Showing posts with label 7. শোক গাঁথা (দ্বিতীয় অংশ). Show all posts
Showing posts with label 7. শোক গাঁথা (দ্বিতীয় অংশ). Show all posts

Wednesday, May 27, 2020

শোক-গাঁথা (2য় অংশ)

    ক্ৰমশঃ>         ঝৰনা ক্ৰমান্বয়ে ডাঙৰ হৈ আহিল। থুনুক- থানাক খোজেৰে সকলোৰে মন মোহিব ধৰিলে। এনে আনন্দিত মূহুৰ্ততে সকলোৱে পাহৰি পেলাইছিল পূৰ্বৰ কথাবোৰ। গতানুগতিকতাৰে আগুৱাই গ'ল সময়।সময়ে কাকো ৰৈ নাথাকে।সময় নিৰৱধি। ই খৰস্ৰোতা নৈৰ সদৃশ।
    বিধিয়ে এৰিলেও মানুহক কেতিয়াবা বিধাতাই নেৰে ।তাইৰ ক্ষেত্ৰতো যেন কথাবোৰ মিলি গ'ল।দাদাৰ লগত ব্যৱসায়িক কামৰ সংক্ৰান্তত জগত আহিল । ধেমাজিৰ কোনো এখন গাঁৱৰ পৰা অহা জগত এদিন থাকি গ'ল আমাৰ ঘৰত । সেয়াই যেন আৰম্ভণি। মাজে সময়ে আমাৰ ঘৰলৈ আহি থকা হ'ল। দিনত ব্যৱসায়ৰ কামত ওলাই যায় আৰু আশ্ৰয় লয় আমাৰ ভগা পঁজাত। আমি মানুহ । গতিকে মানুহ হিচাপে অতিথিৰ সেৱা শুশ্ৰূষা আমাৰ কাম্য। সেয়ে আমিও তাৰ বিপৰীতে অৱস্থান কৰিব নোৱাৰো। তদুপৰি অসমীয়া সদায় অতিথিপৰায়ণ বুলিও কথা এটা আছে দিয়কচোন।সেই সুযোগতে সি ঘৰখনৰ সকলোৰে লগত আত্মিক সম্পৰ্ক গঢ়ি তুলিছিল ।সম্পৰ্ক গঢ়ি তুলিছিল মোৰ সৈতেও।ঘিউ যিমানেই টান নহঁওক,তাপ পালে গলিবই ।একেই হ'ল তাইৰ ক্ষেত্ৰতো। তাৰ ছলাহী কথাৰ মেৰপেচ বুজিব নোৱাৰি আকৌ এবাৰলৈ শেষ হ'ল মোৰ জীৱন । মা-দেউতা আৰু সম্বন্ধীয় সকলোৱে মিলি জগতৰ স'তে তাইৰ সম্পৰ্কটো স্বামী- স্ত্ৰী'ৰ সম্পৰ্ক লৈ উন্নীত কৰা হয়। আৰু এইদৰে চলি থাকিল গতানুগতিকতাৰে দিনবোৰ। 
        স্বামী হিচাপে স্বীকৃতি পোৱাৰ পিছত জগতে ঘৰৰ খা- খৰচত আগভাগ ল'লে। শহুৰ শাহুয়েকক খৰচ পাতি দিয়ে। বেছ কিছুদিন সুখে সন্তোষে দিনবোৰ সুকলমে অতিক্ৰম হ'ব ধৰিলে। 
         নাৰী যদি নিজে নিজৰ শত্ৰু, পুৰুষ বাৰু কাৰ শত্ৰু ? পুৰুষৰ শত্ৰুৱেবা কি? তাইৰ মতে পুৰুষ জাতিটোয়ে ঠগ , প্ৰৱঞ্চক , বিষধৰ সৰ্পৰ দৰে । এবাৰ দংশন কৰি সি দূৰলৈ পলায়। ধেইৎ ,এজন পুৰুষৰ বাবে গোটেই পুৰুষ জাতিক। জানো দুষিব পাৰি । কিন্তু কিয় নোৱাৰি - পুৰুষ সদায় পুৰুষেই । এটা সময়ত ভাল এজন পুৰুষ , পৰিবৰ্তিত সময়ত যে সদৃশ ঠগ তঞ্চক হ'ব পাৰে সেয়া বহু নিদৰ্শনেৰে পতিয়ন নিয়াব পাৰি। ৰজা দশৰথৰ পুত্ৰ জানো সন্দেহবাদী ,প্ৰতাৰক নাছিল ? কিয় অগ্নি পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈছিল সীতাৰ ? এয়া পত্নীৰ ওপৰত একপ্ৰকাৰৰ নিৰ্যাতন নহয়নো কি? বাস্তৱৰ স্বৰ্গপুৰীৰ পুৰুষৰ কথা নকলোৱেইবা ! যি কৰা হ'ল,তাক নোহোৱা কৰিব নোৱাৰি । আমি একেলগে জীৱন নৈৰ পাৰ হম ,হাতে হাত ধৰি আগুৱাই যাম বুলি বহু ৰঙীন সপোন দেখুৱাই এদিন জগতো হেৰাই গৈছিল তাইৰ জীৱনৰ পৰা। এদিন বজাৰলৈ যোৱা জগত আৰু সংসাৰলৈ ঘূৰি নাহিল। তাইৰ মৰম স্নেহক আওকাণ কৰি , অৱহেলা কৰি অহা বাটেৰে ঘূৰি গ'ল, সি আজিও নিৰুদ্দেশ। 
         দুটা পেন্দুকনা কোলাত লৈ চকুলোৰ লোতকেৰে আগবঢ়ায় নিয়াৰ বাদে গত্যন্তৰ নাই ।
ঈশ্বৰে নিলিখিলে সোণৰ চামুচেৰে ভাত খোৱাৰ সুযোগ। এয়া মোৰ বাবে সুদূৰপৰাহত । তাইৰ দুচকুৰে দুধাৰি তপত চকুলো নিগৰি আহিল অজানিতে। তাই ভাবিলে কল্পনা যিমান মধুৰ, বাস্তৱত সিমান গধূৰ। জেঠীজনীয়ে টিক টিক কৰি তাইৰ ভাৱনাকেই যেন সমৰ্থন কৰিছে। 
        সমাপ্ত
   
          

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts