Tuesday, June 2, 2026

ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ..

    ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ..


Wishing you a very happy for RONGALI BIHU..

       চাওঁতে চাওঁতে সময়ে মেলানি মাগি ব'হাগৰ ৰঙালী ক্ষণত আহি ভৰি দিলেহি আমাৰ পিৰালি মূৰত। ৰঙালী মানেই মনত অপাৰ আনন্দ। ৰঙালী মানেই মনত অপাৰ সুখ আৰু শান্তি। ডাঙৰে সৰুক মৰম আৰু সৰুৱে ডাঙৰক সেৱাৰে শ্ৰদ্ধা আৰু ভক্তি নিবেদন। এয়াই অসমীয়াৰ মুখ্য তথা গুৰুত্বপূৰ্ণ পৰম্পৰা। এই পৰম্পৰা হওঁক যাউতিযুগীয়া। এই পৰম্পৰা হওঁক অনাগত দিনবোৰত অধিক নিকপকপীয়া। 

     ৰঙালী বিহুৰ পবিত্ৰ ক্ষণত আপোনাক যাচিলোঁ একাঁজলি আন্তৰিক মৰম আৰু অযুত শুভকামনা। ৰঙালীৰ প্ৰতিটো ক্ষণে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক হাঁহি, আনন্দ তথা সমৃদ্ধি, শান্তি আৰু সম্প্ৰীতিৰ বতৰা। 

     প্ৰীতি আৰু শুভেচ্ছাৰে.....

🌹জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগৰ পৰা -
🚀 দুদুল সোনোৱাল।

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

কৃত্ৰিম বুদ্ধিমত্তা: মানৱ সভ্যতাৰ পুনৰ্নিৰ্মাণ নে আত্ম-বিনাশ ? Artificial Intelligence: Reconstruction or Self-Destruction of Human Civilization?

কৃত্ৰিম বুদ্ধিমত্তা: মানৱ সভ্যতাৰ পুনৰ্নিৰ্মাণ নে আত্ম-বিনাশ ? ১. ভূমিকা: যান্ত্ৰিক চেতনাৰ অভ্যুদয় "আত্ম-বিনাশৰ পৰিৱৰ্তে প...

Popular posts