰণ মানুহে বজাৰৰ পৰা জিঅ'ৰ শ্বেয়াৰ কিনিব পাৰিব। ডিজিটেল ইণ্ডিয়া আৰু ৫জি (5G) নেটৱৰ্কৰ সম্প্ৰসাৰণৰ বাবে দীৰ্ঘদিনৰ বাবে এই শ্বেয়াৰত বিনিয়োগ কৰিলে ভৱিষ্যতে ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে।

৩/ ভাৰতীয় অৰ্থনীতি আৰু ডিজিটেল বিপ্লৱ: জিঅ’ৰ এই বৃহৎ আইপিঅ’ৰ ফলত ভাৰতীয় টেলিকম আৰু প্ৰযুক্তি খণ্ডত বিদেশী পুঁজিৰ বিনিয়োগ বাঢ়িব, যাৰ ফলত দেশত নিয়োগৰ সুযোগ সৃষ্টি হ’ব আৰু ডিজিটেল সেৱাসমূহ অধিক উন্নত হ’ব।

শ্বেয়াৰ লাভ কৰাসকলে আজি কি কৰা উচিত? (Expert Advice)


      শ্বেয়াৰ বজাৰৰ বিশেষজ্ঞসকলৰ মতে, যদি আপোনাক Jio IPO অলট হৈছে, তেন্তে আপুনি দুটা কৌশল গ্ৰহণ কৰিব পাৰে:

1. প্ৰফিট বুকিং (Profit Booking): যদি আপুনি কেৱল কম সময়ৰ ভিতৰত পইচা উপাৰ্জন কৰিবলৈ আবেদন কৰিছিল, তেন্তে ১০ বজাত বজাৰ খোলাৰ লগে লগে ২৩% লাভ লৈ শ্বেয়াৰ বিক্ৰী কৰি ওলাই আহিব পাৰে।

2. হ’ল্ড কৰা (Hold for Long Term): যদি আপোনাৰ বাজেট ভাল আৰু আপুনি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ (Reliance) ওপৰত বিশ্বাস ৰাখে, তেন্তে এই শ্বেয়াৰকেইটা নিজৰ ডিমেট একাউণ্টত (Demat Account) ভৱিষ্যতৰ বাবে জমা ৰাখিব পাৰে।

(সতৰ্কবাণী: শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাটো বজাৰৰ ক্ষতিশংকাৰ অধীন। কোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে নিজৰ বিত্তীয় উপদেষ্টাৰ সৈতে আলোচনা কৰি ল’ব।)




Karl Marx: The Sociological Thinker and His Theories - English Version


The Sociological Thinker Karl Marx and His Theories 



Karl Marx was one of the most influential and revolutionary thinkers, economists, political theorists and sociologists in modern world history. 

His revolutionary ideas not only strengthened the very foundation of sociology, but also changed the course of political and economic history of the entire world, adding a new dimension to it. 

He is regarded as the father of scientific socialism or communism. In sociology, Marxian philosophy and his method of social analysis are still equally relevant today.


The legendary Karl Marx was born on 5th May, 1818 in a middle-class Jewish family living in the city of Trier, in the  Rhineland province of Germany. However, later his father converted to Christianity for social and professional reasons. 

Marx studied Law, History and Philosophy at the Universities of Bonn and Berlin. While studying at the University of Berlin, he was deeply influenced by the famous German philosopher G.W.F. Hegel.

After completing his studies, Marx took up journalism as a profession and became the editor of a radical left-wing newspaper. Due to his sharply anti-government writings, the German government shut down the newspaper and expelled Marx from the country. After that he went to Paris, Brussels and finally to London, where he continued to study and write consistently till the end of his life. While in London, he faced extreme financial crisis, during which his lifelong friend and collaborator Frederick Engels provided him with unprecedented financial and intellectual support. This great thinker died on 14th March, 1883. 

The central focus of Marx's sociological analysis was the development of human society and the economic inequality prevailing in it. Before Marx, Hegel had said that human history changes through ideas or thoughts. But Marx reversed this idea and said that the driving force of history is not thought, but material or economic conditions. To survive, man first needs food, clothing and shelter and to obtain these, he must produce. Religion, politics, philosophy etc. all come after that. According to Marx, a society has two main structures. The first is the Base or Foundation, which is the economic system of society, which includes the forces of production - machinery, raw materials and the relationship between owners and workers for production.

The second is the Superstructure, where law, politics, religion, education and culture of society are built depending on the economic base. If the base changes, then this superstructure is bound to change.

Marx and Engels wrote in their famous book 'The Communist Manifesto' that the history of all hitherto existing society is the history of class struggles.

 According to Marx, based on who owns the means of production, two main classes are created in every society. One is the Bourgeoisie, i.e., those who are the owners of the means of production or the capitalist owner class, and the other is the Proletariat, i.e., those who own no property and have to sell only their labour to make a living. The owner class always wants to earn maximum profit and exploits the workers. Because of this exploitation, an inevitable struggle or conflict is created between the two classes, which is called class struggle.

To explain how the capitalists exploit the workers, Marx put forward the theory of Surplus Value. According to him, the real value of any commodity is determined by the labour of the worker. Suppose, a worker works 8 hours a day and his daily wage is covered by 4 hours of work. For the remaining 4 hours, the worker works for the owner free of cost. 

Marx calls the value produced in this extra time as 'Surplus Value'. The capitalist owner appropriates this value without giving it to the worker and becomes richer and richer.


Because the capitalist mode of production turns workers into a part of a machine, a sense of alienation is created in their minds. According to Marx, this results in four types of alienation in the mind of the worker.

 First, alienation from the product, where the worker has no right over what he produces. 

Second, alienation from the process of production, where work is not enjoyable, but becomes a mechanical compulsion. 

Third, alienation from human nature or from oneself, because they cannot develop their own creative talent. 

Fourth, alienation from fellow workers or from society, where due to competition, workers start to see each other as rivals instead of comrades.

Presenting a materialistic interpretation of history, Marx divided human history into 6 main modes of production. Those are -

a) Primitive Communism: This is the very earliest stage of society. There was no private property and the means of production were jointly owned by the whole society. People lived by hunting and gathering food.


b) Slave Society: This stage begins with the creation of private property. Here society is divided into two main classes — slave owners and slaves. The main driving force of production was the labour of slaves.

c) Feudalism: In this system of the Middle Ages, land was the main source of production. Society was divided into two classes called Landlords and landless peasants or Serfs.

d) Capitalism: The present system that emerged after the Industrial Revolution. Here the means of production - factories, machinery etc. are in the hands of the capitalist class (Bourgeoisie) and for which the proletarian working class (Proletariat) is almost forced to sell its labour.

e) Socialism: Socialism is a transitional stage that will come after the fall of capitalism. Here the means of production come under the control of the state or society. The principle of 'From each according to his ability, to each according to his work' applies in this socialism.

f) Communism: According to Marxian philosophy, communism is the highest and final stage of human history. There is no class division, private property and exploitation. It is a classless and stateless social system, where everyone has the right to 'From each according to his ability, to each according to his needs'.

Capitalist society is the stage after the Industrial Revolution, where machinery and capital dominate and the bourgeoisie and proletariat are created. According to Marx, against the extreme exploitation of capitalism, the proletarian workers will revolt and after that, first socialism and finally a classless, stateless communist society will be established, where exploitation will end.

Although Karl Marx's theories were extremely influential, various sociologists and economists have also criticized them. According to critics, Marx gave importance only to economics. He completely ignored important non-economic factors like religion, culture and nationalism.

 Marx predicted that society would be divided into only two parts - very rich and very poor, but in modern society a large middle class emerged, which balanced society. Moreover, the communist governments formed on Marx's ideals in the Soviet Union or Eastern Europe in the twentieth century later turned into dictatorships and eventually collapsed.

Despite flaws and criticism, Karl Marx's contribution to modern sociology is undeniable.

Karl Marx taught us to look at society with a new scientific and critical perspective.

To discuss globalization, the monopolistic dominance of large corporate groups, the unprecedented gap between the rich and the poor, and the question of workers' rights in the present twenty-first century, Marx's 'Das Kapital' or the theory of class struggle is still equally relevant today. He did not just stop at explaining society, he wanted radical change in society. That is why on his tombstone in Highgate Cemetery, London, it is written that philosophers have only interpreted the world in various ways, but the point is to change it




Thank you. Please leave a comment in Comment box. 

🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱

সোমবার, ২৬ অক্টোবর, ২০২৬

সমাজতাত্ত্বিক চিন্তাবিদ কাৰ্ল মাৰ্ক্স আৰু তেওঁৰ তত্ত্বসমূহ | Sociological thinker Karl Marx and his theories.

     সমাজতাত্ত্বিক চিন্তাবিদ কাৰ্ল মাৰ্ক্স আৰু তেওঁৰ তত্ত্বসমূহ 

      
      

      কাৰ্ল মাৰ্ক্স আছিল আধুনিক বিশ্ব ইতিহাসৰ অন্যতম প্ৰভাৱশালী আৰু যুগান্তকাৰী চিন্তাবিদ, অৰ্থনীতিবিদ, ৰাজনৈতিক তত্ত্ববিদ আৰু সমাজবিজ্ঞানী। তেওঁৰ বৈপ্লৱিক ধাৰণাসমূহে কেৱল সমাজতত্ত্বৰ ভেটিটোকে সুদৃঢ় কৰা নাছিল, বৰঞ্চ সমগ্ৰ বিশ্বৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ইতিহাসৰ গতিপথ সলনি কৰি এক নতুনত্ব সংযোগ কৰাত সহায় কৰিছিল। তেওঁক বৈজ্ঞানিক সমাজবাদ বা সাম্যবাদৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়। সমাজতত্ত্বত মাৰ্ক্সীয় দৰ্শন আৰু তেওঁৰ সমাজবিশ্লেষণ পদ্ধতি আজিও সমানেই প্ৰাসংগিক।


       ‌‌প্ৰবাদপুৰুষ কাৰ্ল মাৰ্ক্সৰ জন্ম হৈছিল ১৮১৮ চনৰ ৫ মে’ত জাৰ্মানীৰ ৰাইনলেণ্ড প্ৰদেশৰ ত্ৰিয়াৰ চহৰত বাস কৰা এটা মধ্যবিত্ত ইহুদী পৰিয়ালত। অৱশ্যে পিছলৈ তেওঁৰ দেউতাকে সামাজিক আৰু পেচাগত কাৰণত খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিছিল। মাৰ্ক্সে বন আৰু বাৰ্লিন বিশ্ববিদ্যালয়ত আইন, ইতিহাস আৰু দৰ্শনশাস্ত্ৰ অধ্যয়ন কৰিছিল। বাৰ্লিন বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত তেওঁ বিখ্যাত জাৰ্মান দৰ্শনশাস্ত্ৰী জি. ডব্লিউ. এফ. হেগেলৰ আদৰ্শৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল। পঢ়া-শুনা শেষ কৰি মাৰ্ক্সে সাংবাদিকতাক পেচা হিচাপে গ্ৰহণ কৰে আৰু এক উগ্ৰপন্থীয় বাওঁপন্থীৰ কাকতৰ সম্পাদক হয়। চৰকাৰবিৰোধী চোকা ভাষাৰে লেখাৰ বাবে জাৰ্মান চৰকাৰে কাকতখন বন্ধ কৰি দিয়ে আৰু মাৰ্ক্সক দেশৰ পৰা বহিষ্কাৰ কৰে। ইয়াৰ পিছত তেওঁ পেৰিছ, ব্ৰাছেলছ আৰু অৱশেষত লণ্ডনলৈ যায়, য’ত তেওঁ জীৱনৰ শেষ সময়লৈকে ধাৰাবাহিকভাৱে অধ্যয়ন আৰু লেখা-মেলা কৰে। লণ্ডনত থকাৰ সময়ছোৱাত তেওঁ চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছিল, য’ত তেওঁৰ আজীৱন বন্ধু আৰু সহযোগী ফ্ৰেডৰিক এংগেলছে তেওঁক অভূতপূৰ্বভাৱে আৰ্থিক আৰু বৌদ্ধিক সহায় আগবঢ়াইছিল। ১৮৮৩ চনৰ ১৪ মাৰ্চত এই মহান চিন্তাবিদগৰাকীৰ মৃত্যু হয়।

       মাৰ্ক্সৰ সমাজতাত্ত্বিক বিশ্লেষণৰ কেন্দ্ৰবিন্দু আছিল মানৱ সমাজৰ বিকাশ আৰু তাত চলি থকা অৰ্থনৈতিক বৈষম্য। মাৰ্ক্সৰ পূৰ্বে হেগেলে কৈছিল যে মানৱ ইতিহাসৰ পৰিৱৰ্তন ঘটিছে ধাৰণা বা চিন্তাৰ জৰিয়তে। কিন্তু মাৰ্ক্সে এই ধাৰণা ওলোটা কৰি দি কয় যে ইতিহাসৰ চালিকা শক্তি চিন্তা নহয়, বৰঞ্চ ভৌতিক বা অৰ্থনৈতিক অৱস্থাহে। মানুহে জীয়াই থাকিবলৈ প্ৰথমে খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ প্ৰয়োজন অনুভৱ কৰে আৰু এইবোৰ লাভ কৰিবলৈ উৎপাদন কৰিবই লাগিব। ধৰ্ম, ৰাজনীতি, দৰ্শন আদি সকলো ইয়াৰ পিছতহে আহে। মাৰ্ক্সৰ মতে সমাজ এখনৰ দুটা মূল গাঁথনি থাকে। প্ৰথমটো হ’ল ভিত্তি বা বুনিয়াদ, যিটো সমাজৰ অৰ্থনৈতিক ব্যৱস্থা, য’ত উৎপাদনৰ শক্তি- যন্ত্ৰপাতি, কেঁচামাল আৰু উৎপাদনৰ বাবে মালিক আৰু শ্ৰমিকৰ সম্পৰ্ক অন্তৰ্ভুক্ত থাকে। 

দ্বিতীয়টো হ’ল উপৰি-গাঁথনি, য’ত অৰ্থনৈতিক ভিত্তিটোৰ ওপৰত নিৰ্ভৰ কৰি সমাজৰ আইন, ৰাজনীতি, ধৰ্ম, শিক্ষা আৰু সংস্কৃতি গঢ়ি উঠে। যদি ভিত্তি সলনি হয়, তেন্তে এই উপৰি-গাঁথনি সলনি হ’বলৈ বাধ্য।

        মাৰ্ক্স আৰু এংগেলছে তেওঁলোকৰ বিখ্যাত গ্ৰন্থ 'দা কমিউনিষ্ট মেনিফেষ্টো'ত লিখিছিল যে আজিলৈকে বিদ্যমান সকলো সমাজৰ ইতিহাসেই হ’ল শ্ৰেণী সংগ্ৰামৰ ইতিহাস। মাৰ্ক্সৰ মতে, উৎপাদনৰ আহিলাসমূহৰ মালিকীস্বত্ব কাৰ হাতত আছে, তাৰ ওপৰত ভিত্তি কৰি প্ৰতিখন সমাজতে দুটা মুখ্য শ্ৰেণীৰ সৃষ্টি হয়। এটা হ’ল বুৰ্জোৱা অৰ্থাৎ যিসকল উৎপাদনৰ আহিলাৰ গৰাকী বা পুঁজিবাদী মালিক শ্ৰেণী আৰু আনটো হ’ল সৰ্বহাৰা অৰ্থাৎ যিসকলৰ নিজা একো সম্পত্তি নাই আৰু জীৱন ধাৰণৰ বাবে কেৱল নিজৰ শ্ৰম বিক্ৰী কৰিবলগীয়া হয়। মালিক শ্ৰেণীয়ে সদায় সৰ্বাধিক লাভ কৰিবলৈ বিচাৰে আৰু শ্ৰমিকক শোষণ কৰে। এই শোষণৰ বাবেই দুয়োটা শ্ৰেণীৰ মাজত এক অপৰিহাৰ্য সংগ্ৰাম বা সংঘাতৰ সৃষ্টি হয়, যাক শ্ৰেণী সংগ্ৰাম বুলি কোৱা হয়।

      পুঁজিবাদীসকলে কেনেকৈ শ্ৰমিকক শোষণ কৰে, তাক বুজাবলৈ মাৰ্ক্সে উদ্বৃত্ত মূল্যৰ তত্ত্ব আগবঢ়াইছিল। তেওঁৰ মতে, যিকোনো বস্তুৰ প্ৰকৃত মূল্য নিৰ্ধাৰণ কৰে শ্ৰমিকৰ শ্ৰমে। ধৰি লওক, এজন শ্ৰমিকে দিনে ৮ ঘণ্টা কাম কৰে আৰু তাৰে ৪ ঘণ্টাৰ কামৰ মূল্যতে তেওঁৰ দৈনিক মজুৰি ওলাই আহে। বাকী থকা ৪ ঘণ্টা শ্ৰমিকে মালিকৰ বাবে বিনামূল্যে কাম কৰে। এই অতিৰিক্ত সময়ছোৱাত উৎপাদিত হোৱা মূল্যটোকে মাৰ্ক্সে 'উদ্ধৃত্ত মূল্য' বুলি কৈছে। পুঁজিবাদী মালিকে এই মূল্যটো শ্ৰমিকক নিদি নিজে আত্মসাৎ কৰে আৰু ধনীৰ পৰা ধনৱন্ত হৈ পৰে।
পুঁজিবাদী উৎপাদন ব্যৱস্থাই শ্ৰমিকসকলক একোটা যন্ত্ৰৰ অংশলৈ ৰূপান্তৰিত কৰে বাবে তেওঁলোকৰ মনত বিচ্ছিন্নতাবোধৰ সৃষ্টি হয়। মাৰ্ক্সৰ মতে ইয়াৰ ফলত শ্ৰমিকৰ মনত চাৰি প্ৰকাৰৰ বিচ্ছিন্নতাই দেখা দিয়ে। প্ৰথমতে, উৎপাদিত বস্তুৰ পৰা বিচ্ছিন্নতা, য’ত শ্ৰমিকে যি বস্তু তৈয়াৰ কৰে, তাৰ ওপৰত তেওঁৰ কোনো অধিকাৰ নাথাকে। দ্বিতীয়তে, উৎপাদন প্ৰক্ৰিয়াৰ পৰা বিচ্ছিন্নতা, য’ত কামটো আমোদজনক নহয়, বৰঞ্চ ই এক যান্ত্ৰিক বাধ্যবাধকতা হৈ পৰে। তৃতীয়তে, মানৱ প্ৰকৃতি বা নিজৰ পৰা বিচ্ছিন্নতা, কিয়নো তেওঁলোকে নিজৰ সৃষ্টিশীল প্ৰতিভা বিকাশ কৰিব নোৱাৰে। চতুৰ্থতে, সহকৰ্মী বা সমাজৰ পৰা বিচ্ছিন্নতা, য’ত প্ৰতিযোগিতাৰ বাবে শ্ৰমিকে ইজনে সিজনক সতীৰ্থৰ পৰিৱৰ্তে প্ৰতিদ্বন্দী হিচাপে চাবলৈ লয়।

       ইতিহাসৰ বস্তুুবাদী ব্যাখ্যা আগবঢ়াই মাৰ্ক্সে মানৱ ইতিহাসক ৬টা প্ৰধান উৎপাদন পদ্ধতিত ভাগ কৰিছে। সেইকেইটা হৈছে -  

ক) আদিম সাম্যবাদ (Primitive Communism) : ই হৈছে সমাজৰ একেবাৰে প্ৰাৰম্ভিক পৰ্যায়। ইয়াত ব্যক্তিগত সম্পত্তি নাছিল আৰু উৎপাদনৰ আহিলাসমূহৰ ওপৰত সমগ্ৰ সমাজৰ যৌথ অধিকাৰ আছিল। লোকসকলে চিকাৰ আৰু খাদ্য সংগ্ৰহ কৰি জীয়াই আছিল।
 
খ) দাসত্ব প্ৰথা (Slave Society): ব্যক্তিগত সম্পত্তিৰ সৃষ্টিৰ সৈতে এই পৰ্যায়ৰ আৰম্ভ হয়। ইয়াত সমাজক দুটা প্ৰধান শ্ৰেণীত বিভক্ত কৰা হৈছে — দাস মালিক আৰু দাস। উৎপাদনৰ মূল চালিকাশক্তি আছিল দাসসকলৰ শ্ৰম।

গ) সামন্তবাদ (Feudalism): মধ্যযুগৰ এই ব্যৱস্থাত ভূমি আছিল উৎপাদনৰ ঘাই উৎস। সমাজখন সামন্ত প্ৰভু (Landlords) আৰু ভূমিহীন খেতিয়ক বা ভূমিদাস (Serfs) নামেৰে দুটা শ্ৰেণীত বিভক্ত আছিল।

ঘ) পুঁজিবাদ (Capitalism): ঔদ্যোগিক বিপ্লৱৰ পিছত গা কৰি উঠা বৰ্তমানৰ ব্যৱস্থা। ইয়াত উৎপাদনৰ আহিলাসমূহ - কল-কাৰখানা, যন্ত্ৰপাতি আদি পুঁজিবাদী শ্ৰেণীৰ (Bourgeoisie) হাতত থাকে আৰু যাৰ বাবে সৰ্বহাৰা শ্ৰমিক শ্ৰেণীয়ে (Proletariat) নিজৰ শ্ৰম বিক্ৰী কৰিবলৈ একপ্ৰকাৰে বাধ্য হয়।

ঙ) সমাজবাদ (Socialism): পুঁজিবাদৰ পতনৰ পিছত আহিবলগীয়া এক অন্তৱৰ্তীকালীন পৰ্যায় হৈছে সমাজবাদ। ইয়াত উৎপাদনৰ আহিলাসমূহ ৰাষ্ট্ৰ বা সমাজৰ নিয়ন্ত্ৰণলৈ আহে। 'যোগ্যতা অনুসৰি কাম আৰু কাম অনুসৰি প্ৰাপ্য'— এই নীতি এই সমাজবাদত প্ৰযোজ্য হয়।

চ) সাম্যবাদ (Communism): মার্ক্সীয় দৰ্শন অনুসৰি সাম্যবাদেই হৈছে মানৱ ইতিহাসৰ সৰ্বোচ্চ আৰু চূড়ান্ত পৰ্যায়। ইয়াত কোনো শ্ৰেণী বিভাজন, ব্যক্তিগত সম্পত্তি আৰু শোষণ নাথাকে। ই এক শ্ৰেণীহীন আৰু ৰাষ্ট্ৰহীন সমাজ ব্যৱস্থা, য'ত 'প্ৰত্যেকৰে সামৰ্থ্য অনুসৰি কাম আৰু প্ৰয়োজন অনুসৰি ভোগ' কৰাৰ অধিকাৰ থাকে।

       পুঁজিবাদী সমাজ হ’ল ঔদ্যোগিক বিপ্লৱৰ পিছৰ স্তৰ, য’ত যন্ত্ৰ আৰু মূলধনৰ আধিপত্য চলে আৰু বুৰ্জোৱা আৰু সৰ্বহাৰাৰ সৃষ্টি হয়। মাৰ্ক্সৰ মতে, পুঁজিবাদৰ চৰম শোষণৰ বিৰুদ্ধে সৰ্বহাৰা শ্ৰমিকে বিপ্লৱ কৰিব আৰু ইয়াৰ পিছত প্ৰথমে সমাজবাদ আৰু অৱশেষত এক শ্ৰেণীহীন, ৰাষ্ট্ৰহীন সাম্যবাদী সমাজ প্ৰতিষ্ঠা হ’ব, য’ত শোষণৰ অন্ত পৰিব।
কাৰ্ল মাৰ্ক্সৰ তত্ত্বসমূহ অত্যন্ত প্ৰভাৱশালী হ’লেও বিভিন্ন সমাজবিজ্ঞানী আৰু অৰ্থনীতিবিদে ইয়াক সমালোচনাও কৰিছে। সমালোচকসকলৰ মতে মাৰ্ক্সে কেৱল অৰ্থনীতিক গুৰুত্ব দিছে। ধৰ্ম, সংস্কৃতি আৰু জাতীয়তাবাদৰ দৰে গুৰুত্বপূৰ্ণ অনা-অৰ্থনৈতিক কাৰকসমূহক আওকাণ সম্পূৰ্ণ কৰিছে। মাৰ্ক্সে ভৱিষ্যদ্বাণী কৰিছিল যে সমাজখন কেৱল অতি ধনী আৰু অতি দুখীয়া—এই দুটা ভাগত বিভক্ত হ’ব, কিন্তু আধুনিক সমাজত এক বৃহৎ মধ্যবিত্ত শ্ৰেণীৰ উত্থান ঘটিল, যিয়ে সমাজত ভাৰসাম্য ৰক্ষা কৰিলে। তদুপৰি বিংশ শতিকাত ছোভিয়েট ইউনিয়ন বা পূব ইউৰোপত মাৰ্ক্সৰ আদৰ্শৰে যি সাম্যবাদী চৰকাৰ গঠন হৈছিল, সেইবোৰ পিছলৈ একনায়কত্ববাদলৈ ৰূপান্তৰিত হ’ল আৰু অৱশেষত ভাঙি পৰিল।
ত্ৰুটি-বিচ্যুতি আৰু সমালোচনা থকা স্বত্বেও আধুনিক সমাজবিজ্ঞানলৈ কাৰ্ল মাৰ্ক্সৰ অৱদান অনস্বীকাৰ্য। 

       কাৰ্ল মাৰ্ক্সে সমাজক এক নতুন বৈজ্ঞানিক আৰু সমালোচনাত্মক দৃষ্টিৰে চাবলৈ শিকাইছিল। বৰ্তমানৰ একবিংশ শতিকাৰ গোলকীকৰণ, বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ একচেটিয়া আধিপত্য, ধনী আৰু দুখীয়াৰ মাজত বৃদ্ধি পোৱা অভূতপূৰ্ব ব্যৱধান আৰু শ্ৰমিকৰ অধিকাৰৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ মাৰ্ক্সৰ 'দাস কেপিটেল' বা শ্ৰেণী সংগ্ৰামৰ তত্ত্ব আজিও সমানেই প্ৰাসংগিক। তেওঁ কেৱল সমাজৰ বাখ্যা কৰিয়েই ক্ষান্ত থকা নাছিল, সমাজৰ আমূল পৰিৱৰ্তন বিচাৰিছিল। সেইবাবেই লণ্ডনৰ হাইগেট কবৰস্থানত থকা তেওঁৰ সমাধিপীঠত লিখা আছে যে দাৰ্শনিকসকলে কেৱল পৃথিৱীখনক বিভিন্ন ধৰণে বাখ্যা কৰি গৈছে, কিন্তু আচল কথাটো হ’ল ইয়াক সলনি কৰা।




প্ৰৱন্ধটো পঢ়ি কেনে পালে জনাবলৈ Comment কৰিব । ভাল লাগিলে Share কৰি আনকো পঢ়াৰ সুযোগ দিব। ধন্যবাদ 🙏

রবিবার, ২৫ অক্টোবর, ২০২৬

গীতি কবিতা

গীতি কবিতা 
ৰচনা কাল: ৰবিবাৰ 
        সময়: ৭.৩০ সন্ধিয়া। (প্ৰায়)

স্থায়ী)
পথাৰৰ চাকিটি নিচলা আইৰে চিনাকি
যুগ যুগান্তৰ চলি অহা আইৰে পৰম্পৰা চানেকি।
তুলসীৰ তলে তলে চাকিৰ শিখা জ্বলে,
সেউজীয়া পথাৰখনে মনে মনে ৰিঙীয়াই মাতে 
নিচলা আইৰ মুখখনি জিলিকি জিলিকি শোভে।
অ জিলিকি জিলিকি শোভে।

(অন্তৰা ১)
বতাহত হালি-জালি নাচে ধাণৰ পাত,
লখিমী আদৰিবলৈ সাজু চোতাল আৰু ঘাট।
আকাশবন্তি জ্বলিছে আকাশৰ পিনে চাই,
খেতিয়কৰ চকুযুৰিত আশাৰ সীমা নাই।
চাকিৰ পোহৰত হেৰাই যায় আন্ধাৰৰ ভীতি,
সেউজীয়া পথাৰত বাজে প্ৰাণৰ গীতি।

(অন্তৰা ২)
শৰতৰ নিয়ৰে তিয়াই ধানৰে থোক 
আইৰে হাতৰ চাকিটিয়ে বিলাই আশাৰ আলোক 
শোকৰ মাজতো উন্মিলিত হয় দুচকু
আইৰ আৰ্শীবাদে বোৱাই আনে আনন্দাশ্ৰু 
চাকিৰ পোহৰত হেৰাই যায় আন্ধাৰৰ ভীতি,
সেউজীয়া পথাৰত বাজে প্ৰাণৰ গীতি।

(অন্তৰা ৩)
দলিছা মেলিছে যেন শ্যামলী ধৰিত্ৰীয়ে,
আৱাহন জনাইছে সোণালী ঋতুৱে।
আশাৰ চাকিটি হৈ ৰ’ব বিশ্বাসৰ চানেকি,
চিৰদিন জীয়াই থাকিব আইৰে এই চিনাকি।
পথাৰৰ চাকিটি নিচলা আইৰে চিনাকি,
যুগ যুগান্তৰ চলি থাকে আইৰে পৰম্পৰা এটি চানেকি।


ভাল লাগিলে Comment আৰু share কৰিব। 🙏

Scorching Earth, India in Crisis: The Great Catastrophe of Climate Change and Our Duty




Scorching Earth, India in Crisis: The Great Catastrophe of Climate Change and Our Duty


           Climate change is one of the most devastating and sensitive global crises of the 21st century. This crisis is no longer confined to a specific country or region; rather, it stands as a massive challenge to the very existence of human civilization. For a vast nation like India, which is rich in geographical and climatic diversity, this transformation is becoming increasingly severe and alarming. Continuous human exploitation of nature, deforestation, rapid industrialization, and unplanned urbanization have led to a rise in global temperatures. Its direct impact is already visibly disrupting India's seasonal cycles, agriculture, and public life. If we do not take the continuous warnings given by nature seriously today, our future generations might face catastrophic disasters in the days to come.

🌾 Impact on Indian Agriculture and Rural Economy


       It is universally acknowledged that India's economy and rural society are heavily dependent on monsoons and agriculture. However, climate change has completely altered the course and character of these monsoon winds. While some regions suffer from severe floods due to abnormally high rainfall, others are facing prolonged droughts. In Northern and Central India, summer temperatures have soared to such extremes that normal daily life has been completely disrupted. Similarly, the coastal areas of Southern India are frequently hit by marine cyclones and storms. The agricultural sector has borne the brunt of these unpredictable environmental changes. Due to untimely rains or sudden floods, the hard-earned crops of farmers are ruined, threatening the nation's food security and economy.


🏞️ The Grim Reality of Assam and the Northeast


      The impacts of climate change are even more distinct and fatal in the context of Assam and the entire Northeast India. Assam, which once enjoyed a moderate and cool climate, is now witnessing summer temperatures that break all past records. The rapid melting of Himalayan glaciers has unpredictably raised the water levels of the Brahmaputra and its tributaries, worsening the perennial problems of floods and riverbank erosion. Even during the current autumn season, scorching heat is blazing across the region. The geographical existence of Assam’s historic river island, Majuli, is now endangered due to continuous erosion. Not only this, but as forests across the state—including Kaziranga National Park—submerge under floodwaters, wildlife is forced to venture into human settlements in search of safe shelter. This has led to a daily rise in man-animal conflict. Furthermore, Assam's world-famous tea industry and local agricultural yields are declining day by day due to this erratic weather.

🏥 Public Health and Governmental Steps


      Climate change does not just impact nature and agriculture; it severely threatens human health. Rising temperatures and environmental pollution are spreading epidemics like dengue and malaria to newer regions. High carbon emissions, dust, and smoke in urban areas are driving up cases of respiratory illnesses.
To combat this crisis, the Government of India has made several crucial commitments on the global stage, aiming for a 'Net Zero' carbon emission target. Immense efforts are being made to promote solar energy, wind energy, and Electric Vehicles (EVs) to reduce dependency on fossil fuels. However, solving this massive crisis is impossible through governmental policies or laws alone. It demands the conscious awareness and active participation of every single citizen in society.

🌱 Our Collective Duty


     In conclusion, to mitigate climate change, we must transform our lifestyles. It is our utmost duty to plant trees on a large scale, completely boycott plastic, conserve local water bodies, and prevent the wastage of natural resources. If we fail to restore the balance between humans and nature, this beautiful planet will undoubtedly become uninhabitable. If India can lead its massive population toward building a green and eco-friendly society, it can play a pioneering role in this global climate battle. This will ultimately gift a safe, secure, and prosperous future to both our rural and urban societies.
Let us all plant a tree today and preserve the evergreen beauty of our nature.



Thank you sincerely for reading this article. If you liked it, please like, comment, and share to encourage me! 🔥 🙏

অসমীয়াত পঢ়িবলৈ ক্লিক কৰক:👇
https://anuragblogadress.blogspot.com/2026/10/scorching-earth-india-in-crisis-great.html?m=1

Download app: https://drive.google.com/file/d/1OTNU5AdhN4r1Vr0hshFBHB5Kqw92NP0D/view?usp=drivesdk

তপ্ত পৃথিৱী, সংকটাপন্ন ভাৰত: জলবায়ু পৰিৱৰ্তনৰ মহাসংকট আৰু আমাৰ কৰ্তব্য | Scorching Earth, India in Crisis: The Great Catastrophe of Climate Change and Our Duty

তপ্ত পৃথিৱী, সংকটাপন্ন ভাৰত: জলবায়ু পৰিৱৰ্তনৰ মহাসংকট আৰু আমাৰ কৰ্তব্য


      একবিংশ শতিকাৰ আটাইতকৈ ভয়াৱহ আৰু স্পৰ্শকাতৰ গোলকীয় সংকটসমূহৰ ভিতৰত জলবায়ু পৰিৱৰ্তন অন্যতম। এই সংকট কেৱল কোনো এখন নিৰ্দিষ্ট দেশ বা এটা অঞ্চলতে সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ ই সমগ্ৰ মানৱ সভ্যতাৰ অস্তিত্বৰ প্ৰতিয়েই এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। ভৌগোলিক আৰু জলবায়ুগত বৈচিত্ৰ্যৰে ভৰপূৰ ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশৰ বাবে এই পৰিৱৰ্তন অধিক ভয়াৱহ আৰু চিন্তনীয় হৈ পৰিছে। প্ৰকৃতিৰ ওপৰত মানুহৰ ক্ৰমাগত অত্যাচাৰ, বনাঞ্চল ধ্বংস, দ্ৰুত উদ্যোগীকৰণ আৰু অপৰিকল্পিত নগৰীকৰণৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ ভাৰতৰ ঋতুচক্ৰ, কৃষি আৰু জনজীৱনৰ ওপৰত বাৰুকৈয়ে পৰিবলৈ ধৰিছে। বৰ্তমান সময়ত প্ৰকৃতিয়ে ধাৰাবাহিকভাৱে আমাক যিবোৰ সতৰ্কবাণী দিছে, তাক যদি আমি এতিয়াও গুৰুত্বসহকাৰে নলওঁ, তেন্তে অনাগত দিনত আমাৰ ভৱিষ্যত প্ৰজন্মই এক ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে !

        সৰ্বজনবিদিত যে ভাৰতবৰ্ষৰ অৰ্থনীতি আৰু গ্ৰাম্য সমাজ মূলতঃ মৌচুমী বায়ু আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু জলবায়ু পৰিৱৰ্তনৰ ফলত এই মৌচুমী বায়ুৰ গতিপথ আৰু চৰিত্ৰ সম্পূৰ্ণ সলনি হৈ পৰিছে। কোনো কোনো অঞ্চলত বৰষুণৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি পাই বানপানীৰ সৃষ্টি কৰিছে, আনহাতে কোনো অঞ্চলত দীৰ্ঘদিনীয়া খৰাঙে দেখা দিছে। উত্তৰ আৰু মধ্য ভাৰতত গ্ৰীষ্মকালত উত্তাপৰ প্ৰকোপ ইমানেই বাঢ়ি গৈছে যে আনকি মানুহৰ বাবে স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত হৈ পৰিছে। একেদৰে দক্ষিণ ভাৰতৰ উপকূলীয় অঞ্চলসমূহ সঘনাই অহা সাগৰীয় ঘূৰ্ণীবতাহ আৰু ধুমুহাৰ কবলত পৰিছে। এই অপ্ৰত্যাশিত প্ৰাকৃতিক পৰিৱৰ্তনৰ ফলত দেশৰ কৃষি খণ্ড আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। সময়মতে বৰষুণ নোহোৱাৰ বাবে বা অতৰ্কিতে অহা বানপানীৰ বাবে কৃষকৰ কষ্টৰ ফচল নষ্ট হৈছে, যাৰ ফলত দেশৰ খাদ্য সুৰক্ষা আৰু অৰ্থনীতিলৈ তীব্ৰ সংকট কঢ়িয়াই আনিছে।
      পৰিলক্ষিত হয় - অসম তথা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰেক্ষাপটত এই জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অধিক স্পষ্ট আৰু মাৰাত্মক। পূৰ্বতে অসমৰ জলবায়ু সমভাৱাপন্ন আৰু শীতল আছিল, কিন্তু এতিয়া গ্ৰীষ্মকালৰ উত্তাপে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰাৰ দিশে গতি কৰিছে। হিমালয়ৰ হিমবাহসমূহ দ্ৰুতগতিত গলিবলৈ ধৰাৰ বাবে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে, যাৰ ফলত অসমৰ চিৰাচৰিত বানপানী আৰু গৰাখহনীয়া সমস্যাই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আনকি বৰ্তমান শাৰদীয় সময়তো উৎকট গৰমে দহিছে। অসমৰ ঐতিহ্যমণ্ডিত নদীদ্বীপ মাজুলীৰ ভৌগোলিক অস্তিত্ব আজি খহনীয়াৰ বাবে সংকটাপন্ন। কেৱল সেয়াই নহয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ৰাজ্যৰ বনাঞ্চলসমূহ বানৰ কৱলত পৰাৰ বাবে বন্যপ্ৰাণীসমূহ সুৰক্ষিত আশ্ৰয় বিচাৰি মানুহৰ বসতি প্ৰধান অঞ্চললৈ ওলাই আহিবলগীয়া হৈছে। ইয়াৰ ফলত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত দিনক দিনে বৃদ্ধি পাইছে। বতৰৰ এই খামখেয়ালীৰ বাবে অসমৰ বিশ্ববিখ্যাত চাহ উদ্যোগ আৰু থলুৱা কৃষি উৎপাদনো দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে।
        জলবায়ু পৰিৱৰ্তনে কেৱল প্ৰকৃতি বা কৃষিৰ ক্ষেত্ৰতে প্ৰভাৱ পেলোৱা নাই, বৰঞ্চ ই মানৱ স্বাস্থ্যৰ ওপৰতো গভীৰ কু প্ৰভাৱ পেলাইছে। উত্তাপ বৃদ্ধি আৰু প্ৰদূষিত পৰিৱেশৰ বাবে ডেংগু, মেলেৰিয়া আদি মহামাৰী ৰোগৰ প্ৰকোপ নতুন নতুন অঞ্চললৈ সম্প্ৰসাৰিত হৈছে। চহৰসমূহৰ কাৰ্বন নিৰ্গমন আৰু ধূলি-ধোঁৱাৰ বাবে শ্বাস-প্ৰশ্বাসজনিত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বাঢ়ি গৈছে। এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ ভাৰত চৰকাৰে বিশ্ব দৰবাৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিছে আৰু গোলকীয় কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে 'নেট জিৰো' (Net Zero) লক্ষ্য নিৰ্ধাৰণ কৰিছে। দেশত সৌৰশক্তি, বায়ু শক্তি আৰু বৈদ্যুতিক বাহনৰ (EV) ব্যৱহাৰ বৃদ্ধি কৰি জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা কমাবলৈ অহোপুৰুষাৰ্থ কৰা হৈছে। কিন্তু কেৱল চৰকাৰী নীতি বা আইনৰ জৰিয়তে এই বিশাল সমস্যাৰ সমাধান সম্ভৱ নহয়। ইয়াৰ বাবে সমাজৰ প্ৰতিজন নাগৰিকৰে সজাগতা আৰু সক্ৰিয় অংশগ্ৰহণৰ একান্তই প্ৰয়োজন।

       পৰিশেষত ক’ব পাৰি যে, জলবায়ু পৰিৱৰ্তনক প্ৰতিহত কৰিবলৈ হ’লে আমি আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তন কৰিব লাগিব। ব্যাপক হাৰত বৃক্ষৰোপণ কৰা, প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণ বৰ্জন কৰা, থলুৱা পানীৰ উৎসসমূহ সংৰক্ষণ কৰা আৰু প্ৰাকৃতিক সম্পদৰ অপচয় ৰোধ কৰাটো আমাৰ কৰ্তব্য হোৱা উচিত। প্ৰকৃতি আৰু মানুহৰ মাজৰ সম্পৰ্কটোক আকৌ এবাৰ ভাৰসাম্যপূৰ্ণ কৰি তুলিব নোৱাৰিলে এই ধুনীয়া পৃথিৱীখন বসবাসৰ অনুপযোগী হৈ পৰিব এয়া ধূৰূপ। ভাৰতে যদি ইয়াৰ বিশাল জনসংখ্যাক লগত লৈ এক সেউজ আৰু পৰিৱেশ অনুকূল সমাজ গঢ়ি তুলিব পাৰে, তেন্তে বিশ্বজুৰি চলি থকা এই জলবায়ু সংগ্ৰামত দেশে এক নেতৃত্বদায়ী ভূমিকা পালন কৰিব পাৰিব আৰু আমাৰ গ্ৰাম্য তথা নগৰীয়া সমাজখনকো এক সুৰক্ষিত আৰু সমৃদ্ধিশালী ভৱিষ্যত উপহাৰ দিব পৰা যাব।
        আহক আমি সকলোৱে এজোপা গছ ৰুই প্ৰকৃতিৰ চিৰসেউজ পৰিৱেশ বৰ্তাই ৰাখোঁ।




প্ৰৱন্ধটো পঢ়ি চোৱাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ। ভাল লাগিলে Comment আৰু Share কৰি উৎসাহিত কৰিব।🔥 🙏 

Read in English: Click 👇

https://anuragblogadress.blogspot.com/2026/10/scorching-earth-india-in-crisis-great_0182061075.html?m=1

আৰু পঢ়িবলৈ এপ ডাউনলোড কৰি ল'ব:👇

https://drive.google.com/file/d/1OTNU5AdhN4r1Vr0hshFBHB5Kqw92NP0D/view?usp=drivesdk

বুধবার, ২১ অক্টোবর, ২০২৬

দেৱী বিসৰ্জন আৰু ইয়াৰ পৰৱৰ্তী অৱস্থা: পৰম্পৰা, আৱেগ আৰু পৰিৱেশ সচেতনত | Goddess Immersion and its Aftermath: Tradition, Emotion, and Environmental Awareness

দেৱী বিসৰ্জন আৰু ইয়াৰ পৰৱৰ্তী অৱস্থা: পৰম্পৰা, আৱেগ আৰু পৰিৱেশ সচেতনতা 




        হিমালয়ৰ দুহিতা দুৰ্গা প্ৰতি বছৰে শৰতৰ শুভ্ৰ ক্ষণত মৰ্ত্যলৈ আগমন হয় তাইৰ সন্তানসকলক আশীৰ্বাদ দিবলৈ। ধৰ্মীয় বিশ্বাস অনুসৰি, মা দুৰ্গাই চাৰিদিন ধৰি মাকৰ ঘৰত কটাই বিজয়া দশমীৰ দিনা পুনৰ স্বামীগৃহ কৈলাসলৈ উভতি যায়। দেৱী বিসৰ্জন কেৱল এটা ধৰ্মীয় নীতি নহয়, ই হ’ল মানৱীয় আৱেগ আৰু আধ্যাত্মিকতাৰ এক অপূৰ্ব মিলন।

      ধূপ-ধূনা, শংখ-ঘণ্টাৰ ধ্বনি, সেন্দূৰ খেলা আৰু অশ্ৰুসিক্ত নয়নেৰে ভক্তসকলে দেৱী প্ৰতিমাক নদী বা কোনো জলাশয়ৰ বুকুত বিসৰ্জন দিয়ে। ইয়াৰ অন্তৰ্নিহিত অৰ্থ হ’ল— পবিত্ৰ পানীৰ পৰা সৃষ্টি হোৱা প্ৰতিমা পুনৰ পানীতেই বিলীন হৈ যায়। ই আমাক সোঁৱৰাই দিয়ে যে পৃথিৱীৰ সকলো বস্তুৱেই নশ্বৰ আৰু যি সৃষ্টি হৈছে, তাৰ অৱসান নিশ্চিত।

        উৎসৱৰ দিনকেইটাত যি গৰাকী দেৱীক আমি আটাইতকৈ পবিত্ৰ স্থানত ৰাখি পূজা কৰোঁ, বিসৰ্জনৰ পিছদিনা সেই একেগৰাকী দেৱীৰে প্ৰতিমাৰ অৱস্থা দেখিলে মনলৈ গভীৰ বেদনা আহে। নদীৰ ঘাট বা হ্ৰদৰ পাৰত সিঁচৰিত হৈ পৰে আধাতে ভাঙি থকা মূৰ্তিৰ অংগ-প্ৰত্যংগ। নতুবা পৰি ৰয় কোনো পথৰ বকৰাণিত। যাৰ ফলত সৃষ্টি হয় আৱৰ্জনাৰ পাহাৰ।

       প্ৰতিমাৰ সৈতে থকা বাঁহ, খেৰ, প্লাষ্টিকৰ মালা, কাপোৰ, আৰু অন্যান্য পূজাৰ সামগ্ৰীবোৰ পানীৰ পাৰত জমা হৈ এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰে।
ইয়াৰ পৰা সৃষ্টি হয় দুৰ্গন্ধ আৰু দুৰ্গন্ধই আনি দিয়ে বায়ু প্ৰদূষণ । পানীত উটি অহা ফুল-ফল আৰু নৈবেদ্যসমূহ পচি গৈ পানী দুৰ্গন্ধময় কৰি তোলে, যাৰ ফলত সাধাৰণ লোকৰ বাবে সেই স্থানলৈ যোৱাটো অসম্ভৱ হৈ পৰে।

      আজিকালি পৰম্পৰাগত পদ্ধতিৰ সলনি প্ৰতিমা নিৰ্মাণত আধুনিক সা-সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পাইছে। যাৰ ফলত ইয়াৰ পৰৱৰ্তী প্ৰভাৱ পৰিৱেশৰ বাবে অতি ভয়াৱহ হোৱাৰ সম্ভাৱনাই দেখা দিছে। 
       পূৰ্বতে মূৰ্তি বনাবলৈ মাটি আৰু প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত কম খৰচত আৰু ধুনীয়া কৰিবলৈ প্লাষ্টাৰ অব পেৰিছ (PoP) আৰু সীহ (Lead), ক্ৰমিয়াম, মাৰ্কাৰীযুক্ত কৃত্ৰিম ৰাসায়নিক ৰং ব্যৱহাৰ কৰা হয়। PoP পানীত সহজে গলি নাযায় আৰু বহু বছৰ ধৰি তলত জমা হৈ থাকে। যাৰ ফলত পানী প্ৰদূষিত হয়।
       
       ৰাসায়নিক পদাৰ্থবোৰ পানীত মিহলি হোৱাৰ ফলত পানীৰ 'বায়’কেমিকেল অক্সিজেন ডিমাণ্ড' (BOD) বৃদ্ধি পায়। ফলস্বৰূপে দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ অত্যধিক পৰিমাণে কমি যায়।           

       দূষিত পানীৰ বাবে মাছ আৰু অন্যান্য জলচৰ প্ৰাণী উশাহ লব নোৱাৰি মৃত্যুমুখত পৰে। বহু সময়ত এই বিষাক্ত ৰাসায়নিক পদাৰ্থ মাছৰ জৰিয়তে মানুহৰ খাদ্য শৃংখলতো প্ৰৱেশ কৰে। সেয়ে আজিকালি নদীৰ মাছৰ বিশুদ্ধতা হ্ৰাস পাইছে বুলি ক'ব পাৰি।

এই ক্ষেত্ৰত সমাজ আৰু প্ৰশাসনৰ ভূমিকা কি হ'ব ? 


        বিসৰ্জনৰ পৰৱৰ্তী এই ভয়ংকৰ পৰিস্থিতি চম্ভালিবলৈ প্ৰশাসন আৰু সমাজ উভয়ৰে বহু দায়িত্ব আছে। বৰ্তমান সময়ত চৰকাৰ আৰু পৌৰসভাই কিছুমান ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে যদিও এয়াই যথেষ্ট নহয়। বহু সময়ত দেখা যায় বিসৰ্জনৰ পৰৱৰ্তী সময়ত ৰাইজ বা প্ৰশাসনৰ কোনোৱে সময়ত ওলাই নাহে। কেৱল বাতৰি কাকতৰ শিৰোনামাহে দখল কৰে।
        ভাৰতৰ বহু ঠাইত মূল নদীসমূহ দূষণৰ পৰা বচাবলৈ আজিকালি কৃত্ৰিম পুখুৰী খান্দি তাত বিসৰ্জনৰ ব্যৱস্থা কৰা হয়। উদাহৰণস্বৰূপে গুৱাহাটী, দিল্লী , মুম্বাইৰ দৰে চহৰত এনে ব্যৱস্থা কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ দূষণ ৰোধ কৰিবলৈ কাচমাৰী ঘাট, পাণ্ডু ঘাট আদিকে ধৰি বিভিন্ন ঘাটত নদীৰ কাষতেই কৃত্ৰিম বেষ্টনী (Enclosure) সাজি প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হয়। একেদৰে যমুনা নদীক সম্পূৰ্ণ দূষণমুক্ত কৰিবলৈ চৰকাৰে নদীৰ পাৰত আৰু বিভিন্ন খেলপথাৰত কৃত্ৰিম পুখুৰী সাজি দিয়ে। যমুনাত পোনপটীয়া বিসৰ্জন ইয়াত আইনগতভাৱে নিষিদ্ধ কৰা হৈছে ।

      তদুপৰি বিসৰ্জনৰ ঠিক পিছতেই ক্ৰেনৰ সহায়ত নদীৰ পৰা বাঁহ আৰু খেৰৰ গাঁথনিসমূহ তুলি অনাৰ ব্যৱস্থা কৰা হয়, যাতে সেইবোৰ পানীত পচি নাযায়।

👉 সমাধানৰ উপায় : আমি কি কৰা উচিত ?


      উৎসৱৰ আনন্দই যাতে আমাৰ প্ৰকৃতি আইক ধ্বংস নকৰে, তাৰ বাবে আমি কিছুমান সচেতন পদক্ষেপ লোৱাটো বাঞ্ছনীয় আৰু ই সময়ৰ দাবী বুলি গণ্য কৰিব পাৰি । মোৰ তৰফৰ পৰা চাৰিটা ল'বলগীয়া সাৱধানতা আৰু উপায় উল্লেখ কৰিলোঁ:-

ক) ইকো-ফ্ৰেণ্ডলী (Eco-friendly) প্ৰতিমা : আমি মৃৎশিল্পীসকলক মাটি আৰু প্ৰাকৃতিক ৰঙেৰে (যেনে হালধি, চেগুন গছৰ পাতৰ ৰং আদি) মূৰ্তি বনাবলৈ উৎসাহিত কৰিব লাগে।

খ) উপহাৰ আৰু সজ্জা নিয়ন্ত্ৰণ কৰা : প্ৰতিমাৰ গাত থকা প্লাষ্টিক বা থাৰ্মোকলৰ গহনা আৰু সজ্জাসমূহ বিসৰ্জনৰ পূৰ্বেই সোলকাই বা আঁতৰাই লোৱাৰ ব্যৱস্থা কৰিব লাগে।

গ) ঘৰুৱা বিসৰ্জন: সৰু মূৰ্তি হ’লে ঘৰৰে কোনো পুখুৰী বা সৰু পাত্ৰৰ পানীত বিসৰ্জন দি সেই পানী গছৰ গুৰিত দিব পাৰি। তেতিয়া এক গুলীত দুই চিকাৰ কৰাৰ সদৃশ হ'ব।

ঘ) সচেতনতা বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ : পূজা কমিটিসমূহৰ মাজত পৰিৱেশ সুৰক্ষাৰ বাবে পূজা আৰম্ভৰ প্ৰাকমুহূৰ্তত সজাগতা সভা অনুষ্ঠিত কৰিব লাগে। 

      সামৰণিত কও - মা দুৰ্গা হ’ল শক্তি আৰু প্ৰকৃতিৰ প্ৰতীক। যি গৰাকী দেৱীয়ে আমাক ধৰিত্ৰী ৰক্ষাৰ শিক্ষা দিয়ে, তেওঁৰ বিদায়ৰ নামত প্ৰকৃতিক প্ৰদূষিত কৰাটো কেতিয়াও ধৰ্ম সন্মত হ’ব নোৱাৰে। উৎসৱৰ আনন্দ তেতিয়াহে সাৰ্থক হ’ব, যেতিয়া আমাৰ ভক্তি আৰু পৰিৱেশ সচেতনতা একেলগে আগবাঢ়িব। আহক, এইবাৰৰ বিজয়া দশমীত আমি সংকল্প লওঁ— মা দুৰ্গাক গধুৰ মনেৰে বিদায় দিয়াৰ লগতে আমাৰ নদী আৰু পৰিৱেশকো সুৰক্ষিত কৰি ৰাখিম। 'শুভ বিজয়া' কেৱল শুভেচ্ছা নহয়, ই হওক এক নিকা আৰু সেউজ পৃথিৱীৰ সংকল্প।




প্ৰৱন্ধটো পঢ়ি চোৱাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ। ভাল লাগিলে Comment আৰু Share কৰি উৎসাহিত কৰিব 🔥 🔥 🙏 
    

মঙ্গলবার, ২০ অক্টোবর, ২০২৬

ছচিয়েল মিডিয়াৰ প্ৰভাৱ: আধুনিক সমাজৰ এক নতুন প্ৰত্যাহ্বান আৰু সম্ভাৱনা। Impact of Social Media: A New Challenge and Opportunity for Modern Society

ছচিয়েল মিডিয়াৰ প্ৰভাৱ: আধুনিক সমাজৰ এক নতুন প্ৰত্যাহ্বান আৰু সম্ভাৱনা


       ফটোখন AI জৰিয়তে বনোৱা হৈছে 

         একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগান্তকাৰী আৱিষ্কাৰসমূহৰ ভিতৰত ‘ছচিয়েল মিডিয়া’ বা ‘সামাজিক মাধ্যম’ অন্যতম হিচাপে পৰিগণিত। ই এনে এক ডিজিটেল প্লেটফৰ্ম, যিয়ে সমগ্ৰ বিশ্বকে এটা সৰু কোঠাত আবদ্ধ কৰি পেলাবলৈ সক্ষম হৈছে । ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, এক্স (পূৰ্বৰ নাম টুইটাৰ), ইউটিউব আদিৰ দৰে মাধ্যমসমূহে আজি আমাৰ দৈনন্দিন জীৱনক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ লৈছে । মানুহৰ যোগাযোগ ব্যৱস্থা ক্ষিপ্ৰ কৰাৰ পৰা আৰম্ভ কৰি জ্ঞানৰ আদান-প্ৰদানলৈকে ছচিয়েল মিডিয়াই এক ডাঙৰ বিপ্লৱৰ সূচনা কৰিছে। কিন্তু একে সময়তে, ইয়াৰ অতিৰিক্ত ব্যৱহাৰে মানৱ সমাজ, বিশেষকৈ যুৱ প্ৰজন্মৰ ওপৰত গভীৰ নেতিবাচক প্ৰভাৱো যে পেলাইছে সেয়া সৰ্বজনবিদিত।

             ইণ্টাৰনেটৰ প্ৰসাৰৰ লগে লগে ছচিয়েল মিডিয়াৰ যাত্ৰা আৰম্ভ হৈছিল। স্মাৰ্টফোন সৃষ্টিৰ প্ৰথম অৱস্থাত কেৱল এজন ব্যক্তিয়ে আন এজনৰ সৈতে বাৰ্তালাপ কৰাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত ই কেৱল বাৰ্তালাপৰ মাধ্যম হৈ থকা নাই ; ই এতিয়া সংবাদ প্ৰেৰণ, ব্যৱসায়-বাণিজ্য, বিনোদন, শিক্ষা আৰু জনমত গঠনৰ আটাইতকৈ শক্তিশালী মঞ্চ হৈ পৰিছে। ভাৰত আৰু অসমৰ দৰে অঞ্চলসমূহৰ চুকে-কোণে এতিয়া স্মাৰ্টফোন আৰু সস্তা ইণ্টাৰনেট সেৱা উপলব্ধ হোৱাৰ বাবে সমাজৰ অতি দুখীয়া শ্ৰেণীটোৰ পৰা উচ্চ শ্ৰেণীলৈকে সকলোৱে ইয়াৰ সৈতে সাঙোৰ খাই পৰিছে।

           ছচিয়েল মিডিয়াৰ ইতিবাচক দিশসমূহক আমি অস্বীকাৰ কৰিব নোৱাৰো। ই সমাজলৈ অনা কিছুমান অন্যতম গুৰুত্বপূৰ্ণ পৰিৱৰ্তনে সকলোকে ভাবিবলৈ বাধ্য কৰিছে । বিশেষকৈ যোগাযোগৰ সৰলীকৰণ,শিক্ষা আৰু জ্ঞানৰ প্ৰসাৰ, প্ৰতিভা বিকাশৰ মঞ্চ, অৰ্থনৈতিক আৰু ব্যৱসায়িক সুবিধা, সচেতনতা বৃদ্ধি আৰু মানৱীয় সহায় আদি দিশত অভূতপূৰ্ব প্ৰভাৱে মানুহক যথেষ্ট সকাহ প্ৰদান কৰিছে। তলত প্ৰতিটোৰে সংক্ষিপ্ত আলোচনা আগবঢ়োৱা হ'ল: 


👉 যোগাযোগৰ সৰলীকৰণ: বিশ্বৰ যিকোনো প্ৰান্তত থকা বন্ধু-বান্ধৱ বা আত্মীয়ৰ সৈতে মুহূৰ্তৰ ভিতৰতে সংযোগ স্থাপন কৰিব পৰা হৈছে মোবাইল ফোনৰ জৰিয়তে। খুব কম খৰচতে ভিডিঅ' কল বা মেচেজৰ জৰিয়তে মানুহ বহুত ওচৰ চাপি আহি যোগাযোগ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে।

👉শিক্ষা আৰু জ্ঞানৰ প্ৰসাৰ: শিক্ষাৰ্থীসকলৰ বাবে ছচিয়েল মিডিয়া এতিয়া এক ডাঙৰ পুথিভঁৰাল। ইউটিউব বা বিভিন্ন শিক্ষামূলক ফেচবুক গ্ৰুপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে বহি কঠিন বিষয়সমূহ সহজকৈ শিকিব পাৰিছে। অসমৰ দৰে ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলেও এতিয়া দেশ-বিদেশৰ উন্নত শিক্ষাৰ আভাস পাবলৈ সক্ষম হৈছে।

👉প্ৰতিভা বিকাশৰ মঞ্চ: পূৰ্বতে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ মানুহক কোনো ডাঙৰ সুযোগ বা মাধ্যমৰ প্ৰয়োজন হৈছিল। কিন্তু এতিয়া ইউটিউব, ইনষ্টাগ্ৰাম ৰিলছ আদিৰ জৰিয়তে গাঁৱৰ অতি সাধাৰণ ল’ৰা-ছোৱালীয়েও নিজৰ গান, নাচ, অভিনয় বা ছবি অঁকাৰ প্ৰতিভা দেখুৱাই বিশ্বজুৰি পৰিচিত হ’বলৈ সক্ষম হৈছে।

👉অৰ্থনৈতিক আৰু ব্যৱসায়িক সুবিধা: ছচিয়েল মিডিয়াৰ জৰিয়তে ‘ডিজিটেল মাৰ্কেটিং’ বা অনলাইন ব্যৱসায় বহুত বৃদ্ধি পাইছে। বহুতো থলুৱা অসমীয়া উদ্যোগী, যেনে— মুগা-পাটৰ কাপোৰৰ ব্যৱসায়ী, থলুৱা খাদ্য প্ৰস্তুতকৰ্তা আদিয়ে ঘৰতে বহি ছচিয়েল মিডিয়াৰ জৰিয়তে গ্ৰাহক বিচাৰি পাইছে আৰু স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে।

👉সচেতনতা বৃদ্ধি আৰু মানৱীয় সহায়: দেশত বা ৰাজ্যত কিবা জৰুৰীকালীন পৰিস্থিতি হ’লে ছচিয়েল মিডিয়াই ক্ষিপ্ৰতাৰে কাম কৰে। উদাহৰণস্বৰূপে, অসমৰ বানপানীৰ সময়ত সাহায্য সামগ্ৰী যোগান ধৰা, কোনো দুখীয়া ৰোগীক চিকিৎসাৰ বাবে আৰ্থিক সহায় কৰা আদি ক্ষেত্ৰত ছচিয়েল মিডিয়াৰ জৰিয়তে পুঁজি সংগ্ৰহ (Crowdfunding) কৰা সহজ হৈ পৰিছে। যিটোৱে বৰ্তমান সময়ত অলেখ লোকৰ বিপদ অতি সহজে মোচন হোৱাত সহায় হৈছে।

       ছচিয়েল মিডিয়াৰ ইতিবাচক প্ৰভাৱৰ লগে লগে নেতিবাচক প্ৰভাৱ বা কু-প্ৰভাৱো যে পৰিছে সেয়া সহজে অনুমেয়। যিহেতু সু-প্ৰভাৱ আৰু কু-প্ৰভাৱ হ'ল এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠিৰ দৰে। গতিকে ছচিয়েল মিডিয়াৰো কিছুমান ভয়ানক কুপ্ৰভাৱ সমাজত দেখিবলৈ পোৱা গৈছে। বিশেষকৈ মানসিক স্বাস্থ্যৰ অৱনতি, সময়ৰ অপচয় আৰু আসক্তি বৃদ্ধি, উৰাবাতৰি আৰু ভুৱা বাতৰিৰ (Fake News) প্ৰসাৰ, চাইবাৰ অপৰাধ (Cyber Crime) বৃদ্ধি, সামাজিক আৰু পাৰিবাৰিক দূৰত্বৰ বৃদ্ধি, সহজতে পোৱাৰ বাবে পৰিশ্ৰম কৰিব ত্যাগ কৰা আদিৰ দৰে এশ এবুৰি সমস্যাৰে সমাজক ভাৰাক্ৰান্ত কৰা পৰিলক্ষিত হৈছে। তলত কিছু বহলকৈ আলোচনা আগবঢ়োৱা হৈছে :


👉মানসিক স্বাস্থ্যৰ অৱনতি: ছচিয়েল মিডিয়াত মানুহে সাধাৰণতে নিজৰ জীৱনৰ কেৱল ভাল বা সুখী মুহূৰ্তবোৰহে শ্বেয়াৰ কৰে। ইয়াক দেখি বহু যুৱক-যুৱতী নিজৰ জীৱনক লৈ হীনমন্যতাত ভোগে। লাইক (Like) আৰু কমেণ্ট (Comment) পাবলৈ কৰা তীব্ৰ প্ৰতিযোগিতাই মানসিক চাপ, হতাশা (Depression) আৰু নিসংগতা বৃদ্ধি কৰাত প্ৰভূত প্ৰভাৱ বিস্তাৰ কৰাত অৰিহণা যোগাইছে।

👉সময়ৰ অপচয় আৰু আসক্তি: বৰ্তমান সময়ত 'ছচিয়েল মিডিয়া এডিকচন' বা আসক্তি এক ডাঙৰ ব্যাধি হৈ পৰিছে বুলি ক'লেও অত্যুক্তি কৰা নহয়। ঘণ্টা ঘণ্টা ধৰি ৰিলছ বা চুটি ভিডিঅ' স্ক্ৰ’ল কৰি থকাৰ ফলত বিশেষকৈ শিক্ষাৰ্থীৰ পঢ়া-শুনাত অত্যন্ত প্ৰভাৱ পৰা পৰিলক্ষিত হয়। যাৰ ফলত শিক্ষাৰ্থীৰ মনোযোগ কমিছে, ধ্যান কমিছে, পঢ়াৰ প্ৰতি আগ্ৰহ হ্ৰাস পাইছে আৰু একেদৰে কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো কৰ্মক্ষমতা হ্ৰাস পোৱাৰ উমান পোৱা গৈছে।

👉উৰাবাতৰি আৰু ভুৱা বাতৰি (Fake News) প্ৰসাৰ: ছচিয়েল মিডিয়াৰ আটাইতকৈ বিপদজনক দিশটো হ’ল উৰাবাতৰিৰ ক্ষিপ্ৰ প্ৰসাৰ। যিকোনো ভুৱা তথ্য নিশ্চিত নকৰাকৈ শ্বেয়াৰ কৰাৰ ফলত সমাজত সাম্প্ৰদায়িক অশান্তি, হিংসা আৰু বিশৃংখলতাৰ সৃষ্টি হয়। আনকি ই কাৰোবাৰ ব্যক্তিগত জীৱন ধ্বংস কৰি পেলোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। কেইটামান লাইক, কমেণ্ট, চেয়াৰ পোৱাৰ মানসিকতাই সমাজত বিৰোপ মনোভাৱৰ সৃষ্টিত, সমাজৰ শান্তি শৃংখলাত ব্যাঘাত জন্মোৱাত বাৰুকৈয়ে অৰিহণা আগবঢ়াইছে।

👉চাইবাৰ অপৰাধ (Cyber Crime): ফেক একাউণ্ট খোলা, কাৰোবাৰ ফটো বিকৃত কৰা (Morphing), ব্লেকমেইলিং কৰা আৰু অনলাইন ধন প্ৰৱঞ্চনা আদি ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । বিশেষকৈ মহিলা আৰু কিশোৰীসকল ইয়াৰ চিকাৰ বেছিকৈ হোৱা দেখা যায়। 

👉সামাজিক আৰু পাৰিবাৰিক দূৰত্ব: একোটা পৰিয়ালৰ একেটা কোঠাতে বহি থকা ৪ জন সদস্যই যদি নিজৰ নিজৰ মোবাইলত ছচিয়েল মিডিয়া ব্যৱহাৰ কৰি থাকে, তেন্তে তেওঁলোকৰ মাজত প্ৰকৃত কথা-বতৰা বন্ধ হৈ পৰে। ই পাৰিবাৰিক সম্পৰ্কবোৰ দুৰ্বল কৰি তুলিছে। মানুহ বাস্তৱ সমাজখনতকৈ আৱেগহীনভাৱে ভাৰ্চুৱেল সমাজতহে বেছি ব্যস্ত হৈ পৰিছে যাৰ ফলত সমাজত অকৃত্ৰিম সম্পৰ্ক হেৰাই গৈছে।
          গতিকে দেখা যায়,অসমৰ সমাজ জীৱনত ছচিয়েল মিডিয়াৰ প্ৰভাৱ অত্যন্ত গুৰুত্বপূৰ্ণ। ইতিবাচক দিশত, ই অসমীয়া ভাষা, জাতীয় সাজ-পাৰ আৰু সংস্কৃতিৰ বিশ্বায়নত সহায় কৰিছে। বিহু বা অন্যান্য লোক-সংস্কৃতি আজি ছচিয়েল মিডিয়াৰ বাবেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হৈছে। কিন্তু ঋণাত্মক দিশত, ইয়াৰ ফলত সমাজত অসহিষ্ণুতা বৃদ্ধি পাইছে। কোনো এটা সৰু ইছ্যু লৈ ছচিয়েল মিডিয়াত হোৱা ‘ট্ৰ’ল’ (Troll) বা কটু সমালোচনাৰ সংস্কৃতিয়ে অসমীয়া সমাজৰ পৰম্পৰাগত কৃষ্টি আৰু মৰ্যাদা হানি কৰাত প্ৰভাৱ বিস্তাৰ কৰিছে। সৰু ল'ৰা-ছোৱালীয়ে কিতাপ পঢ়া বা খেলপথাৰলৈ যোৱাৰ পৰিৱৰ্তে মোবাইল স্ক্ৰিনত আৱদ্ধ হৈ পৰিছে, যিয়ে ভৱিষ্যত প্ৰজন্মৰ শাৰীৰিক আৰু বৌদ্ধিক বিকাশত বাধাৰ সৃষ্টি কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিছে।
        ছচিয়েল মিডিয়াৰ কুফলৰ পৰা হাত সাৰিবলৈ হ’লে ইয়াক সম্পূৰ্ণ বন্ধ কৰাটো কোনো সমাধান নহয়, বৰঞ্চ ইয়াৰ নিয়ন্ত্ৰিত আৰু সচেতন ব্যৱহাৰহে একমাত্ৰ উপায়। ইয়াৰ বাবে তলৰ পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰি:

👉ডিজিটেল ডিটক্স (Digital Detox): দিনটোৰ এটা নিৰ্দিষ্ট সময় (যেনে— পঢ়া সময়ত বা ভাত খোৱাৰ সময়ত) মোবাইল বা ছচিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ অভ্যাস কৰিব লাগে। তদুপৰি অপ্ৰয়োজনীয় ভিডিঅ' বা আন দৃশ্য চোৱাৰ পৰা বিৰত থাকি সময়ৰ অপচয় ৰোধ কৰিব পাৰি।

👉অভিভাৱকৰ সচেতন দৃষ্টি : শিশু আৰু কিশোৰ-কিশোৰীসকলে ইণ্টাৰনেটত কি চাই আছে বা ছচিয়েল মিডিয়াত কাৰ সৈতে কথা পাতিছে, তাৰ ওপৰত পিতৃ-মাতৃয়ে নজৰ ৰাখিব লাগে। তাৰোপৰি পৰাপক্ষত খুব কম সময়ৰ বাবে ল'ৰা ছোৱালীক মোবাইল ব্যৱহাৰ কৰিবলৈ দিব লাগে। পঢ়াৰ বিভিন্ন বিষয় বস্তু বিচৰাৰ ক্ষেত্ৰত মাক দেউতাকে সহায় কৰি আন বিষয়ৰ পৰা মনোযোগ আঁতৰাই আনিব পাৰি।

👉তথ্যৰ সত্যতা নিৰূপণ: যিকোনো বাতৰি বা পোষ্ট শ্বেয়াৰ কৰাৰ আগতে ই সঁচা নে মিছা, সেইয়া পৰীক্ষা কৰা অতি জৰুৰী। উৰাবাতৰি বিয়পোৱাৰ পৰা বিৰত থাকিব লাগে। বিশেষকৈ AI জৰিয়তে বনোৱা ভিডিঅ' সমূহ বা কেপচন সমূহ চিন্তা নকৰাকৈ, প্ৰকৃত তথ্য নজনাকৈ সঁচা বুলি ভবাটো আমাৰ অতি মুৰ্খামিৰে পৰিচয়, নহয় নে ?

👉আইনৰ কঠোৰ প্ৰয়োগ: চাইবাৰ অপৰাধ ৰোধ কৰিবলৈ চৰকাৰে আইনসমূহ অধিক কঠোৰ কৰিব লাগে আৰু ভুক্তভোগীসকলে পলম নকৰি চাইবাৰ চেলৰ সহায় ল’ব লাগে।

      সামৰণিত ক'ব খুজোঁ, আমি যুগৰ সৈতে মিলিবই লাগিব। কাৰণ মিলিব লাগিব মিলাব লাগিব জিন যাবলৈ হ'লে। অতীজৰ পয়াঁলগা যোগাযোগ ব্যৱস্থাৰ পৰা আহি এতিয়া আমি উন্নত প্ৰযুক্তিৰ যুগত ভৰি থৈছোঁ। উন্নত প্ৰযুক্তিৰ যুগৰ পৰা কোনেনো ঘূৰি যাবলৈ চেষ্টা কৰিব ! 
        
      বৰ্তমান সময়ত ছচিয়েল মিডিয়া হৈছে বিজ্ঞানৰ এনে এটা সঁজুলি, যাক আলাদিনৰ চাকিৰ সৈতে তুলনা কৰিব পাৰি। ইয়াক আমি কেনেকৈ ব্যৱহাৰ কৰিম, সেয়া আমাৰ ওপৰতে নিৰ্ভৰ কৰে। ই আমাক জ্ঞান আৰু সুযোগৰ সাগৰ দিব পাৰে, আকৌ সঠিকভাৱে ব্যৱহাৰ নকৰিলে আমাৰ মানসিক আৰু সামাজিক অধঃপতনো আনিব পাৰে। আমি ছচিয়েল মিডিয়াক জীৱনৰ এটা ‘অংশ’ কৰিব লাগে, কিন্তু তাক সমগ্ৰ ‘জীৱন’ হ’বলৈ দিব নালাগে। নতুন প্ৰজন্মই ইয়াৰ সৃষ্টিশীল আৰু ধনাত্মক ব্যৱহাৰ কৰিলেহে এখন সুস্থ আৰু প্ৰগতিশীল সমাজ গঢ়ি তোলাটো সম্ভৱ হৈ উঠিব।




প্ৰৱন্ধটো পঢ়ি চোৱাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভাল লাগিলে Comment আৰু Share কৰি উৎসাহিত কৰিব।🙏

শনিবার, ১৭ অক্টোবর, ২০২৬

ডিজিটেল ইণ্ডিয়া আৰু গ্ৰাম্য অৰ্থনীতি: সপোনৰ পৰা সমৃদ্ধিলৈ | Digital India and Rural Economy: From Dreams to Prosperity

ডিজিটেল ইণ্ডিয়া আৰু গ্ৰাম্য অৰ্থনীতি: সপোনৰ পৰা সমৃদ্ধিলৈ 


    ডিজিটেল ইণ্ডিয়া আৰু গ্ৰাম্য অৰ্থনীতিৰ দৃশ্য 

        ভাৰতবৰ্ষ হৈছে মূলতঃ গ্ৰাম প্ৰধান দেশ আৰু ইয়াৰ সামগ্ৰিক বিকাশ তেতিয়াহে সম্ভৱ, যেতিয়া দেশৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ’ব। পূৰ্বতে চহৰ আৰু গাঁৱৰ মাজত এক বৃহৎ প্ৰযুক্তিগত আৰু অৰ্থনৈতিক ব্যৱধান আছিল, যাৰ ফলত গ্ৰাম্য অঞ্চলসমূহ আধুনিক উন্নয়নৰ পৰা বঞ্চিত হৈ ৰৈছিল। এই ব্যৱধান দূৰ কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে আৰম্ভ কৰা ‘ডিজিটেল ইণ্ডিয়া’ অভিযানে দেশৰ লগতে অসমৰো গ্ৰাম্য অৰ্থনীতিলৈ এক অভূতপূৰ্ব জোৱাৰ আনিছে। ইণ্টাৰনেটৰ দ্ৰুত প্ৰসাৰ, অতি সস্তা মূল্যত স্মাৰ্টফোনৰ উপলব্ধতা আৰু বিভিন্ন চৰকাৰী ডিজিটেল সেৱাসমূহে গ্ৰাম্য সমাজখনক এক নতুন মাত্ৰা প্ৰদান কৰিছে। পৰম্পৰাগত কৃষিপদ্ধতি আৰু পিছপৰা অৰ্থনৈতিক ব্যৱস্থাৰ পৰা ওলাই আহি আজিৰ গ্ৰাম্য সমাজে এক ডিজিটেল অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে।
এই ডিজিটেল বিপ্লৱৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে কৃষি খণ্ডত। কৃষি হৈছে গ্ৰাম্য অৰ্থনীতিৰ মূল মেৰুদণ্ডস্বৰূপ। পূৰ্বতে কৃষকসকলে বতৰৰ সঠিক আগজাননী নোপোৱাৰ বাবে বা মাটিৰ গুণাগুণ সঠিকভাৱে বুজিব নোৱাৰাৰ বাবে প্ৰতি বছৰে লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু বৰ্তমান সময়ত মোবাইল এপ্লিকেচন আৰু ডিজিটেল পৰ্টেলৰ জৰিয়তে কৃষকসকলে ঘৰতে বহি বতৰৰ খবৰ, উন্নত বীজৰ তথ্য আৰু কীট-পতংগ নিয়ন্ত্ৰণৰ উপায় সহজতে লাভ কৰিব সক্ষম হৈছে । কেৱল সেয়াই নহয়, ই-নামৰ দৰে ৰাষ্ট্ৰীয় কৃষি বজাৰ অনলাইন প্লেটফৰ্মৰ জৰিয়তে কৃষকসকলে এতিয়া কোনো মধ্যভোগী বা দালালৰ সহায় নোলোৱাকৈ নিজৰ উৎপাদিত ফচলৰ সঠিক আৰু সৰ্বোচ্চ মূল্য পোনপটীয়াকৈ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ফলত গ্ৰাম্য কৃষকসকলৰ আয় বৃদ্ধি পাইছে আৰু তেওঁলোক আৰ্থিকভাৱে স্বাৱলম্বী হৈ উঠিছে।
কৃষিৰ সমান্তৰালভাৱে গ্ৰাম্য বেংকিং আৰু বিত্তীয় খণ্ডতো ডিজিটেল প্ৰযুক্তিয়ে এক আমূল পৰিৱৰ্তন সাধন কৰিছে। পূৰ্বতে গাঁৱৰ মানুহে বেংকৰ এটি সৰু কামৰ বাবেও গোটেই দিনটো খৰচ কৰি চহৰলৈ যাবলগীয়া হৈছিল। এতিয়া ইউ.পি.আই. আৰু বিভিন্ন ডিজিটেল লেনদেন মাধ্যমে বেংক সেৱাক প্ৰতিজন গ্ৰাম্য নাগৰিকৰ হাতৰ মুঠিত সুমুৱাই দিছে। অসমৰ অতি ভিতৰুৱা গাঁৱৰ বা চাহ বাগিচাৰ সৰু দোকানীবোৰেও এতিয়া নগদ ধন অবিহনে ডিজিটেল মাধ্যমেৰে ব্যৱসায় চলাই আছে। 

            তদুপৰি গাঁৱে গাঁৱে থকা উমৈহতীয়া সেৱা কেন্দ্ৰসমূহে বৃদ্ধ পেঞ্চন বা চৰকাৰী সাহায্য আদি আঙুলিৰ চাপ বা বায়'মেট্ৰিক ফিংগাৰপ্ৰিন্ট (Fingerprint) ব্যৱহাৰ কৰি থিতাতে উলিয়াই দিয়াত সহায় কৰিছে, যাৰ ফলত সাধাৰণ ৰাইজৰ সময় আৰু ধন দুয়োটাই ৰাহি হৈছে।

          ডিজিটেল ইণ্ডিয়াৰ আন এক ডাঙৰ সফলতা হ’ল চৰকাৰী আঁচনিৰ ধন পোনপটীয়া হস্তান্তৰ প্ৰক্ৰিয়া। পি.এম. কিষাণ আঁচনি বা অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ দৰে কল্যাণকামী আঁচনিৰ ধন এতিয়া হিতাধিকাৰীৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ দিব পৰা গৈছে। নগদ ধনৰ অপব্যৱহাৰ ৰোধ হৈছে। ইয়াৰ ফলত পূৰ্বৰ দুৰ্নীতি আৰু মধ্যভোগীৰ শোষণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে, যাৰ ফলত গ্ৰাম্য দৰিদ্ৰ পৰিয়ালসমূহৰ ক্ৰয় ক্ষমতা বহুত বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি হৈছে। একেদৰে ই-কমাৰ্চ প্লেটফৰ্ম আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে অসমৰ থলুৱা হস্তশিল্প, যেনে মুগা-পাটৰ কাপোৰ বা বাঁহ-বেতৰ সামগ্ৰীসমূহ এতিয়া বিশ্বৰ বজাৰত বিক্ৰী হ’বলৈ ধৰিছে। গাঁৱৰ মহিলা আত্মসহায়ক গোটসমূহে ঘৰতে বহি নিজৰ সামগ্ৰী অনলাইনৰ জৰিয়তে পোনপটীয়াকৈ গ্ৰাহকৰ ওচৰলৈ পঠিয়াই দিব পাৰিছে, যিয়ে মহিলা সবলীকৰণত এক ডাঙৰ ভূমিকা লৈছে।
অৱশ্যে এই সকলো ধনাত্মক দিশৰ মাজতো কিছুমান প্ৰত্যাহ্বান এতিয়াও বৰ্তি আছে। গ্ৰাম্য অঞ্চলৰ এক বৃহৎ সংখ্যক বয়োজ্যেষ্ঠ বা অশিক্ষিত লোকে আজিও ডিজিটেল লেনদেন কৰিব নাজানে, যাৰ বাবে তেওঁলোক চাইবাৰ প্ৰৱঞ্চনাৰ চিকাৰ হোৱাৰ সম্ভাৱনাই অধিক। তদুপৰি অসমৰ পাহাৰীয়া অঞ্চল বা চৰ-চাপৰিসমূহত এতিয়াও নেটৱৰ্কৰ গতি লেহেমীয়া আৰু সঘনাই বিদ্যুৎ কৰ্তন হোৱাৰ বাবে ডিজিটেল সেৱাসমূহ ব্যাহত হয়। এই হেঙাৰসমূহ দূৰ কৰিবলৈ চৰকাৰে গাঁৱে গাঁৱে ডিজিটেল সাক্ষৰতা অভিযান তীব্ৰতৰ কৰাৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি যেনে ৫জি নেটৱৰ্ক আৰু নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান নিশ্চিত কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।        
       পৰিশেষত ক’ব পাৰি যে, উপৰোক্ত প্ৰত্যাহ্বানসমূহ নেওচি যদি আমি সঠিক দিশত আগবাঢ়ো, তেন্তে ডিজিটেল ইণ্ডিয়াই অনাগত দিনত অসম তথা সমগ্ৰ ভাৰতৰে গ্ৰাম্য অৰ্থনীতিক বিশ্বৰ ভিতৰতে এক অন্যতম শক্তিশালী অৰ্থনীতি হিচাপে থিয় কৰোৱাব সক্ষম হ'ব। আমি সেই দিনটোৰ বাবে সদায় আশাৰে বাট চাই ৰম।




প্ৰৱন্ধটো পঢ়ি চোৱাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ। ভাল লাগিলে Comment আৰু Share কৰি উৎসাহিত কৰিব বুলি আশা কৰিলোঁ 🙏

Featured post

Green Dipawali কি ? ফটকা নহয়, চাকিৰে আলোকিত কৰক

Green Diwali - ফটকা নহয়, চাকিৰে পোহৰাওক                                        Green Dipawali ৰ নমুনা চিত্ৰ। দীপাৱলী মানে পোহৰৰ...

Popular posts