Showing posts with label 245.বিজ্ঞান বিষয়ক ১০০টা কুইজ। 100 Quiz of Science.. Show all posts
Showing posts with label 245.বিজ্ঞান বিষয়ক ১০০টা কুইজ। 100 Quiz of Science.. Show all posts

Friday, December 30, 2022

বিজ্ঞান বিষয়ক ১০০টা কুইজ। 100 Quiz of Science.

বিজ্ঞান বিষয়ক ১০০ টা কুইজ। বিজ্ঞান বিষয়ক ১০০টা কুইজ। 100 Quiz of Science.

প্ৰশ্ন ১: ৰেডিয়াম আৰু পলনিয়াম মৌল দুটা আৱিষ্কাৰ কৰাৰ বাবে আৰু বিকিৰণ পৰিঘটনাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে দুটাকৈ ন'বেল বঁটা লাভ কৰা প্ৰথম বিজ্ঞানী গৰাকীৰ নাম কি আছিল ?
উত্তৰ: মেডাম কুৰী ।

প্ৰশ্ন ২: ভিটামিন D কোনে আৱিষ্কাৰ কৰিছিল ?
উত্তৰ: মেককলামে।

প্ৰশ্ন ৩: অক্সিজেন গেছ জুই জ্বলোৱাত ব্যৱহাৰ কৰা হয় আৰু উশাহ-নিশাহৰ বাবেও প্ৰয়োজন। পিছে এই অক্সিজেন গেছ কোনে আৱিষ্কাৰ কৰিছিল বাৰু ?
উত্তৰ : যোছেফ প্ৰীষ্টলীয়ে।

প্ৰশ্ন ৪: 'লাই ডিটেক্টৰ' বা মিছা কথা ধৰা পেলোৱা যন্ত্ৰ কোনে প্ৰথমে আৱিষ্কাৰ কৰি উলিয়াইছিল ?
উত্তৰ: মাৰ্কিন মনোবিজ্ঞানী জন লাৰছনে (১৯২১ চনত ) । 

প্ৰশ্ন ৫: মহৰ গাখীৰ খাইছা নহয়।ই অতি মিঠা আৰু শক্তিদায়ক । প্ৰতি এশ গ্ৰাম মহৰ গাখীৰৰ পৰা কিমান পৰিমাণৰ শক্তি পোৱা যায় বাৰু ? 
উত্তৰ: প্ৰায় ৯০ কেলৰি।

প্ৰশ্ন ৬: মানুহৰ তেজ ৰঙা কাৰণ তেজত হিমগ্লবিন নামৰ ৰঞ্জক পদাৰ্থবিধ থাকে। তদুপৰি তেজত এবিধ ধাতুও থাকে, ধাতু বিধৰ নাম কি ?
উত্তৰ: লো বা আইৰণ।

প্ৰশ্ন ৭: ৰামধেনুত সাতটা ৰঙ থাকে। ইয়াৰে এটা ৰংহে আটাইতকৈ বেছি উজ্জ্বল হয়। অৰ্থাৎ এটা ৰংৰ ৰং অধিক বিক্ষেপণ হয়, ৰামধেনুত থকা ৰংবিধৰ নাম কি ?
উত্তৰ: ৰঙা ৰং।

প্ৰশ্ন ৮: আমৰ বৈজ্ঞানিক নাম কি ?
উত্তৰ: মেঞ্জিফেৰা ইণ্ডিকা। 

প্ৰশ্ন ১০: সেউজ গৃহৰ প্ৰভাৱত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছ বিধৰ নাম কি ?
উত্তৰ: কাৰ্বন-ডাই-অক্সাইড গেছ। 

প্ৰশ্ন ১১: 'ফিজিকেল ইণ্ডিয়ান ডক্টৰ' বুলি কোনবিধ ফলক কোৱা হয় ?
উত্তৰ: আমলখিক ( Magoseteen)

প্ৰশ্ন ১২: জলকীয়া খালে পুৰে বা জ্বাল ধৰে। জলকীয়াৰ এই তীক্ষ্ণতাৰ কাৰণ কি বাৰু ?
উত্তৰ: কেপচাইবিন নামৰ উপাদানবিধ উপস্থিতিৰ বাবে জলকীয়া জ্বলে।

প্ৰশ্ন ১৩: অমিতা পকিলে হালধীয়া ৰঙৰ হয়।দেখিছা নহয়। অমিতা পকিলে ইয়াৰ ৰং হালধীয়া হয় ?
উত্তৰ: কেৰিকাজেন্হিন নামৰ মৌলবিধ থকাৰ বাবে।

প্ৰশ্ন ১৪: পৰুৱাৰ শুংত থকা এচিড বিধৰ নাম কি ?
উত্তৰ : ফৰমিক এচিড।

প্ৰশ্ন ১৫: ভিটামিন A অভাৱত কি ৰোগ হয় ?
উত্তৰ: দৃষ্টি শক্তি কমি যোৱা ৰোগ হয়।

প্ৰশ্ন ১৬: ভিটামিন B ৰ অভাৱত কি ৰোগ হয় ?
উত্তৰ: 'বেৰিবেৰি' নামৰ ৰোগ হয়।

প্ৰশ্ন ১৭: ভিটামিন C ৰ অভাৱত কি ৰোগ হয় ?
উত্তৰ: স্কাৰ্ভি নামৰ ৰোগ হয়।

প্ৰশ্ন ১৮: দেহত 'লো'ৰ অভাৱ ঘটিলে কি ৰোগ হয় ?
উত্তৰ: ৰক্তহীনতা বা এনিমিয়া ৰোগ হয়।

প্ৰশ্ন ১৯: আমাৰ দেহটোক বিভিন্ন ৰোগৰ পৰা এবিধ উপাদানে ৰক্ষা কৰি থাকে। উপাদান বিধৰ অভাৱত নানা ৰোগ হ'ব পাৰে। উপাদান বিধৰ নাম কি ?
উত্তৰ: ভিটামিন ( Vitamin) ।

প্ৰশ্ন ২০: কুকুৰে কামুৰিলে হোৱা ৰোগ বিধৰ নাম কি ?
উত্তৰ: জলাতংক ৰোগ। 

প্ৰশ্ন ২১: মেকুৰীয়ে কামুৰিলে দেহত কি ৰোগৰ সৃষ্টি হয় ?
উত্তৰ: ডিপথেৰিয়া।

প্ৰশ্ন ২২: পৃথিৱীলৈ সূৰ্যৰ পোহৰ আহিবলৈ কিমান সময় লাগে ?
উত্তৰ: ৮ মিনিট ১৬ ছেকেণ্ড ।

প্ৰশ্ন ২৩: আটাইতকৈ বেছি দিন ফল দিয়া গছবিধৰ নাম কি ?
উত্তৰ: নাচপতি গছ। ইয়াৰ জীৱন কাল ৩০০ বছৰ।

প্ৰশ্ন ২৪: সূৰ্যৰ পোহৰত যে সাতোটা ৰং আছে, এই কথা কোন গৰাকী বিজ্ঞানীয়ে প্ৰমাণ কৰিছিল ?
উত্তৰ: চাৰ আইজাক নিউটনে।

প্ৰশ্ন ২৫: সকলো চৰাইয়ে আগফালে উৰিব পাৰে। কেৱল এবিধ চৰাইয়ে পাছলৈও উৰিব পাৰে। পাছলৈ উৰিব পৰা চৰাইবিধৰ নাম কি ?
উত্তৰ: হামিংবাৰ্ড, ৮০ কিমি দূৰলৈকে উৰিব পাৰে।

প্ৰশ্ন ২৬: নিয়ন লাইটৰ বৰণ নীলা হয় কিয় ?
উত্তৰ: আৰ্গছ গেছ থকাৰ বাবে।

প্ৰশ্ন ২৭: একমাত্ৰ কোনবিধ প্ৰাণীয়ে চিত হৈ শুব পাৰে ?
উত্তৰ: মানুহে।

প্ৰশ্ন ২৮: এজন সুস্থ মানুহৰ দেহত তেজৰ গতিবেগ কিমান ? 
উত্তৰ: ঘণ্টাত সাত মাইল।

প্ৰশ্ন ২৯: কি পৰিঘটনাৰ বাবে পানীৰে পৰিপূৰ্ণ পাত্ৰ এটাৰ তলিখন প্ৰকৃত ঠাইতকৈ কিছু ওপৰত দেখা যায় ?
উত্তৰ: পোহৰৰ প্ৰতিসৰণৰ বাবে।

প্ৰশ্ন ৩০: মানুহৰ কেৱল মুখমণ্ডলত কিমান ডাল হাড় থাকে ?
উত্তৰ: মুঠ ২২ ডাল থাকে।

প্ৰশ্ন ৩১: নেমুটেঙাত থকা এচিড বিধৰ নাম কি ?
উত্তৰ: চাইট্ৰিক এচিড।

প্ৰশ্ন ৩২: প্ৰাণীজগতৰ কোনবিধ প্ৰাণীৰ চকু তিনিটা আছে ?
উত্তৰ: টুয়াটৰো নামৰ এবিধ প্ৰাণীৰ চকু তিনিটা আছে।

প্ৰশ্ন ৩৩: কোনবিধ প্ৰাণীয়ে পানী নাখায়ো জীয়াই থাকে ?
উত্তৰ: কৃষ্ণষাড় মৃগই পানী নাখায়।

প্ৰশ্ন ৩৪: আটাইতকৈ পুৰণি উদ্ভিদ বিধৰ নাম কি ?
উত্তৰ: শেলাই।

প্ৰশ্ন ৩৫: সকলো পোৱালী জগোৱা বা স্তন্যপায়ী প্ৰাণীয়ে উৰিব নোৱাৰে কিন্তু এবিধ স্তন্যপায়ী প্ৰাণীয়ে উৰিব পাৰে, সেই স্তন্যপায়ী প্ৰাণী বিধৰ নাম কি ?
উত্তৰ: বাদুলিয়ে উৰিব পাৰে।

প্ৰশ্ন ৩৬: চৌডা পানীৰ বৈজ্ঞানিক নাম কি ?
উত্তৰ: কাৰ্বনীক এচিড।

প্ৰশ্ন ৩৭: আটাইতকৈ বেছি কাল জীয়াই থকা প্ৰাণী বিধৰ নাম কি ?
উত্তৰ: কাছ (প্ৰায় ১২০ বছৰ)।

প্ৰশ্ন ৩৮: সকলো মাছৰে কলিজা দুটা থাকে আমি সকলোৱে জানো। কিন্তু এনে এবিধ মাছ আছে যাৰ কলিজা তিনিটা আছে, মাছ বিধৰ নাম কি ? 
উত্তৰ: কাটল মাছৰ।

প্ৰশ্ন ৩৯: তেজৰ গ্ৰুপ কেইটা আৰু কি কি ?
উত্তৰ: তেজৰ গ্ৰুপ চাৰিটা। A, B, AB আৰু O ।

প্ৰশ্ন ৪০: প্ৰাথমিক ৰং তিনিটা। ইয়াৰে দুটা হৈছে ৰঙা আৰু সেউজীয়া, তৃতীয় ৰংটোৰ নাম কি ?
উত্তৰ: নীলা।

প্ৰশ্ন ৪১: অসমলৈ কোনজন বিজ্ঞানীয়ে বিভিন্ন দৰকাৰী যন্ত্ৰ উদ্ভাৱন কৰি 'নাছা'ৰ পৰা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ?
উত্তৰ: উদ্ধৱ চন্দ্ৰ ভৰালীয়ে।

প্ৰশ্ন ৪২: মৰুভূমিত মৰীচিকা কি ভৌতিক পৰিঘটনাৰ বাবে সৃষ্টি হয় ?
উত্তৰ: পোহৰৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে।

প্ৰশ্ন ৪৩: আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি ?
উত্তৰ: প্লুটোনিয়াম।

প্ৰশ্ন ৪৪: জুইশলা বাকচত থকা কাঠিৰ মূৰত লগোৱা পদাৰ্থ বিধৰ নাম কি ?
উত্তৰ: ফচফৰাছ।

প্ৰশ্ন ৪৫: বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ কিমান ?
উত্তৰ: ২১% বা শতকৰা ২১ ভাগ।

প্ৰশ্ন ৪৬: পেনিচিলিন কোন গৰাকী বিজ্ঞানীয়ে উদ্ভাৱন কৰি উলিয়াইছিল ?
উত্তৰ: আলেকজেণ্ডাৰ ফ্লেমিঙে।

প্ৰশ্ন ৪৭: দূৰদৰ্শন বা টিভি উদ্ভাৱক গৰাকীৰ নাম কি ?
উত্তৰ : জন লাগি বেয়াৰ্ড (১৯২৬ চনত, স্কটলেণ্ড )।

প্ৰশ্ন ৪৮: বৈদ্যুতিক বাল্ব কোন গৰাকী বিজ্ঞানীয়ে উদ্ভাৱন কৰিছিল ?
উত্তৰ: টমাছ আলভা এডিছনে।
 

প্ৰশ্ন ৪৯: চিমেণ্ট কিহেৰে প্ৰস্তুত কৰা হয় ?
উত্তৰ: চূণশিল আৰু মাটিৰ মিশ্ৰণৰ সহায়ত।
 
প্ৰশ্ন ৫০: কাগজ তৈয়াৰ কৰা কেঁচামাল বিধৰ নাম কি ?
উত্তৰ: কাঠ, বাঁহ , ঘাঁহ আৰু ফটা কাপোৰ।
 
প্ৰশ্ন ৫১: আমি চাহৰ সৈতে খোৱা চেনি কোনবিধ কেঁচা সামগ্ৰীৰ দ্বাৰা তৈয়াৰ কৰা হয় ?
উত্তৰ: কুঁহিয়াৰ।
 
প্ৰশ্ন ৫২: নিউমোনিয়া এবিধ ৰোগৰ নাম। এই ৰোগ আমাৰ শৰীৰৰ কোন অংশত হয় বাৰু ?
উত্তৰ: হাওঁফাওঁত হয়।
 
প্ৰশ্ন ৫৩: কলেৰা ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া বিধৰ নাম কি ?
উত্তৰ: ভাইব্ৰিঅ'কলেৰা।
 
প্ৰশ্ন ৫৪: কি উপাদানৰ অভাৱ ঘটিলে মানুহৰ শৰীৰত গইটাৰ ৰোগ হয় ?
উত্তৰ: আয়'ডিনৰ অভাৱ ঘটিলে হয়।
 
প্ৰশ্ন ৫৫: কৰ'ণা ৰোগৰ বীজাণু বিধৰ নাম কি ?
উত্তৰ: 
 
প্ৰশ্ন ৫৬: ক'ৰোণা ভাইৰাছ প্ৰথমে ক'ত উৎপত্তি হৈছিল ? 
উত্তৰ: চীন দেশৰ য়ুহান চহৰত।
 
প্ৰশ্ন ৫৭: সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ?
উত্তৰ: বুধ গ্ৰহ ।
 
প্ৰশ্ন ৫৮: 'অৰণ্য মানৱ' আখ্যাৰে বিভূষিত অসমৰ প্ৰকৃতি প্ৰেমী ব্যক্তি গৰাকীৰ নাম কি ?
উত্তৰ: যাদৱ পায়েঙ । তেওঁ যোৰহাট জিলাৰ বাসিন্দা।
 
প্ৰশ্ন ৫৯: আমেৰিকা যুক্তৰাষ্ট্ৰই উৎক্ষেপণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ?
উত্তৰ: এক্সপ্লোৰাৰ -১ (১৯৫৮ চনৰ ৩১ জানুৱাৰীত উৎক্ষেপণ কৰিছিল) ।
 
প্ৰশ্ন ৬০: ভিটামিন C অধিক পৰিমাণে থকা খাদ্য বস্তু এবিধৰ নাম কোৱা ?
উত্তৰ: গাখীৰ।
 
প্ৰশ্ন ৬১: কি জন্তুৱে থিয় হৈ টোপনি যায় ?
উত্তৰ : ঘোঁৰাই।
 
প্ৰশ্ন ৬২: আকাশী পথেৰে চলা বাহন বিধক কি বোলা হয় ?
উত্তৰ : উৰাজাহাজ।

প্ৰশ্ন ৬৩: চন্দ্ৰ পৃষ্ঠত পানী থকাৰ কথা সন্ধান কৰি উলিওৱা যানখনৰ নাম কি ?
উত্তৰ: চন্দ্ৰ যান -১ ( এই যানখন ভাৰতে পঠিয়াইছিল ২০০৯ চনৰ ২৪ ছেপ্টেম্বৰত)।
 
প্ৰশ্ন ৬৪: ২০২০ চনত পদাৰ্থ বিজ্ঞানত ন'বেল বঁটা লাভ কৰা আমেৰিকাৰ ব্যক্তি গৰাকীৰ নাম কি ?
উত্তৰ: এণ্ড্ৰিয়া ঘেজ।
 
প্ৰশ্ন ৬৫: মহাকাশত দীৰ্ঘ সময় কটোৱা আৰু সুশৰীৰে পৃথিৱীলৈ ঘূৰি অহা বিশ্বৰ প্ৰথম গৰাকী মহিলা মহাকাশচাৰী কোন ?
উত্তৰ: নাছাৰ মহাকাশচাৰী 'ক্ৰিষ্টিন কোচ' ।( ২০১৯ চনৰ ডিচেম্বৰত গৈ ২০২০ চনৰ ফেব্ৰুৱাৰীত পৃথিৱীলৈ ঘূৰি আহিছিল।)

প্ৰশ্ন ৬৬: বেক্টেৰিয়াৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ দৰে প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পচি যোৱা পদাৰ্থবোৰক কি বোলে ?
উত্তৰ : জৈৱ-পচনশীল। (Biodegradable)।
 
প্ৰশ্ন ৬৭: পৰিৱেশ কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰ: পৰিৱেশ দুই প্ৰকাৰৰ। প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ।
 
প্ৰশ্ন ৬৮: কয়লাক কি ইন্ধন হিচাপে জনা যায় ?
উত্তৰ: জীৱাশ্ম ইন্ধন ( Fossil fuels)।
 
প্ৰশ্ন ৬৯: পথ পকা কৰোঁতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰী বিধৰ নাম কি?
উত্তৰ: বিটুমিন।
 
প্ৰশ্ন ৭০: বিশ্বৰ এখন দেশে কয়লাক গেছ হিচাপে ৰাস্তা পোহৰাবলৈ ১৮১০ চনত পোন প্ৰথম বাৰৰ বাবে ব্যৱহাৰ কৰিছিল। দেশখনৰ নাম কি ?
উত্তৰ: লণ্ডন । 

প্ৰশ্ন ৭১: পৃথিৱীৰ প্ৰথম তেলখাদ ১৮৫৯ চনত আমেৰিকাত উদ্ঘাটন কৰা হৈছিল। দ্বিতীয়টো তেলখাদ ভাৰতত উদ্ঘাটন কৰা হৈছিল। ঠাইখনৰ নাম কি ?
উত্তৰ: অসমৰ মাকুমত দ্বিতীয়টো তেলখাদ উদ্ঘাটন কৰা হৈছিল।
 
প্ৰশ্ন ৭২: অসমৰ মাকুমত কিমান চনত তেল উদ্ঘাটন কৰা হৈছিল ?
উত্তৰ: ১৯৬৭ চনত।
 
প্ৰশ্ন ৭৩: CNG ৰ সম্পূৰ্ণ অৰ্থ কি ?
উত্তৰ : Compressed Natural Gas বা সংকুচিত প্ৰাকৃতিক গেছ।
 
প্ৰশ্ন ৭৪: LPG ৰ সম্পূৰ্ণ অৰ্থ কি ?
উত্তৰ : Liquified Petroleum Gas বা তৰলীকৃত পেট্ৰোলিয়াম গেছ।
 
প্ৰশ্ন ৭৫: কোনবিধ কেঁচামাল ব্যৱহাৰ কৰি তাপবিদ্যুৎ প্ৰকল্প চলোৱা হয় ?
উত্তৰ : প্ৰাকৃতিক গেছ।
 
প্ৰশ্ন ৭৬: যি দ্ৰব্য দহন হয় তাক দাহ্য পদাৰ্থ বোলা হয়। দাহ্য পদাৰ্থৰ আন এটা নাম কি ?
উত্তৰ : ইন্ধন বা fuel ।
 
প্ৰশ্ন ৭৭: মানুহৰ শৰীৰৰ বাবে ব্যৱহাৰ কৰা মুখ্য ইন্ধন বিধৰ নাম কি ?
উত্তৰ : আহাৰ।
 
প্ৰশ্ন ৭৮: আমাৰ শৰীৰত অক্সিজেনৰ সৈতে বিক্ৰিয়া ঘটি খোৱা খাদ্যবোৰ ভাঙি যায়, ইয়াৰ ফলত শৰীৰত কিহৰ উৎপন্ন হয় ?
তাপৰ উৎপন্ন হয়।
 
প্ৰশ্ন ৭৯: কিছুমান ঠাইত গ্ৰীষ্মকালৰ অত্যন্ত গৰমত শুকান ঘাঁহত আপোনা-আপুনি জুই লাগে এই জুইক কি নামেৰে জনা যায় ?
উত্তৰ: বনজুই।
 
প্ৰশ্ন ৮০: যেতিয়া ফটকা এটা জ্বলাই দিয়া হয় তেতিয়া এক আকস্মিক বিক্ৰিয়া ঘটি তাপ,পোহৰ আৰু শব্দৰ সৃষ্টি হয়, এই বিক্ৰিয়াক কি বোলে ?
উত্তৰ : বিস্ফোৰণ।
 
প্ৰশ্ন ৮১: ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডবোৰ বৰষুণৰ পানীত দ্ৰৱীভূত হৈ কি বৰষুণৰ সৃষ্টি কৰে ?
উত্তৰ : এচিড বৰষুণ ।
 
প্ৰশ্ন ৮২: একেলগে বিভিন্ন প্ৰজাতিৰ প্ৰাণী একোটা নিৰ্দিষ্ট ঠাইত ৰাখিলে, ঠাইখণ্ডক কি নামেৰে জনা যাব ?
উত্তৰ : চিৰিয়াখানা। 
 
প্ৰশ্ন ৮৩: সকলো বিপন্ন প্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা সমল পুথি খনক কি কোৱা হয় ?
উত্তৰ : ৰেড ডাটা বুক। 

কুইজৰ প্ৰশ্নোত্তৰ পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক :  দুদুল সোণোৱাল। 




🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts