Tuesday, January 19, 2021

বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা আৰু ইয়াৰ গুৰুত্ব a development plan of a school and it's importance.

বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা::

A development plan of a school.


 কোনো এটা কাম কৰিব যোৱাৰ আগতে কামটো কেতিয়া কৰিব, কাৰ দ্বাৰা কৰিব, কামটো সমাপন কৰাত কিমান পৰিমাণৰ ধন ব্যয় হ'ব, সময় কিমান প্ৰয়োজন হ'ব আৰু কামটোৰ ফলাফল কি হ'ব আদি বিষয়বোৰ জুকিয়াই ঠিক কৰি লোৱা হয়। এইদৰে কোনো এটা কাম কৰাৰ পূৰ্বে কৰা প্ৰস্তুতি বা আঁচনিয়েই হ'ল পৰিকল্পনা আৰু এখন বিদ্যালয়ৰ উন্নয়নৰ বাবে কৰা যি আঁচনি সিয়েই হ'ল বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা ।

বিদ্যালয় উন্নয়ন পৰিকল্পনাৰ গুৰুত্ব ::

Importance of a development plan.


বিদ্যালয় এখন সুন্দৰ আৰু সুস্হভাৱে উন্নয়ন হ'বৰ বাবে উন্নয়ন পৰিকল্পনাৰ গুৰুত্ব আৰু ইয়াৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। বিদ্যালয় সৰ্বাংগীন উন্নতি সাধনত পৰিকল্পনাই সহায় কৰে। সমাজৰ লগত বিদ্যালয়খনৰ যুগসূত্ৰ স্হাপন  কৰাৰ ক্ষেত্ৰত ইয়াৰ অৱদান অনস্বীকাৰ্য্য। বিদ্যালয়ৰ বিভিন্ন অভাৱ আৰু অভিযোগ সমূহ নিৰাময়ৰ ক্ষেত্ৰত সুবিধা হয়। তদুপৰি বিদ্যালয়ৰ সামগ্ৰিক কাম-কাজৰ মূল্যায়ন কৰাত আৰু ছাত্ৰ ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী সকলৰ মাজত সমন্বয় স্হাপন, সদভাৱ জাগৰণ আৰু কৰ্ম সংস্কৃতিৰ মনোভাৱ জগাই তোলিব পৰা যায়। সেয়ে বিদ্যালয় এখনৰ উন্নয়ন পৰিকল্পনাক বিদ্যালয়খনৰ মূল সোপান বুলি ক'ব পাৰি।

 কাৰ্যপন্থা গ্ৰহণ ::


বিদ্যালয় এখন সুন্দৰকৈ সজাই তোলাৰ বাবে চৌহদবেৰণৰ অৱস্থা, বিদ্যালয় গৃহৰ পুনৰ মেৰামতিৰ উপায়, গেট নিৰ্মাণৰ ব্যৱস্থা, তোৰণ নিৰ্মাণৰ ব্যৱস্থা, ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে পৃথককৈ চাইকেল আৰু গাড়ী,বাইক ৰখোৱা গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবৰ বাবে এখন কাৰ্য পৰিকল্পনা যুগুত কৰা অতিকৈ দৰকাৰ। 
 

প্ৰায়োগিক স্তৰ ::

কামবিলাক কেনেকৈ আৰু কোনে কৰিব, কামৰ বিৱৰণ আৰু কাম আৰম্ভ কৰাৰ দিন-বাৰ তাৰিখ নিৰ্দিষ্ট কৰিবৰ বাবে অভিভাৱকৰ সভা অনুষ্ঠিত কৰিব লাগে। এই সভাত গাঁৱৰ মুখিয়াল ব্যক্তি, বিভিন্ন সমাজ সেৱক, পঞ্চায়তৰ সচিব আৰু সভাপতি আদি ব্যক্তি সকলক নিমন্ত্ৰণ কৰি আলোচনা কৰিব লাগে। আলোচনাত যাতে পৰিকল্পনা মতে কাৰ্য সিদ্ধি হয় সেইটো বিশেষ নজৰ দিব লাগে। প্ৰতিজন অভিভাৱকক বিদ্যালয়ৰ উন্নয়ন ক্ষেত্ৰত কিদৰে কামত লগাব পৰা যাব সেই সম্পৰ্কে আগতীয়াকৈ পেনেল প্ৰস্তুত কৰি উলিয়াব লাগিব। তদুপৰি গাঁৱ পঞ্চায়তৰ সচিব আৰু সভাপতিৰ পৰা সুবিধা আদায়ৰ বাবে যুগুত পৰিকল্পনাৰ সম্পৰ্কে বিশদভাৱে অৱগত কৰাব লাগিব।

মন্তব্য ::

বিদ্যালয় সৰ্বাংগীন বিকাশ সম্ভৱপৰ হ'ব তেতিয়াহে যেতিয়া বিদ্যালয়ৰ সৈতে সম্পৰ্কিত প্ৰতিজন ব্যক্তিয়ে বিদ্যালয়ৰ সমস্যাৰ সম্পৰ্কে অধ্যয়ন কৰিবলৈ ইচ্ছুক হ'ব আৰু 'নিজৰ' মনোভাৱ অক্ষুণ্ণ ৰাখি বিদ্যালয়ৰ প্ৰতিটো কামতে শাৰীৰিক, মানসিক, আৰু আৰ্থিক ভাৱে সহযোগিতা আগবঢ়াবলৈ কুণ্ঠাবোধ নকৰিব। 









-------++++++++++------+++++++++++-------

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts