Friday, June 5, 2026

ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ সংৰক্ষণ। Conservation of Nature for Future Generation .

:ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ সংৰক্ষণ:

 Conservation of Nature for Future Generations.

পাতনি:

        প্ৰকৃতি হৈছে মানৱ জাতিৰ লগতে পৃথিৱীৰ সকলো জীৱৰ বাসস্থান ৷ আমি জীয়াই থাকিবলৈ প্ৰয়োজনীয় বায়ু, পানী, খাদ্য আৰু অন্যান্য সম্পদসমূহ প্ৰকৃতিৰ পৰাই লাভ কৰোঁ৷ বৰ্তমানৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতি তথা দ্ৰুত উদ্যোগীকৰণে প্ৰকৃতিৰ বুকুত বিৰূপ প্ৰভাৱ পেলাইছে ৷ আমি আজি যিদৰে প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ কৰিছো, তাৰ ফলত ভৱিষ্যত প্ৰজন্মই এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ব। সেয়েহে ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতি সংৰক্ষণ কৰাটো বৰ্তমান সময়ৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজন।


প্ৰকৃতিৰ প্ৰয়োজনীয়তা আৰু বৰ্তমানৰ অৱস্থা :           

       প্ৰকৃতিয়ে যে কেৱল আমাক জীয়াই থকাৰ সমলেই যোগান ধৰে এনে নহয়, ই আমাৰ মানসিক আৰু শাৰীৰিক সুস্থতাও নিশ্চিত কৰে। কিন্তু বিগত কেইটামান দশকত মানৱজাতিৰ অদূৰদৰ্শীতাৰ বাবে অৰণ্য ধ্বংস, নদী প্ৰদূষণ, গোলকীয় উষ্ণতা বৃদ্ধি (Global Warming) আদি সমস্যাই জটিল ৰূপ ধাৰণ কৰা আপুনিও নিশ্চয় দেখিছে ৷ ইয়াৰ মূল কাৰণ হিচাপে জৈৱ বৈচিত্ৰ্যৰ হ্ৰাসৰ কথা আঙুলিয়াই দিব পাৰি। জৈৱ-বৈচিত্ৰ্য হ্ৰাস পোৱাৰ ফলত পৰিস্থিতিতন্ত্ৰত (Ecosystem) গুৰুতৰ সমস্যাৰ সৃষ্টি হৈছে ৷ মাটিৰ উৰ্বৰতা হ্ৰাস পোৱা, বিশুদ্ধ পানীৰ নাটনি আৰু বতৰৰ পৰিৱৰ্তনে আমাৰ কৃষি আৰু জীৱন ধাৰণৰ ব্যৱস্থাত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। সেয়েহে এনে কাৰক সমূহৰ পৰা নিস্তাৰ পাবলৈ তথা ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে।

কিয় সংৰক্ষণৰ প্ৰয়োজন ?
 
১. জীৱন ধাৰণৰ মৌলিক অধিকাৰ: ভৱিষ্যত প্ৰজন্মই যাতে আমাৰ দৰেই বিশুদ্ধ বায়ু, পানী আৰু সেউজীয়া পৃথিৱী উপভোগ কৰিব পাৰে, তাৰ বাবে আজি আমি প্ৰকৃতি ৰক্ষা কৰিব লাগিব৷

২. জৈৱ-বৈচিত্ৰ্য ৰক্ষা: প্ৰকৃতিৰ সকলো জীৱ-জন্তু আৰু উদ্ভিদৰ নিজা ভূমিকা আছে৷ যদি কোনো এটা প্ৰজাতি বিলুপ্ত হয়, তেন্তে সমগ্ৰ পৰিস্থিতিতন্ত্ৰটো প্ৰভাৱিত হয়৷ ভৱিষ্যতৰ বাবে এই বৈচিত্ৰ্য বচাই ৰাখিব লাগিব৷

৩. জলবায়ু নিয়ন্ত্ৰণ: গছ-গছনি কাটি পেলালে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত গোলকীয় উষ্ণতা বাঢ়ে৷ সেউজ আৱৰণ সংৰক্ষণ কৰিলে জলবায়ুৰ পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি৷

৪. সম্পদৰ সু-ব্যৱহাৰ: কয়লা, পেট্ৰলিয়াম আদি খনিজ সম্পদ সীমিত৷ যদি আমি এইবোৰ বৰ্তমান অত্যধিক ব্যৱহাৰৰ জৰিয়তে অপচয় কৰোঁ, তেন্তে অনাগত দিনত মানুহৰ শক্তিৰ নাটনি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব ৷ সেয়েহে অনৱীকৰণ যোগ্য সম্পদসমূহ আমি চাইচিতি ব্যৱহাৰ কৰা উচিত।
          প্ৰকৃতি সংৰক্ষণত আমাৰ কৰণীয় কৰ্তব্য অসীম। ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতি সংৰক্ষণ কৰিবলৈ আমি ব্যক্তিগত তথা সামূহিকভাৱে কিছুমান পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ। সেইবোৰ হৈছে -

গছপুলি ৰোপণ: 
     অৰণ্য ধ্বংস ৰোধ কৰি অধিক পৰিমাণে গছপুলি ৰোপণ কৰা উচিত ৷ গছ কাটিলে তাৰ পৰিৱৰ্তে নতুন গছ ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। চৰকাৰ বা কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ ওপৰত ভৰসা নকৰি প্ৰতি জন ব্যক্তিয়ে সুবিধা অনুসৰি বৃক্ষৰোপণ কৰা উচিত। অসমৰ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েংৰ প্ৰেৰণাৰে আমি সকলোৱে প্ৰকৃতিৰ সংৰক্ষণত নিজকে নিয়োজিত কৰা প্ৰয়োজনীয়তা আহি পৰিছে।

প্ৰদূষণ নিয়ন্ত্ৰণ: 
      উদ্যোগ আৰু বাহনৰ পৰা ওলোৱা ধোঁৱা, আৱৰ্জনা আদি বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰিব লাগে৷ প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বৰ্জন কৰি পৰিৱেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰিব লাগে৷ আমি আমাৰ চৌপাশৰ ঠাইসমূহ পৰিষ্কাৰ কৰি ৰাখি পৰিৱেশ সুৰক্ষিত কৰি ৰখাটো আমাৰ কৰ্তব্য। 

জল সংৰক্ষণ: 
      পানীৰ অপচয় ৰোধ কৰা আৰু বৰষুণৰ পানী সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে৷ বিশুদ্ধ পানী আমাৰ জীৱনৰ আধাৰ ৷ অপৰিশোধিত আৰু বিভিন্ন দ্ৰব্য মিহলি পানী সেৱনৰ ফলত বৰ্তমান সময়ত মানুহৰ দেহত বিভিন্ন দুৰাৰোগ্য ৰোগে আক্ৰমণ কৰিব সক্ষম হৈছে।

সজাগতা বৃদ্ধি: 
      সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা বিয়পাই দিব লাগে ৷ শিক্ষাৰ জৰিয়তে শিশুক সৰুৰে পৰাই প্ৰকৃতিৰ প্ৰতি মৰম আৰু দায়িত্ববোধ শিকোৱা উচিত। তেতিয়াহে ভৱিষ্যতৰ পৃথিৱী সুৰক্ষিত হৈ থাকিব।

বন্যপ্ৰাণী সুৰক্ষা: 
      চৰকাৰীভাৱে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ সুৰক্ষিত কৰাৰ লগতে চোৰাং চিকাৰ প্ৰতিৰোধ কৰিব লাগে। প্ৰকৃতিৰ বহনক্ষম উন্নয়নৰ (Sustainable Development) বাবে আমি প্ৰতিজন নাগৰিকে সমানে দায়বদ্ধ। ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণৰ স্বাৰ্থক আগস্থান দি আমি বৰ্তমানৰ প্ৰয়োজনসমূহ পূৰণ কৰা উচিত ৷ এনেদৰে সম্পদসমূহ ব্যৱহাৰ কৰিব লাগে যাতে প্ৰকৃতিৰ কোনো স্থায়ী ক্ষতি নহয় ৷ সম্পদৰ সঠিক ব্যৱহাৰ আৰু নবীকৰণযোগ্য শক্তিৰ (Renewable Energy) ব্যৱহাৰে প্ৰকৃতি সংৰক্ষণত ডাঙৰ অৰিহণা যোগাব পাৰে।

উপসংহাৰ:
       প্ৰকৃতি আৰু মানৱজাতিৰ সম্পৰ্ক অতি গভীৰ ৷ প্ৰকৃতি অবিহনে মানৱজাতিৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি ৷ ভৱিষ্যত প্ৰজন্মই যাতে এক সুন্দৰ আৰু বাসোপযোগী পৃথিৱী পায়, সেয়া নিশ্চিত কৰাৰ দায়িত্ব আমাৰ ওপৰতেই ন্যস্ত ৷ আমাৰ সৰু সৰু পদক্ষেপ সমূহে অনাগত দিনত এক বিশাল পৰিৱৰ্তন আনিব পাৰে ৷ আহক, আমি সকলোৱে প্ৰকৃতিক সন্মান কৰিবলৈ শিকোঁ আৰু ইয়াক সংৰক্ষণ কৰাৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰোঁ। এজোপা গছ কাটিলে দুজোপা লগাবলৈ আগবাঢ়ি যাওঁ । আমাৰ সুৰক্ষিত প্ৰকৃতিয়েই হ’ব ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ শ্ৰেষ্ঠ উপহাৰ।


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Tuesday, June 2, 2026

পৰিবৰ্তন। এটা হৃদয়স্পৰ্শী গল্প। Change ! A heart-touching story.

                         পৰিৱৰ্তন


                                Change ! 

      হাতীঘূলী গাঁৱৰ নামঘৰৰ চোতালত থকা বুঢ়া আঁহতজোপাৰ তলত বহিলে সমগ্ৰ গাঁওখনৰ সমাজখনকে অনুভৱ কৰিব পাৰি। সেইদিনা আবেলিও গাঁৱৰ কেইবাজনো জ্যেষ্ঠ আৰু ডেকা মানুহ তাত একত্ৰিত হৈছিল। সাধাৰণতে তাত খেতি-বাতি, বানপানী বা গাঁৱৰ ল’ৰা-ছোৱালীৰ বিয়া-বাৰুৰ কথা-বতৰা বেছিকৈ চলে। কিন্তু যোৱা কেইটামান দিনৰ পৰা গাঁৱৰ চ’ৰাঘৰে চ’ৰাঘৰে, দোকানে-পোহাৰে কেৱল এটাই চৰ্চা— 'ইউ চি চি' অৰ্থাৎ অভিন্ন দেৱানী বিধি (Uniform Civil Code)। গাঁওখনৰ তিনিআলিৰ মূৰত থকা ৰহমত আলীৰ সৰু চাহ দোকানখনত সেইদিনা গৰম চাহৰ সমান্তৰালকৈ তৰ্কও গৰম হৈ উঠিছিল। ৰহমত আলী এজন উদাৰ মনৰ চহা মানুহ। তেওঁৰ দোকানত ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে একেলগে বহি চাহ খায়। দোকানৰ একাষে বহি গাঁৱৰ জ্যেষ্ঠ শিক্ষক ভবেন দত্তই বাতৰি কাকতত চকু ফুৰাই আছিল। এনেতে গাঁৱৰ ডেকা ল’ৰা ফৰিদ আৰু ভাস্কৰে চাহৰ কাপত চুমুক দি দি এই নতুন আইনখনৰ কথাত সোমাই পৰিল। ফৰিদে অলপ চিন্তিত সুৰত ক’লে, "দত্ত ছাৰ, এই ইউ চি চি আইনখন আহিলে হেনো আমাৰ ধৰ্মীয় ৰীতি-নীতি, বিয়া-বাৰু বা সম্পত্তিৰ অধিকাৰবোৰ নোহোৱা হৈ যাব? গাঁৱৰ কিছুমান মানুহে কোৱাকুই কৰিছে যে আমাৰ সমাজৰ পুৰণি নিয়মবোৰ হেনো চৰকাৰে সলাই পেলাব। ভবেন দত্তই চশমাযোৰ নাকৰ ওপৰলৈ তুলি মৰমেৰে ক’লে, "ফৰিদ, কথাতে কয় নহয়— লোকৰ মুখত শুনি এনেকৈ উৰা বাতি কাঢ়ি ফুৰিলে বা অনাহকতে ভয় খালে সমাজত কেৱল বিভেদেহে গা কৰি উঠিব।"

       উৰাবাতৰিত কাণ দিলে সমাজত কেৱল অনাহক ভয় আৰু বিভেদেহে গা কৰি উঠে। আচলতে অভিন্ন দেৱানী বিধিৰ অৰ্থ হ’ল সমগ্ৰ দেশৰে প্ৰতিজন নাগৰিকৰ বাবে, তেওঁ যি ধৰ্মৰে বা জাতিৰেই নহওক কিয়, বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ উত্তৰাধিকাৰ আৰু সন্তান দত্তক লোৱাৰ দৰে ব্যক্তিগত বিষয়বোৰত এক একে ধৰণৰ আইন থকা। ইয়াৰ উদ্দেশ্য কাৰো ধৰ্মীয় বিশ্বাসত আঘাত কৰা নহয়, বৰঞ্চ সমাজত সমতা অনাহে ইয়াৰ উদ্দেশ্য।"
    তেনেতে দোকানৰ বেঞ্চখনত বহি থকা সোণাৰাম বুঢ়াই তামোলখন চোবাই ক’লে, "দত্ত বোপা, তুমি সঁচা কথাই কৈছা। আমাৰ দিনৰে পৰা দেখি আহিছোঁ- 'যেই কুকুৰ সেই নেগুৰ, ধুই-পখালি একে মাত্ৰ ।' সমাজত পুৰুষ আৰু মহিলাৰ মাজত অধিকাৰৰ সমভাগী নহ’লে সমাজখন জানো আগবাঢ়িব ? আমাৰ গাঁৱৰে নুৰজাহানৰ কথাটোকে চোৱা।"সোণাৰাম বুঢ়াৰ কথাষাৰে সকলোকে কিছু সময়ৰ বাবে স্তব্ধ কৰি পেলালে। নুৰজাহান আছিল ৰহমত আলীৰ ভনীয়েক। কেইবছৰমান আগতে তাইৰ স্বামীয়ে সমাজৰ পুৰণি ব্যক্তিগত আইনৰ কিছুমান ফাঁক ব্যৱহাৰ কৰি কোনো খৰচ-পাতি নিদিয়াকৈ তাইক এৰি থৈ গুচি গৈছিল। দুটা সৰু সন্তানক লৈ নুৰজাহানে মাক-দেউতাকৰ ঘৰত আশ্ৰয় ল’বলগীয়া হৈছিল। সমাজৰ পুৰণি প্ৰথাই তাইক আইনী সুৰক্ষা বা সঠিক ভৰণপোষণৰ অধিকাৰ দিব পৰা নাছিল। কিয়নো বিভিন্ন ধৰ্মীয় ব্যক্তিগত আইনত মহিলাৰ অধিকাৰবোৰ সমান নাছিল।ৰহমত আলীয়ে দীঘল হুমুনিয়াহ এটা কাঢ়ি ক’লে, "দত্ত ছাৰ, সোণাৰাম ককাৰ কথাষাৰ মিছা নহয়। মোৰ ভনীজনীৰ দুখ মই চকুৰে দেখিছোঁ। যদি কোনো আইনে ধৰ্মৰ ঊৰ্ধ্বত গৈ আমাৰ দৰে পৰিয়ালৰ কন্যাসকলক আইনী সুৰক্ষা আৰু সম অধিকাৰ দিয়ে, তেন্তে মই ক’ম— ধৈৰ্য্য ধৰিলে মুলো পকে। ভাল দিন আহিবই।"কথাখিনিয়ে লাহে লাহে সমাজত এক গভীৰ চিন্তনৰ সৃষ্টি কৰিলে। কিয়নো সেই একেখন গাঁৱতে ভবেন দত্তৰ সম্পৰ্কীয় ভতিজা বোৱাৰী ৰীমাৰো একেই অৱস্থা হৈছিল। ৰীমাৰ গিৰিয়েকে তাইক উৎপীড়ন কৰি খেদি দিছিল, কিন্তু হিন্দু বিবাহ আইনৰ অধীনত তাই আদালতৰ দ্বাৰস্থ হৈ ভৰণ-পোষণ আদায় কৰিবলৈ সক্ষম হৈছিল। কিন্তু নুৰজাহানৰ ক্ষেত্ৰত ধৰ্মীয় ব্যক্তিগত আইনৰ ভিন্নতাৰ বাবে প্ৰক্ৰিয়াটো জটিল আৰু কষ্টকৰ আছিল।
   এই ঘটনাই স্পষ্ট কৰি দিছিল যে আইন ধৰ্মৰ ওপৰত ভিত্তি কৰি নহয়, বৰঞ্চ মানৱীয়তা আৰু লিংগ সমতাৰ ওপৰত ভিত্তি কৰিহে হ’ব লাগে।ঠিক তেনে সময়তে গাঁৱত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন চৰকাৰী সজাগতা সভাৰ আয়োজন কৰা হ’ল। য’ত জিলাৰ আইন বিশেষজ্ঞসকল আহিছিল। গাঁৱৰ হিন্দু-মুছলিম সকলো সম্প্ৰদায়ৰ মানুহ তাত উপস্থিত আছিল।     

    কিছুমান মানুহৰ মনত শংকা আছিল যে এই আইনে হয়তো সিহঁতৰ সুকীয়া পৰিচয় মচি পেলাব। বহুতৰ শংকা— বান্দৰৰ ডিঙিত গজমণি দিয়াৰ দৰে অপাত্ৰত আইন জাপি দিয়া হ’ব নেকি বুলিও একাংশই ভয় কৰিছিল। সভাত জিলাৰ পৰা অহা আইনী উপদেষ্টা গৰাকীয়ে বুজাই ক’লে, "ভাৰত এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। ইয়াত প্ৰতিটো ধৰ্মৰ পূজা-পাৰ্বন, প্ৰাৰ্থনা পদ্ধতি আৰু ধৰ্মীয় স্বাধীনতা অক্ষুণ্ণ থাকিব। ইউ চি চিয়ে কাৰো নামাজ পঢ়া বা নামঘৰত নাম গোৱাৰ অধিকাৰ কাঢ়ি নলয়। ই কেৱল বিবাহ, সম্পত্তিৰ অধিকাৰ আৰু নাৰী সুৰক্ষাৰ দৰে দেৱানী গোচৰবোৰ একত্ৰিত কৰিব। ইয়াৰ ফলত আমাৰ মাতৃ আৰু ভগ্নীসকলে ধৰ্মীয় পাৰ্থক্যৰ বাবে যি আইনী বৈষম্যৰ সন্মুখীন হয়, তাৰ অন্ত পৰিব।"উপদেষ্টা গৰাকীৰ কথা শুনি গাঁৱৰ ডেকা ল’ৰা ভাস্কৰে ক’লে, "ছাৰ, কথাতে কয় নহয়— ৰাইজে নখ জোকাৰিলে নদী বয়। আমি যদি সমাজৰ সকলো শ্ৰেণীৰ মানুহে এই সংস্কাৰক আদৰি লওঁ, তেন্তে সমাজৰ পৰা আইনী বিভেদবোৰ আঁতৰি যাব। নাৰী শক্তিশালী হ’লেহে সমাজ শক্তিশালী হ’ব।"দিন বাগৰিল। লাহে লাহে হাতীঘূলী গাঁৱৰ মানুহৰ মনৰ পৰা সংশয়ৰ ডাৱৰো আঁতৰিবলৈ ধৰিলে। ।

        নুৰজাহানেও চৰকাৰী আইনী সাহায্য কেন্দ্ৰৰ জৰিয়তে নিজৰ অধিকাৰৰ বাবে যুঁজ দিবলৈ নতুন সাহস পালে। গাঁৱৰ মানুহে বুজি পালে যে যি আইনেই সমাজত সমতা আৰু ন্যায় প্ৰতিষ্ঠা কৰে, সেই আইনক আদৰি লোৱাটোৱেই প্ৰকৃত নাগৰিকৰ কৰ্তব্য।এদিন গধূলি বৰনামঘৰৰ ডবাৰ শব্দ আৰু মছজিদৰ আজানৰ ধ্বনি একেলগে গাঁওখনৰ আকাশত প্ৰতিধ্বনিত হ’ল। বুঢ়া আঁহতজোপাৰ তলত বহি ভবেন দত্ত, সোণাৰাম বুঢ়া আৰু ৰহমত আলীয়ে চাহ খাই খাই হাঁহি আৰু আনন্দেৰে কথা পাতিলে।
    মাধৱে ক’লে, "বুজিছা ৰহমত, কপালৰ লিখন কোনেও সলাব নোৱাৰে বুলি মানুহে কয়। কিন্তু সঠিক আইন আৰু চিন্তাই সমাজৰ ভাগ্য সলাব পাৰে। যুগ পৰিবৰ্তনৰ লগত খোজ মিলাই যিয়ে আশাৰ কঠীয়া সিঁচিব পাৰে, সেইসকল লোকৰ তত্বাৱধানত গঠিত সমাজেই আচলতে উন্নত সমাজ হিচাপে পৰিগণিত।"হাতীঘূলী গাঁৱে সমাজক দেখুৱাই দিলে যে ধৰ্ম যিয়েই নহওক কিয়, দেশৰ আইন আৰু মানৱীয় অধিকাৰ সকলোৰে বাবে সমান হোৱাটোৱেই এক সুস্থ আৰু সবল সমাজৰ ভেটি।


🪴পঢ়ি চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ।🪴

ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ..

    ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ..


Wishing you a very happy for RONGALI BIHU..

       চাওঁতে চাওঁতে সময়ে মেলানি মাগি ব'হাগৰ ৰঙালী ক্ষণত আহি ভৰি দিলেহি আমাৰ পিৰালি মূৰত। ৰঙালী মানেই মনত অপাৰ আনন্দ। ৰঙালী মানেই মনত অপাৰ সুখ আৰু শান্তি। ডাঙৰে সৰুক মৰম আৰু সৰুৱে ডাঙৰক সেৱাৰে শ্ৰদ্ধা আৰু ভক্তি নিবেদন। এয়াই অসমীয়াৰ মুখ্য তথা গুৰুত্বপূৰ্ণ পৰম্পৰা। এই পৰম্পৰা হওঁক যাউতিযুগীয়া। এই পৰম্পৰা হওঁক অনাগত দিনবোৰত অধিক নিকপকপীয়া। 

     ৰঙালী বিহুৰ পবিত্ৰ ক্ষণত আপোনাক যাচিলোঁ একাঁজলি আন্তৰিক মৰম আৰু অযুত শুভকামনা। ৰঙালীৰ প্ৰতিটো ক্ষণে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক হাঁহি, আনন্দ তথা সমৃদ্ধি, শান্তি আৰু সম্প্ৰীতিৰ বতৰা। 

     প্ৰীতি আৰু শুভেচ্ছাৰে.....

🌹জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগৰ পৰা -
🚀 দুদুল সোনোৱাল।

Featured post

ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ সংৰক্ষণ। Conservation of Nature for Future Generation .

: ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ সংৰক্ষণ:  Conservation of Nature for Future Generations. পাতনি:         প্ৰকৃতি হৈছে মানৱ জাতিৰ...

Popular posts