২. ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি ?
৩. কিয় প্ৰয়োজন/ বিৱৰণ ?
৪. বৃত্তিমূলক শিক্ষাই কিদৰে সহায় কৰে ?
৫. পৰামৰ্শ/ সামৰণি ।
বৃত্তিমূলক শিক্ষা কি ?
বৃত্তিমূলক শিক্ষা হ'ল এক অনানুষ্ঠানিক শিক্ষা। অৱশ্যে বৰ্তমান সময়ত আনুষ্ঠানিক ৰূপত বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰ ঘটোৱা হৈছে। এনে শিক্ষা হ'ল হাতে -কামে কৰা শিক্ষা। এনে শিক্ষা প্ৰাপ্তিৰ জৰিয়তে ব্যক্তি এজনে নিজক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে। অৰ্থাৎ আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাই মানুহক উপাৰ্জনৰ পথ প্ৰশস্ত কৰাত সহায় কৰে সেয়ে হ'ল বৃত্তিমূলক শিক্ষা। বৰ্তমান সময়ত মহাবিদ্যালয় , বিশ্ববিদ্যালয়সমূহত কাৰিকৰী জ্ঞানৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ৰাজ্যত বা দেশত কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণ অনুষ্ঠান, অধ্যয়ন কেন্দ্ৰৰ স্হাপন কৰি বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰ ঘটোৱা হৈছে। সত্তৰ দশকৰ পৰৱৰ্তী সময়ত ক্ৰমশ বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰ ভাৰতৰ চুকে-কোণে দ্ৰুত হাৰত বৃদ্ধি পায়।
বৃত্তিমূলক শিক্ষাই মানুহক স্বনিৰ্ভৰশীল হোৱাত সহায় কৰে, স্বনিয়োজনত প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰে আৰু ইয়াৰ ফলত নিবনুৱা সমস্যা দূৰীকৰণত সহায় হয়। বিভিন্ন বৃত্তিমূলক শিক্ষাৰ মাধ্যমেৰে আজিৰ ছাত্ৰ-ছাত্ৰীয়ে নিজক গঢ় দি নিজৰ লগতে সমাজক আগুৱাই নিয়াত অৱদান আগবঢ়াব পাৰে। সেয়েহে বৰ্তমান বৃত্তিমূলক শিক্ষাৰ চাহিদা বাঢ়িব ধৰিছে।
বৃত্তিমূলক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কি ?
বৃত্তিমূলক শিক্ষাৰ মূল উদ্দেশ্য হ'ল এজন ব্যক্তিক সম্পূৰ্ণ জীৱন নিৰ্বাহৰ উপায় প্ৰদান কৰা। প্ৰশিক্ষণৰ জৰিয়তে ব্যক্তিজনৰ স্ব-ইচ্ছাৰে কৰিব মনস্হ কৰা কামক অগ্ৰাধিকাৰ দি বিষয়টোৰ ওপৰত সবিশেষ জ্ঞান প্ৰদান কৰি কিদৰে প্ৰয়োগ কৰিব পৰা যাব আদিৰ সম্পৰ্কে শিক্ষা দি পাকৈত কৰি তুলিবলৈ যত্ন কৰা হয়। স্ব-ইচ্ছাৰে নিৰ্বাচিত কামৰ জৰিয়তে নিজৰ সৃজনীমূলক মনোভাৱৰ দক্ষতাৰ জ্ঞান বৃদ্ধি আৰু বিকাশ সাধনৰ সম্ভৱ হয়। সৃজনীমূলক মনৰ বিকাশ ঘটাবলৈ সেয়ে বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণত কিছুমান কায়দা কিটিপ শিকোৱা হয় ,যিয়ে কাৰিকৰী জ্ঞান বৃদ্ধিত সহায় কৰে। লগতে মানুহৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধন সম্ভৱ কৰি তোলে। এই শিক্ষাই ব্যক্তি এজনক আৰ্থিক ভাৱে স্বচ্ছল হোৱাত প্ৰভাৱ পেলায়।
কিয় প্ৰয়োজন / বিৱৰণ :
সাম্প্ৰতিক সময়ত বৃত্তি মূলক শিক্ষাৰ গুৰুত্ব বহু পৰিমাণে বৃদ্ধি পাইছে। কাৰণ আনুষ্ঠানিক শিক্ষাৰ ডিগ্ৰী গ্ৰহণৰ যি পথ সেয়া বৰ দীঘলীয়া আৰু ডিগ্ৰী লাভৰ অন্তত চাকৰি বিচাৰি প্ৰায় ৭০% তকৈও অধিক শিক্ষাৰ্থী হাবাথুৰি খাব লগীয়া হয় । আনহাতে ব্যৱসায় বানিজ্য কৰিবলৈও মূলধনৰ অভাৱে সেঙাৰ হৈ থিয় দিয়ে। ইয়াৰ পিছতে বহু সময়ত চাকৰিৰ মূখ নেদেখি নিৰাশা হতাশাৰ দাবানলত পৰি ছটফটায় সময় কটাবলগীয়া সদৃশ অৱস্হা হয়। সেয়ে প্ৰচলিত শিক্ষা ব্যৱস্থাই মানৱ সম্পদ আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ সক্ষম নোহোৱা যেন অনুভৱ হয়। কিন্তু বৃত্তি মূলক শিক্ষাৰ পৰা বহু আশা কৰিব পাৰি।
কেৱল কিতাপৰ শিক্ষাই শিক্ষাৰ্থী বা ব্যক্তি এজনৰ সৃজনীশীল শক্তিক উপলুঙা কৰাই নহয়, বহু সময়ত সুন্দৰ সম্ভাৱনা নষ্ট হোৱাৰো পৰিলক্ষিত হয়। গতিকে এনে এটা শিক্ষাৰ প্ৰয়োজন যি শিক্ষাই প্ৰতিজন লোকক উৎপাদনৰ ক্ষেত্ৰত স্ব-নিৰ্ভৰ হোৱাত প্ৰত্যক্ষ প্ৰভাৱ পেলাবলৈ সক্ষম। এই সমস্যা দূৰীকৰণৰ বাবে একমাত্ৰ বিকল্প পথ হ'ল বৃত্তি মূলক শিক্ষা, এই শিক্ষা গ্ৰহণৰ জৰিয়তে নিজক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলা সম্ভৱ। মটৰ মেকানিক, ৰাজমিস্ত্ৰী , কাঠমিস্ত্ৰী, পেইণ্টাৰ ,বিউটিচিয়ান , ইলেক্ট্ৰিচিয়ান, ম'বাইল মেকানিক, কম্পিউটাৰ মেকানিক , বিভিন্ন পৰম্পৰাগত বাঁহ বেতৰ সামগ্ৰী প্ৰস্তুতকৰণ আদি জীৱনৰ অপৰিহাৰ্য বৃত্তিমূলক শিক্ষা আহৰণৰ বিষয়বস্তু। দৈনন্দিন জীৱনত এই বিষয়বস্তু বিলাকৰ প্ৰতিটোৰে গুৰুত্ব অপৰিসীম। নিৰ্দিষ্ট বিষয় এটাৰ ক্ষেত্ৰত এজন দক্ষ ব্যক্তিয়েহে বিষয়টোৰ ওপৰত উদ্ভৱ হোৱা সমস্যা সমাধানভ সফল হয়। সেয়ে এনে কাৰিকৰী শিক্ষাৰ চাহিদা বৰ্তমান যুগত অত্যন্ত বেছি।
ভাৰত চৰকাৰে ইতিমধ্যে আৰম্ভ কৰা 'কৌশল বিকাশ যোজনা'ৰ মূল লক্ষ্যও এনেধৰণৰ দক্ষতা বিকাশ সাধন কৰি প্ৰতিজন ব্যক্তিক তথা নিবনুৱা ব্যক্তিক স্ব-নিৰ্ভৰশীল কৰি গঢ়ি তুলি মানৱ সম্পদলৈ পৰিবৰ্তন কৰা। ব্যক্তি এজন যেতিয়া স্ব- উপাৰ্জনেৰে সবল হয় আৰু জাতীয় আয় বৃদ্ধিত অৰিহণা যোগায়, তেতিয়াই ব্যক্তিজন মানৱ সম্পদলৈ ৰূপান্তৰিত হয়। তাৰ অৰ্থ হ'ল কোনো এজন ব্যক্তি যদি উপাৰ্জনক্ষম নহয় তেন্তে সি মানৱ সম্পদ হ'ব নোৱাৰে। এই উপাৰ্জক্ষম হ'বৰ বাবে দক্ষতাৰ কৌশল সমুহ তথা বৃত্তি মূলক শিক্ষা আহৰণ কৰিব লাগিব। ইয়াৰ জৰিয়তে নিজক আৱিস্কাৰ কৰি নিজৰ সৃজনীমূলক বিচক্ষণতাৰে আগুৱাই নিব লাগিব জীৱনৰ প্ৰয়োজনীয়তাৰ খাতিৰত।
এখন সমাজৰ লগতে এখন দেশৰ উন্নতিৰ ক্ষেত্ৰত মানৱ সম্পদৰ বিকাশ এক এৰাব নোৱাৰা বিষয়। যিমানেই মানৱ সম্পদৰ উন্নয়ন হ'ব সিমানেই দেশ এখনে উৎপাদন কাৰ্যত সফলতা অৰ্জন কৰিব আৰু ইয়াৰ সমান্তৰালকৈ দেশৰ আয় বা ৰাষ্ট্ৰীয় আয় দ্ৰুত গতিত বৃদ্ধি পাব।উল্লেখ্য যে ৰাষ্ট্ৰীয় আয় বৃদ্ধিয়ে দেশ এখন সবল আৰু স্বাৱলম্বী হোৱাত সহায় কৰে।
মানৱ সম্পদ উন্নয়নৰ মূল চালিকাশক্তি হৈছে উপযুক্ত শিক্ষা, সুস্বাস্হ্য আৰু প্ৰশিক্ষণৰ সুব্যৱস্থা। শিক্ষা আৰু প্ৰশিক্ষণে মানুহৰ সুপ্ত চিন্তাশক্তি জাগ্ৰত কৰে, দক্ষতা বৃদ্ধি কৰে, উদ্ভাৱনী মূলক চিন্তাধাৰাৰ উন্মেষ ঘটাই আৰু সুস্বাস্হ্যই মানুহৰ কৰ্মশক্তি বৃদ্ধি কৰে। গতিকে উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণে মানৱ সম্পদ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এটা কথা সত্য যে গুণগত মানদণ্ডৰ আনুষ্ঠানিক শিক্ষা 'সম্পদ উন্নয়নৰ' প্ৰাথমিক চৰ্ত। অৰ্থাৎ শিক্ষা ব্যৱস্থা সঠিক, ফলপ্ৰসূ পৰিমাপৰ হ'লেহে মানৱ সম্পদ সৃষ্টি হোৱা সম্ভৱ হয়। ফোপোলা শিক্ষা ব্যৱস্থাৰ পৰা মানৱ সম্পদ আশা কৰাটো পৰ্বতত কাছ কণী বিচৰাৰ দৰে কথা। প্ৰবাদ আছে- " গুৰি পচা কলগছৰ পৰা ভাল কল আশা কৰাটো মিছা।" গতিকে বৃত্তিমুলক শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি যাবলৈ আনুষ্ঠানিক শিক্ষা গুণগত মানদণ্ডৰ হ'বই লাগিব। ই যি কি নহওঁক বৰ্তমান সময়ত বৃত্তি মূলক শিক্ষা আহৰণ কৰি নিজক প্ৰতিষ্ঠিত কৰি অনায়াসে জীৱন নিৰ্বাহ কৰাৰ সুযোগ আছে। পলিটেকনিক, আই টি আই কম্পিউটাৰ শিক্ষা , ম'বাইল মেকানিক আদিৰ চাহিদা বিভিন্ন উদ্যোগৰ বাবে বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ প্ৰসাৰতাও বাঢ়িছে আৰু উপাৰ্জনৰ পথ মুকলি হৈছে। নিৰ্দিষ্ট বিষয় এটাৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰি সেই দিশত সৰু-বৰ উদ্যোগ গঢ়ি ব্যৱসায় কৰি লাভৱান হ'ব পাৰে। অৰ্থাৎ কোনো চৰকাৰী চাকৰিৰ বাবে বোন্দাপৰ দিয়াৰ প্ৰয়োজন নাই। নিজৰ সৃজনীমূলক মনোভাৱৰে নিৰ্বাচিত বিষয়ৰ বৃত্তি গ্ৰহণ কৰি আৰ্থিক ভাৱে টনকিয়াল হোৱাৰ পথ প্ৰশস্ত কৰিব পাৰি।
বৃত্তিমূলক শিক্ষাই কিদৰে সহায় কৰে?
বৃত্তি মূলক শিক্ষাই মানুহৰ জীৱনৰ প্ৰতিটো পদক্ষেপতে সহায় কৰিব পাৰে।এজন কাপোৰ চিলাই কৰা দৰ্জীয়ে তেওঁৰ দক্ষতা প্ৰয়োগেৰে বিভিন্ন গ্ৰাহকৰ অভাৱ পূৰণ কৰি আৰ্থিক ভাৱে স্বনিৰ্ভৰশীল হৈ নিজৰ জীৱন সুন্দৰকৈ পৰিচালনা কৰিব পাৰে। বৰ্তমান সময়ত একেদৰে এজন ৰাজমিস্ত্ৰী মানুহৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয় সম্পদলৈ পৰ্যবসিত হৈছে। বসবাস কৰিবৰ বাবে যি বাসস্হান আমাক প্ৰয়োজন, সেয়া কেৱল এজন ৰাজমিস্ত্ৰীয়েহে তৈয়াৰ কৰি দিব পাৰে। ৰাজমিস্ত্ৰীজনৰ অভাৱে সমাজত সুন্দৰ প্ৰয়োজনীয় বাসস্হান সৃষ্টিত অসুবিধাই দেখা দিব। আনকি গ্ৰাম্য বা চহৰাঞ্চলত পকীঘৰ বনাবলৈ , মেৰামতি কৰিবলৈ মিস্ত্ৰী ( mason) বিচাৰি হায়ৰান হ'বলগীয়া পৰিস্থিতিও উদ্ভৱ হয়। গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বৃত্তি মূলক শিক্ষাই মানুহৰ জীৱনৰ প্ৰতিটো মূহুৰ্ততে , প্ৰতিটো কামতে প্ৰত্যক্ষভাৱে সহায় কৰি আহিছে।
জীৱনৰ প্ৰত্যাশা পূৰণত , দেশৰ জনমূৰি আয় বৃদ্ধিত বৃত্তি মূলক শিক্ষাৰ বিকল্প নাই।আজিৰ সমাজৰ নৱ প্ৰজন্মলৈ চালে দেখা যায় বহু উচ্চ শিক্ষিত হৈও অৱশেষত 'নিবনুৱা' বিশেষণ লৈ জীয়াই থাকিব লগা পৰিস্থিত হৈছে। আত্মনিৰ্ভৰশীল হ'ব পৰা নাই, স্বচ্ছল জীৱন ধাৰণ কৰিব সক্ষম হোৱা নাই । যাৰ ফলত নিৰাশা হতাশাৰ ব্যৰ্থতাৰ গ্লানিয়ে দেহমন আৱৰি ৰাখি হীনমন্যতাৰে অতিবাহিত কৰিব লগা হৈছে বহু শিক্ষিত যুৱকো। ইয়াৰ কেৰোণ ক'ত, আমি বিচাৰি উলিওৱাৰ সময় সমাগত। কাৰিকৰী বা বৃত্তি মূলক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ লগত সংযুক্ত হোৱা নাই। ই এটা সম্পূৰ্ণ পৃথক কেটেগৰী হিচাপে পৰিচালিত শিক্ষা। সেয়ে বহু দৰিদ্ৰ লোকে ইচ্ছা থাকিলেও আৰ্থিক দূৰৱস্থাৰ ফলত এনে শিক্ষাৰে দীক্ষিত হ'ব পৰা নাই। গতিকে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা বৃত্তি মূলক শিক্ষা ব্যৱস্থাক আনুষ্ঠানিক শিক্ষাৰ লগত সাঙুৰি লৈ দৰিদ্ৰ লোকৰ সন্তানক সোণালী সুযোগ প্ৰদান কৰিব লাগে। তেহে মানৱ সম্পদ উন্নয়ন সঠিক ভাৱে হ'ব।
সামৰণি/পৰামৰ্শ :
আমাৰ শিক্ষা ব্যৱস্থাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছতে প্ৰতিজন শিক্ষাৰ্থীৰ ফলাফলৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা চৰকাৰে বাধ্যতামূলক কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ সময় সমাগত। প্ৰথম বিভাগ, দ্বিতীয় বিভাগ আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা বৃহৎসংখ্যক শিক্ষাৰ্থীৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা সকলেহে উচ্চ শিক্ষাৰ বাবে সহজে আসনৰ বাবে নিৰ্বাচিত হয় কিন্তু তৃত্বীয় বিভাগত উত্তীৰ্ণসকল স্কুল কলেজৰ আসন সীমিত হোৱাৰ বাবে পঢ়িবলৈ সুযোগ নাপায়। যাৰফলত বৃহৎ সংখ্যক মানৱ সম্পদ অপচয় হোৱাৰ পথ সুগম হয়। এনে পৰিস্থিতিত বৃত্তি মূলক শিক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা সকলক বাধ্যতামূলক ভাৱে অধ্যয়ন কৰিবলৈ সুবিধা ৰাখিব লাগে। এনে কিছুমান শিক্ষাৰ্থী বা ব্যক্তি আছে যি আনুষ্ঠানিক শিক্ষাত কেঁচা হ'লেও আন ভিন্ন বিষয়ত মেধা আৰু পাকৈত। কথাতে কয় বোলে - 'ধানটো প্ৰতি কণটো, মানুহটোৰ প্ৰতি মনটো ।' এখন শাকৰ আঞ্জা বনাওঁতে মিল থকা শাকহে মিশ্ৰিত কৰি সিজোৱা হয়, অমিল শাক কেতিয়াও একেলগ কৰি সিজোৱা নহয়, এনে আঞ্জাৰ পৰা সুফল পাব নোৱাৰি।যেনে ঔটেঙাৰ লগত তিতা কেৰেলা সম্ভৱ নহয়। স্বাস্হ্যৰ ই ক্ষতিকাৰক। একেদৰে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰতো এনে নিয়মৰ প্ৰযোজ্য হয় বুলি ঠাৱৰ কৰিব পাৰি। কাৰণ আমি স্ব-চাক্ষুস দেখিবলৈ পাওঁ বহু মেট্ৰিকৰ দেওনা পাৰ হ'ব নোৱাৰা বা তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা ল'ৰাই ৰাজমিস্ত্ৰী , দৰ্জী , কম্পিউটাৰ মেকানিক , ম'বাইল মেকানিক আদিৰ দৰে কৰ্মত নিজকে দক্ষতাৰে নিয়োজিত কৰিছে। গতিকে বৃত্তিমূলক শিক্ষাৰ উত্তৰনেহে সঠিকভাৱে মানৱ সম্পদ উন্নয়নত সহায় কৰিব।
-----------+++++++++++------------
No comments:
Post a Comment
dudulsonowal32@gmail.com