Showing posts with label 92 যদি জীৱনলে' আহে ধুমুহা.... Show all posts
Showing posts with label 92 যদি জীৱনলে' আহে ধুমুহা.... Show all posts

Monday, May 10, 2021

If a Disaster Comes to Life .. যদি জীৱনলে' আহে ধুমুহা..

যদি জীৱনলে'আহে ধুমুহা...


জীৱন সুখ আৰু দুখৰ সংমিশ্ৰিত ৰূপ। জীৱনৰ প্ৰতিটো ক্ষণ যিদৰে ৰঙীন নহয়, সেইদৰে মোলানো নহয় । জঁই পৰা লাজুকী বনৰ দৰে এবাৰ মৰহে আকৌ ঠন ধৰি সুৰভি বিলাই। জীৱন নামৰ মায়াৰ সমুদ্ৰত অহৰহ বৈ থাকে সুখ আৰু দুখৰ ধুমুহা। সেয়ে জীৱন এটা ধুমুহাৰ কৰণি। 
    

"জীৱনলে' আহে যদি বহু প্ৰতিঘাত ,আৰুকোনে বাৰু প্ৰেৰণা যোগাব যে তাত, তুমি কোৱানা...."

     
     জীৱনটো আগুৱাই নিয়োতে সন্মুখীন হ'ব লগা হয় সহস্ৰ ঘাত-প্ৰতিঘাত। বহু দুৰ্যোগ। কণ্টকময় জীৱনৰ পথ অতিক্ৰম কৰাটো বৰ সহজ নহয়। জীৱনৰ এই খলা-বমাৰে ভৰা পথ অতিক্ৰম কৰিবলৈ লাগিব ধৈৰ্য্য, একাগ্ৰতা আৰু অধ্যৱসায়ৰ গুণ।   ্্  সহনশীলতা, কৰ্তব্যপৰায়ণ, নিয়মানুবৰ্তীতা আদি সৎগুণৰ অধিকাৰী হ'লেহে জীৱনৰ ধুমুহা অতি সহজে অতিক্ৰম কৰিব পৰা যায়। হেলাৰঙে জীৱন যুঁজত অৱতীৰ্ণ হ'বলৈ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা অটুট ৰাখিব লাগিব। কেতিয়াবা কোনো এক প্ৰতিঘাতৰ বাবেই জীৱনত থমকি ৰব লগা হয় জীৱন ৰথৰ চকৰি। তেতিয়াই প্ৰয়োজন হয় প্ৰেৰণা নামৰ উপকৰণ। যাৰ ঠানিত ধৰি আগুৱাই যাব পৰা যায় জীৱনৰ পিচ্ছল বাট।

     হতাশাই জীৱনৰ সম্পৰ্কে উপলব্ধি কৰিবলৈ শিকায়। 
হতাশা মানে অসন্তোষ। হতাশা মানে ইচ্ছাকৃত দ্ৰব্য বা ইচ্ছাকৃত কামৰ পৰা বঞ্চিত। হতাশা মানে পাই হেৰোৱা মৰ্মান্তিক বেদনা। হতাশা মানে মনৰ দুখজনক অৱস্থা । হয় নে বাৰু ? হয় কিন্তু হতাশাৰ পশ্বাদত যি অভিজ্ঞতাৰ সঞ্চয় হয় সিয়ে আমাক জীৱনৰ সম্পৰ্কে উপলব্ধি কৰিবলৈ শিকায়। ভুল-ত্ৰুটিৰ সম্পৰ্কে বিচাৰ বিশ্লেষণৰ অৱকাশ প্ৰদান কৰে। যি জীৱনৰ আলিবাটত হতাশাৰে মুখামুখি হোৱা নাই সি কেতিয়াও জীৱনৰ দুখ বেদনা চিনি নাপাই। 

"সপোনৰ কলিটি দিঠকত ফুল হৈ

ফুলাৰ আশাই জীৱন ..."


    সপোনে আনে কামৰ তাগিদা । সপোনে আনে পৰিকল্পনাৰ সদিচ্ছা। সপোনে ইচ্ছাক জগাই জীৱনক ৰূপ দিয়ে পূৰ্ণতাৰ। সপোন নেদেখা মানুহৰ পৰিকল্পনা নাথাকে। সপোন নেদেখা মানুহৰ ভৱিষ্যতৰ জীৱন উজ্বল হ'ব নোৱাৰে। অন্ততঃ অভিজ্ঞতাৰ সাৰপানীয়ে আমাক তাকেই শিকায়। সপোনৰ কলিটি পাহি মেলি যিদিনাই ফুলিব সিদিনাৰ পৰাই জীৱনৰ প্ৰতিটো ক্ষণ মধুময় হ'ব। জীৱনৰ প্ৰতিটো কন্দৰ আলোকিত কৰি তোলিব আশা নামৰ নক্ষত্ৰই । এয়াইতো জীৱন । যি সকলোৰে কাম্য আশা ভৰসাৰ থল।

"আবেগৰ ঢৌৱে নিয়ে উটুৱাই

কেতিয়াবা কন্দুৱাই আৰু কেতিয়াবা হঁহুুৱাই .."


আবেগ জীৱনৰ লগৰী। আবেগ অভিপ্ৰেৰণমূলক দেহজ ক্ৰিয়া। আবেগৰ উদ্দেশ্য আছে। যদিও আবেগে আমাক লৈ যায় যেনিতেনি, তথাপিও আবেগৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি বা অভিজ্ঞতাই মানুহক শিকাই জীয়াই থকাৰ তাড়না কি । সম্যক অভিজ্ঞতা, সম্যক উপলব্ধি আৰু সম্যক চিন্তাৰ অৱকাশ দিয়ে আবেগে। যাৰ পৰা মানুহে আন একো নাপালেও পাব পাৰে এক আপুৰুগীয়া সম্পদ-- মানসিক সুখ আৰু প্ৰশান্তিৰে পূৰ্ণ মন। কেতিয়াবা আবেগিক মনোভাৱে মানুহক কন্দুৱাই। নকৰিবলগীয়া কাৰ্য কৰাৰ দোষত অপধানীৰ জীৱন কটাবলগীয়া হয়। 

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts