Showing posts with label 134. পিতাইৰ সপোনৰ পমখেদি !. Show all posts
Showing posts with label 134. পিতাইৰ সপোনৰ পমখেদি !. Show all posts

Saturday, August 21, 2021

পিতাইৰ সপোনৰ পমখেদি ..! Father's sweat dreams !


কবিতা : কাৰুণ্য আৰু আঘোণৰ সপোন কিমান দূৰবাট ! পিতাইৰ সপোনৰ পম খেদি জোনাকৰ বাটেৰে আগুৱাই যাওঁ আমি ...!!




১/   কাৰুণ্য


গোলাপে কাণে কাণে ক'লে জীৱন যুদ্ধৰ কথা
দুখৰ প্ৰলেপেৰে ঢাক খাই উৱলিব ধৰা
সপোন মাধুৰীৰ কৃষ্ণচূড়াৰ ৰঙচুৱা হেঁপাহ 
আহিনৰ গেৰ ধৰা সম্ভাৱনা সেউজীয়া
এদিন গো অহা-যোৱা কৰা বাটত পাতি থোৱা
ভগা দাপোনৰ চিটিকাখনত সংগোপনে 
জোটা-পোটাই লাগি ধৰা সপোনৰ শ্বেতকায় অশ্ব
শেষ হ'ল সি এতিয়া বিৰাট দৈন্যতাত বন্দী
নাই হেঁপাহ নাই লালসা গোলাপে কাণে কাণে ক'লে ...

সকলোৰে সীমা থাকে আকাশৰ নীলা নতুবা সাগৰৰ অসীম কল্লোলিত বিশাল জলৰাশিৰ
খৰস্ৰোঁতা লুইতৰ ইমূৰৰ পৰা সিমূৰলৈ চকুমুদিও উমান পোৱা জীৱন যুদ্ধৰ কতনা কথা
কলডিয়া খোপাৰে কোন ৰহেদৈ গোলপীয়া প্ৰেমেৰে জীপাল বুকুৰ অন্তেষপুৰলৈ... 
ইয়াতো সীমা আছে প্ৰেমৰ সীমা হেঁপাহৰ সীমা
গোলাপে কাণে কাণে কৈ গ'ল সময়ৰ বৰ্ণনা

সেই দিনবোৰ পুনশ্ব: আহিব নে ঘূৰি ?
জিলমিল জোনাকৰ কাৰেং সাঁজি বুকুত 
থিতাপি লোৱা স্বপ্নবোৰ জীৱন ৰঙীন কৰিবলে' 
শাওনৰ ঋতুমতী পথাৰত প্ৰেমৰ ভুঁই ৰুবলে' 
জগাই তোলিবলৈ বুকুৰ কেনভাচত উজাগৰে 
শুই থকা আশাৰ সীমাহীন মায়াময় সবিতা ;

এৰি দিয়া শৰডালৰ আগমূৰত মীনা কৰা থাকে উলতি নহাৰ বেদনাৰ উল্কা সি নাজানে জীৱন,
জীৱন আৰু বেদনাৰ নিচুকনি গীত 
কিদৰে মকৰা জালত বন্দী কিতাপৰ
ৰঙীন পৃষ্টাবোৰে উচুপি উঠে নিৰৱে
প্ৰাপ্তিৰ পিছতো অপ্ৰাপ্তিৰ বেদনাত‌ অহনিৰ্শে
গোলাপে কাণে কাণে ক'লে সমস্ত অৱয়বত 
লিপিত খাই থকা দুখৰ হুমুনিয়াহ 

দিনবোৰ এনেদৰে অতিবাহিত হয় 
মাহৰ হিচাপ  গণি গণি বছৰৰ হিচাপ ...
কেতিয়াবা সপোনে কান্দে নিজানত হাঁহে
কমোৱা তুলাৰ সদৃশ উৰে মন থৌকিবাথৌ
প্ৰভাতী পখীৰ কলৰৱ শুনিবলে' আকৌ
ব্যাকুলিত মনৰ বাকৰি 

বেংকৰ ঋণৰ এডিঙি পানীত 
ককবকাই থকা ডিঙৰাৰ ডৰিকণা 
পেটত পানী গামোচা পকেটত দীঘলীয়া তালিকা
গেলামালৰ দোকানত খাটা ভৰে 
ৰঙীন আখৰৰ বেদনাত বেদনাহুত সমগ্ৰ সত্তা ।

কি আছে কি নাই ?
সকলো থাকিও উকা উকা সময়ৰ ডঁৰিয়লি
কেৱল যান্ত্ৰিকতাৰ ব্যস্ততাই সোঁৱৰাই
জীৱন আৰু জীৱন যুঁজৰ অৰ্থ
সপোন আৰু বাস্তৱৰ কিমান তফাৎ !
গোলাপে কাণে কাণে ক'লে সময়ৰ ইতিহাস ।।


২/ আঘোণৰ সপোন 

      কিমান দূৰ বাট !



আঘোণৰ সপোন কিমান দূৰ বাট !



বৰষুণৰ টোপালত পিতাইৰ সপোনৰ আখৰা
নাঙলৰ সীৰলুৰে কৰ্ষণ কৰি বুটলি অনাৰ প্ৰয়াস
আকাংক্ষিত দিপলিপ সোণৰ সীতা
বোকা-পানী খচি খচি উজান দিয়ে
আই বাই আৰু কতনা ৰোৱনী বুকুত মেঠনী 

ডিঙিত উজাই আহে সপোন গণি গণি
পিতাইৰ মন উগুল-থুগুল 
শাওনৰ পৰা আঘোণলৈ কিমান দূৰ বাট ?

নাঙল উথোৱা দিনাখন 
পানী কোমোৰা পাতিহাঁহৰ মঙহ
সবে মিলি আনন্দৰে এসাঁজ
ইয়াৰ পাছত তিনিমাহ ভঁৰালটো উদং
পিতাইৰ আকৌ চিন্তাৰ চাকনৈয়া
আঙুলিৰ পাবত দিন গণি গণি পিতাই
কচুবাৰীলৈ যায় ভোক নিবাৰণৰ পমখেদি

সময়ৰ তাগিদাত হেৰাই সময়ৰ ঠিকনা
যিদৰে হেৰাই  এদিন সংগোপনে হাইতালবুলীয়া সপোন
যিদৰে হেৰাই আইৰ আঁচলৰ সাঁচতি 
নিৰুদ্দেশ হয় মনৰ আশা কলীয়া ডাৱৰে আৱৰে
চৌপাশ 
তথাপিও থমকি নৰয় জীৱন ৰথৰ চকৰি পিতাইৰ
বিবৰ্ণ দুহাতেৰে দেহৰ কেঁচাঘামৰে সোলকাই থয় নিৰাশাৰ বিবৰ্ণ কামিজ 
এইদৰে কঙাল দিনবোৰ ইতিহাস হয় ক্ৰমশঃ আহিনৰ গৰ্ভৱতী সপোনবোৰে 
আঘোণত জন্ম দিয়ে 
খৰিকাঁজাইবুলীয়া আশাৰ সবিতা  !






*** পঢ়ি ছোৱাৰ বাবে অশেষ ধন্যবাদ জনালো।
--- দুদুল সোণোৱাল।

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts