Sunday, March 14, 2021

বিদ্যালয়ত খেল-ধেমালি আৰু ইয়াৰ প্ৰয়োজনীয়তা

খেল-ধেমালি :

      

         খেল-ধেমালি বুলি কওঁতে ইয়াত মাইনৰ গেমছ আৰু আন সৰু সৰু খেল সমূহৰ কথা কোৱা হৈছে যিবোৰ সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ সক্ষম। বিদ্যালয়ৰ পৰ্যায়ত খেল-ধেমালিক দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো আন্ত: ক্ৰীড়া আৰু দ্বিতীয়টো বহি: ক্ৰীড়া। আন্ত: ক্ৰীড়া হ'ল গৃহৰ ভিতৰত বা মুকলি মঞ্চত অনুষ্ঠিত কৰা ক্ৰীড়া আৰু বহি: ক্ৰীড়া হ'ল খেল পথাৰত অনুষ্ঠিত কৰা ক্ৰীড়া। 
   


        আন্তক্ৰীড়া সমূহ হ'ল - সংগীত পৰিৱেশন, আকস্মিক বক্তৃতা, তৰ্ক, কুইজ, একক অভিনয়, মুকা অভিনয়, নাটক, জাতীয় নৃত্য  , আধুনিক নৃত্য আদি।
    


         বহি: ক্ৰীড়াৰ ভিতৰত - দৌৰ, ওখ জাম্প, পল জাম্প , দীঘল জাম্প, কাবাডী, খো-খো , ৰিলেৰেচ, ডিচকাচ দলিওৱা, চ'টপুট দলিওৱা, জেভেলিন দলিওৱা, হ'প স্হেপ এণ্ড জাম্প, মিউজিক চেয়াৰ, কুকুৰা যুঁজ, চামুচত মাৰ্বল লৈ দৌৰ, মৰ্টন খেল, ৰছীটনা খেল, বেজিত সূতা ভৰাই দৌৰ, তিনিঠেঙীয়া দৌৰ আদি খেলসমূহ অন্তৰ্ভুক্ত কৰিব পাৰি। তদূপৰি কেৰম, ফুটবল, ক্ৰিকেট (নৱম আৰু দশম শ্ৰেণীৰ হ'লে ভাল) আৰু দবা খেলো অন্তৰ্ভুক্ত কৰিব পাৰি। সুবিধা অনুসৰি মাৰাথান দৌৰ আৰু ভেশচন সন্নিবিষ্ট কৰিব পৰা যায়। 

 

খেলৰ উপকাৰিতা ::

         

        মানুহৰ দৈহিক আৰু মানসিক স্বাস্থ্য সুস্থ হৈ থাকিবৰ বাবে আৰু দ্ৰুত বিকাশ সাধন হ'বৰ বাবে খেল ধেমালিয়ে সহায় কৰে। বিশেষকৈ ল'ৰালি, শৈশৱ আৰু কৈশোৰ কালছোৱাত মানুহৰ শৰীৰৰ প্ৰতিটো অঙ্গই বৃদ্ধি হ'ব ধৰে। ইয়াৰ বাবে আমাৰ দেহৰ বিভিন্ন পেশীবোৰ সক্ৰিয় হ'ব লাগিব। খেল-ধেমালি খেলাৰ ফলত দেহৰ সিৰা উপসিৰাবোৰ সক্ৰিয় হয় আৰু তেতিয়া ইয়াৰ মাজেৰে তেজ চলাচল প্ৰক্ৰিয়া সঠিকভাৱে কাৰ্যকৰী হয় । খেলৰ জৰিয়তে মানসিক অৱসাদ দূৰ কৰি মন প্ৰফুল্ল কৰি ৰাখিব পাৰি। নিতৌ খেল খেলাৰ ফলত শৰীৰৰ ওজন অত্যধিক নাবাঢ়ে আৰু দেহত চৰ্বিয়ে বাহ নলয়।খেলৰ অনুশীলনে শিশুৰ মানসিক বিকাশত সহায় কৰে। বন্ধু বান্ধৱীসকলৰ লগত খেলা খেলৰ জৰিয়তে শিশুৰ বিভিন্ন অভিজ্ঞতাৰ সঞ্চয় হয় আৰু ইয়াৰ ফলত বোধগম্যতা, চিন্তা শক্তি আৰু জ্ঞানৰ গভীৰতা বৃদ্ধি পাব ধৰে। শৰীৰ মজবুত হ'ব ধৰে। মন হাঁহি আনন্দ, স্ফুৰ্তিৰে পূৰ্ণ হয়। যাৰ ফলত এলাহভাৱ আঁতৰে আৰু শিশু জনৰ অধ্যয়ন কৰা মানসিকতা বাঢ়ে। আমাৰ দেশত মেদবহুলতা এটা ডাঙৰ সমস্যা হিচাপে চিহ্নিত হৈছে। বিশেষকৈ নগৰীয়া অঞ্চলত এই সমস্যা অতিপাত বেছি হোৱা পৰিলক্ষিত হয়। দিনৰ দিনটো ঘৰৰ চাৰিবেৰৰ মাজত সোমাই থকাৰ ফলত শৰীৰৰ কোনো অনুশীলন নহয় আৰু খোৱা বোৱাৰ ক্ষেত্ৰত সজাগ নোহোৱাৰ ফলত দেহত মেদ বা চৰ্বি জমা হ'ব ধৰে। বৰ দূৰলৈ নগৈ অসমতে নিজ ঘৰৰ কাষৰ ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৰীৰ পৰ্যবেক্ষণ কৰিলে আপুনি সমস্যা সম্পৰ্কে অৱগত হ'ব পাৰিব। সেয়েহে আজিকালি নগৰৰ প্ৰতিখন ঠাইতে শিশু উদ্যানৰ গঢ় লৈ উঠা দেখা গৈছে। 

      

     
       সাম্প্ৰতিক সময়ত শিশুৱে খেলৰ প্ৰতি বৰ ৰাপ দিয়া দেখা নাযায়। কিছুমান শিশুৰ লাজকুৰীয়া স্বভাৱ আৰু আন কিছুমানৰ খেলৰ প্ৰতি অনীহা থকাৰ বাবে এনে হৈছে বুলি ধাৰণা কৰা হয়। স্মাৰ্ট ফোনৰ অধিক ব্যৱহাৰৰ কাৰণেও খেলৰ প্ৰতি আকৰ্ষিত নোহোৱা যেন অনুভৱ হয়। আজিকালি ডাঙৰৰ লগে লগে সৰু বিলাকো মোবাইলৰ লগত সময় অতিবাহিত কৰে। মোবাইলত উপলব্ধ বিভিন্ন খেল খেলাত এনেদৰে মগ্ন হয় যে শিশুৱে আন কথা চিন্তা কৰিবলৈ আহৰিয়েই নাপায়। যাৰফলত শিশুসকলৰ খুব কম বয়সতে চকুৰ ৰোগ, মেদবহুলতা আদি বিভিন্ন ৰোগে দেহত বাহ লয়।
    

      উল্লেখ্য সমস্যা সমাধান কৰিবলৈ একমাত্ৰ উপায় হৈছে খেল ধেমালি । পিতৃ মাতৃয়ে শিশুক খেল-ধেমালি খেলিবলৈ দিনটোত ১-২ ঘন্টা সময় আজৰি কৰি উলিয়ায় দিব লাগে নতুবা নিজে সংগ দি খেলপথাৰত খেলিবলৈ সুবিধা কৰি দিয়া দৰকাৰ। 
 

বিদ্যালয়ত খেল-ধেমালিৰ প্ৰয়োজনীয়তা ::

       
      

      সাম্প্ৰতিক সময়ৰ শিক্ষা ব্যৱস্থাত খেল-ধেমালিক শিক্ষাৰ এক অবিচ্ছেদ্য অংগ হিচাপে বিবেচিত কৰা হৈছে। বিদ্যালয়ত বাৰ্ষিক ভাৱে খেল-ধেমালি অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীৰ শ্ৰেষ্ঠতাৰ ওপৰত মূল্যায়ন কৰা হয়। লগতে ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ সুপ্ত প্ৰতিভা সমূহ বিকাশ সাধন কৰিবৰ বাবে সুযোগ দিয়াই হ'ল খেল ধেমালিৰ মূখ্য উদ্দেশ্য। শ্ৰেণীৰ ব্যস্ততাৰ পৰা কিছু সকাহ দি মুকলি ভাৱে বিভিন্ন খেলৰ মাধ্যমেৰে নিজক বুজিবলৈ , নতুনত্ব লাভ কৰিবলৈ খেল-ধেমালি হ'ল এটা উত্তম ভেটি। কিন্তু বিদ্যালয়ৰ বাৰ্ষিক খেল-ধেমালিত মুষ্টিমেয় সংখ্যক ছাত্ৰ-ছাত্ৰীকহে অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়। সৰহ ভাগেই খেল ধেমালি খেলিবলৈ ইচ্ছা নকৰে। সকলো স্কুলতে এই পৰিস্থিতি সৃষ্টি হয়। এয়া শুভ লক্ষণ নহয়। 
      

       খেল-ধেমালিৰ প্ৰতি আকৰ্ষিত হ'বৰ বাবে ,ৰাপ বঢ়াবৰ বাবে শিক্ষক শিক্ষয়িত্ৰী সকলে ছাত্ৰ ছাত্ৰীক খেলৰ উপকাৰিতা সম্বন্ধে জ্ঞান দিব লাগিব। খেলৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুজাব লাগিব। খেলৰ জৰিয়তে কিদৰে নিজক গঢ় দি বিশ্বদৰবাৰত নিজৰ নাম প্ৰতিষ্ঠা কৰিব পাৰি তাক উদাহৰণসহ প্ৰতিপন্ন কৰিব পাৰিলেহে ছাত্ৰ ছাত্ৰীয়ে খেলৰ প্ৰতি আকৰ্ষিত হ'ব । 
     

সামৰণি ::

     


       অতীজৰে পৰা খেল-ধেমালিক শিক্ষা আহৰণৰ এটা পথ হিচাপে বিবেচিত কৰি আহিছে। পৌৰাণিক শিক্ষা ব্যৱস্থাত গুৰুৰ টোলত খেলৰ মাজেৰে বিভিন্ন বিষয়ত শিক্ষা প্ৰদান কৰা হৈছিল। সাঁতোৰা, নাওবোৱা খেলৰ জৰিয়তে শিষ্যৰ এই বিষয়ত পাৰদৰ্শিতা মূল্যায়ন কৰা হৈছিল। বৰ্তমান সময়ত শিক্ষাৰ লগত খেলক ওতঃপ্ৰোত সম্বন্ধলৈ টানি অনা হৈছে। কম বয়সৰ পৰাই খেলৰ প্ৰতি ৰাপ বঢ়াব পাৰিলে খেলৰ জৰিয়তে নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰি জীৱন গঢ় দিব পাৰে। বহু উদাহৰণ আছে যিয়ে খেলৰ জৰিয়তে নিজক গঢ় দি বিশ্বদৰবাৰত নাম উজ্বলাই তোলিছে। অসমৰ সাঁতোবিদ মিঠু বৰুৱা, এল ভিছ আলি হাজৰিকা সাঁতোৰৰ ক্ষেত্ৰত পাৰদৰ্শিতা ৰে নিজক গঢ় দিব সক্ষম হৈছে। আমাৰ সকলোৰে চিনাকি নাম হিমা দাস আজি খেলৰ জৰিয়তে নিজক সমগ্ৰ বিশ্বতে পৰিচয় দিব সক্ষম হৈছে। খেলেৰে জগত জিনা হিমা দাস এতিয়া উপ আৰক্ষী অধীক্ষক (DSP) । এয়া কেৱল খেলৰ বাবে সম্ভৱ হ'ল ।  অসমৰ শিৱ থাপা বক্সিং খেলৰ জৰিয়তে বিখ্যাত,, মণিপুৰৰ মেৰীকম বক্সিং খেলৰ জৰিয়তে বিখ্যাত। কোনে চিনি নাপাই এই সকল শ্ৰেষ্ঠ খেলুৱৈক। 
       


       গতিকে খেলৰ জৰিয়তেও নিজক গঢ় দিব পাৰি। লাগে কেৱল ইচ্ছা আৰু অধ্যৱসায়ৰ গুণ।
মোৰ অনুৰোধ ছাত্ৰ ছাত্ৰী সকলে তথা আজিৰ শিশুৱে  উল্লেখিত কথাবোৰ ভালদৰে পঢ়ক আৰু হৃদয়ঙ্গম কৰক । লাজ আৰু ভয়ৰ মনোভাৱ ত্যাগ কৰি খেলত অংশগ্ৰহণ কৰিলেহে ভৱিষ্যতে সুফল লাভ কৰিব পৰা যাব।



       সমাপ্ত।
  
   




No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ সংৰক্ষণ। Conservation of Nature for Future Generation .

: ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ সংৰক্ষণ:  Conservation of Nature for Future Generations. পাতনি:         প্ৰকৃতি হৈছে মানৱ জাতিৰ...

Popular posts