Wednesday, March 31, 2021

Characteristics Of Personality | ব্যক্তিত্বৰ গুণসমূহ :

ব্যক্তিত্বৰ গুণ কি ? What is the characteristics of personality ?

ব্যক্তিত্বৰ গুণ হ'ল কোনো ব্যক্তিৰ পৰিবৰ্তনীয় কিছুমান আচৰণৰ  ক্ৰিয়া কৰ্মৰ এক সমাহাৰ। ব্যক্তিত্ব হ'ল মানুহৰ আচৰণ আৰু মনোভাৱৰ এক সংগঠিত ৰূপ। এই ব্যক্তিত্বৰ গুণ ব্যক্তি জনৰ নিজস্ব হয় আৰু ইয়াৰ বৰ্তমানৰ বাবে মানুহ এজন আন এজনৰ পৰা পৃথক হিচাপে বিবেচিত হয়। ব্যক্তি এজনৰ এনে নৈতিক গুণ কোনো কোনো ব্যক্তিৰ ক্ষেত্ৰত মাকৰ গৰ্ভৰ পৰাই কঢ়িয়াই আনে, আৰু আন কিছুমানৰ ক্ষেত্ৰত ই পৰিৱেশৰ পৰা আহৰণ কৰা গুণ হিচাপে বিবেচিত। অৰ্থাৎ জন্মৰপৰা গুণ লৈ অহাৰ উপৰিও পৰিৱেশৰ পৰা ইয়াক আয়ত্ব কৰিব পাৰি। সেয়েহে কোৱা হয় যে ভাল পৰিৱেশত জন্মিলে বা বাস কৰিলে সৎগুণৰ বা নৈতিক গুণৰ অধিকাৰী হ'ব পাৰি, কিন্তু বেয়া পৰিৱেশত জন্মিলে বা বাস কৰিলে অসৎ গুণৰ বা অনৈতিক গুণৰ অধিকাৰী হয়। এই কথাটো সেই 'ৰজা আৰু ভাতৌ চৰাই' নামৰ সাধুটোৰ জৰিয়তে স্পষ্টকৈ বুজিব পৰা যায়।  সাধুটো মতে, "এবাৰ ৰজাই প্ৰজাৰ সুখ দুখৰ খবৰ লবলৈ বুলি গাঁৱলৈ ওলাইছিল। এঘৰত ৰজাই সোমাওঁতে দেখিবলৈ পালে , গৃহস্থৰ পোহনীয়া ভাটৌ চৰাইজনীয়ে তেওঁক কৈছিল-- "মহাৰাজ,আহক বহক।" কিন্তু আন এঘৰত সোমাওতে পোহনীয়া ভাটৌ চৰাইজনীয়ে তেওঁক দেখি চিঁঞৰিছিল  যে" ৰবি ৰবি,ধৰ ধৰ,মাৰ মাৰ।"  তেতিয়া ৰজাই ভূ লৈ বুজিব পাৰিলে যে প্ৰথম ঘৰৰ মানুহবিলাক ভাল আছিল, কিন্তু দ্বিতীয় ঘৰৰ মানুহবিলাক অসৎ আছিল। সেয়েহে সৎসংগত থকা ভাটৌ চৰাইজনীয়ে সৎ মাতেৰে আৰু অসৎ মানুহৰ লগত বাস কৰা ভাটৌৰ মুখেৰে অসৎ কথা শুনিবলৈ পাইছিল। ইয়াৰ পৰা ৰজাই বুজিব পাৰিলে যে সৎ সংগত থাকিলে সৎ হয় কিন্তু অসৎ সংগত থাকিলে অসৎ হয়। "

ব্যক্তিত্বৰ গুণৰ প্ৰকাৰ (Types of characteristics) :

ব্যক্তিত্বৰ গুণসমূহ কেইবাটাও ভাগত ভাগ কৰিব পৰা যায়। সেইবোৰ সংক্ষিপ্তভাৱে আলোচনা আগবঢ়োৱা হ'ল । ব্যক্তিত্বৰ গুণসমূহৰ ভিতৰত-- দৈহিক গুণ, বৌদ্ধিক গুণ, আবেগিক গুণ, চাৰিত্ৰিক গুণ, সামাজিক গুণ, ধৈৰ্য্শীল গুণ আদিয়ে প্ৰধান।

দৈহিক ব্যক্তিত্বৰ গুণ ( Characteristics of body personality):

 দৈহিক গুণ প্ৰকৃততে সৰহসংখ্যক ঈশ্বৰ প্ৰদত্ত হয়। দৈহিক গুণ যেনে উচ্চতা, মুখৰ সুন্দৰ চেহেৰা, দেহৰ গঠন, শৰীৰৰ বৰণ , মাত-কথা, সাজ-পোছাক আদি গুণসমূহে ব্যক্তিত্ব গঠনত সহায় কৰে। ওখ ডাঙৰ মানুহ এজনে চুটি চাপৰ মানুহ এজনতকৈ সহজে আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। একেদৰে সুন্দৰ সুঠাম চেহেৰাৰ মানুহ এজনে কুৰূপা মানুহতকৈ সহজে আনৰ মন মোহিব পাৰে। মিঠামুখীয়া বা মৰমলগা মাতৰ অধিকাৰী লোকে আনক সহজে আকৰ্ষিত কৰিব পাৰে। সেইদৰে মাৰ্জিত সাজ-পোছাক পৰিহিত এজন লোকে আনৰ ওপৰত সহজে প্ৰভাৱ পেলায়।  লেতেৰা কাপোৰ পৰিহিত জধলা ব্যক্তি এজনৰ প্ৰতি কোনো আকৰ্ষিত নহয়।

বৌদ্ধিক ব্যক্তিত্বৰ গুণ( Characteristics of intellectual personality.): 


যি মানুহৰ বুদ্ধি বৃত্তি বেছি, সেই মানুহৰ ব্যক্তিত্বও বেছি হয়। যুক্তিৰে চালিজাৰি চাই কথা কোৱা মানুহক সকলোৱে সমীহ কৰে। আনহাতে এজন চুটি চাপৰ মানুহ যদি এজন দাৰ্শনিক হয় বা এজন নামজ্বলা বিজ্ঞানী হয় তেন্তে তেনে জন লোকক সকলোৱে সন্মান কৰে। এটা কথা সত্য যে মানুহে এজন ৰজাক সন্মান প্ৰদৰ্শন কৰে কেৱল আইনৰ  ভয়ত , কিন্তু এজন বৌদ্ধিক ব্যক্তিত্বৰ লোকক মানুহে সন্মান প্ৰদৰ্শন কৰে তেওঁৰ জ্ঞান আৰু বৌদ্ধিক গুণৰ ওপৰত। বুদ্ধিৰ জৰিয়তে বহু অসাধ্যও সাধন কৰিব পাৰি। তৰোৱাল এখনতকৈ বুদ্ধিক বেছি শ্ৰেষ্ঠ বুলি সেয়ে কোৱা হয়। গতিকে ই হ'ল ব্যক্তিত্ব গঠনৰ এক গুৰুত্বপূৰ্ণ উপাদান।

আবেগিক ব্যক্তিত্বৰ গুণ ( Characteristics of emotional personality):


আবেগিক ব্যক্তিত্বৰ গুণ থকা মানুহক সহজে কোন ধৰণৰ মানুহ বুজা যায়।  মানুহৰ আবেগিক গুণে মানুহজন দুখত আছে নে সুখত আছে তাক প্ৰমাণ দিব পাৰে। আকৌ মানুহজন শান্ত স্বভাৱৰ,নে উত্তেজিত স্বভাৱৰ আৰু সাহিয়াল নে ভয়াতুৰ স্বভাৱৰ এই সম্পৰ্কে আৱেগিক গুণসমূহে বুজায় দিব পাৰে। আমি সকলোৱে জানো বেজাৰ মনেৰে থকা ব্যক্তিতকৈ হাঁহি আনন্দ স্ফুৰ্তিৰে থকা মানুহ সকলোৰে প্ৰিয় হয়।

চৰিত্ৰগত গুণ (Character traits) :

যি মানুহৰ নৈতিক গুণ থাকে সেই মানুহক সকলোৱে ভাল পায়। মানুহৰ ইচ্ছা শক্তি ভাল হ'লে চৰিত্ৰ ভাল হয়। আকৌ ইচ্ছা শক্তি যদি সবল হয় তেন্তে তেনে মানুহে তাৎক্ষণিক ভাৱে শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। যি মানুহে বেয়া চিন্তা কৰে , আনৰ অহিত চিন্তা কৰে সেই মানুহেই প্ৰকৃততে চৰিত্ৰগতভাৱে অসৎ মানুহ । তেনে মানুহৰ পৰা সকলোৱে পলাই ফুৰে। নৈতিক গুণৰ অধিকাৰী লোকক সকলোৱে সন্মান কৰে।

সামাজিক গুণ ( Social characteristics):

এনে কিছুমান মানুহ আছে,যিয়ে সমাজৰ কাম কৰি অন্ত্যন্ত ভাল পায়। সমাজৰ প্ৰতিজন ব্যক্তিৰ সৈতে সহজে মিলা মিছা কৰিব পাৰে তেনে ব্যক্তিয়ে সামাজিক গুণৰ অধিকাৰী ব্যক্তি। এনে মানুহ সকলোৰে প্ৰিয় হয়।

প্ৰচেষ্টামূলক বা ধৈৰ্যশীল গুণ (Traits of persistence):

ধৈৰ্যশীল গুণ মানুহৰ ব্যক্তিত্ব বিকাশৰ অন্যতম গুণ। কোনো কোনো মানুহে নিজৰ আপ্ৰাণ প্ৰচেষ্টাৰ ফলত প্ৰতিভাধৰ ব্যক্তিতকৈও আগুৱাই যাবলৈ সক্ষম হয়। কোনো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ'লে ইচ্ছাৰ প্ৰয়োজন হয়। কেতিয়াবা ইচ্ছা থাকিলেও ধৈৰ্য নোহোৱাৰ বাবে কাম আধাতে এৰিব লগাও হয়। যি মানুহৰ প্ৰৱল ইচ্ছা শক্তিৰ উপৰিও অন্ত্যন্ত ধৈৰ্যৰ গুণ থাকে সেই মানুহে জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হয়।

সামৰণি (Conclusion)::

 

এজন মানুহে ওপৰত আলোচনা কৰা মতে যেতিয়া বৰ্ণিত গুণবিলাকৰ অধিকাৰী হয় তেতিয়া মানুহজনক ব্যক্তিত্বৰ গুণেৰে সমৃদ্ধ বুলি কোৱা হয়। বিশেষকৈ এজন শিক্ষক বা শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত এনে মহৎ গুণৰ অতিশয় আৱশ্যক বুলিব পাৰি। 
   




                    স্বচ্ছতাৰ নিদৰ্শন



***********************************************                  
  
 



No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts