মাঘ বিহু বা ভোগালী বিহু ::
অসমৰ অসমীয়া সমাজত পূৰ্বৰে পৰা প্ৰচলিত পৰম্পৰাগত এক লোকসংস্কৃতি হ'ল মাঘ বিহু। মাঘ বিহুৰ আন এটা নাম ভোগালী বিহু। মাঘ মাহৰ প্ৰথম দিনটোতেই এই বিহু আয়োজন কৰা হয়। বিহুৰ আগদিনাখনক উৰুকা বা মাঘৰ মকৰ সংক্ৰান্তি বোলা হয়।
উৰুকা আৰু বিহুৰ লোকবিশ্বাস::
বিহুৰ আগৰ দিনটো উৰুকা নামেৰে অভিহিত কৰা হয়। পৰম্পৰাগত নীতি নিয়ম অনুসৰি উৰুকা দিনা আহু ধানৰ খেৰেৰে ঘৰ আৰু ঘৰত থকা বিভিন্ন গছ গছনি সমূহ বান্ধি দিয়া হয়। আগদিনা খেৰেৰে নাবান্ধিলে হেনো ঘৰৰ দেউ অৰ্থাৎ ঘৰৰ ঈশ্বৰ বাহিৰ হৈ পৰশুৰাম কুণ্ডলৈ যায়গৈ আৰু একেদৰে গছ গছনি সমূহ নাবান্ধিলে আগন্তুক বৰ্ষত ফল নধৰে বুলি অসমীয়া সমাজত লোকবিশ্বাস আছে। উৰুকাৰ দিনা ভেলা ঘৰ সাজি 'মেজি' ৰখীয়া হোৱাৰ নিয়ম। 'মেজি' ৰখীয়া হোৱাৰ দিনটোত অৰ্থাৎ উৰুকাৰ দিনা অসমীয়া সমাজৰ লোকবিশ্বাস মতে খালী পেটে বা নিৰামিষ ভোজন কৰা নহয়। এই দিনটোও উৎসৱৰ দৰে পালন কৰা হয়। 'মেজি' ৰখীয়া হোৱাবিলাকে মাছে মঙহেৰে উদৰ পূৰাই ৰংৰহইচ কৰি এসাঁজ সমিলমিলেৰে খায়।
পিছৰ বিহুৰ দিনা 'মেজি' জুই জ্বলোৱা হয়। মেজিৰ জুই জ্বলাই সমাজৰ পৰা অসূয়া,অপ্ৰীতি, ভেদভাৱ, কুৎসা,কপটততা,হিংসা দ্বেষ,খেয়াল, দুষ্কৃতি, অত্যাচাৰ অনাচাৰ দূৰ কৰাৰ নিমিত্তে অগ্নি দেৱতাক আৰাধনা কৰা হয় । অৱশ্যে অসমৰ কিছু গাঁৱত মেজি জ্বলোৱা নিয়ম আগৰ পৰাই নাই। বিশেষকৈ বৈষ্ণৱ পন্থাৰে শ্ৰীকৃষ্ণক আৰাধনা কৰা আৰু সকাম নিকাম কৰা সমাজত এই নিয়ম নাই। কিন্তু আনবিলাকৰ দৰে বৈষ্ণৱী সকলেও উৰুকা আৰু বিহুৰ দিনা মাছে মঙহেৰে উদৰ পূৰাই ৰংৰহইচ কৰি বিহু পালন কৰে।
মাঘ বিহু হ'ল ভোগৰ উৎসৱ। ই কৃষিভিত্তিক লোকউৎসৱ। কৃষকসকলে আঘোণ পুহ মাহত খেতি চপাই আজৰি হয়।ধানে পৰিপূৰ্ণ হৈ মেটমেটীয়া হৈ থাকে ভঁৰাল। খাবলৈ কাৰোৰে অভাৱ নাথাকে।সেয়ে হৰেক ৰকমৰ বস্তুয়ে গৃহ ভৰি থাকে আৰু বিহুৰ দিনা ভোগ কৰে। সেয়ে মাঘ বিহুক ভোগালী উৎসৱ বুলি কোৱা হয়।
মাঘ বিহুৰ বিভিন্ন খাদ্য সম্ভাৰ::
মাঘ বিহুত বিভিন্ন খাদ্য সম্ভাৰৰ ভিতৰত -- ১/ পিঠা-পনা , ২/ জলপান জাতীয় খাদ্য, ৩/ বিভিন্ন স্বাদৰ আলু আদি সন্নিবিষ্ট হৈছে।
১/ পিঠা-পনা -- বিভিন্ন প্ৰকাৰৰ পিঠাৰ জুতি এই উৎসৱৰ প্ৰধান খাদ্য। পিঠাৰ ভিতৰত আছে-- ঘিলা পিঠা, সুতুলী পিঠা, ভাপত দিয়া পিঠা, নাৰিকলৰ লাড়ু আদি।
২/ জলপান জাতীয় খাদ্য-- বৰা চাউলৰ সহায়ত বনোৱা খাদ্যই হ'ল জলপান জাতীয় খাদ্য। চিৰা, মুৰি আৰু সান্দহ আদি । অৱশ্যে লাহীধানৰ চাউলেৰেও জলপান তৈয়াৰ কৰা হয়। বৰা চাউল কেৰাহীত ভাজি তৈয়াৰ কৰা হয়। আগদিনা তৈয়াৰ কৰা জলপান বিহুৰ দিনা দৈ গাখীৰ আৰু গুৰ দি পৰিৱেশন কৰা হয়।
৩/ আলুৰ খাদ্য -- মাঘ বিহুৰ আৰু এটা আকৰ্ষণীয় খাদ্য হ'ল আলু খাদ্য। কাঠ আলু, মৰা আলু, গুই আলু বা মিঠা আলু আদি। বিহুৰ দিনা ৰাতিপুৱাই ৰান্ধনিয়ে এই সমূহ আলু বয়ল কৰে আৰু গাখীৰৰ সৈতে পৰিৱেশন কৰে।
ইয়াৰোপৰি মাঘ বিহুৰ দিনা তিল,কৰাই, মাটিমাহ একেলগ কৰি ভাজি খোৱা হয়। লোকবিশ্বাস মতে তিলকৰাই ভজা নাখালে হেনো পাছৰ জনমত গাহৰি ৰূপে জনম পায়। এই নিয়ম পৰম্পৰাগতভাৱে চলি আহিছে।
ব্যৱসায়িক ভিত্তিত মাঘ বিহু। ::
ব্যৱসায়িক দিশত মাঘ বিহুৰ এটা উজ্বল তথা সম্ভাৱনাময় দিশ পৰিলক্ষিত হয়। সাম্প্ৰতিক বিশ্বায়নৰ যুগত পৰম্পৰাক দোহাই দি নিয়মক খামোচ মাৰি ধৰি থাকিলে ইয়াৰ পৰা একো লাভৱান হব পৰা নাযাব। লাভৱান হ'বৰ বাবে আমি আমাৰ বিহুত ব্যৱহৃত সামগ্ৰীসমূহক বজাৰত বিক্ৰীৰ নিমিত্তে উলিয়াই দিব পাৰিব লাগিব। বৰ্তমান দেখা গৈছে অসমৰ বহু আত্ম সহায়ক গোটৰ জৰিয়তে বিহুৰ পিঠা-পনা , আন খাদ্য সম্ভাৰৰ মেলা অনুষ্ঠিত কৰিছে। মেলাত বহু লোক আৰ্থিক ভাৱে উপকৃত হৈছে। কিন্তু সামগ্ৰী সমূহৰ মূল্য অতিপাত বেছি হোৱাৰ বাবে ই বজাৰ দখল কৰিবলৈ সক্ষম হোৱা নাই। এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা সামগ্ৰী সমূহৰ এটা নিৰ্দিষ্ট মূল্য নিৰ্ধাৰণ কৰি উৎপাদনৰ ব্যৱস্থা কৰিব পাৰি। অৰ্থাৎ চৰকাৰে মাঘৰ পিঠা-পনা ব্যৱসায় বানিজ্যৰ দিশত আগুৱাই নিবলৈ উদ্যোগ স্হাপন কৰিব পাৰে। ইয়াৰ পৰা অসমৰ বহু লোক উপকৃত হোৱাৰ সম্ভাৱনা আছে।
সাম্প্ৰতিক সময়ত দেখা গৈছে বজাৰত বনিয়াই অসমীয়াৰ খাদ্য সম্ভাৰৰ সদৃশ খাদ্য উদ্যোগত উলিয়ায় বজাৰত মেলি দিছে। এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আমি নিজে সামগ্ৰী সমূহ উচ্চ মানদণ্ডৰে প্ৰস্তুত কৰি বজাৰত মেলি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। তেহে বিহুৰ পৰা আমি উপকৃত হম। আজিৰ পৰা পঞ্চাছ বছৰৰ আগৰ বিহুৰ প্ৰতিচ্ছবি নিশ্চয় নাই। সামাজিক , ৰাজনৈতিক দিশত যিদৰে পট পৰিৱৰ্তন হৈছে ঠিক সদৃশ ৰূপত অসমৰ অসমীয়াৰ বাপতিসাহোন বিহু উৎসৱৰো কিছু পৰিৱৰ্তন নঘটা নহয়। এয়া অৱশ্যে সময়ৰ দাবী বুলি ক'ব পাৰি। এইদৰে পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িও আমি পৰম্পৰাগত নীতি নিয়ম জীয়াই ৰাখিব লাগিব।
মেজি জ্বলোৱাৰ দৃশ্য
------------*********************---------------
amazing
ReplyDeleteThank you very much for your inspiration.
Delete