Tuesday, August 17, 2021

সাহিত্য সৃষ্টিত ছাত্ৰ ছাত্ৰীৰ চিন্তাধাৰা । Student's thinking in literary creation.


সাহিত্য কি ? 

সাহিত্য হ'ল এক লিখাৰ কৌশল। যি ভেটিত মানুহে নিজৰ মনোভাৱ প্ৰকাশৰ বাবে লিপিবদ্ধ কৰে আৰু সেইবোৰ গল্প, কবিতা,উপন্যাস , নাটক, প্ৰৱন্ধ আদি নামেৰে নামাকৰণ কৰি আনৰ হিতাৰ্থে উলিয়ায় দিয়ে, প্ৰকৃততে সেয়ে হ'ল সাহিত্য। সাহিত্য হ'ল এবিধ কলা। যাক ইংৰাজীত Literature বোলা হয়। সাধাৰণতে গদ্য, পদ্য, আৰু নাটক এই তিনি ভাগত সাহিত্যক ভাগ কৰিব পাৰি। গদ্যৰ ভাগ বুলি ক'লে -- প্ৰৱন্ধ, নিৱন্ধ, উপন্যাস, গল্প, সমালোচনা মূলক লেখা, সাধুকথা আদিকেই বুজা যায়। আনহাতে পদ্য হ'ল -- এক কবিতা । কবিতাৰ ভাগ হ'ল - ছন্দোবদ্ধ কবিতা, প্ৰতীকাত্মক কবিতা, লিমাৰিক, হাইকু, মিতভাষ আদি। নাটক হ'ল এক অভিনয়। অভিনয় শিল্পক নাটক বুলি কোৱা হয়। নাটক লিখনত কিছুমান চৰিত্ৰৰ সন্নিবিষ্ট থাকে আৰু কথোপকথন ধৰ্মী হ'ব লাগে। 


গতিকে ব্যাখ্যাৰ পৰা বুজিব পাৰি যে সাহিত্য হ'ল এক লিখন শিল্প যাক লিখাৰ মাধ্যমেৰে প্ৰকাশ কৰিব পাৰি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে হ'ল সাহিত্য। 

সাহিত্য সৃষ্টিত ছাত্ৰ ছাত্ৰীৰ ভূমিকা


সাহিত্য সকলোৱে সৃষ্টি কৰিব পাৰে। সাহিত্য সৃষ্টিত কোনো বাধ্যবাধকতা নাই। বয়স অনুসৰি সাহিত্য সৃষ্টিৰ মানদণ্ড নিৰূপণ কৰা নহয়। সাহিত্যিকৰ ৰচনাৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি সাহিত্যৰ মান নিৰূপণ কৰা হয়।  ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন বিষয়ত সাহিত্য সৃষ্টিত অৰিহণা আগবঢ়াব পাৰে। বাস্তৱ আৰু কল্পনাৰ জগতৰ সংমিশ্ৰণ ঘটাই সাহিত্য সৃষ্টি কৰি লেখক বা সাহিত্যিকে নিজৰ মনোভাৱ প্ৰকাশ কৰে। ইয়াৰ বাবে প্ৰয়োজন হয় শব্দৰ স্মৃতিৰ ভঁৰাল । স্মৃতিৰ ভঁৰাল যিমানেই টনকিয়াল হ'ব সাহিত্য সৃষ্টিও সিমানেই মজবুত হ'ব। যিয়ে সাহিত্য সৃষ্টি কৰিব বিচাৰে তেওঁলোকে সদায় অসমীয়া অভিধান, ইংৰাজী অভিধান , হিন্দী অভিধান আদিৰ লগত সম্বন্ধ স্থাপন কৰিব লাগিব। লগতে বাক্যৰ গাঁঠনি , শব্দৰ প্ৰয়োগ কৰিব শিকিব লাগিব। তদুপৰি বিভিন্ন বিষয়ত ৰচিত বিভিন্ন লেখকৰ লেখাবোৰ পঢ়িব লাগিব । গল্প কবিতা উপন্যাস প্ৰবন্ধ আদি নিয়মীয়াকৈ পঢ়ি জ্ঞান অৰ্জন কৰি নিজে কিছুমান কাহিনীৰ সৃষ্টি কৰি লিপিবদ্ধ কৰিলে ই সাহিত্যৰ ৰূপ পাব। ইয়াৰ বাবে লাগিব ধৈৰ্য্য অধ্যৱসায় , মনোযোগ, কল্পনা , ঐকান্তিক প্ৰয়াস আদি। 
   সাহিত্য সৃষ্টিত ছাত্ৰ ছাত্ৰীসকলৰ ভূমিকা আছে। বৰ্তমান সময়ত দেখা গৈছে যে ছাত্ৰ সমাজৰ মুষ্টিমেয় সংখ্যকেহে সাহিত্য সৃষ্টিত আগবাঢ়িছে। সৰহসংখ্যক ছাত্ৰ ছাত্ৰীৰ সাহিত্য সৃষ্টিত ইচ্ছুক নহয় বা সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত অন্যমনস্ক মনোভাৱ পোষণ কৰে। ইয়াৰ মূল কাৰণ হ'ল সাহিত্যৰ সম্পৰ্কে এই সকল বোধগম্য নহয়। একেলেথাৰিয়ে বিষয়বস্তুৰ লগত ব্যস্ত হৈ থাকিব নোৱাৰে। সাহিত্য সাধনাৰ বলত সৃষ্টি হয়। একাগ্ৰতা আৰু নেৰানেপেৰা প্ৰচেষ্টা সাহিত্য সৃষ্টিৰ মূলমন্ৰ। 
    ছাত্ৰ ছাত্ৰী সকলে স্বদেশৰ বিভিন্ন সমস্যাৰাজিৰ সম্পৰ্কে প্ৰৱন্ধ বা গল্প বা উপন্যাসৰ মাধ্যমেৰে প্ৰকাশ কৰি জনগণৰ উপকাৰ সাধন কৰিব পাৰে। পৰীক্ষা-নিৰীক্ষা আৰু পৰ্য্যবেক্ষণৰ সহায়ত সমস্যাৰ সমাধানৰ সম্পৰ্কে আভাস দিব পাৰে। এনে প্ৰচেষ্টাৰে সাহিত্য সৃষ্টিত অৱদান আগবঢ়াব পাৰে। 
    সাহিত্য সৃষ্টিয়ে চিন্তা কৰিব শিকাই, সিদ্ধান্ত গ্ৰহণ কৰিব শিকাই, মীমাংসা কৰিবলৈ শিকাই, ভাল বেয়া বিচাৰ কৰিবলৈ শিকাই, নতুনত্বৰ সৃষ্টিত অৰিহণা যোগায়, সৃষ্টিশীলতাৰ প্ৰতি উৎসাহ জগাই .. আদি গুণসমূহ আয়ত্ব কৰণত সাহিত্যৰ যোগাত্মক দিশ আছে। সেয়ে সাহিত্য সৃষ্টিত মনোনিবেশ কৰা প্ৰয়োজন আছে। হোমেন বৰগোহাঞি ডাঙৰীয়াই হাইস্কুল পঢ়ি থকা অৱস্থাতেই সাহিত্য সৃষ্টিত অৰিহণা যোগাইছিল বুলি জনা যায়। 



কিদৰে আগবাঢ়িব লাগিব :

আচলতে সাহিত্য সৃষ্টি কিদৰে কৰিব সেইটো নিজৰ ওপৰতে নিৰ্ভৰ কৰে। আমি কিদৰে এই ক্ষেত্ৰত আগবাঢ়িব পৰা যায় সেই সম্পৰ্কে কিছু ধাৰণা দিব প্ৰয়াস কৰিম। 
 

 *  সাহিত্য সৃষ্টিৰ প্ৰথম কামটো হ'ল বিভিন্ন কিতাপ সংগ্ৰহ কৰি অধ্যয়ন কৰা। অধ্যয়নৰ জৰিয়তে বাক্যৰ গাঁঠনি আৰু কেনেকৈ প্ৰয়োগ কৰা হয় তাক বুজিলৈ মনত ৰাখা।

* দ্বিতীয়তে দাৰি,কমা, চেমিকলন আদিৰ ব্যৱহাৰ সম্পৰ্কে শিকা। 

* তৃতীয়তে বিভিন্ন শব্দ অৰ্থৰে সৈতে মনত ৰাখিব চেষ্টা কৰা আৰু অভিধানৰ লগত সম্পৰ্ক ৰখা।

* চতুৰ্থতে, কিছুমান চুটি কাহিনীৰ জন্ম দিয়া। ইয়াৰ বাবে খ্যাতি সম্পন্ন লেখকৰ গল্প, কবিতা, উপন্যাস পঢ়ি তাৰ কাহিনীবোৰ ভালদৰে হৃদয়ঙ্গম কৰি অনুসৰণ কৰা।

* পঞ্চমতে, লিখিব লগা কাহিনীটোৰ ৰূপৰেখা প্ৰস্তুত কৰা। 

* ষষ্ঠতে, ৰূপৰেখা অনুসৰি কাহিনীটো বহলাই লিখি যোৱা। 

* মনত ৰাখিবা গল্প, কবিতা, উপন্যাস, প্ৰবন্ধ আদি লিখিবলৈ হ'লে ইহঁতৰ প্ৰতিটোৰে সংজ্ঞাবোৰো জানিব লাগিব। 
   
    "সৃষ্টিশীল সাহিত্য আৰু ভাল লেখনৰ কৌশল(সংগ্ৰহ)" শীৰ্ষক লেখাত লেখক মৃদুল দহোটীয়া ডাঙৰীয়াই সাহিত্য সৃষ্টিৰ সম্পৰ্কে কৈছে ,
"উৎকৃষ্ট সৃজনশীল সাহিত্য অথবা উৎকৃষ্ট মানৰ প্ৰৱন্ধ নিৱন্ধ সৃষ্টি কৰিবলৈ বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানে আগুৱাব লগীয়া হয়। ভাল সৃষ্টিশীল সাহিত্য লিখা বহুতো লেখকক কোনো কোনোৱে জন্মগত প্ৰতিভাৰ অধিকাৰী বুলিও ক’ব খোজে। কিন্তু এটা কথা মন কৰা দৰকাৰ এই যে বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ ফলত হোৱা অভিজ্ঞতা, অধ্যয়ন, বৌদ্ধিক কছৰৎ তথা সাধনাৰ জৰিয়তেহে এজন লোকে নিজকে লেখক হিচাপে আৱিস্কাৰ কৰে। ভাল লেখা সৃষ্টি কৰিবলৈ আগবঢ়া লেখকসকলে কেইটিমান কথালৈ মন কৰা উচিত। সেইবোৰ হ’ল- অধ্যয়ন, সাধনা, অনুশীলন, দায়বদ্ধতা আদি। তদুপৰি এগৰাকী লেখকে এটা লেখা প্ৰস্তুত কৰাৰ সময়ত সদায়ে চকুৰ আগত ৰাখিবলগীয়া কথাটো হ’ল তেওঁ কাৰ বাবে লিখিছে বা লিখিব। অৰ্থাৎ তেওঁৰ লক্ষ্য পাঠক কোন? পাঠকৰ সীমাবদ্ধতাৰ ওপৰত ভিত্তি কৰিহে লেখাটো প্ৰস্তুত কৰা উচিত।" 

গতিকে এই গুণসমূহ আয়ত্ব কৰিবলৈ হ'লে কঠোৰ পৰিশ্ৰমী, অধ্যৱসায়ী হ'ব লাগিব। জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি কৰিবলৈ অধ্যয়ন কৰিব লাগিব। লেখাৰ বাবে কছৰৎ কৰিব লাগিব। লেখাৰ আগতে নিজেও এজন দায়বদ্ধ পাঠক হ'ব চেষ্টা কৰিব লাগিব। মই ওপৰত কৈছোঁ যে শব্দৰ ভঁৰাল চহকী হ'ব লাগিব। নহ'লে সাহিত্য সৃষ্টিত আগবাঢ়িব পৰা নাযায়।

উপসংহাৰ :

সাহিত্য সৃষ্টি কৰাটো দূৰূহ নহয়। লাগে কেৱল চেষ্টা আৰু সাধনা। গৌতম বুদ্ধই এদিনতে মুক্তিলাভ কৰিবলৈ সক্ষম হোৱা নাছিল। বহু কষ্টৰে তপস্যাৰ বলত 'মোক্ষম' লাভৰ সক্ষম হৈছিল। একেদৰে বহু সাধনাৰ ফলতহে ড° এই,পি,জে আব্দুল কালাম এজন দক্ষ মহাকাশ বিজ্ঞানী হ'বলৈ সক্ষম হৈছিল। এজন ভাল মানুহ হ'বলৈ নিজৰ মনক বান্ধিব পাৰিব লাগিব। গুণৱান লোকৰ পথ অনুকৰণ কৰিব লাগিব। কোনো লোকেই ওপৰতে আলাসতে সাহিত্যিক বা নিজৰ জ্ঞান গৰিমা বহলাই খ্যাতি অৰ্জন কৰা নাই। সেইসকল লোকৰ খ্যাতি লাভ হৈছে বহু চেষ্টা আৰু সাধনাৰ বলত। সেয়ে নতুন প্ৰজন্মইও এই সাহিত্যৰ ক্ষেত্ৰখনত বলিষ্ঠ ভাৱে প্ৰৱেশ কৰক আৰু সমাজলৈ কঢ়িয়াই আনক সম্ভাৱনাৰ বতৰা।


এই সাধাৰণ স্বৰচিত লেখাটো  পঢ়ি ছোৱাৰ বাবে আপোনাক ধন্যবাদ জনালো। - দুদুল সোণোৱাল। 




++++++++++++++++++++++++++++++++



1 comment:

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts