Thursday, March 11, 2021

কলডিল খাঁওক , নিৰোগী হৈ থাকক ।

   কলডিল ?

  **আপুনি নিশ্চয় কলডিল খাই পাইছে। জানেনে আপুনি কলডিলৰ উপকাৰিতাৰ সম্পৰ্কে ? কলডিল অসমীয়া সমাজত এক সুমধুৰ আঞ্জা হিচাপে ব্যৱহাৰ কৰা হয়। কলডিলত যথেষ্ট পৰিমাণে আইৰন বা লো থাকে। লো মানুহৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় উপাদান। মানুহৰ হাড়ৰ গঠণত লোৰ প্ৰয়োজন হয়। কলডিল খালে আমাৰ শৰীৰৰ তেজ শুদ্ধিকৰণ হয় । 
     কলডিলৰ ভিতৰত বৰকল, ভীমকল বা আঁঠিয়া কল  আৰু শাকখোৱা কল আদি কলগছৰ ডিলহে খাবৰ বাবে উপযোগী। জাহানী কল আৰু চেনি কলৰ ডিলৰ সোৱাদ তিতা হয় বাবে মানুহে এনে কলৰডিল নাখায়। পাহাৰীয়া অঞ্চলত হোৱা এবিধ ঈষৎ হালধীয়া বৰণৰ কলডিলো আঞ্জা হিচাপে ব্যৱহাৰ কৰা হয়। কলডিলৰ আঞ্জা বৰ সুস্বাদু খাদ্য হিচাপে বিবেচিত। বিশেষকৈ মাগুৰ মাছ, মুং দাইল কলডিলৰ লগত মিহলি কৰি বয়ল কৰিলে বৰ সুস্বাদু হয়।
     কলডিলত সুষম খাদ্যৰ বিভিন্ন উপাদান সমুহ পোৱা যায়। কাৰ্বহাইড্ৰেট, প্ৰ'টিন, খণিজ লৱণ, প্ৰচুৰ পৰিমাণে ফাইবাৰ আদিৰ উপৰিও কেলচিয়াম, ছ'ডিয়াম, পটাছিয়াম আৰু আয়ডিন আদিও কলডিলত পোৱা যায়। সেয়ে কলডিলক ঔষধি গুণেৰে সমৃদ্ধ বুলি গণ্য কৰা হয়। 
       প্ৰতি ১০০ গ্ৰাম কলডিলত কাৰ্বহাইড্ৰেট-৫ গ্ৰাম, প্ৰ'টিন-১•৫ গ্ৰাম, খণিজ লৱণ-৫•৮ গ্ৰাম, শক্তিৰ পৰিমাণ ২৮ কেলৰি নিহিত হৈ থাকে।
     

কলডিলৰ ঔষধি গুণ :

    কলডিলৰ আঞ্জা খালে শৌচ খোলোচা হয়।শৰীৰত থকা তেজ শুদ্ধিকৰণ কৰাৰ লগতে তেজৰ পৰিমাণ বৃদ্ধি কৰে। কলডিলত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থকাৰ হেতুকে গৰ্ভৱতী তিৰোতাৰ বাবে ই উত্তম পথ্য হিচাপে চিহ্নিত। গ্ৰাম্য সমাজত প্ৰসূতিক কলডিল বয়ল কৰি খাবলৈ দিয়া দেখা যায়। এনিমিয়া বা ৰক্তাল্পতাত ভোগা মানুহৰ বাবে কলডিল বৰ উপকাৰী খাদ্য। তদুপৰি কলডিল আঁহযুক্ত খাদ্য হোৱাৰ বাবে কোষ্ঠ কাঠিণ্য ৰোগত ভুগি থকা ৰোগীৰ বাবে উপযোগী । কলডিল বয়ল কৰি খালে পেটচলা বা গ্ৰহণী ৰোগ নিৰাময় হয়। আনহাতে এচিডিটি হ্ৰাসকৰণৰ ক্ষেত্ৰতো কলডিলে ভাল কাম কৰা পৰিলক্ষিত হয়।

    সামৰণি 

     গ্ৰাম্য সমাজত কলডিলৰ আঞ্জা প্ৰচুৰ পৰিমাণে খোৱা দেখা যায়। আগৰ দিনৰ বৃদ্ধ লোকসকল সেয়ে বিভিন্ন ৰোগৰ পৰা অনায়াসে হাত সাৰি থাকিব পাৰিছিল। আজিকালি গাঁৱে হওঁক বা চহৰে হওঁক ডাঙৰ ডাঙৰ অট্টালিকা সদৃশ ঘৰ নিৰ্মাণৰ ফলত বা জনসংখ্যা বৃদ্ধিৰ ফলত মাটি কমি আহিব ধৰিলে আৰু ফলস্বৰূপে কলগছৰ পৰিমাণ হ্ৰাস হৈ আহিল। যাৰবাবে আজি কলডিল ক্ৰমান্বয়ে দুষ্প্ৰাপ্য দ্ৰব্য হিচাপে পৰিগণিত হৈছে। আনহে নালাগে বিভিন্ন উৎসৱ পাৰ্বনত লগাবলৈ কলগছ বিচাৰি হাবাথুৰি খাব লগীয়া পৰিস্থিতিও আজি সমাজত প্ৰত্যক্ষ হয়। ভীমকল ডিলৰ  লগতে সমস্ত গা-গছ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। গতিকে আমি কলগছ ঘৰত লগোৱা উচিত।



   
      
http://anuragblogadress.blogspot.com/2021/03/blog-post_10.html আগৰ প্ৰৱন্ধটো পঢ়িবলৈ ইয়াত ক্লিক কৰক।

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts