পঢ়ক আৰু পঢ়ুৱাওক:
পাঠ্য সূচী :
* নৈতিক শিক্ষা কি ? :
* কিয় নৈতিক শিক্ষাৰ প্ৰয়োজন ?:
* মূল্যবোধৰ শিক্ষা গ্ৰহণত নৈতিক শিক্ষা ! :
* সামৰণি :
নৈতিক শিক্ষা কি ?
নৈতিক শিক্ষা হ'ল মূল্যবোধৰ শিক্ষা। যি শিক্ষাৰ ভেটিত মানুহে- সততা, ন্যায়পৰায়ণতা, ভাতৃত্ব, প্ৰেম , কৰুণা , আনুগত্যতা , সুহৃদভাৱ আদি উচ্চ স্তৰীয় মানৱীয় গুণসমূহ আহৰণ কৰিব পাৰে সেই শিক্ষাই হ'ল প্ৰকৃততে নৈতিক শিক্ষা। নৈতিক শিক্ষা সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ অধ্যায়। নৈতিক শিক্ষা ব্যক্তিৰ জন্মগত গুণ নহয় । ইয়াক বিভিন্ন সময়ৰ চাকনৈয়াত সংঘটিত হোৱা ঘটনা পৰিঘটনাৰ পৰা লাভ কৰা অভিজ্ঞতাৰ ফলত অৰ্জন কৰিব পাৰি। যেনে কোনো এজন শিশুৱে যদি ভাল সংগত থাকে বা ভাল পৰিৱেশত বাস কৰে তেন্তে সি নিশ্চয় ভাল মাত কথা শিকিব, কিন্তু যদি শিশুজন এটা অসৎ সংগত থাকে বা বেয়া প্ৰকৃতিৰ মানুহৰ সৈতে বাস কৰে তেন্তে সি নিশ্চয় বেয়া বোৰ আয়ত্ব কৰিব। এই যে ভাল পৰিৱেশত বাস কৰাৰ জৰিয়তে যিবোৰ ভাল বা শুৱলা মাত-কথা, আচাৰ-ব্যৱহাৰ শিশুজনে আহৰণ কৰিব সেয়াই হ'ল নৈতিক শিক্ষা।
নৈতিক শিক্ষা জন্মগত গুণ নহয় বুলি কোৱা দেখা যায়। চিন্তাবিদ তথা দাৰ্শনিক ৰুছোৱে অৱশ্যে এই সম্পৰ্কত ওলোটা মন্তব্য আগবঢ়াইছে। ৰুছোৰ মতে জন্মোতে এজন শিশু সম্পূৰ্ণ পবিত্ৰ, নিষ্কলুষ আৰু সুন্দৰ হৈ ধৰালৈ আহে। সেয়েহে স্বাভাবিকতে সিহঁত নৈতিকতাপূৰ্ণ। সমাজৰ নানা অবাঞ্চিত ঘটনা আৰু অনৈতিক ব্যক্তিৰ সংস্পৰ্শই সিহঁতক অনৈতিক আৰু কলুষতা পূৰ্ণ কৰি তোলে।( Everything is good as it leaves the hands of the author of nature ; everything degenerates in the hands of man.) কিন্তু এই মতামতৰ বিপক্ষে বহু চিন্তাবিদে মতপোষণ কৰিছে। যি কি নহওঁক, যিহেতু এজন শিশু শিশুৰ অৱস্থাত সম্পূৰ্ণ জ্ঞান শূণ্য হৈ থাকে। জ্ঞান শূণ্য অৱস্থাত নৈতিকতা বা অনৈতকতা কথাষাৰৰ কোনো অৰ্থ নাই। শিশু এজনে তেওঁৰ পিতৃ মাতৃৰ পৰাহে নৈতিক শিক্ষা লাভ কৰে। পিতৃ-মাতৃয়ে ভাল কথা শিকালে, মূল্যবোধৰ জ্ঞান দিলে তেওঁলোক নৈতিকতা পূৰ্ণ হোৱা দেখা যায়। সেয়েহে শিশুৰ প্ৰাথমিক শিক্ষক হিচাপে অভিভাৱকক চিহ্নিত কৰা হয়। এজন শিশুৰ জীৱনৰ প্ৰাথমিক ভেটি সুন্দৰভাৱে গঢ় দিয়াত অভিভাৱকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।
কিয় নৈতিক শিক্ষাৰ প্ৰয়োজন ?
সাম্প্ৰতিক সময়ত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। জীৱ শ্ৰেষ্ঠ মানুহ হিচাপে যি চিন্তা চৰ্চা, যুক্তি আৰু সুন্দৰ কৰ্মই মানুহৰ মন মানুহৰ জীৱন নিয়ন্ত্ৰণ কৰিব লাগিছিল সেয়া আজি বিলুপ্তিৰ পথত পৰ্যবসিত হোৱাৰ উপক্ৰম হৈছে। আজি আমি কেৱল বৈষয়িক জীৱনৰ ভোগ বিলাস, লালসা, অৰ্থলিস্পা আদি পিছত দৌৰিব লাগিছো। দেশে দেশে হত্যা, লুণ্ঠন, অপহৰণ, ধৰ্ষণ আদিৰ দৰে অমানৱীয় কাৰ্যকলাপ সংঘটিত হৈছে। এইবিলাক কিয় হৈছে ? ইয়াৰ মূলতে হ'ল মানুহৰ নৈতিক শিক্ষাৰ অভাৱ। ভাল কথা কোৱাৰ যিদৰে আহৰি নাই সেইদৰে ভাল কথা, ভাল উপদেশ শুনাৰো আমাৰ আজি ধৈৰ্যৰ টুটি আহিছে। আমাৰ সভ্যতা আৰু সংস্কৃতিৰ যি সনাতন মূল্যবোধ, চিন্তা ধাৰণা তাক সজীৱ কৰি ৰাখিবলৈ নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা আছে।
নতুন প্ৰজন্মৰ চিন্তা ধাৰণা সঠিক পথেৰে আগবঢ়াবৰ বাবে শিশু অৱস্থাৰ পৰাই নৈতিক শিক্ষাৰ বীজ ৰোপন কৰাটো একান্তই প্ৰয়োজন। ভাল বেয়াৰ বিচাৰ কৰিবলৈ সক্ষম নহ'লে শিশু এজন সঠিকভাৱে আগুৱাব নোৱাৰে । সেয়েহে সৰুকালৰ পৰাই শিশুক কিয় মানুহ সংযমী হোৱা উচিত, কিয় মানুহ ধৈৰ্যশীল হোৱা প্ৰয়োজন, কিয় আমি ভাল কাম কৰা উচিত আদি প্ৰশ্ন সমূহৰ উত্তৰ অনুশীলন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰদান কৰাৰ সময় সমাগত।
সাম্প্ৰতিক সময়ত ভালদৰে লক্ষ্য কৰিলে সমাজৰ নৈতিকতাৰ দিশটোৰ অৱস্থা জলজল পটপটকৈ ওলাই পৰে। এতিয়া আপুনি সমাজত এনে এচাম মানুহো পাব যি জেষ্ঠজনক মুকলিকৈ অসন্মান কৰিবলৈ, জেষ্ঠজনৰ আগতে চিগাৰেট বিড়ি সুপিবলৈ, অবাইঢ মাতকথাৰে পৰিৱেশ কলুষিত কৰিবলৈ কুণ্ঠাবোধ নকৰে। এয়া নিশ্চয় নৈতিকতাৰে অৱক্ষয়।
মানুহৰ মনত নৈতিক মনোভাৱ জগাই তোলাত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। জীৱনৰ বিচিত্ৰ অভিজ্ঞতা আৰু জ্ঞানৰ সহায়ত মানুহৰ মনত নৈতিকতাৰ ধাৰণা ধীৰে ধীৰে গঢ় লৈ উঠে। সেয়ে শিশুৰ কুমলীয়া মনত নৈতিক চেতনা গঠনাত্মক সাঁচত গঢ় দিবলৈ হ'লে সুচিন্তিতভাৱে উপযুক্ত শিক্ষাব্যৱস্থাৰ যুগুত কৰাটো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে। সৰু অৱস্থাৰ পৰাই শিশুক জীৱন আৰু জগতৰ সম্পৰ্কে উচ্চ মূল্যবোধ, নৈতিক আদৰ্শ আৰু আধ্যাত্মিক প্ৰমূল্যৰ জ্ঞানৰ সুদৃঢ় বুনিয়াদ গঢ়ি তোলাৰ বাবে আমি অভিভাৱক , শিক্ষক আৰু জ্যেষ্ঠ জনে প্ৰয়াস কৰিব লাগিব।
মূল্যবোধৰ শিক্ষা গ্ৰহণত নৈতিক শিক্ষা ?
মূল্যবোধ হৈছে এক প্ৰচলিত ধ্যান ধাৰণা বা প্ৰমূল্য । নৈতিক কামৰ জৰিয়তে মূল্যবোধৰ জ্ঞান আহৰণ কৰিব পাৰি। নৈতিক শিক্ষা হ'ল এক আদৰ্শ যাৰ ভিত্তিত কোনো এটা কাম শুদ্ধ নে অশুদ্ধ তাক নিৰ্ণয় কৰা যায়। এই শুদ্ধ অশুদ্ধ জ্ঞানৰ প্ৰমূল্যই হ'ল মূল্যবোধ । গতিকে নৈতিক শিক্ষা আহৰণ কৰিব পাৰিলেহে মূল্যবোধ জাগি উঠিব। শিশুৱে সৰু অৱস্থাৰ পৰাই কৰ্তব্যৰ জ্ঞান, বাধ্যবাধকতাৰ জ্ঞান, উচিত অনুচিত আদিৰ জ্ঞান, আত্মসংযম, আত্মসাধন, ন্যায়, অন্যায়, চৰিত্ৰগত দোষ গুণসমূহ আদিৰ জ্ঞান অৰ্জন কৰিব লাগিব। এই শিক্ষাক নীতি শিক্ষা বোলা হয়। গতিকে নীতি শিক্ষা বিদ্যালয়ৰ গণ্ডীৰত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত থাকিব লাগিব তেহে এনে শিক্ষা আহৰণ কৰিবলৈ শিকাৰুৱে বাধ্য হ'ব।
সামৰণি
অসমীয়াত এষাৰ প্ৰবচন আছে যে, " কুমলীয়া বাঁহ যেনি ভাঁজ দিয়া হয়,তেনিয়ে ঘূৰে" । অৰ্থাৎ কুমলীয়া বাঁহ কোমল আৰু সহজে ঘূৰাব পাৰি। ঘূৰাওঁতে ভাগি চিগি নাযায়। সেয়ে এনে বাঁহেৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিব পৰা যায়। একেদৰে শিশু অৱস্থাত ল'ৰা ছোৱালীৰ মনবোৰ শুদ্ধ হৈ থাকে আৰু যিকোনো কথা সহজে মনত ৰৈ যোৱাৰ সামৰ্থ্যতাৰ গুণ থাকে। সেয়ে সৰুতে শিকালে সোনকালে শিক লয়। নৈতিক শিক্ষাৰ ক্ষেত্ৰতো একেই কথা আহি পৰে। এনে স্তৰত যদি নৈতিক শিক্ষাৰ সৈতে শিশুৰ পৰিচয় ঘটে তেন্তে নিশ্চয় এই শিক্ষা স্হায়ী হ'ব আৰু চৰিত্ৰ গঠনত সহায়ক হ'ব। সেয়ে কিতাপৰ শিক্ষাৰ উপৰিও নৈতিক শিক্ষাৰ বিস্তাৰ ঘটোৱাটো আমাৰ কৰ্তব্য আৰু দায়িত্ব হোৱা উচিত।
লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। -- দুদুল সোণোৱাল।
++++++++++++++++++++++++++++++++
No comments:
Post a Comment
dudulsonowal32@gmail.com