ডিজিটেল ইণ্ডিয়া আৰু গ্ৰাম্য অৰ্থনীতি: সপোনৰ পৰা সমৃদ্ধিলৈ
ডিজিটেল ইণ্ডিয়া আৰু গ্ৰাম্য অৰ্থনীতিৰ দৃশ্য
ভাৰতবৰ্ষ হৈছে মূলতঃ গ্ৰাম প্ৰধান দেশ আৰু ইয়াৰ সামগ্ৰিক বিকাশ তেতিয়াহে সম্ভৱ, যেতিয়া দেশৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ’ব। পূৰ্বতে চহৰ আৰু গাঁৱৰ মাজত এক বৃহৎ প্ৰযুক্তিগত আৰু অৰ্থনৈতিক ব্যৱধান আছিল, যাৰ ফলত গ্ৰাম্য অঞ্চলসমূহ আধুনিক উন্নয়নৰ পৰা বঞ্চিত হৈ ৰৈছিল। এই ব্যৱধান দূৰ কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে আৰম্ভ কৰা ‘ডিজিটেল ইণ্ডিয়া’ অভিযানে দেশৰ লগতে অসমৰো গ্ৰাম্য অৰ্থনীতিলৈ এক অভূতপূৰ্ব জোৱাৰ আনিছে। ইণ্টাৰনেটৰ দ্ৰুত প্ৰসাৰ, অতি সস্তা মূল্যত স্মাৰ্টফোনৰ উপলব্ধতা আৰু বিভিন্ন চৰকাৰী ডিজিটেল সেৱাসমূহে গ্ৰাম্য সমাজখনক এক নতুন মাত্ৰা প্ৰদান কৰিছে। পৰম্পৰাগত কৃষিপদ্ধতি আৰু পিছপৰা অৰ্থনৈতিক ব্যৱস্থাৰ পৰা ওলাই আহি আজিৰ গ্ৰাম্য সমাজে এক ডিজিটেল অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে।
এই ডিজিটেল বিপ্লৱৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে কৃষি খণ্ডত। কৃষি হৈছে গ্ৰাম্য অৰ্থনীতিৰ মূল মেৰুদণ্ডস্বৰূপ। পূৰ্বতে কৃষকসকলে বতৰৰ সঠিক আগজাননী নোপোৱাৰ বাবে বা মাটিৰ গুণাগুণ সঠিকভাৱে বুজিব নোৱাৰাৰ বাবে প্ৰতি বছৰে লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু বৰ্তমান সময়ত মোবাইল এপ্লিকেচন আৰু ডিজিটেল পৰ্টেলৰ জৰিয়তে কৃষকসকলে ঘৰতে বহি বতৰৰ খবৰ, উন্নত বীজৰ তথ্য আৰু কীট-পতংগ নিয়ন্ত্ৰণৰ উপায় সহজতে লাভ কৰিব সক্ষম হৈছে । কেৱল সেয়াই নহয়, ই-নামৰ দৰে ৰাষ্ট্ৰীয় কৃষি বজাৰ অনলাইন প্লেটফৰ্মৰ জৰিয়তে কৃষকসকলে এতিয়া কোনো মধ্যভোগী বা দালালৰ সহায় নোলোৱাকৈ নিজৰ উৎপাদিত ফচলৰ সঠিক আৰু সৰ্বোচ্চ মূল্য পোনপটীয়াকৈ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ফলত গ্ৰাম্য কৃষকসকলৰ আয় বৃদ্ধি পাইছে আৰু তেওঁলোক আৰ্থিকভাৱে স্বাৱলম্বী হৈ উঠিছে।
কৃষিৰ সমান্তৰালভাৱে গ্ৰাম্য বেংকিং আৰু বিত্তীয় খণ্ডতো ডিজিটেল প্ৰযুক্তিয়ে এক আমূল পৰিৱৰ্তন সাধন কৰিছে। পূৰ্বতে গাঁৱৰ মানুহে বেংকৰ এটি সৰু কামৰ বাবেও গোটেই দিনটো খৰচ কৰি চহৰলৈ যাবলগীয়া হৈছিল। এতিয়া ইউ.পি.আই. আৰু বিভিন্ন ডিজিটেল লেনদেন মাধ্যমে বেংক সেৱাক প্ৰতিজন গ্ৰাম্য নাগৰিকৰ হাতৰ মুঠিত সুমুৱাই দিছে। অসমৰ অতি ভিতৰুৱা গাঁৱৰ বা চাহ বাগিচাৰ সৰু দোকানীবোৰেও এতিয়া নগদ ধন অবিহনে ডিজিটেল মাধ্যমেৰে ব্যৱসায় চলাই আছে।
তদুপৰি গাঁৱে গাঁৱে থকা উমৈহতীয়া সেৱা কেন্দ্ৰসমূহে বৃদ্ধ পেঞ্চন বা চৰকাৰী সাহায্য আদি আঙুলিৰ চাপ বা বায়'মেট্ৰিক ফিংগাৰপ্ৰিন্ট (Fingerprint) ব্যৱহাৰ কৰি থিতাতে উলিয়াই দিয়াত সহায় কৰিছে, যাৰ ফলত সাধাৰণ ৰাইজৰ সময় আৰু ধন দুয়োটাই ৰাহি হৈছে।
ডিজিটেল ইণ্ডিয়াৰ আন এক ডাঙৰ সফলতা হ’ল চৰকাৰী আঁচনিৰ ধন পোনপটীয়া হস্তান্তৰ প্ৰক্ৰিয়া। পি.এম. কিষাণ আঁচনি বা অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ দৰে কল্যাণকামী আঁচনিৰ ধন এতিয়া হিতাধিকাৰীৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ দিব পৰা গৈছে। নগদ ধনৰ অপব্যৱহাৰ ৰোধ হৈছে। ইয়াৰ ফলত পূৰ্বৰ দুৰ্নীতি আৰু মধ্যভোগীৰ শোষণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে, যাৰ ফলত গ্ৰাম্য দৰিদ্ৰ পৰিয়ালসমূহৰ ক্ৰয় ক্ষমতা বহুত বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি হৈছে। একেদৰে ই-কমাৰ্চ প্লেটফৰ্ম আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে অসমৰ থলুৱা হস্তশিল্প, যেনে মুগা-পাটৰ কাপোৰ বা বাঁহ-বেতৰ সামগ্ৰীসমূহ এতিয়া বিশ্বৰ বজাৰত বিক্ৰী হ’বলৈ ধৰিছে। গাঁৱৰ মহিলা আত্মসহায়ক গোটসমূহে ঘৰতে বহি নিজৰ সামগ্ৰী অনলাইনৰ জৰিয়তে পোনপটীয়াকৈ গ্ৰাহকৰ ওচৰলৈ পঠিয়াই দিব পাৰিছে, যিয়ে মহিলা সবলীকৰণত এক ডাঙৰ ভূমিকা লৈছে।
অৱশ্যে এই সকলো ধনাত্মক দিশৰ মাজতো কিছুমান প্ৰত্যাহ্বান এতিয়াও বৰ্তি আছে। গ্ৰাম্য অঞ্চলৰ এক বৃহৎ সংখ্যক বয়োজ্যেষ্ঠ বা অশিক্ষিত লোকে আজিও ডিজিটেল লেনদেন কৰিব নাজানে, যাৰ বাবে তেওঁলোক চাইবাৰ প্ৰৱঞ্চনাৰ চিকাৰ হোৱাৰ সম্ভাৱনাই অধিক। তদুপৰি অসমৰ পাহাৰীয়া অঞ্চল বা চৰ-চাপৰিসমূহত এতিয়াও নেটৱৰ্কৰ গতি লেহেমীয়া আৰু সঘনাই বিদ্যুৎ কৰ্তন হোৱাৰ বাবে ডিজিটেল সেৱাসমূহ ব্যাহত হয়। এই হেঙাৰসমূহ দূৰ কৰিবলৈ চৰকাৰে গাঁৱে গাঁৱে ডিজিটেল সাক্ষৰতা অভিযান তীব্ৰতৰ কৰাৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি যেনে ৫জি নেটৱৰ্ক আৰু নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান নিশ্চিত কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।
পৰিশেষত ক’ব পাৰি যে, উপৰোক্ত প্ৰত্যাহ্বানসমূহ নেওচি যদি আমি সঠিক দিশত আগবাঢ়ো, তেন্তে ডিজিটেল ইণ্ডিয়াই অনাগত দিনত অসম তথা সমগ্ৰ ভাৰতৰে গ্ৰাম্য অৰ্থনীতিক বিশ্বৰ ভিতৰতে এক অন্যতম শক্তিশালী অৰ্থনীতি হিচাপে থিয় কৰোৱাব সক্ষম হ'ব। আমি সেই দিনটোৰ বাবে সদায় আশাৰে বাট চাই ৰম।
প্ৰৱন্ধটো পঢ়ি চোৱাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ। ভাল লাগিলে Comment আৰু Share কৰি উৎসাহিত কৰিব বুলি আশা কৰিলোঁ 🙏