Showing posts with label 188 বিদ্যালয়ত বগা ঐক্য সাঁজ হেৰাই যাব নেকি ?. Show all posts
Showing posts with label 188 বিদ্যালয়ত বগা ঐক্য সাঁজ হেৰাই যাব নেকি ?. Show all posts

Saturday, February 26, 2022

বিদ্যালয়ত বগা ঐক্য সাঁজ হেৰাই যাব নেকি ? Will white uniform be lost in school ?

বিদ্যালয়ত বগা ঐক্য সাঁজ হেৰাই যাব নেকি ? Will white uniforms be lost in school ? 

বগা ৰঙৰ অৰ্থ , নীলা ৰঙৰ অৰ্থ আৰু হালধীয়া ৰঙৰ অৰ্থ কি ? জানেনে আপুনি ? আহক জানি লও --




বিদ্যালয়ত বগা ঐক্য সাঁজ হেৰাই যাব নেকি ? বহু ইতিহাস বহন কৰা বগা ঐক্য সাঁজ বিদ্যালয়ৰ পৰা প্ৰায় আঁতৰাই পেলোৱা পৰিলক্ষিত হৈছে। বগাৰ সলনি বৰ্তমান সময়ত নীলা ৰঙ আৰু হালধীয়া ৰঙৰ ঐক্য সাঁজ চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালীক দিয়া হৈছে। বিদ্যালয়ত প্ৰয়োভৰ হ'ল ৰঙা আৰু হালধীয়া।

বগা ৰঙৰ অৰ্থ হৈছে সত্য, সততা , বিশুদ্ধতা, নিষ্পাপতা, সম্পূৰ্ণতা আৰু সম্পূৰ্ণতা।

    বগা ৰংটো সাধাৰণতে আটাইতকৈ সম্পূৰ্ণ আৰু বিশুদ্ধ ৰঙ । ইয়াক নিখুঁততাৰ ৰং হিচাপে বিবেচিত কৰা হয় । বগাৰ মানসিক অৰ্থ হৈছে বিশুদ্ধতা, নিষ্পাপতা, সম্পূৰ্ণতা আৰু সম্পূৰ্ণতা।
    ৰঙৰ মনোবিজ্ঞানৰ মতে বগা হৈছে নতুন আৰম্ভণিৰ ৰং । বগা ৰঙে ইন্দ্ৰিয়বোৰক উদ্দীপিত নকৰে, ই মনটোৱে গ্ৰহণ কৰিব পৰা যিকোনো বস্তু সৃষ্টিকৰাৰ পথ মুকলি কৰে। শান্তিৰ প্ৰতীক হৈছে বগা ৰং। এনেও বগা ৰঙৰ কাপোৰ পিন্ধা মানুহক সুন্দৰ দেখাই আৰু মানুহজনৰ গাম্ভীয্যতা প্ৰকাশ পায়। অতীজৰে পৰা আমাৰ সমাজত বগা ৰঙৰ প্ৰতি আদৰ বেছি। শিক্ষক সকলৰ মাজতো বগা ৰঙৰ প্ৰাধান্যতা আছিল। তেতিয়া শিক্ষক সকলে বগা কামিজ আৰু বগা চুৰীয়া পিন্ধি বিদ্যালয়লৈ গৈছিল। এই অভ্যাসে নিজৰ লগতে সমাজৰ আৰু জাতিৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰতো অৰিহণা যোগাইছিল। 

বগা চাৰ্ট আৰু নীলা হাফ পেন্টেৰে শাৰী শাৰী ছাত্ৰ ছাত্ৰীসকলক সুন্দৰ দেখাইছিল। ছাত্ৰ-ছাত্ৰী সকলে বগা সাঁজৰ পৰা কিছুমান কথা শিকিবলৈ সক্ষম হৈছিল। যেনে - বগা সাঁজ সহজে মলিয়ন হৈছিল। সেয়ে কেনেকৈ লেতেৰা নোহোৱাকৈ পিন্ধিব পাৰি সেই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকল সজাগ হ'বলৈ শিকিছিল। এযোৰ পোছাক অন্ততঃ তিনিটা দিন সহজে সিহঁতে পিন্ধিব পাৰিছিল। এনে ধৰণৰ সৰু সৰু কথাবোৰৰ প্ৰতি তেওঁলোককক সচেতন হ'বলৈ বগা সাঁজে অনুপ্ৰাণিত কৰিছিল।

পৰিবৰ্তিত সময়ৰ সৈতে খাপ খাবলৈ বা ব্যক্তিগত বিদ্যালয়ৰ সৈতে ফেৰ মাৰিবলৈ নতুবা বিদ্যালয়ত পৰিৱৰ্তন অনাৰ মানসেৰে এতিয়া বগা ৰঙৰ ঠাই অধিগ্ৰহণ কৰিলে নীলা আৰু হালধীয়াই। 

নীলাৰ অৰ্থ হৈছে - বিশ্বাস, দায়িত্ব, সততা আৰু আনুগত্য।

      এই ৰং সংৰক্ষিত আৰু শান্ত । ই হুলস্থুল বা মনোযোগ আকৰ্ষণ কৰাৰ বিৰুদ্ধ । এই ৰঙে সংঘৰ্ষক ঘৃণা কৰে কিন্তু কামবোৰ নিজৰ ধৰণে কৰিব বিচাৰে। ৰঙৰ মনোবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা নীলা হৈছে নিৰ্ভৰযোগ্য আৰু দায়বদ্ধ ৰং । এই ৰঙে মানুহৰ আভ্যন্তৰীণ সুৰক্ষা আৰু আত্মবিশ্বাস প্ৰদৰ্শন কৰাত সহায় কৰে। মানুহৰ মনত নীলা ৰঙে শান্ততা, শিথিলতা আৰু শৃংখলাৰ অনুভূতি সৃষ্টি কৰে । যেনে - যদি আপুনি উজ্জ্বল নীলা আকাশৰ ফালে চাই শুই থাকে তেন্তে আপুনি নিশ্চিতভাৱে শান্তি অনুভৱ কৰিব। অৰ্থাৎ যিমানেই নীলা হ'ব, সিমানেই আমি স্বাতীনতা অনুভৱ কৰোঁ। নীলা ৰঙে বিশেষকৈ আদৰ্শবাদীতাকো প্ৰতিনিধিত্ব কৰে। আত্মপ্ৰকাশ বৃদ্ধি কৰা, প্ৰয়োজনীয়তা বোৰ আজুৰি অনাৰ ক্ষেত্ৰত নীলা ৰঙে আমাক ধৈৰ্য্য প্ৰদান কৰে। এই ৰঙে উচ্চ আদৰ্শক অনুপ্ৰাণিত কৰে। নীলা ৰঙক আত্মা, ভক্তি আৰু আধ্যাত্মিক অধ্যয়নৰ ৰং বুলিও কোৱা হয়। তদুপৰি এই ৰঙে বিশ্বাসযোগ্যতাকো প্ৰতিপন্ন কৰে। সম্পৰ্ক সুদৃঢ় কৰাত নীলা ৰঙে সহায় কৰে। নীলা সকলোৰে গ্ৰহণযোগ্য আৰু সাৰ্বজনীন ভাৱে পছন্দ কৰা ৰং। কাৰণ এই ৰং সুৰক্ষিত আৰু ভাবুকিবিহীন । গতিকে ৰংৰ অৰ্থগত দিশৰ পৰা ফঁহিয়াই চালে নীলা ৰঙ বিদ্যালয়ৰ লগত জড়িত কৰাটো ভাল পদক্ষেপ বুলি গণ্য কৰিব পাৰি।

দ্বিতীয় ৰংটো হৈছে হালধীয়া। 

হালধীয়াৰ অৰ্থ হৈছে চিন্তা, অনুসন্ধিৎসু , আশাবাদ, সৃষ্টিশীলতা আৰু আত্মবিশ্বাস। 


হালধীয়া ৰঙ বিশেষকৈ জ্ঞানৰ সৈতে সম্পৰ্কিত এটা ৰং। বৰ্ণালীৰ আটাইতকৈ পাতল ৰং হৈছে হালধীয়া। সেয়ে মানুহে এই ৰং ভাল পায়। এই ৰঙে মানুহৰ মনত আশাবাদৰ জন্ম দিয়ে। মনত সুখ, আনন্দ, প্ৰফুল্লতা আৰু আমোদ প্ৰদান কৰাত এই ৰঙৰ অৱদান আছে। আকৌ হালধীয়াই চিন্তা আৰু অনুসন্ধিৎসু মনক জগাই তোলে। নতুনত্ব সৃষ্টিত অৰিহণা যোগায়। সেয়ে বসন্ত কালত নতুনকৈ হালধীয়া পাটমাদৈ চৰাইজনী দেখিলে আমাৰ মন আনন্দত নাচি উঠে। গা-মন থৌকি-বাথৌ লাগে। হালধীয়া ফুলৰ সৰিয়হডৰা সকলোৱে ৰ' লাগি হেঁপাহ পলুৱাই চায়। 
       জীৱনৰ বাবে উৎসাহ সৃষ্টি কৰিবলৈ হালধীয়া হৈছে সৰ্বশ্ৰেষ্ঠ ৰং আৰু ই অধিক আত্মবিশ্বাস আৰু আশাবাদ জাগ্ৰত কৰিব পাৰে। হালধীয়া ৰঙে প্ৰত্যাহ্বানক ভাল পায়, বিশেষকৈ এক মানসিক প্ৰত্যাহ্বান। এনে সুন্দৰ অৰ্থৰ সমাহাৰ হোৱাৰ বাবেই হয়তো হালধীয়া বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিলে। ছাত্ৰ-ছাত্ৰীৰ শৰীৰত হালধীয়া ৰঙে জিলিকি উঠিল।


চৰকাৰী বিদ্যালয়বোৰত নীলা আৰু হালধীয়া ৰঙ পদাৰ্পন কৰা লগে লগে আমাৰ বহু ইতিহাস সমৃদ্ধ বগা ৰঙৰ প্ৰতি অনাদৰ হ'ল। হ'লেও আমাৰ মনত বগাই বহু ঠাই নিগাজিকৈ দখল কৰি আছে। সেই স্থান নীলা আৰু হালধীয়া ৰঙে পূৰ কৰিব পাৰিব নাই ক'ব নোৱাৰোঁ। কিন্তু মনত যে নষ্টালজিয়াই আমনি কৰিবহি সেয়া ধূৰূপ। অনাগত দিনত নীলা আৰু হালধীয়াই ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ ভেটি সুদৃঢ় কৰাত সহায় কৰক , অসমীয়া বিদ্যালয়সমূহত নতুনত্বই উজ্জীৱিত প্ৰদান কৰক। গভীৰ প্ৰত্যাশা আগত ৰাখি আগবাঢ়ি যোৱাৰ মানসিকতা ছাত্ৰ ছাত্ৰীসকলৰ মনত সৃষ্টি হওক তাৰেই অন্যতম কামনা। 





প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
লেখক : দুদুল সোণোৱাল। সহ শিক্ষক,
 হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।


মোৰ ইউটিউবলৈ যাবলৈ ক্লিক কৰক 
https://youtu.be/gfyYUxK7rDU

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏






 





Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts