কিতাপ পঢ়াৰ আনন্দ : The Joys and Benefits of Reading Books
বিভিন্ন বিষয়ত বিভিন্ন জন লেখক তথা সাহিত্যিকে ৰচনা কৰা কিতাপ অধ্যয়নৰ জৰিয়তে বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰিব পাৰি। কিতাপ পঢ়িলে মানসিক অৱসাদ দূৰ হোৱাৰ লগতে বৌদ্ধিক ভাৱে লাভ হোৱা পৰিলক্ষিত হয়।
কিতাপ যিজনে পঢ়ে সেইজনেহে উপলব্ধি কৰিব পাৰে কিতাপ পঢ়াৰ আনন্দ কি ? কিতাপ পঢ়াৰ আনন্দ বা মজাই বেলেগ। এবাৰ যি কিতাপৰ প্ৰতি আকৰ্ষিত হৈছে সি কেতিয়াও তাৰ পৰা সহজে আঁতৰি আহিব নোৱাৰে।
কিতাপ অধ্যয়নে মানুহক নতুন জ্ঞান প্ৰদান কৰে। বিভিন্ন লেখক লেখিকাসকলে ভিন ভিন বিষয়াৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষৰে প্ৰাপ্ত অভিজ্ঞতাৰ জ্ঞানক লিপিবদ্ধ কৰি কিতাপৰ ৰূপ দিয়ে। সেয়ে সেই কিতাপ অধ্যয়নে আমাক বিভিন্ন বিষয়ত ন ন জ্ঞান প্ৰদান কৰিবলৈ সক্ষম। কিতাপ অধ্যয়নৰ অবিহনে বাহিৰা জ্ঞান পাব নোৱাৰি। বাকপটুতা, সমালোচক, বিভিন্ন সাহিত্যক হ'বলৈ নিজৰ মানসিক দিশ, বৌদ্ধিক দিশ আৰু জ্ঞানৰ দিশ উন্নত কৰিব পাৰিব লাগিব। তেতিয়াহে এজন দক্ষ আৰু দূৰদৰ্শী লেখক হ'ব পৰা যায়। এই আটাইবোৰ গুণ আয়ত্ব কৰণত কিতাপ অধ্যয়নে প্ৰত্যক্ষ ভাৱে সহায় কৰে। সেয়ে কিতাপ অধ্যয়ন হ'ল মানুহৰ এক বাটকটীয়া কৰ্ম।
অতীজৰে পৰা মানুহে নিজক সময়ৰ লগত তাল মিলাই আগুৱাই নিবলৈ কিতাপ অধ্যয়ন কৰি আহিছে। যিসময়ত আজিৰ দৰে উন্নত কলমৰ ব্যৱস্থা নাছিল সেই সময়তো হাঁহৰ পাখি আৰু পেপিৰাছ নামৰ উদ্ভিদৰ কলমেৰে বিভিন্ন বিষয়ত কিতাপ লিপিবদ্ধ কৰিছিল আৰু সেইবোৰ পঢ়ি জ্ঞান অৰ্জন কৰিব পাৰিছিল। এতিয়াৰ দৰে আগতে কলম নাছিল, চিয়াঁহীও নাছিল। মানুহে পেপিৰাছ বা হাঁহৰ বা চৰাইৰ পাখিৰ সহায়ত গছৰ আঠাৰে প্ৰস্তুত কৰা মোহিৰ জৰিয়তে লিখিবলৈ আৰম্ভ কৰিছিল। বিভিন্ন গছৰ বাকলিক কাগজৰ দৰে ব্যৱহাৰ কৰা হৈছিল। আজিৰ পৰা শ শ বছৰ পূৰ্বে কাগজ নাছিল সেয়ে গছৰ বাকলি ব্যৱহাৰ কৰিছিল। ১৪ শ শতিকাত অসমতো সাঁচি গছৰ বাকলি আৰু পাতলকৈ উলিওৱা কাঠৰ পাতত হাঁহৰ পাখিৰে তৈয়াৰী কলম বা কাপেৰে লেখকে বিভিন্ন বিষয়ত লিপিবদ্ধ কৰিছিল। এতিয়াও ইয়াৰ প্ৰমান অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ যাদুঘৰ সমূহ। যাদুঘৰত সংৰক্ষণ কৰি ৰখা হৈছে এই সাঁচি গছৰ বাকলিত লিখা বিভিন্ন বিষয়ক লেখা। অৰ্থাৎ সেই অতীজৰে পৰা কিতাপ অধ্যয়নৰ অভ্যাস চলি আহিছে। শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত লেখাসমূহ ইয়াৰ জ্বলন্ত নিদৰ্শন।
কিতাপ অধ্যয়নৰ সুফল:
কিতাপ অধ্যয়নৰ সুফল পৰ্যাপ্ত পৰিমাণে আছে। কিতাপ পঢ়াৰ জৰিয়তে ধৈৰ্য্য শক্তি বৃদ্ধিৰ লগতে চিন্তা কৰিব শিকা, নীতি শিক্ষাৰ লাভ, শৃংখলাবদ্ধতাৰ জ্ঞান অৰ্জন, সহনশীল মনোভাৱ অৰ্জন, ভাল বেয়া বিবেচনা কৰিব পৰা জ্ঞান অৰ্জন কৰিব পাৰি। ধৈৰ্য্য, কঠোৰ পৰিশ্ৰমী , অধ্যৱসায়ৰ জ্ঞান আহৰণত কিতাপ অধ্যয়নে প্ৰত্যক্ষ প্ৰভাৱ পেলাই। সেয়ে কিতাপ অধ্যয়ন কৰা উচিত।
নতুন প্ৰজন্ম আৰু কিতাপ অধ্যয়ন :
দূৰদৰ্শন বা বাতৰিকাকতৰ বিভিন্ন পৃষ্ঠাত মাজে সময়ে ঠাই দখল কৰা সংবাদৰ ভিতৰত নতুন প্ৰজন্মৰ কিতাপ অধ্যয়নৰ ক্ষেত্ৰত সঁহাৰি আৰু ধাউতি নাই বুলি কোৱা বিষয় এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত। সচাঁকৈয়ে নতুন প্ৰজন্মৰ চামটোৱে কিতাপ অধ্যয়ন নকৰে নেকি ? এক লাখটকীয়া প্ৰশ্ন।
দুই একৰ বাদে প্ৰায় সংখ্যকেই যে কিতাপ অধ্যয়ন নকৰে এইটো একেবাৰে সঁচা কথা। নতুন প্ৰজন্মৰ প্ৰায় পঞ্চাশ শতাংশই যে বাহিৰা কিতাপৰ লগত সম্বন্ধ নাৰাখে সেয়া সকলোৱে নিশ্চয় স্ব-চাক্ষুস দেখিবলৈ পাইছে। আনহাতে আন কিছু সংখ্যক নতুন প্ৰজন্মই কিতাপ অধ্যয়ন কৰে যদিও গভীৰ নহয়। অৰ্থাৎ গভীৰ মনোযোগ দি কিতাপখনৰ চৰিত্ৰৰ সৈতে মিলি গৈ একান্ত ধ্যানত কিতাপ পঢ়া মই খুব কমেইহে দেখিছোঁ। গভীৰ মনোযোগেৰে পঢ়িলেহে কিতাপ অধ্যয়নৰ পৰা সুফল পাব পাৰি। একান্ত ধ্যানত পঢ়িলে পঢ়াবোৰ মনত সাঁচ বহি যায়। অধ্যয়ন ফলপ্ৰসূ হয় আৰু তাৰ জ্ঞান অৰ্জন কৰি আন ঠাইত প্ৰয়োগ কৰিব পৰা যায়।
মোবাইল, দূৰদৰ্শন আৰু কিতাপৰ জ্ঞান :
জ্ঞান অৰ্জনৰ ক্ষেত্ৰত মোবাইল আৰু দূৰদৰ্শনৰ যিদৰে ভাল সুবিধা আছে ঠিক তেনেকৈ বেয়া দিশো আছে। ইণ্টাৰনেটৰ জৰিয়তেও বিভিন্ন কিতাপৰ সংগ্ৰহ পঢ়িব পৰা যায়। দূৰ দেশ বিদেশৰ বিভিন্ন বিষয়ত খা খবৰ খুব কম সময়তে পোৱা যায়। দূৰদৰ্শনৰ ক্ষেত্ৰতো একেই কথা। কিন্তু মোবাইল বা দূৰদৰ্শনৰ এটা বেয়া দিশো আছে। যদি এই বেয়া দিশৰ প্ৰতি পাঠক আকৃষ্ট হয় তেন্তে পাঠক নিশ্চয় ধ্বংসৰ দিশতহে গতি কৰিব। সেয়ে কিতাপৰ সৈতে আন একোৱে ফেৰ মাৰিব নোৱাৰে।
দূৰ্গম ঠাইত বা মোবাইল নেটৱৰ্ক নোহোৱা ঠাইত মোবাইল বা দূৰদৰ্শন অনৰ্থক। কিন্তু কিতাপ যিকোনো ঠাইত , যিকোনো সময়ত ইচ্ছানুসৰি পঢ়ি জ্ঞান অৰ্জন কৰিব পাৰি। সেয়ে কিতাপক নিৰ্জনতাৰ লগৰী, প্ৰাণৰ বন্ধু বুলি অভিহিত কৰিব বিচাৰে। আনহাতে কিতাপ হ'ল স্থায়ী ৰূপ। যাক বছৰ বছৰ ধৰি সাচি ৰাখিব পাৰি।
দুখ শোঁকৰ লগৰী কিতাপ :
মন ভাল নালাগিলে , মনৰ দুখ শোঁকৰ ভাৱ প্ৰকট হোৱা মূহুৰ্তত এখন শ্ৰেষ্ঠ বা মহৎ গ্ৰন্থ অধ্যয়নে মনত প্ৰশান্তিৰ ভাৱ তথা অনাবিল আনন্দ কঢ়িয়াই আনে আৰু দুখ শোঁকৰ মোচন ঘটাই। কেতিয়াবা কোনো কোনো কিতাপে হাজাৰ দুখতো জীয়াই থকাৰ প্ৰেৰণা যোগাই, কামৰ প্ৰতি ৰাপ বঢ়াই, লক্ষ্য প্ৰাপ্তিত অৰিহণা যোগায় আৰু মনোবল বৃদ্ধি কৰে। সমস্যা সমাধানৰ দিকনিৰ্ণয়ক হ'ল কিতাপ। সেয়ে কিতাপৰ প্ৰতি আকৰ্ষিত হ'ব পাৰিলে নিজৰ কাৰণে উত্তম।
হিতেশ ডেকাৰ 'এয়েতো জীৱন' , কাঞ্চন বৰুৱাৰ অসীমত হেৰাল যাৰ সীমা অনুৰাধা শৰ্মা পূজাৰীৰ 'হৃদয় এক বিজ্ঞাপন ' , 'আচল মানুহ' , 'আধাৰশিলা' ... আদি কিতাপবোৰ হ'ল যুগজয়ী কিতাপ। আৰু বহুতো কিতাপ আছে যিয়ে আমাক জীৱনৰ বাট দেখুৱাই নিবলৈ সক্ষম।
সমাজৰ লগত কিতাপৰ সম্পৰ্ক :
বিখ্যাত ফৰাচী দাৰ্শনিক ভলতেয়াৰেে কৈছিল,
"কিতাপেই আধুনিক পৃথিৱীখন শাসন কৰিছে। যি সমাজত কিতাপৰ প্ৰচলন নাই সেই সমাজ থকা-নথকা একে কথা।” অৰ্থাৎ সমাজৰ বিভিন্ন কৃষ্টি সংস্কৃতি সুপৰিচালিত হ'বলৈ হ'লে কিতাপৰ অতিশয় প্ৰয়োজন আছে। এখন সমাজত বাস কৰা লোক সকল সভ্য, জ্ঞানৱান, ৰীতি-নীতিৰ সম্পৰ্কে ভালদৰে জ্ঞাত হলেহে সমাজখন সুচাৰুৰূপে পৰিচালিত হয়। তাৰবাবে সমাজখনত বাস কৰা লোকসকলে গভীৰ অধ্যয়ন কৰিব লাগিব, বিভিন্ন বিষয়ত কিতাপ অধ্যয়ন কৰি সমাজৰ হিতাৰ্থে খটোৱাব পাৰিব লাগিব তেহে সমাজখন উত্তৰণৰ দিশত ধাবিত হ'ব। সমাজত শিক্ষিত মানুহৰ সংখ্যা যিমানেই বাঢ়িব , সমাজৰ পৰিৱেশো সিমানেই ভাল হ'ব।
উপসংহাৰ :
স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞি ডাঙৰীয়াৰ কিতাপবোৰ অধ্যয়ন কৰিলে জীৱনৰ সম্পৰ্কে বুজিব পাৰি। স্বৰ্গীয় ভবেন্দ্ৰ নাথ শইকীয়াৰ উপন্যাস বা আন লেখাবোৰে আমাক আমাৰ কৰ্তব্যৰ প্ৰতি সোঁৱৰাই দিয়ে। হোমেন বৰগোহাঞি ডাঙৰীয়াৰ "কিতাপ পঢ়াৰ আনন্দ" কিতাপখন পঢ়ি চালে বুজা যায় কিতাপ পঢ়াৰ আনন্দ কেনেকুৱা বা ইয়াৰ পৰা কিদৰে উপকৃত হ'ব পাৰি ।
শেষত কঁও কিতাপ পঢ়াতো অতি ভাল কাম। বিশেষকৈ কৈশোৰৰ কালছোৱাত কিতাপ অধ্যয়ন কৰিলে জ্ঞান চিৰস্থায়ী হয়। গতিকে আহক আমি সকলোৱে কিতাপ পঢ়ো, নিজৰ বাবে, দহৰ বাবে আৰু সমাজৰ বাবে অবিৰতভাৱে। নিৰৱে নিজানে। কেৱল জ্ঞান অৰ্জনৰ বাবে অহনিৰ্শে।
লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।-- দুদুল সোণোৱাল।
+++++++++++++++++++++++++++++++
সঁচাকৈয়ে কিতাপতকৈ ভাল বন্ধু নাই। কিন্তু নতুন প্ৰজন্মৰ বহু কম সংখ্যকেহে বাহিৰা কিতাপ পঢ়ে। বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তোলাৰ প্ৰয়াস কৰিছিল যদিও প্ৰচাৰৰ অভাৱ পৰিলক্ষিত হ'ল। দুদুল সোনোৱালৰ এই লিখনিয়ে কিতাপ পঢ়াৰ আন্দোলনত নিশ্চয় অৰিহণা যোগাব।
ReplyDeleteআপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।
Delete