Showing posts with label 16. সপোন ( এক মিনিটৰ গল্প). Show all posts
Showing posts with label 16. সপোন ( এক মিনিটৰ গল্প). Show all posts

Thursday, June 11, 2020

সপোন ( এক মিনিটৰ গল্প)

.... স্পীকাৰত ঘোষকে ঘোষণা কৰিছে । "আজি এই অস্হায়ী মঞ্চত উপবিষ্ট সমূহ ৰাইজে জানিলে নিশ্চয় সুখী হ'ব, এই অঞ্চলৰে যুৱক অনুৰাগক গল্ড মেডেল আৰু S.P. হিচাপে নিযুক্তি পত্ৰ প্ৰদান  কৰাৰ উদ্দেশ্যেৰে আজিৰ সভাখন আয়োজন কৰা হৈছে। সেয়ে অনুৰাগক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনালো।"  ৰুমীয়ে মৰমেৰে অনুৰাগক আন্তৰিক অভিনন্দন জনালে। আনন্দতে সি ৰুমীক সাবতি ধৰিলে। ৰুমীয়েও ...
       ..অনুৰাগৰ তৎপৰতাতে প্ৰাণজিত নামৰ দুধৰ্ষ সন্ত্ৰাসবাদীটো ধৰিবলৈ অসম আৰক্ষী সক্ষম হৈছিল।- D.G.P. ভাস্কৰ বৰ্মাই ক'লে। তেখেতে পুনৰ ক'লে-' অনুৰাগৰ কুংফুৰ কিকত প্ৰাণজিতৰ সংগী ধাৰাসায়ী হৈছিল আৰু তেনে সুযোগতে অসম পুলিচবাহিনীয়ে প্ৰাণজিতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। কেৱল এয়াই নহয় , তেওঁ বন্ধুকধাৰী সকলো সন্ত্ৰাসবাদীক কাবু কৰি অতি সাহসেৰে সিঁহতৰ গোপন ঘাটি উদ্ঘাটন কৰি অপহৃত গৃহ মন্ত্ৰীৰ তনয়াক উদ্ধাৰ কৰাত গুৰুত্ব ভূমিকা পালন কৰিছিল। গতিকে চৰকাৰৰ তৰফৰ পৰা সাহসিকতাৰ বঁটা হিচাপে 'গল্ড মেডেল ' প্ৰদান কৰা হৈছে। লগতে অসম চৰকাৰে S.P. হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰিছে।' 
       .... আহ ! কি আনন্দ সকলোৰে। দেউতাই ৰঙতে পাৰ্টিয়ে বহাই দিলে । গাঁওখনৰ প্ৰায় ভাগেই উবুৰি খাই আহিল। ছাগলী এটা মৰা হ'ল। ধুমধামেৰে আয়োজন চলিল। সকলোৱে আহি মোক অভিনন্দন জনালে। অলপ পিছতে খোৱা-বোৱা আৰম্ভ হ'ল। সকলোৱে খোৱাত মগ্ন। ময়ো খাবলৈ বহিলো। তৰকাৰী খন ই .মান ভাল হৈছে।সি ডাঙৰকৈ মাংস এডোখৰ লৈ চোবাব ধৰিলে ।আহ, কি সোৱাদ। তেনেতে........
       'ঐ বাবাটো উঠ । ফস্তিমাৰি শুই থাক। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। হেই....  হেই উঠ কৈছোঁ নহয়। গাৰুটো চেলেকি, সাবতি ফালিবা এতিয়া।' একে হেচুকতে অনুৰাগ টোপনিৰ  পৰা ধৰফৰাই উঠিল। 
     "ধ্যেৎ চাল্লা ,তাৰমানে মই ইমান সময় সপোনহে 
দেখি আছিলোঁ। ইমান সুন্দৰ সপোন আছিল। এই ৰুমী...ৰুমী বাৰু কোন আছিল ! S.P. চাকৰি ! সঁচাকৈ ফলিয়াব নে সপোনটো ? "   সপোনটোৰ কথাকে ভাবি ভাবি সি মুখ ধূবলৈ টিউব'ৱেলৰ দিশে অগ্ৰসৰ হ'ল।...... 
     

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts