মণিমালাৰ মনলৈ তড়িৎ গতিত কথাবোৰে পাকঘূৰণি খায় মনটোক বশ কৰি পেলাইছে। সেইদিনা আছিল শনিবাৰ।তাইৰ গৰ্ভৱতীৰ ন মহীয়া কাল । টান কাম কৰিব নোৱাৰি। বাহি কাপোৰ ধূবলৈ মানুহৰ অভাৱ । শাহু মা'ক জুলুম কৰাৰ পক্ষপাতী তাই নহয়। আনহাতে গিৰীয়েক সনাতনক ক'বই নোৱাৰি। একেবাৰে চাৎ কৰে কৈয়ে দিয়ে-' মা'ই ধুই দিব নহয়। তই ইমান চিন্তা কৰিব নালাগে দেচোন।' সাত পাছ ভাবি সেয়ে তাই ভনীয়েক ঈস্পিতাক মাতি পঠিয়ালে। তাৰপাছত ভনীয়েকে কাপোৰ কানিবোৰ ধুই দিয়া হ'ল। এনেকৈয়ে দিনবোৰ সুকলমে অতিবাহিত হ'ব ধৰিলে। ভনীয়েকে অহা দহ পোন্ধৰ দিন অতিক্ৰম কৰাৰ পাছত তাইৰ গা খালাচ হ'ল। আমাৰ মাজলৈ আহিল দ্বিতীয় সন্তান পৰিস্মৃতা । তাইৰ কলকলনিত ঘৰৰ পৰিৱেশ উদুলি-মুদুলি। তাই কেৱল কেঁচুৱাৰ লগত লাগি থাকোঁতে সময়বোৰ অতিক্ৰম হয়। ক্ৰমশঃ গিৰীয়েকেও তাইক অৱহেলা কৰা যেন অনুভৱ হ'ল। দিনবোৰ এইদৰে অতিক্ৰম হ'ল ।
ৰাতি উঠি গিৰীয়েকে সদায় ক'লৈ যায় তাই নাজানে । তাই টোপনিত লালকাল দিয়াৰ পাছত গিৰীয়েক উঠি যায়। মনিমলাৰ মনত এক অজান আকাংক্ষাই বাহ ল'ব ধৰিলে। তাই ভাবিলে -- "গাভৰু ভনীয়েক জনী আছেহি । তাইক অতি সোনকালে ঘৰলৈ পঠিয়াই দিয়া উচিত হ'ব। কোনে জানে কেতিয়া কি ঘটে। নঘটিব যে কি মানে আছে । মই দেখিছোঁ নহয় সিদিনা ভিনীহিয়েকৰ লগত কিদৰে ঠেলাঠেলি লাগিছে,যেন মতা-মাইকিহে হ'ল। সেইদিনাৰ পৰাই মোৰ মনত সংশয়ৰ অনামি ভাৱ এটাই মনত দোলা দি আছে। ৰাতি গিৰীয়েকে কলৈ যায়,কিয় যায় ? ঈস্পিতাৰ লগত হলিগলি হোৱা নাইতো! " অজানিতে তাইৰ মূৰটো আচন্দ্ৰাই কৰিব ধৰিলে। আজি তাই গিৰীয়েকক পিছা কৰিব। কথামতে কাম।
পিছদিনা মনিমালাই টোপনি যোৱাৰ ভাও জুৰি শুই পৰিল। ৰাতি গিৰীয়েকে লাহেকৈ উঠি যাবলৈ ধৰিলে। তাইয়ো হাতত সাৰে ভৰিত সাৰে পতিৰ পিছ ল'লে। গিৰীয়েকে ভনীয়েকৰ কোঠাৰ ফালে অগ্ৰসৰ হোৱা দেখি তাইৰ বুকুখন ধপ ধপ কৰিব ধৰিলে। দুৱাৰত সৰু টোকৰ এটা মাৰা লগে লগে ভনীয়েকে দুৱাৰ খুলি দিলে। আৰু তাই তৎক্ষণাৎ গৈ ...... জোৰেৰে দুৱাৰ খন খুলি দিয়াৰ মাত্ৰকে ভিনীহিয়েক খুলশালীয়েকক অসংযত ৰপত দেখা পাই মনিমালা ঠাইতে জঁঠৰ হৈ পৰিল। কান্দি কান্দি বাউলী হৈ তাই ভনীয়েকক চৰিয়ালে আৰু গিৰীয়েকৰ লগতো কাজিয়া লাগিল। শাহুয়েক শহুৰেকে বহু বুজালে । কিন্তু কি কৰিম । যি ভনীয়েকক তাই ইমান মৰম কৰিছিল,সেই ভনীয়েকে আজি তাইক প্ৰৱঞ্চিত কৰিলে ,আনৰ পতিক কাঢ়ি ল'ব পাৰিলে, মনিমালাই কিদৰে তাইৰ দৰে এজনীক ক্ষমা কৰিব পাৰে। আনহাতে গিৰীয়েককে বা কোন স'তে ক্ষমা কৰি দিব । সি কেইদিনমানৰ বাবে ধৈৰ্য্য ধৰিব নোৱাৰিল হেঁতেন নে ? পুৰুষ কি ইমান ধৈৰ্য্যহীন, দমনহীন ? নাই নহ'ব। তাই আৰু কোনো দিন গিৰীয়েকৰ লগত নথকাৰ বাবে চৰম সিদ্ধান্ত লৈ পেলালে। তাই ঘৰলৈ যাবগৈ এৰি যাব সকলো।
যি মানুহৰ বিবেক আছে , সেই মানুহে কেতিয়াও অন্যায় ভাৱে আনৰ তলতীয়া হ'ব নিবিচাৰে। মনিমালাৰো সেয়ে হ'ল । তাই গিৰীয়েকৰ এই দোষ ,কোনো কালে ক্ষমা কৰিব নোৱাৰে । গতিকে তাই মাক দেউতাকৰ সৈতে শেষ নিশ্বাস ত্যাগ কৰিব । এয়া তাইৰ শেষ মত। সেই কালৰাত্ৰিৰ পৰাই তাই সেই ঘৰৰ মায়া মোহ ত্যাগ কৰি আহি ভাৰতীয় আৰ্মিত যোগদান কৰিছিল। আজি তাই নিষ্কণ্টক। নিৰজঞ্জাল জীৱন যাপন কৰি দেশমাতৃৰ সেৱাত নিজকে উচৰ্গা কৰিছে।
এতিয়া সংসাৰৰ বান্ধোনৰ পৰা তাই মুক্ত । সংসাৰৰ মায়া মোহৰ প্ৰতি তাইৰ কোনো আসক্তি নাই। হঠাৎ কলিংবেলটো বাজি উঠাত তাইৰ ভাৱত যতি পৰিল। মনৰ বেদনা মিশ্ৰিত ভাৱবোৰ আঁতৰাই মণিমালাই এখোজ দুখোজ কৰি দুৱাৰ খনৰ ফালে অগ্ৰসৰ হ'ল।
-----------++++++++++++++----------
good
ReplyDelete