Showing posts with label 14. বিভিন্ন সংক্ৰামক ৰোগ..... Show all posts
Showing posts with label 14. বিভিন্ন সংক্ৰামক ৰোগ..... Show all posts

Tuesday, June 2, 2020

বিভিন্ন সংক্ৰামক ৰোগ,কাৰক আৰু প্ৰতিৰোধ ( various contagious diseases, agents and it's hinderance or prevent )

1.   কলেৰা ৰোগ ( cholera disease) : 
       কলেৰা এবিধ অতি মাৰাত্মক সংক্ৰামক ৰোগ। এই ৰোগ মানুহৰ দৈনন্দিন ব্যৱহাৰ্য আহিলা সমুহৰ জৰিয়তে মানুহৰ দেহত সংক্ৰমণ ঘটে। কলেৰা ৰোগৰ মুখ্য কাৰক বিধ হ'ল -- ভাইব্ৰিঅ' কলেৰি নামৰ বেক্টেৰিয়া। এনেধৰণৰ সংক্ৰামক ৰোগ ঘাইকৈ জলবায়ুৰ প্ৰভাৱত বেছি কৈ হোৱা পৰিলক্ষিত হয়। সেয়ে এই ক্ষেত্ৰত সাৱধানতা হ'ল উত্তম মহৌষধ। ধন
      সংক্ৰমণৰ মাধ্যমৰ ভিতৰত - খোৱা পানী , খোৱা খাদ্য  , আৰু মাখিয়ে হ'ল ঘাই মাধ্যম।
      খোৱা পানীৰ জৰিয়তে ভাইব্ৰিঅ' কলেৰি নামৰ বেক্টেৰিয়া বিধ অতি সহজে আমাৰ শৰীৰত প্ৰৱেশ ঘটি মানুহ জনক ৰোগীয়া কৰি তুলিব পাৰে। মাখিক এই ৰোগৰ মূল বাহক বুলি ক'ব পাৰি। যি ঠাইত মাখিৰ উৎপাত বেছি সেই ঠাইত এনে ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। 
     মাখিয়ে এঠাইৰ পৰা আন ঠাইলৈ ঠেং আৰু শোংৰ দ্বাৰা এই ৰোগ বিয়পাব পাৰে। এই ৰোগত আক্ৰান্ত ৰোগীৰ খোৱা খাদ্যত বা শৌচ প্ৰস্ৰাৱত পৰি মাখিৰ ঠেং আৰু শোংত বিজানুবিধ কঢ়িয়াই আনে আৰু যদি সেইজনী মাখিয়ে সুস্হ মানুহৰ খাদ্যত পৰে তেন্তে বিজানুবিধ খাদ্যৰ জৰিয়তে মানুহজনৰ দেহলৈ প্ৰৱেশ ঘটে। এইদৰে কলেৰা ৰোগ এজনৰ পৰা আন এজনলৈ দ্ৰুত গতিত সংক্ৰমণ হয়। 
      প্ৰতিৰোধ ব্যৱস্থা : কলেৰা ৰোগত আক্ৰান্ত ৰোগীৰ মলমূত্ৰ চূণ মিহলাই গাঁত খান্দি পুতি পেলাব লাগে। পৰাপক্ষত অনাময় শৌচালয় ব্যৱহাৰ কৰিব লাগে আৰু নিজে চাফচিকুন আৰু পৰিষ্কাৰ,পৰিপাটিকৈ থাকিব লাগে।
2.  মেলেৰিয়া ৰোগ (malaria disease) : 
       মেলেৰিয়াও এবিধ সক্ৰামক ৰোগ। বহুসময়ত মেলেৰিয়া ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰি সংহাৰ কৰি আহিছে। ৰোগবিধ বিশেষকৈ 'প্লাজমডিয়াম ভাইভেক্স ' নামৰ বিজানুৰ ফলত হয় বুলি চিকিৎসা বিজ্ঞানী সকলে নিশ্চিত কৰিছে। এই বিধ ৰোগো জলবায়ুৰ প্ৰভাৱত হোৱা সংক্ৰামক ৰোগ।
        মাইকী এন'ফিলিছ ‌‌‌‌‌‌‌নামৰ মহৰ মাধ্যমত এই ৰোগ মানুহৰ গাত বিয়পে। এই বিধ মহে মানুহৰ দেহত কামুৰিলে মানুহৰ দেহলৈ প্লাজম'ডিয়াম ভাইভেক্স বীজাণু বিধ প্ৰৱেশ ঘটে আৰু মানুহ জন মেলেৰিয়া ৰোগত আক্ৰান্ত হয়। সেয়ে এনে মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ আমাৰ চৌপাশৰ পৰিৱেশ পৰিষ্কাৰকৈ ৰাখিব লাগে। ঘৰৰ ওচৰে পাজৰে খাল ,নলা নৰ্দমা বিলাকত যাতে পানী জমা হৈ নাথাকে তাৰ বাবে বিহিত ব্যৱস্থা কৰিব লাগে। জমা হৈ থকা পানীত মহে কণী পাৰি বংশ বৃদ্ধি ঘটায় ।  
        প্ৰতিৰোধৰ ব্যৱস্থা : অতিপাত জ্বৰ হ'লে মেলেৰিয়া হোৱাৰ সম্ভাৱনা থাকে। সেয়ে এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি উপযুক্ত ঔষধ সেৱন কৰি এই ৰোগৰ পৰা মুক্ত হ'ব পাৰি। তদুপৰি ঔষধেৰে ধোৱা পৰিস্কাৰ আঠুৱা ৰাতি শোঁৱতে ব্যৱহাৰ কৰিব লাগে।

3. পানী লগা জ্বৰ বা ইনফ্লুৱেঞ্জা :
     পানী লগা জ্বৰ বা ইনফ্লুৱেঞ্জা এবিধ সক্ৰামক ৰোগ। এই ৰোগ অৰ্থ'মিক্স' ভাইৰাছ, মিক্স'ভাইৰাছ নামৰ বিজানুৰ ফলত হয়। এই বিজানু বিশেষকৈ মানুহৰ খেকাৰ ,শেঙুন , হাঁচি আদিত সক্ৰিয় হৈ থাকে। সেয়ে মানুহে য'তে ত'তে থু , খেকাৰ , শেঙুন পেলোৱা অনুচিত। গতিকে ক'ব পাৰি ৰোগ বিধৰ সংক্ৰমণৰ মাধ্যম হ'ল- থু , খেকাৰ, শেঙুন আৰু হাঁচি । 
       প্ৰতিৰোধৰ ব্যৱস্থা : 
        এই ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সাৱধানতা আৰু চাফচিকুনতাই হ'ল উত্তম মহৌষধ। আক্ৰান্ত ৰোগীয়ে মুখত সদায় মাস্ক পিন্ধিব লাগে। হাঁচিয়ালে ৰুমালেৰে বা আন কাপোৰেৰে মুখখন ঢাকি ল'ব লাগে। কাৰণ হাঁচিৰে হাজাৰ হাজাৰ বিজানু বাহিৰ হয় আৰু ইয়ে আন সুস্হ মানুহৰ দেহলৈ প্ৰৱেশ কৰি ৰোগ বিয়পাব পাৰে। ৰোগ বিধ শৰীৰত দেখা দিয়া মাত্ৰকে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু চিকিৎসকৰ মতে উপযুক্ত ঔষধ সেৱন কৰি এই ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts