Showing posts with label 262.কবিতা কি ? বিভিন্ন সমালোচক সকলে কবিতাৰ সম্পৰ্কে কি কয় ? : চমু আলোচনা।. Show all posts
Showing posts with label 262.কবিতা কি ? বিভিন্ন সমালোচক সকলে কবিতাৰ সম্পৰ্কে কি কয় ? : চমু আলোচনা।. Show all posts

Tuesday, March 21, 2023

কবিতা কি ? বিভিন্ন সমালোচক সকলে কবিতাৰ সম্পৰ্কে কি কয় ? : চমু আলোচনা। What is poetry? What do different critics say about poetry? : A brief discussion.

কবিতা কি ? বিভিন্ন সমালোচক সকলে কবিতাৰ সম্পৰ্কে কি কয় ?: চমু আলোচনা। কবিতা হ'ল মনৰ ভাৱাৱেগ প্ৰকাশৰ উত্তম মাধ্যম। What is poetry ? What do different critics say about poetry? : A brief discussion.


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
   কবিতা কি বুলি ক'লে সঠিক ভাৱে উত্তৰ দিয়াটো বৰ সহজ নহয়। কাৰণ কবিতাৰ পৰিধি অতি ব্যাপক। ইয়াৰ বিস্তৃতৰূপ আৰু প্ৰকাশৰ বৈচিত্ৰতাৰ বাবে নিৰ্দিষ্ট সংজ্ঞাৰে বুজোৱাটো জটিল কাম। বহুজন সমালোচকে ভিন ভিন ৰূপত সংজ্ঞা আগবঢ়োৱা পৰিলক্ষিত হয়। সমালোচক চেণ্ট আগষ্টানে কবিতাৰ সংজ্ঞা আগবঢ়াই কৈছে - যাৰ বিষয়ে নুসুধিলে বহুত কিবা কিবি ক'ব পাৰি, অথচ সুধিলে একো ক'ব নোৱাৰি। তথাপি কবিতা সম্বন্ধে যি সাধাৰণ ধাৰণা তাৰ আধাৰত এনে ভাবেও ক'ব পাৰি যে কবিতা হ'ল - কবি হৃদয়ৰ ভাবানুভূতিৰ বহি:প্ৰকাশ। আমি এই সংজ্ঞাৰ পৰা ক'ব পাৰোঁ যে কবি হৃদয়ৰ ভাবানুভূতিয়ে যেতিয়া কল্পনাৰ ৰহণেৰে ৰঞ্জিত হৈ ভাষাৰ ছন্দৰ ঢৌত আৱদ্ধ হৈ আমাৰ হৃদয়ত কঁপনি তুলি প্ৰকাশ লাভ কৰে, তেতিয়াই তাক কবিতা বুলি কোৱা হয়। সাধাৰণতে কবিতা হ'ল কবিৰ মনত উদয় হোৱা ভাৱৰ ছন্দোবদ্ধ লহৰত অভিব্যক্ত কলাত্মক সৃষ্টি।
    ভাৰতীয় আৰু পাশ্চাত্যৰ বিভিন্ন সমালোচক সকলে বিভিন্ন ধৰণেৰে কবিতাৰ সংজ্ঞাৰ সম্পৰ্কে আলোচনা আগবঢ়াইছে। তাৰে ভিতৰত সংস্কৃত আলংকাৰিক ভামহৰ মতে কবিতা হ'ল - শব্দ আৰু অৰ্থৰ মিলন অৰ্থাৎ "শব্দাৰ্থৌ সহিতৌ কাব্যম্ "। বিশ্বনাথ কবিৰাজৰ মতে 'ৰসযুক্ত বাক্যৰ সমষ্টিয়ে কবিতা '। অৰ্থাৎ "বাক্যং ৰসাত্মকং কাব্যম্ "।
    আনহাতে পাশ্চাত্যৰ সমালোচক সকলৰ অন্যতম জনচনৰ মতে - "কবিতা হৈছে ছন্দোবদ্ধ ৰচনা।" কবি শ্যেলীৰ মতে কবিতা হৈছে -কল্পনাৰ সুপ্ৰকাশ। বাৱি ৱৰ্থচৱৰ্থৰ মতে কবিতা হৈছে -"উপচি উঠি আপোনা আপুনি পাৰ বাগৰি যোৱা আৱেগৰ ঢলেই কবিতা। ক'লৰজিৰ মতে কবিতা হৈছে - উৎকৃষ্ট শব্দৰ উৎকৃষ্ট বিন্যাস।
    উপৰোক্ত কবিতাৰ সমালোচক সকলে আগবঢ়োৱা সংজ্ঞা সমূহ নিৰীক্ষণ কৰিলে পৰিলক্ষিত হয় যে কোনো এজন সমালোচকে কবিতাৰ সংজ্ঞা পৰিপূৰ্ণ ভাৱে আগবঢ়াবলৈ সক্ষম হোৱা নাই। কবিতা সম্বন্ধে নিজস্ব দৃষ্টিভংগীৰ পৰা দাঙি ধৰা এনে সংজ্ঞাই কেতিয়াও কবিতাৰ সম্পৰ্কে বিশদভাৱে বুজাব নোৱাৰে। সেয়েহে কবিতাক আমি মায়াবী সৃষ্টি বুলি ক'ব পাৰোঁ। কাৰণ আমি যাৰ সংজ্ঞা বিচাৰি পায়ো সঠিককৈ সংজ্ঞা আগবঢ়াব নোৱাৰোঁ। সেয়েহে ইয়াক নিৰ্দিষ্ট সংজ্ঞাৰে বুজোৱাটো জটিল। তথাপিও আমি কবিতাৰ সংজ্ঞা সকলোবোৰ সংজ্ঞাৰ অৰ্থ একত্ৰিত কৰি নতুন এটা সংজ্ঞা আগবঢ়াব পাৰোঁহক। গতিকে ক'ব পাৰি কবি হৃদয়ৰ ভাবানুভূতি কল্পনাৰ ৰহণেৰে মণ্ডিত কৰি ভাষাৰ ছন্দ লহৰত অভিব্যক্ত কৰা কলাত্মক নতুন সৃষ্টিয়ে হৈছে কবিতা।

    সংবেদনশীল মনৰ আবেগ অনুভূতিৰ বহি:প্ৰকাশ ঘটি যি শব্দৰ মালা সৃষ্টি হয় সেয়ে হ'ল কবিতা। কিন্তু এজন কবিয়ে কবিতাক সাকাৰ ৰূপত উপস্থাপন কৰে কেনেকৈ ? 

তাকো আমি জনা উচিত। সকলো মানুহৰে আবেগ অনুভূতি থাকে, কিন্তু সকলোৱে কবিতা লিখিব নোৱাৰে। কবিতা লিখিবলৈ লাগিব এটা মন, কিছু নতুন চিন্তাধাৰা, দূৰদৃষ্টিসম্পন্ন মনোভাৱ, এক নিৰাসক্ত অৱস্থা , সংযম, বিশ্লেষণ আৰু সংশ্লেষণৰ পাৰদৰ্শিতা গুণ, প্ৰচুৰ স্মৃতি শক্তি, সময়ক ভালপোৱাৰ মানসিকতা, অভিজ্ঞতাৰ সুপ্ৰয়োগ আদি। আবেগ অনুভূতিৰ যেতিয়া পৰিশোধন কৰা হয় তেতিয়াই এটা কবিতা পোৱা যায়। কবিক বা কবিতাক বহু লোকে হীন দৃষ্টিৰে চাই কিন্তু সেইসকল লোকে কবিতা কেতিয়াও লিখিব নোৱাৰে। কবিতাৰ সম্পৰ্কে যা-তা কোৱাটো সহজ কিন্তু লিখিবলৈ যথেষ্ট টান। কবিতা লিখিবলৈ সাধনাৰ প্ৰয়োজন হয়। তপোবনত ঋষি মুনি সকলে তপস্যা কৰাৰ দৰে কবিয়েও তপস্যা কৰিবলগীয়া হয় । সেয়ে আমি ক'ব পাৰোঁ যে কবিতা নিৰৱ নিস্তব্ধ, নিজান ঠাইতহে ৰচনা কৰা সম্ভৱ। কবিতাক সেয়েহে নিৰলাত সোঁৱৰা হিয়াৰ আৱেগ বুলিও কোৱা হয়। এক মানসিক প্ৰশান্তিৰ মাজত আৱেগ অনুভূতিৰ ৰোমন্হনে কবিতাৰ জন্ম দিয়ে। মানসিক প্ৰশান্তিয়ে কবিৰ নৈব্যক্তিক দৃষ্টিভংগীকে নিৰূপিত কৰে। ইয়াৰ কাৰণে হয়তো কবিতা ব্যক্তিগত ভাৱ-অনুভূতিৰ বাহক হৈয়ো এক সাৰ্বজনীন আৱেদনযুক্ত হৈ পৰে। এয়াই কবিতাৰ সাৰ্থকতা।
    সমালোচক সকলে যিমান যি কলেও কবিতা এক দুৰ্বোধ্য সৃষ্টি। সেয়েহে যিজন মানুহে কবিতা লিখে তেওঁত বাদে আন বিলাকে কবিতা এটাৰ সাৰাংশ কিছু হ'লেও বেলেগ ৰূপত আগবঢ়াব লগীয়া হয়। 
    ই যি কি নহওঁক, কবিতা কবিতাই। মানুহৰ মনৰ বাকৰিত উগুল-থুগুল কৰি থকা ভাৱক শব্দৰ মালাৰে গাঁঠি অৰ্থব্যঞ্জক কৰি তোলা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াক জীয়াই ৰাখিবলৈ আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব। তেতিয়াহে আমাৰ সাহিত্যৰ ভঁৰাল সমৃদ্ধ হৈ থাকিব।




প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
      লেখক : দুদুল সোণোৱাল। আৰৈমূৰীয়া গাওঁ।



🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts