হাতী আৰু মানুহৰ সংঘাত : কিয় ?
Elephant 🐘 and Human Conflict : why ?
সাম্প্ৰতিক সময়ত আলোচ্য বিষয়টোৰ প্ৰাসংগিকতা আহি পৰিছে। নিতৌ বাতৰি কাকত দূৰদৰ্শনৰ শিৰোনামা দখল কৰা বিষয় হিচাপে চিহ্নিত 'হাতী আৰু মানুহৰ সংঘাত' এটা অসমৰ জ্বলন্ত সমস্যা ৰূপে পৰিগণিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণ কি ? কিয় আজি হাতী মানুহৰ সমস্যা হ'বলৈ ধৰিছে ? উত্তৰ নিশ্চয় সকলোৰে হাতত আছে। যিহেতু ইয়াৰ মূল কাৰণ হ'ল অৰণ্যৰ সংকোচন ।
আজিৰ পৰা চল্লিশ পঞ্চাছ বছৰৰ আগতে অসমৰ হাবি বননিৰ ইমান ক্ষীপ্ৰ গতিত সংকোচন হোৱা নাছিল। কিন্তু এইটো ঠিক যে অলপ অচৰপ কৈ সংকোচন হৈ আহি আছে। মানুহে নিজৰ অভাৱ পূৰণ কৰিবৰ বাবে হাবি জংঘল কাটি তাত খেতি-বাতি কৰিবলৈ আৰু বাসস্থান বনাবলৈ লোৱাৰ ফলত অৰণ্যৰ গছ গছনি ধ্বংস হৈছে। ফলত হাবি গুচি চৰণীয়া পথাৰলৈ পৰিণত হোৱাৰ লগে লগে হাতীৰ বাসস্থান শেষ হৈছে। জীৱ জন্তুৰ খাদ্যৰ নাটনিয়ে দেখা দিছে। যিবা অলপ অচৰপ হাবি আছে তাত উপলব্ধ বনৰীয়া খাদ্য আজি মানুহৰ পেটত গৈছে। বনকলৰ ডিল, টিকনি বৰুৱা পোখা, টেকীয়া, ঔটেঙা, বজাল বাহৰ গাঁজ , তৰাগঁজালি আদি হাতীৰ খাদ্য সৰহ ভাগেই মানুহে ভক্ষণ কৰে। দৰিদ্ৰতা নিবাৰণৰ বাবে দৰিদ্ৰ লোকসকলে বজাৰত এইবোৰ বিক্ৰী কৰি দুপইচা উলিয়াব লগা হয়। ফলত হাবিৰ হাতীৰ খাদ্য নোহোৱা হৈ পৰিছে। অৰণ্যৰ মাজলৈ সোমাই জুমি চালে সকলোবোৰ স্পষ্ট হ'ব পাৰি। যাৰ বাবে হাতী আজি অৰণ্যৰ বাহিৰলৈ ওলাই আহিবলগীয়া হৈছে। মানুহৰ কষ্টৰ ফচল আজুৰি খাবলৈ বাধ্য হৈছে। কথাতেই কয়- বাধ্য হ'লে বাঘেও ঘাঁহ খায়। ইয়াৰ ফলশ্ৰুতিতেই হাতী আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈছে বুলি ক'ব পাৰি।
অসমৰ বানপানীৰ সমস্যাও এই ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে। বানপানীৰ ফলত ওখ গঢ়া মাটিৰ সাৰুৱা তৰপ পানীৰ সোঁতত উটি যোৱাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পাবলৈ ধৰিছে। ইয়ে বনৰীয়া গছ গছনি গজাত বাধাৰ সৃষ্টি কৰিছে। হাবি বননিৰ হ্ৰাস হোৱা ইও এটা কাৰণ।
মানুহে গছ গছনি কাটে বিভিন্ন কাৰণত। খৰি বা ঘৰ সাজিবলৈ কাঠৰ প্ৰয়োজনীয়তাত এচামে গছ গছনি কাটে আৰু আন এচামে ব্যৱসায়িক ভিত্তিত বনাঞ্চল ধ্বংস কৰে। আনহাতে মানুহে গছ গছনি কাটে কিন্তু বিপৰীতে এজোপাও গছ ৰোপণ নকৰে যাৰফলত বনাঞ্চল উদং হৈ পৰিছে। হাতীৰ বিচৰণ ভূমি সংকোচন হৈছে। বৰ বেছি দূৰলৈ নগৈ আমাৰ নাতিদূৰৈত অৱস্থিত হাঁহখাটীৰ বনাঞ্চল খনেই ইয়াৰ প্ৰমান। আজিৰ পৰা বিশ চল্লিশ বছৰৰ আগতে হাঁহখাটী বনাঞ্চল ডাঠ অৰণ্যৰে ভৰপূৰ আছিল কিন্তু কালবাগৰা লগে লগে এই অৰণ্য আজি একেবাৰে নিশেষ হোৱাৰ পথত পৰ্যবসিত হ'ল। ইয়াৰ কাৰণ হ'ল বানপানী আৰু মানুহৰ বন ধ্বংস যজ্ঞ। যাৰ বাবে ডাঠ হাবি গুচি মুকলি ঠাইলৈ পৰিণত হোৱা দেখা গৈছে।
ইয়াৰ ফলতেই নামনি অসমত আমনি কৰা হাতী আহি উজনি অসমৰ হাঁহখাটীৰ বৃহৎ এলেকাত মানুহৰ পথাৰৰ ধান খাই নষ্ট কৰিছে। তদুপৰি গাঁৱত প্ৰৱেশ কৰি মানুহৰ ধানৰ ভঁৰাল তহিলং কৰাৰ উপৰিও বাৰীৰ শস্য নষ্ট কৰিছে। ফলত হাতী আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈছে, এই সংঘাতত মানুহৰ প্ৰাণো হানি হৈছে। বিগত ২০২০ চনত হাঁহখাটী বন গাঁৱত মৃত্যু হোৱা এজন লোক ইয়াৰে প্ৰমাণ।
সাম্প্ৰতিক সময়ত বাতৰি কাকতৰ পৃষ্ঠাত শিৰোনাম দখল কৰা সংবাদৰ ভিতৰত 'হাতী আৰু মানুহৰ সংঘাত' শীৰ্ষক বাতৰিও অন্যতম। আজি যদি হাতীয়ে কৰবাত মানুহ মাৰিছে তেন্তে আন কৰবাত পথাৰৰ শস্য নষ্ট কৰিছে। আকৌ কৰবাত মানুহে বিদ্যুৎ সংযোগ ঘটাই হাতীৰ মৃত্যু ঘটাইছে। নিতৌ এনে বাতৰি আজিৰ কাকতবিলাকত পোৱা যায়। এয়া কিয় হ'বলৈ পাইছে ? কি কাৰণত হাতীয়ে অৰণ্যৰ বাহিৰলৈ ওলাই আহিবলগীয়া হৈছে ? কিয় মানুহৰ শস্য নষ্ট কৰিছে ? আদি প্ৰশ্ন সমূহৰ উত্তৰ বিচাৰি সমাধানৰ পথ উলিওৱাটো আমাৰ কৰ্তব্য আৰু এয়া সময় সমাগত। নহ'লে এদিন মানুহৰ উৎপাতত ডাইন'চৰ বিলুপ্ত হোৱাৰ দৰে বৃহৎ আকাৰৰ জীৱ হাতীও বিলুপ্ত হ'ব।
হাতীৰ উপদ্ৰৱৰ কেইখনমান ঠাই :
অসমৰ পাহাৰীয়া জিলাৰ উপৰি নাগালেণ্ড সীমান্ত, অসম-অৰুণাচল, অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহত হাতীৰ উপদ্ৰৱৰ বাবে সাধাৰণ ৰাইজে বিনিন্দ্ৰ ৰজনী কটাবলগীয়া হৈছে। যোৰহাট, গোলাঘাট, নগাঁও, কাৰ্বি আংলং, চিৰাং, বঙাইগাঁও, বাগসা, লখিমপুৰ, শোণিতপুৰ, দৰং আদি জিলাত সাধাৰণতে হাতীৰ উপদ্ৰৱ বেছি। দৰঙৰ ভাৰত-ভূটান সীমান্তৰ লগতে যোৰহাটৰ মৰিয়নি, কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমামূৰীয়া স্থান, বাগসাৰ ভাৰত-ভূটান সীমান্তত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে বনৰীয়া হাতীৰ আক্ৰমণ।
বনবিভাগৰ কৰণীয় :
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগেও উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলি সততে ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া। কেতিয়াবা বনকৰ্মী ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নোহোৱাও নহয়। আনকি উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীবৰ্ষণ কৰিবলগীয়াও হৈছে। কেতিয়াবা আকৌ চোৰাং চিকাৰীৰ আক্ৰমণত বনকৰ্মীৰ মৃত্যুও হৈছে। আক্ৰমণত চিৰদিনৰ বাবে ঘুণীয়াও হৈছে। দৰাচলতে এনেধৰণৰ পৰিস্থিতিৰ কিয় সৃষ্টি হৈছে সেয়া ভাবি চোৱাৰ সময় আহি পৰিছে।
প্ৰকৃততে বনবিভাগে কি কৰিব পাৰিব ? বন বিভাগৰ মানুহবিলাকো আমাৰ দৰেই নাক কাণ লগা মানুহ । ভয় সিহঁতৰো আছে। কিন্তু তেওঁলোকে অৰণ্য বহলাব পাৰে। হাতীৰ খাদ্যৰ বাবে বিভিন্ন গছ গছনি লগাব পাৰে। যিবিলাক গছ গছনি লগালে জীৱ জন্তুৰ উপকাৰ সাধিত হয় সেইবিলাক লগাওক। অপ্ৰয়োজনীয় গছ গছনি লগাই লাভ নাই। আজি সকলোৱে দেখিছোঁ বা বুজিছো যে হাতী হাবিৰ পৰা উলাই অহাৰ মুখ্য কাৰণ হৈছে ভোক নিবাৰণ। গতিকে যদি এই সমস্যাটো সমাধান কৰিব লাগে তেন্তে হাতীৰ খাদ্যৰ অভাৱ দূৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব।
হাঁহখাটী বনাঞ্চলত সাত আঠ বছৰৰ আগতে গছপুলি ৰোপণ কৰা দেখিলোঁ। কিন্তু কি গছ লগালে জানে নে ? 'বাঁহগছ' লগালে। বাঁহগছ হাতীৰ খাদ্য হয় নে ? আচলতে বনানিকৰণ হ'ব লাগে দুয়োকূল ৰক্ষা কৰি। জীৱ জন্তুৰ খাদ্যৰ উপযোগী আৰু প্ৰকৃতিৰ পৰিৱেশ সুৰক্ষা এই দুটা দিশৰ প্ৰতি লক্ষ্য ৰাখি বনানিকৰণ হ'ব লাগে। তেতিয়াহে দুয়োকূল ৰক্ষা পৰিব।
সদৌ শেষত পুনৰ বাৰ কও সময় জুৰ পুৰি হাত পালেহি। চৰকাৰেও বনানিকৰণৰ ওপৰত সঠিক আঁচনি গ্ৰহণ কৰক আৰু অৰণ্য ববহলোৱাৰ কাম হাতত লওক। যিকোনো বনাঞ্চল মানুহৰ বাসভূমি কৰিবলৈ এৰি নিদিব। বিভিন্ন অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যানৰ উপৰিও এই সৰু সৰু বনাঞ্চল সমূহৰো অতীব প্ৰয়োজন আছে। বনাঞ্চলত হোৱা বেদখল মুক্ত নকৰিলে জীৱৰ সৈতে এই সমস্যাৰ ওৰ নপৰিব নিশ্চয়।
হাতী দিৱস উপলক্ষে যুগুতোৱা প্ৰৱন্ধটো পঢ়াৰ বাবে অশেষ ধন্যবাদ জনালো।
-- দুদুল সোণোৱাল।
---++++++++++++++++++++++++++++-----
No comments:
Post a Comment
dudulsonowal32@gmail.com