শিল কি ?
শিল হৈছে পৃথিৱীৰ উপৰিভাগত প্ৰাপ্ত বিভিন্ন খনিজ পদাৰ্থৰ দ্বাৰা গঠিত হোৱা ভূত্বক গঠিত কৰা কঠিন পদাৰ্থ। শিলৰ উৎপত্তি আৰু গঠন অনুযায়ী শিলক তিনিটা মৌলিক ভাগত বিভক্ত কৰা হৈছে। সেইবোৰ হৈছে-- আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল।
আগ্নেয় শিল :
পৃথিৱীৰ উপৰিভাগত আদিতে সৃষ্টি হোৱা শিলবোৰকে আগ্নেয় শিল বোলা হয়। এই শ্ৰেণীৰ শিল বৰ টান । এই শিল ভূগৰ্ভত উত্তপ্ত গলিত অৱস্থাত থকা পদাৰ্থবোৰে লাহে লাহে তাপ বিকীৰণ কৰাৰ ফলত গোট মাৰি সৃষ্টি হৈছে। উত্তপ্ত গলিত অৱস্থাত থকা এই পদাৰ্দবোৰক মেগমা বোলা হয়।মেগমা ভূপৃষ্ঠৰ ওপৰলৈ ওলাই আহিব নোৱাৰি মাটিৰ তলতে ক্ৰমান্বয়ে তাপ ত্যাগ কৰি গোট মাৰে আৰু ইয়ে পৰৱৰ্তী সময়ত আগ্নেয় শিলৰ সৃষ্টি কৰে। কেতিয়াবা আগ্নেয়গিৰী উদ্গীৰণৰ ফলত এই উত্তপ্ত গলিত মেগমা ভূপৃষ্ঠৰ ওপৰলৈ ওলাই আহে যাক লাভা বুলি কোৱা হয়। এই লাভাবোৰ গোট মৰাৰ ফলত আগ্নেয় শিলৰ সৃষ্টি হয়। আগ্নেয় শিলৰ উদাহৰণ হ'ল-- গ্ৰেণাইট, বেছল্ট, পিউমিচ, আগ্নেয় শিল আদি।
গেদীয় শিল :
পৃথিৱীৰ উপৰিভাগত হোৱা বতৰৰ তাৰতম্যৰ ফলত এই শিলৰ সৃষ্টি হয়। সূৰ্যৰ তাপ, বৰষুণ, তুষাৰপাত, বতাহ, ধুমুহা আদি বিভিন্ন কাৰণত আগ্নেয় শিলবোৰ ভাঙি-চিঙি টুকুৰা টুকুৰ হৈ গুড়ি হয়। বৰষুণৰ বোৱতী পানীৰ সোঁতে বা প্ৰৱল ধুমুহা বতাহৰ প্ৰকোপত এই গুড়িবোৰ উটি গৈ দ ঠাইত বা নদ নদী, সাগৰ আদিৰ তলিত জমা হৈ ৰৈ যায়। ইয়াৰ লগতে বিভিন্ন জীৱ জন্তুৰ বা উদ্ভিদৰ দেহৰ অংশও পানীয়ে উটুৱাই লৈ যায়। পৰৱৰ্তী সহস্ৰ বছৰৰ মূৰত তৰপে তৰপে জমা হোৱা এই গেদবোৰৰ ওপৰত পুনৰ তৰপে তৰপে জমা হোৱা গেদবোৰৰ চাপ আৰু ভূগৰ্ভৰ তাপৰ ফলত এবিধ নতুন শিলৰ সৃষ্টি হয় আৰু গেদ জমা হৈ সৃষ্টি হোৱা এই শিলবোৰকে গেদীয় শিল বুলি কোৱা হয়। গেদীয় শিল বৰ কোমল হয়। এই শিল চূণ হিচাপে বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰা যায়। চূণশিলৰ পৰা মাৰ্বল পাথৰ তৈয়াৰ কৰা হয়। উদাহৰণ স্বৰূপে চূণশিল, বালিশিল, বোকাশিল আদি হ'ল গেদীয় শিল।
ৰূপান্তৰিত শিল :
সূৰ্যৰ অত্যধিক তাপ, বতাহৰ চাপ আৰু ৰাসায়নিক ক্ৰিয়াৰ ফলত ভূগৰ্ভত প্ৰাপ্ত আগ্নেয় শিল আৰু গেদীয় শিলৰ পৰিবৰ্তন হৈ এবিধ নতুন শিলৰ সৃষ্টি হয় তাকেই ৰূপান্তৰিত শিল বোলা হয়। এই শিল কোমল হয়। যেনে চূণশিলৰ পৰা সৃষ্টি হোৱা মাৰ্বল শিল হ'ল ৰূপান্তৰিত শিল।শ্লেট, কোৱাৰ্টজাইট আদি হ'ল এই শ্ৰেণীৰ শিল। এনে শিলৰ জৰিয়তে মানুহে ঘৰৰ বিভিন্ন কাম কৰায়। পৃথিৱীৰ বিখ্যাত তাজমহল মাৰ্বল শিলেৰ নিৰ্মিত। নগৰৰ, চহৰৰ ঘৰবোৰৰ মজিয়া আদি এনে শিলৰ জৰিয়তে বনোৱা হয় যাক টাইলচ লগোৱা বুলি কোৱা হয়।
মাটি আৰু খনিজ লৱন :
পৃথিৱীৰ উপৰিভাগৰ কোমল অংশটোৱেই হৈছে মাটি। মাটিৰ ওপৰতে মানুহৰ লগতে বিভিন্ন জীৱ জন্তুৰ নিৰ্ভৰশীল। মাটি থকা বাবে প্ৰাণী আছে। মাটিৰ উপৰৰ তৰপটো বিভিন্ন খেতিৰ বাবে উপযোগী। গছ গছনিৰ বাবে উপযোগী। এই তৰপটোত সকলোবোৰ খনিজ লৱণ আৰু অনুজীৱ থাকে। সেয়ে এই তৰপটো সাৰুৱা হয়।
খনিজ লৱণ মাটিৰ লগত মিহলি হৈ থাকে। মাটিত হিউমাছ আৰু খনিজ লৱণ পোৱা যায়। মাটিৰ লগত মিহলি হৈ থকা মৃত প্ৰাণী বা উদ্ভিদৰ গেলি পচি যোৱা অংশই হৈছে হিউমাছ। হিউমাছে মাটি সাৰুৱা কৰে। বোকা আৰু বালিৰে সৃষ্টি হোৱা মাটিত আন এবিধ টান ৰঙচুৱা পদাৰ্থ থাকে তাকেই খনিজ লৱণ বোলা হয়।
খনিজ লৱণ বিভিন্ন প্ৰকাৰৰ আছে। সেইবোৰ হ'ল -- মণিক , ছিলিকা, হিমাটাইট আদি
মাটিত থকা উপাদান
উপাদানৰ পৰিমাণ --মণিক ৪৫ শতাংশ, জৈৱিক পদাৰ্থ ৫ শতাংশ ,পানী ২৫ শতাংশ আৰু বায়ু ২৫ শতাংশ মাটিত পোৱা যায়।
Vvvvvvvbbbbbvvvvvv