Showing posts with label 171.মহামাৰীৰ সময়ত অনু-শিক্ষণ পদ্ধতিৰ প্ৰয়োগ --চমু আলোচনা. Show all posts
Showing posts with label 171.মহামাৰীৰ সময়ত অনু-শিক্ষণ পদ্ধতিৰ প্ৰয়োগ --চমু আলোচনা. Show all posts

Sunday, December 5, 2021

মহামাৰীৰ সময়ত অনু-শিক্ষণ পদ্ধতিৰ প্ৰয়োগ --চমু আলোচনা। Application of Micro-teaching method during epidemic -- short discussion.

মহামাৰীৰ সময়ত অনু-শিক্ষণ পদ্ধতিৰ প্ৰয়োগ --চমু আলোচনা । 
Application of Micro-teaching method during epidemic -- short discussion.

অনু-শিক্ষণ পদ্ধতি কি ? What is Micro Teaching Method ? 


অনুশিক্ষণ পদ্ধতি বিশেষকৈ শিক্ষক প্ৰশিক্ষণৰ উদ্দেশ্যেৰে ব্যৱহাৰ কৰা হয়। শিক্ষক শিক্ষয়িত্ৰী সকলৰ আচাৰ আচৰণ পৰিবৰ্তন সাধন কৰাৰ উদ্দেশ্যে অনুশিক্ষণ পদ্ধতি প্ৰয়োগ কৰা দেখা যায়। এই পদ্ধতি পোনপ্ৰথমে আমেৰিকাৰ ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ত ১৯৬৩ চনত প্ৰয়োগ কৰা হৈছিল। পৰৱৰ্তী সময়ত এই পদ্ধতিৰ অধিক বিকাশ ঘটাইছিল শিক্ষাবিদ ডুইড ডব্লিউ এলেন, ৰায়ান,টাৰ্নি, ব্ৰাউন আৰু ভাৰতৰ পাচি আৰু সিং নামৰ শিক্ষাবিদ সকলৰ যুটীয়া গৱেষণাৰ প্ৰচেষ্টাত। ১৯৭৫ চনৰ পৰা এই পদ্ধতি কাৰ্যকৰীভাৱে প্ৰয়োগ কৰা হৈছিল বুলি জনা যায়। এইসকল শিক্ষাবিদৰ মতে অনুশিক্ষণ পদ্ধতি হৈছে শ্ৰেণীৰ আকাৰ আৰু শ্ৰেণীৰ সময়ৰ হ্ৰাস ঘটাই আগবঢ়োৱা শিক্ষাদান প্ৰক্ৰিয়া। 
  
   যদিও কেৱল শিক্ষক প্ৰশিক্ষণৰ উদ্দেশ্যেৰে এই পদ্ধতি ব্যৱহাৰ কৰা হয়, তথাপিও ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰাৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। এই শিক্ষণ প্ৰক্ৰিয়া সাধাৰণতে খুব সংক্ষিপ্ত হয় । নিয়ম অনুসৰি ৫ জনৰ পৰা ১০ জনৰ ভিতৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ব লাগে।
     সীমিত সংখ্যক ছাত্ৰ ছাত্ৰীৰ মাজত ৰিমেডিয়েল পাঠদান কৰিবলৈ এই পদ্ধতি অতি উত্তম। এনে পদ্ধতিৰে কৰা পাঠদান কাৰ্যসূচী ভিডিঅ' কৰি ৰাখিব পাৰে আৰু পৰৱৰ্তী সময়ত শিক্ষক জনৰ ভুল ত্ৰুটী পৰ্যালোচনা কৰাত সহায়ক হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মনোযোগিতা আৰু মনৰ ভাৱ বুজাত সহজ হয়।  

   অনুশিক্ষণ পদ্ধতিৰ মূল উদ্দেশ্য হৈছে শিক্ষক প্ৰশিক্ষাৰ্থী সকলক নিয়ন্ত্ৰিত পৰিৱেশত নতুন কৌশল আয়ত্ব আৰু প্ৰয়োগ কৰাৰ সুযোগ প্ৰদান কৰা। বাস্তৱ পৰিস্থিতিৰ লগত সংগতি ৰাখিবলৈ সুযোগ দিয়া।  এই পদ্ধতিৰ জৰিয়তে বিষয়বস্তুৰ জ্ঞান আৰু অভিজ্ঞতা সহজে আহৰণ কৰিব পৰাৰ বাবে এক পৰিৱেশ প্ৰদান কৰা হয়। ই যি কি নহওঁক, ইয়াক আমি বিদ্যালয়ৰ গণ্ডীৰত ছাত্ৰ ছাত্ৰীক পুনৰ:শিকণ পাঠদানত (Remedial class) প্ৰয়োগ কৰিব পাৰি নেকি ? সেই সম্পৰ্কে আমি আলোচনা আগবঢ়াবলৈ সংক্ষিপ্ত প্ৰয়াস কৰিম।
    অনুশিক্ষণৰ বাবে পাঁচৰ পৰা দহজনৰ ভিতৰত ছাত্ৰ ছাত্ৰী হ'ব লাগে। এই পাঠদানত মুঠ সময় লোৱা হয় পাঁচ মিনিটৰ পৰা দহ মিনিটৰ ভিতৰত। ছাত্ৰ-ছাত্ৰী সকলক এই পদ্ধতিৰে পাঠদান কৰিলে ছাত্ৰ ছাত্ৰীৰ পাঠ আয়ত্ত কৰণৰ সক্ষমতা বৃদ্ধি পায়। শিক্ষণ প্ৰক্ৰিয়া খৰতকীয়া হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীৰ শিকণ প্ৰক্ৰিয়াও খৰতকীয়া হোৱাত প্ৰভাৱ পৰে। হাতৰ মুঠিৰ কলমৰ বেগ বঢ়াত সহায়ক হয়। অৰ্থাৎ লিখন সামৰ্থ্যতা বৃদ্ধি পায়। চিন্তা শক্তি বাঢ়ে। প্ৰয়োগ কৰিবলৈ শিকে। বিষয়বস্তুৰ জ্ঞান স্পষ্ট হয়। 


অনু-শিক্ষণৰ সুবিধা 
  
    অনুশিক্ষণৰ কিছুমান সুবিধা বা গুণ আছে। বিশ্বত বৰ্তমান এই পদ্ধতিৰ জনপ্ৰিয়তা বাঢ়িছে আৰু সমাদৃত হৈছে। গুণসমূহ এনেধৰণৰ --
১/ এই পদ্ধতি অতি কাৰ্যকৰী আৰু পৰিপুষ্টি দান কৰা এক প্ৰক্ৰিয়া যাৰ ফলত প্ৰশিক্ষাৰ্থীৰ আচৰণ পৰিবৰ্তন সাধন কৰাত সহজ।
২/ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে কম হোৱাৰ বাবে পাঠদানত আৰু গ্ৰহণত সুবিধা হয়।
৩/ শিকোৱা বিষয়বস্তু শিক্ষাৰ্থীসকলে বুজিল নে লগে লগে পৰিপুষ্টি ল'ব পাৰি। সেয়ে ছাত্ৰ ছাত্ৰীৰ বা শিক্ষকৰ আচৰণ পৰিবৰ্তনত প্ৰভাৱ পৰে।
৪/ বেছি ছাত্ৰ ছাত্ৰী মাজত জ্ঞান আহৰণত হোৱা অসুবিধা দূৰ কৰে।
৫/ অনুশিক্ষণ পদ্ধতি বিশেষকৈ প্ৰাককালীন আৰু চাকৰি কৰি থকা শিক্ষকৰ বাবে উপযোগী শিক্ষণ আৰ্হি।
৬/ অনুশিক্ষণে বেছি ছাত্ৰ ছাত্ৰী আৰু বেছি সময়ৰ শ্ৰেণীৰ শিক্ষাদানৰ বোজা লাঘৱ কৰে।
৭/ শিক্ষকক শিক্ষাৰ গুৰুত্ব আৰু জটিলতাৰ সম্পৰ্কে সজাগ হোৱাত সহায় কৰে।



অনু-শিক্ষণৰ অসুবিধা
অনুশিক্ষণ পদ্ধতিৰ জৰিয়তে যদিও নিদানমূলক শিক্ষা প্ৰদান কৰিব পাৰি বা ইয়াৰ সুবিধা যিমান আছে অসুবিধাও সিমানেই আছে বুলি ক'লেও অত্যুক্তি কৰা নহয়। ইয়াৰ অসুবিধা সমূহ থোৰতে আগবঢ়োৱা হ'ল-- 
১/ এই পদ্ধতি প্ৰয়োগৰ বাবে অসুবিধা আছে কাৰণ অতি কম সময়তে বিষয়বস্তুৰ জ্ঞান প্ৰদান কৰিব লাগে।
২/ কোনো বিদ্যালয়ৰ প্ৰধান শিক্ষকে কেৱল দহজন বা পাঁচজনক এই পদ্ধতি প্ৰয়োগ কৰি শিক্ষা প্ৰদান কৰিবলৈ অনুমতি নিদিয়ে।
৩/ আনহাতে এই পদ্ধতি সম্পৰ্কীয় কোনো সহায়ক গ্ৰন্থও সুলভ নহয়।
৪/ শিক্ষণীয় বিষয়বস্তু খণ্ড খণ্ডকৈ পঢ়াব লগা হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকল বুজাত অসুবিধাৰ সৃষ্টি হয়।
৫/ তুলনামূলকভাৱে এই পদ্ধতি প্ৰয়োগৰ ক্ষেত্ৰত খৰচৰ পৰিমাণ বেছি হয়।


    মহামাৰীৰ সময়ত অনু-শিক্ষণৰ প্ৰয়োজনীয়তা
অনুশীক্ষণ যদিও  শিক্ষক প্ৰশিক্ষণৰ হেতু প্ৰয়োগ কৰা হয়, তথাপিও ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ নিদান মলক
 শিক্ষা প্ৰদান কৰিবলৈ এই পদ্ধতি অতি উত্তম হ'ব বুলি ক'ব পাৰি। যিহেতু নিদানমূলক শিক্ষা প্ৰদান কৰিবলৈ সৰ্বশিক্ষাৰ তৰফৰ পৰাও সময়ে সময়ে নিৰ্দেশ দি আহিছে। গতিকে বিদ্যালয়ৰ প্ৰশাসক গৰাকীয়ে এই ক্ষেত্ৰত বিষয়টো বিবেচনা কৰি এই পদ্ধতি বিশেষকৈ উচ্চ প্ৰাথমিক পৰ্যায়ত প্ৰয়োগৰ বাবে ব্যৱস্থা হাতত ল'ব পাৰে।  এই পদ্ধতিৰ উদ্ভাৱক কেলাৰৰ মতে শিক্ষক প্ৰশিক্ষণ বা শিক্ষাৰ্থীসকলক বিশেষ এটা বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি এই পদ্ধতি প্ৰয়োগৰ জৰিয়তে ফলপ্ৰসূ শিক্ষা প্ৰদান কৰিব পাৰি। তদুপৰি শিক্ষাদানৰ ক্ষেত্ৰত পদ্ধতি পৰিবৰ্তন কৰিলে ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধি পাই। শিক্ষাৰ ক্ষেত্ৰত এই পদ্ধতিয়ে শিকাৰু আৰু শিক্ষকক নতুন দিশৰ সন্ধান দিয়াৰ সম্ভাৱনা আছে। 


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল। 



সহায়ক উৎস:: 1.  Educational Technology.
                           শৈক্ষিক প্ৰযুক্তিবিদ্যা ।
                       ২. Internet . 

আৰু পঢ়ক..
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgMWGy6Y3InvOdjZEQU_PFCH1ZXqZhMWQK2B4DWFcSJcBRFZc7c1EuioBVa8g_wMVgaUWN3Fj3hkf6Q_Nm9f9UmfCyR1OgL5HXGOwAg2IwPk7W51HGYLveU-90F6ujb9wG4fZOspE03BdvC/s1600/1636545898276314-0.png
http://anuragblogadress.blogspot.com/2021/11/blog-post_10.html

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts