Friday, August 6, 2021

পুথি অধ্যয়ন আৰু সংৰক্ষণ- 2 | Book Study and Preservation - 2..

পুথি অধ্যয়ন আৰু সংৰক্ষণ 2 : :Book Study and Preservation 2 :

সাম্প্ৰতিক জটিল সময়ৰ সন্ধিক্ষনত পুথি বা গ্ৰন্থ অধ্যয়ন আৰু সংৰক্ষণ এক অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু হিচাপে চিহ্নিত হৈছে। পুথি অধ্যয়নৰ উপকাৰিতা আৰু গ্ৰহণযোগ্যতাৰ ওপৰত ভিত্তি কৰি পুথি সংৰক্ষণৰ ব্যৱস্থা লোৱাটো অতি প্ৰয়োজনীয় কথা হিচাপে বিবেচিত হৈছে। 


 কিয়  পুথি অধ্যয়ন কৰা উচিত ?

Why books should be studied ?


বিভিন্ন দেশ বিদেশৰ খবৰ সংগ্ৰহ কৰাৰ উপৰিও ব্যক্তিগত প্ৰয়োজনীয়তাৰ খাতিৰত মানুহে কিতাপ অধ্যয়ন কৰিবলৈ একপ্ৰকাৰে বাধ্য হয়। নিজৰ বা সন্তান সন্ততিৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণেই হওঁক বা আন কিবা কাৰণতে হওঁক কিতাপ পঢ়াৰ জৰিয়তেহে এই সমস্যাৰ সমাধানৰ উৎস বিচাৰি উলিওৱা সম্ভৱ হয়। অৱশ্যে আজিৰ যান্ৰিক যুগত কিতাপৰ ব্যৱহাৰ খুব দুখলগাকৈ তুতি অহাৰহে পৰিলক্ষিত হৈছে। এয়া নিশ্চয় ভৱিষ্যত প্ৰজন্মৰ বাবে নিৰাশাজনক আৰু বিপদজনক খবৰ।ই শুভ লক্ষণ নহয়। কাৰণ গ্ৰন্থ অধ্যয়নৰ বিকল্প থাকিলেও গ্ৰন্থৰ সদৃশ উপযোগী বিকল্প নিশ্চয় নাই। মোবাইল ফোন আৰু দূৰদৰ্শনৰ মাধ্যমেৰে যিখিনি নূন্যতম জ্ঞান অৰ্জন কৰিব পাৰি সেয়া যথেষ্ট নহয়। কেতিয়াবা এনে মাধ্যমৰ জৰিয়তে তথ্য আহৰণত খুব জটিলতাৰ সন্মুখীন হ'ব লগা হয়। কিন্তু কিতাপে কোনো জটিলতাৰ সৃষ্টি নকৰে। জ্ঞান আহৰণত কিতাপে সম্পৰ্ণতা প্ৰদান কৰে। গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানসিক অৱসাদ দূৰ কৰে। নিদ্ৰাহীনতাক দূৰলৈ ঠেলি দিয়ে।  গ্ৰন্থ অধ্যয়নে মানসিক সুস্থিৰতা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 
এখন কিতাপে এখন নজনা ঠাই আৰু নোযোৱা ঠাইৰ সম্পৰ্কে বিশদ জ্ঞান প্ৰদান কৰে। আমি দূৰ দেশ বিদেশৰ ঠাই ফুৰা নাই বা ফুৰিবলৈ সততে সম্ভৱ হৈ নুঠে যাৰবাবে আমি বহু জ্ঞানৰ পৰা বঞ্চিত হ'ব লগা হয়। সেই আটাইবোৰ অভাৱ এখন গ্ৰন্থই পূৰণ কৰিব পাৰে। যেনেদৰে 'The Good Earth' নামৰ গ্ৰন্থখন আমি পঢ়িলে জানিব পাৰো চীনদেশৰ জীৱন প্ৰণালীৰ বিষয়ে, ঠিক তেনেদৰে হাইকু আৰু চামুৰাই দেশ বা তত্ত্বচ্ছান কিতাপ এখনে আমাক লৈ যায় সুদূৰ জাপান দেশলৈ । একেদৰে দেওলাংখুই পঢ়িলে আমি জানিব পাৰো আমাৰ অসম ৰাজ্যৰ পুৰণি সমাজ ব্যৱস্থাৰ ইতিহাসৰ বিষয়ে । এজন লেখকে কোনো এখন দেশ ভ্ৰমণ কৰি লিখা কাহিনীয়ে আমাক তেওঁলোকৰ দৃষ্টিয়ে সেই দেশখনৰ সম্পৰ্কে জ্ঞান দিয়ে। নকৈ বিখ্যাত হোৱা ৰূপম দত্তৰ গ্ৰন্থ ' দ্যা লাইভ অফ এ ড্ৰাইভাৰ: কেবিনৰ সিপাৰে' নামৰ গ্ৰন্থখনৰ অধ্যয়নে আমাক ড্ৰাইভাৰ শ্ৰেণীটোৰ সম্পৰ্কে জ্ঞান দিয়াৰ উপৰিও মানুহৰ চৰিত্ৰৰ ভাল বেয়া দিশৰ সম্পৰ্কে বুজিবলৈ অৱকাশ দিয়ে। ই একেবাৰে সত্য যে কিতাপে মানুহক বহু ওপৰলৈ লৈ যোৱাত জখলা হিচাপে কাম কৰে। 

বৰ্তমান সময়ত বিদ্যালয়ত বা মহাবিদ্যালয়ৰ পৰ্যায়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীৰ মাজত গ্ৰন্থ অধ্যয়নৰ দিশটো একেবাৰে অসন্তোষজনক । গ্ৰন্থ অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা বিধৰ অৱস্থা । নগন্য সংখ্যক ছাত্ৰ ছাত্ৰীৰ বাহিৰা কিতাপৰ প্ৰতি ৰাপ আছে যদিও পঢ়াত পৰিপক্কতা নাই। নহ'লেনো কিয় আজিৰ ছাত্ৰ ছাত্ৰীসকলক (সকলোকে কোৱা নাই) অসম সাহিত্য সভাৰ সম্পৰ্কে সুধিলে স্পষ্টকৈ উত্তৰ দিব নোৱাৰে ? কিবা এটা বিষয়ত প্ৰশ্ন উত্থাপন কৰিলে তাৰ উত্তৰ সঠিকভাৱে দিবলৈ অপাৰগ হয়। হয়তো বহু ছাত্ৰ ছাত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন বুলি সুধিলে উত্তৰ দিব নোৱাৰিব। সীমামূৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বিষয়ে বা বাংলাদেশৰ বিষয়ে বা চীনৰ বিষয়ে সুধিলে উত্তৰ দিবলৈ অপাৰগ হ'ব। কুইজৰ প্ৰতিযোগিতাসমূহত আজিৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিবলৈ টান পায়। ইয়াৰ মূলতে হ'ল গ্ৰন্থ অধ্যয়ন কৰা নাই, গতিকে যিকোনো বিষয়ত মগজুত জ্ঞানৰ সঞ্চয়ৰ ভঁৰাল উদং।  তেনে ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ কুইজত অংশগ্ৰহণ কৰিব পাৰে। নিজৰ ৰাজ্যখনৰ বিষয়ে আমি কিমান জ্ঞাত ? বহু লোকে অসমৰ চোকে কোণে থকা বহু কথাই অৱগত নহয়। ইয়াৰ ঘাই কাৰণ হ'ল গ্ৰন্থ অধ্যয়নৰ অভাৱ। এখন সমাজৰ, এখন ঠাইৰ বিশদ বিৱৰণ লাভৰ বাবে গ্ৰন্থ অধ্যয়নৰ বিকল্প নাই।
 
সাম্প্ৰতিক সময়ত ভাৰত চৰকাৰে ভাৰতৰ প্ৰতি ৰাজ্যৰ প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক, মহাবিদ্যালয় .. আদিত বিভিন্ন বিষয় সম্বলিত কিতাপ বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰদান কৰা পৰিলক্ষিত হৈছে। বিদ্যালয়ৰ পৰ্যায়ত অসম চৰকাৰে প্ৰতি বিদ্যালয়তেই পুঁথিভৰালৰ ব্যৱস্থা কৰিছে। নানা বিষয়ৰ শিশু উপযোগী গ্ৰন্থ এই পুঁথিভৰাল সমূহত উপলব্ধ হৈছে। কেৱল আমাৰ ছাত্ৰ ছাত্ৰীয়ে এইবোৰ অধ্যয়ন কৰিবলৈ ইচ্ছুক হ'ব লাগে।

কিয় সংৰক্ষণ কৰা প্ৰয়োজন ?

Why books need to be saved ?


গ্ৰন্থ সংৰক্ষণ কৰা মানে হ'ল শত সহস্ৰ লোকৰ বাবে ভৱিষ্যতলৈ জ্ঞান সঞ্চিত কৰি ৰখা এক প্ৰক্ৰিয়া। বিভিন্ন ঘটনা , পৰিঘটনা সম্বলিত একোখন কিতাপ সংৰক্ষণ কৰি ৰাখিলে আগন্তুক দিনবোৰত ই ইতিহাসৰ দলিল হিচাপে পৰিগণিত হয়। ছপা আৰু পকাবন্ধা কিতাপৰ স্থায়ীত্ব বেছি। সেয়ে সংৰক্ষিত গ্ৰন্থবোৰে ভৱিষ্যতৰ দিনবোৰত এটা পৌৰাণিক দিনৰ বা যুগৰ ঘটনাপ্ৰৱাহ হিচাপে সাক্ষী হৈ ৰয়। আনহাতে একোখন কিতাপ মানেই হ'ল জ্ঞানৰ ভঁৰাল। এই জ্ঞানৰ ভঁৰাল সদৃশ গ্ৰন্থ মানুহৰ বাবে আপুৰুগীয়া সম্পদ বুলি ক'ব পাৰি। সেয়ে আমি কিতাপ বা গ্ৰন্থ সংৰক্ষণ কৰা উচিত।

পুথি অধ্যয়নৰ উপকাৰিতা কি ?

What are the benefits of book study ?


পুথি অধ্যয়নৰ উপকাৰিতা মন কৰিবলগীয়া। মই আগৰ প্ৰবন্ধত এই বিষয়ে কিছু আভাস আপোনালোকক দিবলৈ প্ৰয়াস কৰিছিলো। ইয়াত বহলাই আলোচনা নকৰিলেও নিশ্চয় আপোনালোকে বিষয়টোৰ গুৰুত্বতাৰ সম্পৰ্কে বুজিবলৈ সক্ষম হ'ব। পুথি অধ্যয়নৰ জৰিয়তে হ'ব পৰা উপকাৰিতা --
১/ নানা তৰহৰ বিষয়বস্তুৰ জ্ঞান আহৰণত কিতাপে সহায় কৰে।
২/ গ্ৰন্থ অধ্যয়নৰ ফলত মানুহৰ শৰীৰত আৰু মনত সতেজতাৰ ভাৱ প্ৰকট হয়।
৩/ জ্ঞানৰ সঞ্চয়ৰ ক্ষেত্ৰত গ্ৰন্থ অধ্যয়ন হ'ল মাইলৰ খুঁটি।
৪/ বিভিন্ন দেশ বিদেশৰ বৰ্ণনা ঘৰতে বহিয়েই লাভ কৰিব পাৰি।
৫/ নিদ্ৰাহীনতা আঁতৰোৱাৰ ক্ষেত্ৰত কিতাপ এক অন্যতম ঔষধ।
৬/ কিতাপ জ্ঞানৰ ভঁৰাল।
৭/ ধৈৰ্য্য , অধ্যৱসায়ৰ গুণ, মূল্যবোধৰ জ্ঞান, জীৱন যুঁজৰ সফলতাৰ মাৰ্গদৰ্শন আদি কিতাপৰ জৰিয়তে পাব পাৰি।

কিধৰণৰ পুথি কেতিয়া অধ্যয়ন কৰা উচিত ?

When should you study a book like this ?


যি গ্ৰন্থ অধ্যয়ন কৰিলে আমাৰ কামত আহে, ইস্পিত উদ্দেশ্য সাধিত হয় সেই গ্ৰন্থ আমি  পঢ়া উচিত। বিভিন্নজন লেখক লেখিকাই বিষয় অনুসৰি কিতাপ লিখি আমাক উপহাৰ হিচাপে আগবঢ়াইছে। অসমৰ লগতে দেশৰ পুঁথিভঁৰাল চহকী কৰি থৈ গৈছে । কেৱল প্ৰয়োজন অনুসৰি কিতাপখন বিচাৰি আনি আমি পঢ়িব লাগে। কিতাপ পঢ়াৰ কোনো ভাগ নাই। ভাগ কৰা উচিত নহয়। যি কিতাপ অধ্যয়ন কৰিলেও তুমি তাৰ পৰা এটা বিশেষ জ্ঞান লাভ কৰিবলৈ সক্ষম হ'বাহঁক।  কিধৰণৰ পুথি অধ্যয়ন কৰিবা সেয়া পঢ়ুৱৈৰ ৰুচি-অভিৰুচিৰ ওপৰত নিৰ্ভৰ কৰে।  

১৯৯২ চনতে দশম শ্ৰেণীত পঢ়া ইংৰাজী বিষয়ৰ এটা পাঠ  - What is a Great Book ?  যিটো পঢ়ি বুজিছিলো যে মহান বা মহৎ গ্ৰন্থবোৰেই অধ্যয়নৰ যোগ্য। মহৎ গ্ৰন্থ হ'বলৈ হ'লে বিক্ৰীৰ ক্ষেত্ৰত শ্ৰেষ্ঠতা প্ৰতিপন্ন হ'ব লাগিব। জনপ্ৰিয়তা অৰ্জন কৰিব লাগিব। মানুহৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব লাগিব। তেনেধৰণৰ মহৎ গ্ৰন্থবোৰ আমি পঢ়া উচিত। ইয়ে আমাৰ জ্ঞানৰ ভঁৰাল চহকী কৰি তুলিব আৰু আকাংক্ষিত ফলাফল লাভ কৰিব পৰা যাব।

পুথি অধ্যয়নৰ  অন্য সংযোগ কি কি আছে আৰু ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা ?

What is the other connection to book study and its provision of preservation ? :


ইয়াত পুথি অধ্যয়নৰ অন্য সংযোগ বোলোতে আন কি কি উপায়েৰে বা মাধ্যমেৰে কিতাপ পঢ়িব পৰা যায় সেই সম্পৰ্কে ক'ব বিচৰা হৈছে। 
 
ক/  বিভিন্ন ইলেক্ট্ৰনিক মাধ্যম সমূহৰ জৰিয়তে কিতাপ অধ্যয়ন আৰু সংৰক্ষণ কৰিব পৰা যায়। ছপা মাধ্যমৰ কিতাপ বিলাকৰ দৰে ইলেক্ট্ৰনিক মাধ্যমতো কিতাপ কিনি অধ্যয়ন কৰিব পাৰি। "Amazon  Kindle" , Wikipedia, vikashapedia, Flipkart,  আদি  মাধ্যমত বিভিন্ন ভাষাৰ গল্প সংকলন, উপন্যাস, প্ৰৱন্ধ, কবিতা পুথি, খেল ধেমালিৰ বিষয়ক গ্ৰন্থ, ৰাজনীতি বিষয়ক গ্ৰন্থ, আধ্যাত্মিক বিষয়ক গ্ৰন্থ , ৰোমাঞ্চকৰ অভিযান সম্পৰ্কীয় গ্ৰন্থ, ভ্ৰমণ সম্পৰ্কীয় গ্ৰন্থ, স্বাস্থ্য সম্পৰ্কীয় গ্ৰন্থ, বিজ্ঞান ভিত্তিক পুথি,  আকাশ- মহাকাশ সম্পৰ্কীয় গ্ৰন্থ, শিশু সম্বন্ধীয় পুথি , ...  আদি পুথিসমূহ যিকোনো সময়ত উপলব্ধ হয়। তদুপৰি Facebook, Twitter, linkedin, Pinterest ,.. আদিতো বিভিন্ন সাহিত্য চৰ্চাৰ ধুম উঠিছে। ইয়াত দুখন মান ই- আলোচনীৰ নাম উল্লেখ কৰা হ'ল - ১/   xahitya.org
2/www.prajonmo.com, নিৰিবিলি ই-আলোচনী
৩/ Https//: sondhan.com  সন্ধান ই- আলোচনী
৪/ 'বৰ্ণিল' মাসিক ই-আলোচনী। 
খ/ পুথি প্ৰাপ্তৰ বিনামূলীয়া উৎস হৈছে -- প্ৰতিখন জিলাৰ বিনামূলীয়া পুথিভঁৰাল সমূহ, প্ৰতিখন গাঁওৰ সংঘৰ পুথিভঁৰাল সমূহ, যাদুঘৰৰ সংলগ্ন পুথিভঁৰাল সমূহ ।  এই পুথিভঁৰালৰ পৰা সুবিধানুসৰি প্ৰয়োজনীয় কিতাপ সংগ্ৰহ কৰি অধ্যয়ন কৰিব পাৰি। লগতে পুথিভঁৰাল হ'ল পুথি সংৰক্ষণৰ ভেটি। ব্যক্তিগত ভাৱেও পুথিভঁৰাল বনাই বিভিন্ন বিষয়ত কিতাপ সংৰক্ষণ কৰিব পৰা যায়। 

সামৰণি ( Conclusion) : 

 পূৰ্বৰ তুলনাত আজিৰ সমাজত কিতাপ পঢ়াৰ মানুহ তেনেই কম। মানুহৰ মাজত কিতাপ পঢ়াৰ প্ৰৱনতা ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ পৰিবৰ্তে হ্ৰাস পাবলৈহে ধৰিছে। এয়া এখন সমাজৰ বাবে অশুভ সংকেত। নতুন প্ৰজন্মৰ কথা কৈ থাকোঁতে আমাৰ সময় গৈছে নিজে কিন্তু আমি প্ৰত্যেকেই কিতাপ পঢ়াৰ কথা নকওঁ। আনক কওঁ কিন্তু নিজে নকৰোঁ।  সময়ৰ ব্যস্ততাৰ কাৰণতেই হওঁক বা ইলেক্ট্ৰনিক মাধ্যমৰ ব্যাপক প্ৰভাৱতেই হওঁক  কিতাপ পঢ়াৰ প্ৰতি মানুহৰ ধৈৰ্য্য সচাঁকৈয়ে হেৰাই যোৱা যেন অনুভৱ হয়। কিতাপ পঢ়াৰ প্ৰতি ৰাপ নাথাকিলে কিতাপ সংৰক্ষণত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। সেয়ে আহক কিতাপ পঢ়ো, আনকো পঢ়ুৱাও আৰু সংৰক্ষণ কৰিবলৈ ভৱিষ্যত প্ৰজন্মৰ বাবে ।





লেখাটো পঢ়ি ছোৱাৰ বাবে অশেষ ধন্যবাদ জনালো। আপোনাৰ বহুমূলীয়া মন্তব্যটিৰে উৎসাহিত কৰিব বুলি আশা কৰিলো। - দুদুল সোণোৱাল।

+++++++++++++++++++++++++++++++++

2 comments:

  1. মনজিত কুমাৰ ঠাকুৰAugust 10, 2021 at 12:58 PM

    দুদুল সোনোৱালৰ এই লিখনিয়ে ছাত্ৰ সমাজক নিশ্চয় উপকৃত কৰিব। কিতাপ পঢ়াৰ অভ্যাস আৰু সংৰক্ষণ কৰাটো এটা উৎকৃষ্ট হবি। নতুন প্ৰজন্মই আন্তৰিকতাৰে গ্ৰহণ কৰিলে লাভবান হ'ব।

    ReplyDelete
    Replies
    1. আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে। আপোনালৈ আন্তৰিক ধন্যবাদ জনালো চাৰ।

      Delete

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts