Showing posts with label 325.পৰিৱেশীয় শিক্ষা কাক বোলে ? পৰিৱেশীয় শিক্ষাৰ আৰু শিক্ষণ পদ্ধতি... Show all posts
Showing posts with label 325.পৰিৱেশীয় শিক্ষা কাক বোলে ? পৰিৱেশীয় শিক্ষাৰ আৰু শিক্ষণ পদ্ধতি... Show all posts

Thursday, August 7, 2025

পৰিৱেশীয় শিক্ষা কাক বোলে ? পৰিৱেশীয় শিক্ষাৰ আৰু শিক্ষণ পদ্ধতিৰ বিষয়ে আলোকপাত।

পৰিৱেশীয় শিক্ষা কাক বোলে ? পৰিৱেশীয় শিক্ষাৰ  আৰু শিক্ষণ পদ্ধতিৰ বিষয়ে আলোকপাত।  


    🌹 পৰিৱেশীয় শিক্ষা হৈছে পৰিৱেশৰ বিষয়ে জনা আৰু বুজাৰ এক শিক্ষণ প্ৰক্ৰিয়া, যাৰ যোগেদি পৰিৱেশৰ লগত মানুহৰ সম্পৰ্ক কেনে হ'ব লাগে আৰু পৰিৱেশৰ সুৰক্ষাৰ বাবে কি কৰিব লাগে, সেই বিষয়ে জ্ঞান লাভ কৰা যায়।

 পৰিৱেশীয় শিক্ষাৰ প্ৰয়োজনীয়তা হ'ল, ইয়াৰ দ্বাৰা মানুহে পৰিৱেশৰ প্ৰতি সচেতন হয়,জ্ঞান, দক্ষতা, মূল্যবোধ আদিৰ দৰে গুণসমূহ বিকাশ হয় যাৰ ফলত পৰিৱেশৰ সমস্যাবোৰ সমাধান কৰিবলৈ সুবিধা হয়। সেয়ে ইয়াক এক গতিশীল শিক্ষণ প্ৰক্ৰিয়া বুলিও কোৱা হয় য'ত ব্যক্তি বা গোটক পৰিৱেশ সম্পৰ্কীয় জ্ঞান, দৃষ্টিভংগী, মূল্যবোধ, আচৰণ আৰু দক্ষতা বিকাশৰ সুযোগ দিয়া হয়। পৰিৱেশৰ উপাদান- পানী ,বায়ু, মাটি, জৈৱবৈচিত্ৰ্য ,ইকোচিষ্টেম, প্ৰাকৃতিক সম্পদৰ গুৰুত্ব সম্পৰ্কে বিজ্ঞানসন্মত বোধগম্যতা বৃদ্ধি ঘটোৱাই হ'ল পৰিৱেশ শিক্ষাৰ লক্ষ্য। তদুপৰি পৰিৱেশীয় সংকট - জলবায়ু পৰিৱৰ্তন, বনাঞ্চল হ্ৰাস, প্ৰদূষণ, জৈৱবৈচিত্ৰ্যৰ ক্ষতি আদিৰ কাৰণ আৰু প্ৰভাৱৰ বিষয়ে শিকোৱাই হ'ল পৰিৱেশীয় শিক্ষাৰ লক্ষ্য।
      পৰিৱেশীয় শিক্ষা প্ৰদানৰ বাবে দুটা মুখ্য শিক্ষণ পদ্ধতি হ'ল- Project Method বা প্ৰকল্প পদ্ধতি আৰু Field Trip বা ক্ষেত্ৰ ভ্ৰমণ। 

পৰিৱেশীয় শিক্ষাৰ প্ৰয়োজনীয়তা:
      সমাজ-অৰ্থনীতি-পৰিৱেশৰ সমতা ৰক্ষা কৰি উন্নয়নৰ পথ সুগম কৰিবলৈ হ'লে পৰিৱেশীয় শিক্ষাৰ প্ৰয়োজনীয়তা আছে। সুস্থ আৰু নিৰ্মল পৰিৱেশ বৰ্তাই ৰাখিবলৈ হ'লে পৰিৱেশ শিক্ষাৰ বিকল্প নাই। তলত প্ৰয়োজনীয়তাৰ দিশবোৰ উল্লেখ কৰা হ'ল।-

ক) পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে পৰিৱেশীয় শিক্ষাৰ প্ৰয়োজন। এই শিক্ষাই মানুহক পৰিৱেশৰ সমস্যা যেনে- প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন, আৰু বন ধ্বংস আদিৰ বিষয়ে বুজাত সহায় কৰে।
খ) পৰিৱেশৰ সুৰক্ষা অটুট ৰাখিবলৈ পৰিৱেশীয় শিক্ষাৰ প্ৰয়োজন আছে। ইয়াৰ যোগেদি মানুহে পৰিৱেশৰ সুৰক্ষাৰ বাবে কি কৰিব লাগে সেই বিষয়ে শিকিব পাৰে।
গ) পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ জ্ঞান দিয়াত পৰিৱেশ শিক্ষা একক আৰু অন্যতম। পৰিৱেশীয় শিক্ষাই মানুহক পৰিৱেশৰ প্ৰতি অধিক দায়িত্বশীল কৰি তোলে।
ঘ) বহনক্ষম বিকাশৰ বাবে পৰিৱেশীয় শিক্ষাৰ অতীৱ প্ৰয়োজন। ইয়াৰ ফলত বহনক্ষম বিকাশৰ পথ মুকলি হয়।
ঙ) গুণগত জীৱন নিৰ্বাহ কৰিবলৈ হ'লে পৰিৱেশ শিক্ষাৰ গন্ত্যন্তৰ নাই। পৰিৱেশীয় শিক্ষাৰ ফলত মানুহে এখন সুস্থ আৰু ভাল পৰিৱেশত বাস কৰিবলৈ পায়। 
চ) প্ৰকৃতিৰ জটিলতা বুজিবলৈ- জীৱ-জন্তু, উদ্ভিদ, মাটি, পানী, বায়ু আদিৰ মাজৰ আন্তঃসম্পৰ্ক আৰু প্ৰাকৃতিক প্ৰক্ৰিয়া (যেনে: খাদ্য শৃংখল, পানীচক্ৰ) আদিৰ সম্পৰ্কে ভালদৰে বুজিবলৈ এই শিক্ষাৰ অতি প্ৰয়োজন। 
ছ) পৰিৱেশৰ সমস্যা চিনাক্তকৰণ আৰু বিশ্লেষণত এই শিক্ষাই সহায় কৰে। বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ , জলবায়ু পৰিৱৰ্তন, জৈৱবৈচিত্ৰ্য হ্ৰাস, অৰণ্য ধ্বংস আদিৰ কাৰণ, প্ৰভাৱ আৰু জটিলতাৰ বিশদভাৱে জানিবলৈ হ'লে পৰিৱেশ শিক্ষাৰ অত্যন্ত প্ৰয়োজন আছে।
জ) পৰিৱেশ সংৰক্ষণ, পুনৰুদ্ধাৰ আৰু পৰিৱেশ ব্যৱহাৰৰ বাবে ব্যক্তিগত আৰু সমষ্টিগতভাৱে গ্ৰহণ কৰিব পৰা কাৰ্য্যকৰী পদক্ষেপসমূহ অন্বেষণ কৰিব পৰা যায়।
ঝ) দায়িত্বশীলতা আৰু সজাগতা বৃদ্ধিৰ বাবে পৰিৱেশীয় শিক্ষা হ'ল পথপ্ৰদৰ্শক। পৰিৱেশৰ প্ৰতি সংবেদনশীলতা, দায়িত্ববোধ আৰু নৈতিক মূল্যবোধ গঢ়ি তোলাৰ বাবে পৰিৱেশক বুজিব আৰু জানিব লাগিব। এই ক্ষেত্ৰত পৰিৱেশ শিক্ষাই হৈছে একমাত্ৰ সহায়ক আধাৰ। 
ঞ) ক্ৰিয়া প্ৰেৰণা যোগোৱা: জ্ঞানক কাৰ্য্যলৈ ৰূপান্তৰিত কৰি ব্যক্তি আৰু সমাজক পৰিৱেশ বান্ধৱী কৰাৰ সিদ্ধান্ত ল'বলৈ উৎসাহিত কৰাৰ ক্ষেত্ৰত পৰিৱেশ শিক্ষা অতি গুৰুত্বপূৰ্ণ। 
ট) পৰিৱেশীয় সংকটৰ বিৰুদ্ধে যুঁজ: জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, প্ৰাকৃতিক সম্পদৰ অপচয়, জৈৱবৈচিত্ৰ্যৰ ধ্বংস আদি বিশ্বব্যাপী সমস্যাৰ মূৰত আছে মানুহৰ কাৰ্য্য। পৰিৱেশীয় শিক্ষাই এইবোৰৰ কাৰণ, প্ৰভাৱ আৰু সমাধানৰ পথ দেখুৱায় । সেয়ে পৰিৱেশ শিক্ষাৰ অত্যন্ত প্ৰয়োজন।
ঠ) দায়িত্বশীল নাগৰিক গঢ়াৰ বাবে: ই জনসাধাৰণক সচেতন, তথ্যপ্ৰাপ্ত আৰু সক্ৰিয় নাগৰিক হিচাপে গঢ়ি তোলে যিসকলে পৰিৱেশ বান্ধৱী সিদ্ধান্ত ল'ব পাৰে আৰু চৰকাৰী নীতি সমালোচনাৰ দৃষ্টিৰে বিশ্লেষণ কৰিব পাৰে।
ড) সামাজিক ন্যায়: পৰিৱেশীয় সমস্যা (যেনে: বানপানী, খৰাং)ৰ প্ৰভাৱ সৰ্বত্ৰ সমানে নপৰে, দৰিদ্ৰ আৰু প্ৰান্তীয় জনগোষ্ঠী বেছি প্ৰভাৱিত হয়। পৰিৱেশীয় শিক্ষাই এই অসাম্যৰ প্ৰতি দৃষ্টি দিয়ে।
ঢ) স্থানীয় সমস্যা সমাধান: অসমৰ দৰে অঞ্চলত বানপানী, মাটিৰ খহনীয়া, অৰণ্য ধ্বংস, বন্যপ্ৰাণী -মানুহৰ সংঘৰ্ষ আদি স্থানীয় পৰিৱেশীয় সমস্যাৰ বিৰুদ্ধে স্থানীয়ভাৱে সমাধানৰ বাবে সক্ষমতা বৃদ্ধি কৰে।
 ণ) নৈতিক দায়িত্ব: আমাৰ ভৱিষ্যত প্ৰজন্মক এখন সুস্থ, সুন্দৰ আৰু সৰ্বসুৰক্ষিত পৃথিৱী দিয়াটো আমাৰ নৈতিক কৰ্তব্য। পৰিৱেশীয় শিক্ষাই এই দায়িত্ববোধ জাগ্ৰত কৰে।

পৰিৱেশীয় শিক্ষা প্ৰদানৰ শিক্ষণ পদ্ধতি: 
          সৰলকৈ ক'ব গ'লে, পৰিৱেশীয় শিক্ষা হ'ল প্ৰকৃতিৰ লগত থকা আন্তঃসম্পৰ্ক বুজি, তাৰ সুৰক্ষাৰ বাবে দায়িত্বশীলভাৱে কাম কৰিবলৈ শিকা প্ৰক্ৰিয়া। গতিকে এই শিক্ষা সুচাৰুৰূপে প্ৰদান কৰিবলৈ হলে পৰিৱেশীয় শিক্ষা গতিশীল আৰু পদ্ধতিগত হোৱা অতি প্ৰয়োজন। বিভিন্ন পদ্ধতিৰে এই প্ৰদান কৰিব পাৰি যদিও কেৱলমাত্ৰ দুটা পদ্ধতিৰ সম্পৰ্কে বহলাই আলোচনা কৰা হ'ল। 
১. Project Method বা প্ৰকল্প পদ্ধতি :  
     প্ৰকল্প পদ্ধতি হৈছে এটা শক্তিশালী, ক্ৰিয়া-ভিত্তিক আৰু অভিজ্ঞতামূলক শিকন পদ্ধতি। ইয়াত ছাত্ৰ-ছাত্ৰী সকলে বাস্তৱ জীৱনৰ পৰিৱেশ সম্পৰ্কীয় কোনো এটা সমস্যা বা বিষয়বস্তুৰ ওপৰত গৱেষণা, অনুসন্ধান, তথ্য সংগ্ৰহ, বিশ্লেষণ আৰু সমাধানৰ বাবে প্ৰকৃত কাম-কাজত জড়িত হৈ শিকে। এই পদ্ধতিয়ে তেওঁলোকক সক্ৰিয়ভাৱে অংশগ্ৰহণ, সমালোচনাত্মক চিন্তা, সমস্যা সমাধান আৰু দলগত কাম কৰাৰ সুবিধা প্ৰদান কৰে। এই পদ্ধতিটোত ছাত্ৰ-ছাত্ৰীসকলে কোনো এটা নিৰ্দিষ্ট পৰিৱেশ সম্পৰ্কীয় বিষয়ৰ ওপৰত নিজে গৱেষণা কৰে আৰু নিজৰ অভিজ্ঞতাৰ ভিত্তিত এখন প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰে। ইয়াৰ ফলত তেওঁলোকে বিষয়টো গভীৰভাৱে বুজি পায় আৰু নিজৰ সমস্যা সমাধানৰ দক্ষতা বৃদ্ধি পায়। 
      প্ৰকল্প পদ্ধতিৰ বিভিন্ন বৈশিষ্ট্য আছে। ই বাস্তৱ সমস্যা -কেন্দ্ৰিক, শিক্ষাৰ্থীকেন্দ্ৰিক, ক্ৰিয়া ভিত্তিক, ব্যৱহাৰিক, পৰ্যবেক্ষণ আৰু প্ৰামাণিকৰণৰ সুবিধা আদিয়ে প্ৰধান।
   পৰিৱেশীয় শিক্ষাৰ বাবে প্ৰকল্প পদ্ধতি এক অতি ফলপ্ৰসূ পদ্ধতি। ই শিক্ষাৰ্থীক কেৱল পৰিৱেশৰ বিষয়ে জ্ঞান দিয়েই নহয়, তেওঁলোকক পৰিৱেশৰ সমস্যা সমাধানৰ বাবে কৃতকৰ্ম হিচাপে গঢ়ি তোলে। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে প্ৰকৃত জীৱনৰ অভিজ্ঞতা লাভ কৰে, দায়িত্ববোধ আৰু কৰ্মপৰায়ণতাৰে পৰিৱেশৰ প্ৰতি থকা দায়িত্ব পালন কৰিবলৈ সক্ষম হয়। যদিও ইয়াৰ কিছু চেলেঞ্জ আছে, সঠিক পৰিকল্পনা, সম্পদৰ ব্যৱস্থাপনা আৰু শিক্ষকৰ সক্ৰিয় সহযোগিতাই প্ৰকল্প পদ্ধতিৰ জৰিয়তে পৰিৱেশীয় শিক্ষাক অধিক ফলপ্ৰসূ, আনন্দদায়ক আৰু অৰ্থপূৰ্ণ কৰি তুলিব পাৰে ।
২. Field Trip বা ক্ষেত্ৰ ভ্ৰমণ : ক্ষেত্ৰ ভ্ৰমণ (Field Trip) হৈছে পৰিৱেশীয় শিক্ষাৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰ্যকৰী আৰু জনপ্ৰিয় শিক্ষণ পদ্ধতি। ইয়াত শিক্ষাৰ্থীসকলক প্ৰকৃত পৰিৱেশৰ মাজলৈ (যেনে: অৰণ্য, পাহাৰ, নদী, জলাভূমি, উদ্যান, সংৰক্ষিত অঞ্চল, কৃষিক্ষেত্ৰ, উদ্যোগ, বনাঞ্চল, প্ৰাকৃতিক অভয়াৰণ্য আদি) লৈ গৈ প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ, অনুসন্ধান আৰু অভিজ্ঞতা লাভৰ সুবিধা কৰি দিয়া হয়। এই পদ্ধতিয়ে শ্ৰেণীকোঠাৰ সীমাবদ্ধতাক অতিক্ৰমি বাস্তৱ জগতৰ সৈতে পৰিৱেশৰ জটিল আন্তঃসম্পৰ্কৰ এক গভীৰ আৰু স্থায়ী ধাৰণা গঠনত সহায় কৰে। প্ৰত্যক্ষ অভিজ্ঞতাই পুথিগত জ্ঞানক বাস্তৱৰ সৈতে সংযোগ স্থাপন কৰি আহৰণ কৰা শিক্ষাক স্থায়িত্ব প্ৰদান কৰিব পাৰি।
ক্ষেত্ৰ ভ্ৰমণৰ ফলত শিক্ষাৰ্থীসকলৰ মনত বৈজ্ঞানিক অনুসন্ধানৰ মন জাগ্ৰত কৰে। পৰ্যবেক্ষণ,তথ্য সংগ্ৰহ, পৰীক্ষণ আৰু বিশ্লেষণৰ দক্ষতা বিকাশতো ই সহায় কৰে। পৰিৱেশৰ জটিলতা , প্ৰাকৃতিক প্ৰণালী- জৈৱিক চক্ৰ, খাদ্য শৃংখল, পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য, প্ৰদূষণৰ প্ৰভাৱ, সংৰক্ষণৰ প্ৰয়োজনীয়তা আদি প্ৰত্যক্ষ কৰাৰ ফলত এই জ্ঞান স্থায়ী হৈ ৰয়। পৰিৱেশৰ প্ৰতি সচেতনতা আৰু মূল্যবোধৰ জ্ঞান বৃদ্ধিত অৰিহণা যোগায়। প্ৰকৃতিৰ প্ৰতি ভালপোৱা, দায়বদ্ধতা আৰু সংৰক্ষণৰ মনোভাৱ গঠন কৰে।
প্ৰায়োগিক জ্ঞান আহৰণ কৰি পৰিৱেশ সংকট (যেনে: বানপানী, মাটি ক্ষয়ীভৱন, জৈৱবৈচিত্ৰ্য হ্ৰাস) আৰু ইয়াৰ সমাধানৰ পথসমূহ নিৰ্ণয় কৰিব পাৰি।
তদুপৰি দলগত কাম আৰু সমাজিক দক্ষতাৰ অভিজ্ঞতাই সহকৰ্মী, শিক্ষক আৰু স্থানীয় লোকৰ সৈতে কাম কৰাৰ সুযোগ দিয়ে।


++++++++++++++++++++++++++++++++++

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts