জুই মানুহৰ বন্ধু নে শত্ৰু ?
বিভিন্ন সময়ত বিভিন্ন কাৰণত জুইয়ে পোৰিলে আমি কি কৰা উচিত আমি জনা প্ৰয়োজন আছে। জুইয়ে পোৰা কাৰণসমূহ তলত উল্লেখ কৰা ধৰণৰ হ'ব পাৰে নেকি ? আহকচোন আলোচনা কৰি চাওঁ
কাৰণসমূহ ::
১/ জুইৰ শিখা, ডাঙৰকৈ জ্বলা জুই, গৰম লোহা বা অন্য গৰম ধাতুৰ দ্বাৰা পোৰিব পাৰে।
২/ সূৰ্যৰ প্ৰখৰ তাপ, বিদ্যুত পৰিবাহীত তাঁৰ, বজ্ৰপাত আদিৰ দ্বাৰাও পোৰিব পাৰে।
৩/ এচিদ,এলকালিজ আদি ৰাসায়নিক পদাৰ্থৰ দ্বাৰাও পোৰা যায়।
৪/ নিউক্লিয়াচৰ জৰিয়তে নিৰ্গমন হোৱা তেজস্বী ৰশ্মিয়েও পোৰিব পাৰে।
৫/ গৰম পানী, গৰম তেল আদি দ্ৰব্যৰেও পোৰা যায়।
কেৱল পোৰা কাৰণসমূহ জ্ঞাত হ'লেই নহ'ব , ইয়াৰ লগত বহু কৰণীয় কাম বা কথা সংযোজিত হৈ আছে। আমি ইয়াৰ লগত জড়িত থকা কথা সমূহ জনা দৰকাৰ। তেতিয়াহে আমি উপযুক্ত ব্যৱস্থা হাতত ল'ব পাৰিমহঁক ।
যিকোনো কাৰণত পোৰা পাছত পোৰা অংশত চালখন ৰঙা পৰিব, জোলা উঠিব আৰু ছালখন বখলা বখলকৈ এৰি যাব পাৰে। সৰহকৈ পোৰিলে শৰীৰৰ বিভিন্ন অংগসমূহ দেই যাবও পাৰে। তেনে হ'লে আমি ডাক্তৰৰ পৰামৰ্শমতে ঔষধ ব্যৱহাৰ কৰিব লাগে। কিন্তু ওচৰে পাজৰে চিকিৎসালয় নাথাকিলে আমি নিশ্চয় অসুবিধাৰ সন্মুখীন হ'ব লাগিব। গতিকে এনে সময়ত আমি প্ৰথমে ঘটনা দেখি বেহুচ নহৈ ধৈৰ্য্য সহকাৰে বিবেচনা কৰি প্ৰাথমিক চিকিৎসা আগবঢ়োৱা উচিত।
পোৰিলে ল'ব লগা সাৱধানতা আৰু প্ৰাথমিক চিকিৎসা :
১/প্ৰথমে পোৰা ডোখৰত ঠাণ্ডা পানী অলপ লাহে লাহে ঢালি ঘা ডোখৰ চাফা কৰি দিব।
২/পোৰা ঘা'ত লাগি থকা কাপোৰ কানি লাগি নধৰিলে লাহে লাহে আতঁৰাই দিব। যদি লাগি থাকে তেন্তে সাৱধানে কেঁচিৰে ঘাৰ চাৰিওফালে কাটি পেলাব।
২/ গৰমৰ ফলত ঘা ডোখৰত উঠা জোলা কেতিয়াও নাভাঙিব বা ফুটুৱাই নিদিব।
৩/ সোনকালে ঘাত বতাহ নলগা কৰিবলৈ পিচল জাতীয় কাপোৰ দি ঘা ডোখৰ মেৰিয়াই দিব পাৰে কিন্তু খুব লাহেকৈ বান্ধিব লাগে।
অলপ কমকৈ পোৰিলে উপৰত উল্লেখ কৰা ধৰণৰ ব্যৱস্থা হাতত ল'ব পাৰে। কিন্তু বেছিকৈ পোৰিলে কেনেধৰণৰ ব্যৱস্থা ল'ব।
বেছিকৈ পোৰিলে ল'ব লগা সাৱধানতা::
১/ প্ৰথমে পৰিষ্কাৰ পাতল কাপোৰেৰে ঘা ডোখৰত মেৰিয়াই দিব।
২/আঘাতপ্ৰাপ্ত জনক নিৰৱতা অৱলম্বন কৰিবলৈ প্ৰয়াস কৰিবলৈ আৰু ধৈৰ্য্য ধৰিবলৈ ক'ব যাতে তেওঁৰ মনোবল বৃদ্ধি হয়।
৩/ পোৰা অংশত লাগি থকা কাপোৰ নাতৰাঁব তাৰ সলনি পাৰিলে বিজানুমুক্ত পৰিষ্কাৰ কাপোৰেৰে বা বেণ্ডেজেৰে লাহে লাহে ঢাকি দিব।
৪/ অতি সোনকালে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব।
জুইয়ে পোৰিলে ল'ব লগা সাৱধানতা:
১/ শৰীৰৰ পিন্ধি থকা কাপোৰত জুই লাগিলে ভয়ত বীতত নহৈ মানুহজনক কম্বল বা ডাঠ বস্তা বা ডাঠ যিকোনো কাপোৰেৰে মেৰিয়াই দিব লাগে আৰু মাটিত শুৱাই দিব লাগে, তেতিয়া জ্বলা জুই নুমাই যায়।
২/ বিশুদ্ধ পানী কিন্তু ঠাণ্ডা পানী হ'লে অতি উত্তম জুই লগা মানুহজনৰ দেহত ঢালি দিব লাগে। তেতিয়া জ্বলা জুই নুমাই যায়।
৩/আন মানৱবিহীন ঠাইত জুই লাগিলে নিজৰ বিবেক বুদ্ধিৰে ততালিকে মাটিত শুই পৰিব আৰু জুই লগা ফালটো তলত পেলাব কিন্তু বেছি জোৰেৰে গা ঘহাই নিদিব, তেতিয়া জুই নুমাই যাব।
৪/ সাহায্য বিচাৰি জোৰেৰে চিঞৰিব প্ৰয়াস কৰিব যাতে আন মানুহে শুনা পাই ল'ৰি আহিব পাৰে।
৫/ জুই জ্বলি থকা অৱস্থাত মুকলি ঠাইত দৌৰি নাযাব, কাৰণ দৌৰিলে বতাহ লাগিব আৰু জুইৰ প্ৰকোপ বেছি হ'ব।
গতিকে জুই পোৰিলে আমি পৰস্পৰে পৰস্পৰক সহায় সহযোগ আগবঢ়াবলৈ সাজু থাকিব লাগে। ইয়াৰ জৰিয়তে আমি আমাৰ মানৱীয় গুণসমূহ প্ৰতিফলিত কৰিব পাৰোহঁক ।
পোৰাৰ ফলত শৰীৰত দেখা দিয়া কেইটামান লক্ষণ:::
১/ পোৰা অংশত অত্যন্ত বিষ অনুভৱ হ'ব ।
২/ স্নায়ুজনিত অৱসাদ সৃষ্টি হোৱা।
৪/মনত ভয় ভাৱ জাগ্ৰত হোৱা।
৫/পোৰা অংশত বিজানুৱে আক্ৰমণ কৰাৰ ভয় থাকে
৬/উপশম হোৱাৰ পিছত চিন থাকি যায় আৰু কেতিয়াবা ঠাইডোখৰ মৰি যায় বা লৰচৰ কৰিব নোৱাৰা অৱস্থা হ'ব পাৰে।
No comments:
Post a Comment
dudulsonowal32@gmail.com