ক'ভিড-১৯ হ'ল চীনৰ ৱাহান চহৰত উৎপন্ন হোৱা এবিধ সক্ৰামক ৰোগ। ই ইমান ভয়াবহ যে সংক্ৰমণৰ কিছু দিনৰ পিছতেই মানুহজন মৃত্যুমুখী হ'ব পাৰে। ৰোগ বিধৰ কোনো ঔষধ পাতি এই পৰ্যন্ত আৱিষ্কাৰ হোৱা নাই । পৰিষ্কাৰ পৰিচ্ছন্নতা , সচেতনতা, সাৱধানতা আদিয়েই ইয়াৰ বৰ্তমানৰ মহৌষধ।
আনহাতে , কোনো এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ মৌলিক ব্যৱস্থা সমূহৰ ভিতৰত ৰাস্তা,ঘাট,দলং, গৃহ, যাতায়াত , যোগাযোগ, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয় , বিদ্যালয়। , অনাময় , বিজুলী যোগান , টেলিফোন, আদিয়েই প্ৰধান।এই ব্যৱস্থা সমূহে উৎপাদন বৃদ্ধিত সহায় কৰে। উৎপাদন বৃদ্ধি মানে আয় বৃদ্ধি হোৱা। বৰ্ধিত আয় অৰ্থনৈতিক উন্নয়নৰ মাপকাঠি। ওপৰত উল্লেখিত ব্যৱস্থা সমূহৰ সুফল সৰ্বস্তৰৰ মানুহে ভোগ কৰিব পাৰিলেহে দেশৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হ'ব পাৰে। অৰ্থাৎ সমাজখনৰ উন্নয়ন হ'বলৈ হ'লে উল্লেখিত ব্যৱস্থা সমূহৰ উন্নয়ন ঘটিব লাগিব। সংক্ষেপে এই অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক উন্নয়নক আৰ্থসামাজিক উন্নয়ন বোলা হয়।
আৰ্থসামাজিক উন্নয়নৰ বাবে চৰকাৰে বহু গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰে। কিন্তু কৰণা ভাইৰাছ মহামাৰী ৰোগৰ কাৰণত যি লকডাউন ঘোষিত হৈছে তাৰ ফলত এই আচঁনিসমূহ আৰু কাৰ্যসূচী সময়মতে সুচাৰুৰূপে ৰূপায়ন কৰাত ব্যাঘাত জন্মিব । ফলত আৰ্থসামাজিক উন্নয়নত প্ৰত্যক্ষ প্ৰভাৱ পৰিব। তলত বৰ্ণনা আগবঢ়োৱা হ'ল। --
বৰ্ণনা : কৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰাৰম্ভিক প্ৰচেষ্টা হিচাপে চৰকাৰে "লকডাউন" অৰ্থাৎ তলাবন্ধৰ ঘোষণা কৰিছে। নিশ্চয় এয়া সময়ৰ আহ্বান । এই মাৰাত্মক ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ কোনো পৃথক ব্যৱস্থা নাই। সেয়ে চৰকাৰে এনে নিৰ্দেশনা জাৰিকৰণৰ বাবে বাধ্য হৈ পৰিছে। বিভিন্ন উৎসৰ সমীক্ষাৰ পৰা বুজা যায় যে বিশ্বৰ বহু ধনী দেশসমূহৰ লাখ লাখ মানুহ এই ৰোগৰ আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি ল'ব লগা হৈছে। অতি ভয়াৱহতাৰ প্ৰতি লক্ষৰাখি সমগ্ৰ বিশ্বৰ প্ৰতি খন ৰাষ্ট্ৰই নিজ দেশ তলাবন্ধ কৰি ৰাখিবলৈ একপ্ৰকাৰ বাধ্য । আমাৰ দেশ ভাৰতো ইয়াৰ বিপৰীত নহয় । গতিকে তলাবন্ধ ঘোষণা কৰিবলৈ বাধ্য হৈছে। একেদৰে প্ৰতিখন ৰাজ্য চৰকাৰেও নিজাববীয়া সিদ্ধান্তৰে কভিড-১৯ ৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তলাবন্ধ কৰি ৰাখিছে।
দেশবা ৰাজ্যত তলাবন্ধৰ ফলত চৰকাৰে কোনো ধৰণৰ উন্নয়ন মুলক কাম ক্ষিপ্ৰতাৰে সঠিকভাৱে কৰিৰ পৰা নাই। ৰাস্তা, ঘাট, দলং, মথাউৰি নিৰ্মাণ আদি জৰুৰী সেৱাৰ ক্ষেত্ৰত স্হবিৰতা আহি পৰিছে।কৃষিখণ্ডৰ পৰিকাঠামো তচনচ হৈ পৰাৰ আশংকা কৰা হৈছে । যদি এয়ে হয় তেন্তে কৃষিখণ্ডৰ উন্নয়নত ব্যাঘাত জন্মিব।
দোকান পোহাৰ, চিনেমাহল, জিম, বজাৰ, বিভিন্ন সামগ্ৰীৰ দোকান, গ্ৰ'চাৰী আদি বন্ধৰ ফলত ইয়াৰ সৈতে জড়িত ব্যক্তিসকলৰ আৰ্থিক অনাটনে দেখা দিব। যাৰ ফলত চৰকাৰে ইয়াৰ পৰা কোনো কৰ আদায় নাপাব বা পোৱাত অসুবিধা হ'ব। এনেদৰে কৰ হেৰুৱাৰ ফলশ্ৰুতিত চৰকাৰ দেউলীয়াৰ দিশত গতি কৰাৰ সম্ভাৱনা আছে। আনহাতে জনসাধাৰণে কোনো ধৰণৰ উৎপাদনমুখী কামত নিয়োজিত হ'ব নোৱাৰাৰ বাবে বাৰ্ষিক আয় হ্ৰাস পাব আৰু দৰিদ্ৰ লোকসকল অতি দৰিদ্ৰ অৱস্হা লৈ গতি কৰিব।
দেশত 'তলাবন্ধ'ৰ ফলত বিশেষকৈ উদ্যোগিক উন্নয়নত মন্হৰতা আহি পৰিব যাৰ ফলত ইয়াৰ সৈতে সম্পৰ্কিত বহু লোক আৰ্থিক অভাৱত পৰিব ফলত আৰ্থসামাজিক উন্নয়নত প্ৰত্যক্ষ প্ৰভাৱ পৰিব। বিভিন্ন উদ্যোগৰ ভিতৰত- ছবি উদ্যোগ, আমোদ প্ৰমোদ উদ্যোগ, মানুহৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ উদ্যোগ আদি বন্ধ হৈ পৰাৰ লগে লগে দেশৰ হাজাৰ হাজাৰ জনতা কৰ্মহীন,উপাৰ্জনহীন হৈ দৰিদ্ৰতাৰ কবলত পৰাৰ সম্ভাৱনাই গা কৰি উঠাৰ পৰিলক্ষিত হৈছে।
কৃষিখণ্ডত প্ৰভাৱ : কৃষিক্ষেত্ৰত কভিড+ৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব ঠাৱৰ কৰিব পাৰি। কৃষিকাৰ্যৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীৰ অভাৱে দেখা দিয়াৰ ফলত কৃষকৰ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। ট্ৰেক্টৰ , ট্ৰেক্টৰ মেৰামতিৰ মেকানিক, বিভিন্ন পাৰ্টচ , আহিলা পাতি, কৃষিকৰ্মত ব্যৱহৃত ৰাসায়নিক সাৰ, কেঁচুসাৰ আদিৰ বজাৰত নাটনিয়ে দেখা দিয়াত কৃষকৰ সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি হ'ব। ফলস্বৰূপে কৃষিখণ্ডত উৎপাদনৰ গ্ৰাফ অৱনমিত হ'ব। উৎপাদন বৃদ্ধি হ'লেহে আয় বৃদ্ধি হয়। ফলশ্ৰুতিত আৰ্থসামাজিক উন্নয়নত ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিব। দেশৰ বৃহৎ সংখ্যক লোকৰ আয় বৃদ্ধি নহ'লে দেশৰ জনমূৰি আয় বেয়াকৈ হ্ৰাস পাব ।যাৰ ফলত দেশ দেউলীয়া দিশেৰে গতি কৰাৰ সম্ভাৱনা আছে।
শিক্ষাখণ্ডত প্ৰভাৱ : কৰণা ভাইৰাছৰ প্ৰভাৱ শিক্ষাখণ্ডত অতি বেছিকৈ পৰিছে। মহামাৰী কৰণা ভাইৰাছ উদ্ভৱ হোৱা লগে লগে স্কুল, কলেজ, বিভিন্ন কাৰীকৰী শিক্ষালয় বন্ধ কৰি দিয়া হৈছে যাৰ ফলত ছাত্ৰ-ছাত্ৰী সকল বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব। কণ কণ ছাত্ৰ-ছাত্ৰী সকল শিক্ষানুষ্ঠানৰ পৰা নিলগত থাকিব লগা হোৱাৰ বাবে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হ'ব । আনকি কিতাপৰ লগত থকা প্ৰগাঢ় সম্পৰ্ক শিথিল হৈ পৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।
কভিড-১৯ ৰ কু-প্ৰভাৱ: কিদৰে কৰণা ভাইৰাছৰ কুপ্ৰভাৱ আৰ্থসামাজিক উন্নয়নত পৰিছে তাৰ কেইটামান স্নেপশ্বট উল্লেখ কৰা হ'ল। --
সাধাৰণ মানুহৰ জীৱন জীৱিকালৈ বিপৰ্যয় -
১/ .....জ্যোতিৰ্বণ বৰা চন্দ্ৰপুৰৰ এজন উদীয়মান ফটোগ্ৰাফাৰ।তাতিমাৰা নিজৰাপাৰৰ বাসিন্দা। জ্যোতিৰ্বণে কেমেৰা,প্ৰিণ্টাৰ, জেৰক্স মেচিনৰ সহায়ত ব্যৱসায় কৰে। ভাল উপাৰ্জন কৰে। কিন্তু কৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দিয়া লকডাউনৰ ফলত বিয়া সবাহ বা অন্যান্য ৰাজহুৱা অনুষ্ঠানত ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফীৰ কাম বন্ধ হৈ পৰাত জীৱিকাৰ পথ ৰুদ্ধ হৈ পৰিছে। যাৰ ফলত দু-এপইচা উপাৰ্জনত অসুবিধাই দেখা দিছে। গতিকে পৰিয়ালৰ ভৰণ পোষণত না-জল না-থল অৱস্হা হৈছে। .... উৎস, দৈনিক অসম ।
2/ ..... চন্দ্ৰ পুৰৰ পুতুল দাস পেছাত এজন দৰ্জী। এটা চিলাই মেচিনৰ ওপৰত নিৰ্ভৰ কৰি জীৱন সংগ্ৰাম চলাই যোৱা পুতুল দাসৰ জীৱিকা লৈ বিপৰ্যয় কঢ়িয়াই আনিছে কভিড-১৯ মহামাৰীয়ে ।কভিডৰ পৰিপ্ৰেক্ষিতত উপাৰ্জন বিহীন হৈ পৰা গ্ৰাম্যাঞ্চলৰ গ্ৰাহকৰ সম্প্ৰতি কাপোৰৰ প্ৰতি আকৰ্ষণ নাই। গ্ৰাহকৰ অভাৱত পুতুল দাসৰ ব্যৱসায় একপ্ৰকাৰে বন্ধ হৈ পৰিছে। ফলস্বৰূপে পৰিয়ালৰ ভৰণ পোষণত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে।... উৎস, দৈনিক অসম।
উল্লেখিত স্নেপশ্বটৰ উপৰিও কেইটামান কু-প্ৰভাৱ এনেধৰণৰ হ'ব পাৰে--- * লকডাউনৰ গইনা লৈ সুযোগ বুজি অসাধু ব্যৱসায়ীৰ লুট । * বজাৰত অভাৱনীয় হাৰত সামগ্ৰীৰ মূল্যবৃদ্ধি । * দুখীয়াৰ হাহাকাৰ সৃষ্টি হ'ব। * বিভিন্ন পণ্যদ্ৰব্যৰ মূল্যবৃদ্ধি হ'ব।
সু-প্ৰভাৱ : ক'ভিড+ ৰ ফলত কেইবাটাও দিশত সু-প্ৰভাৱ পৰাও পৰিলক্ষিত হৈছে।
১/ মানুহৰ স্বাস্থ্যৰ দিশত সুপ্ৰভাৱ পৰিছে। নিতৌ গৰম পানী সেৱনৰ ফলত অন্য আনুষঙ্গিক ৰোগসমূহে আক্ৰমণ কৰিব নোৱাৰাত কিছু হ'লেও বতৰৰ ৰোগৰ পৰা মানুহে পৰিত্ৰাণ পাব পাৰিছে।
২/ নিতৌ গাড়ী-মটৰ , কল-কাৰখানা বন্ধৰ ফলত কাৰ্বন-ডাই-অক্সাইড গেছ নিৰ্গমনৰ হ্ৰাস পাইছে। যাৰফলত গোলকীয় উষ্ণতা কিছু পৰিমাণে হ্ৰাস হোৱাৰ লগতে বায়ূ প্ৰদূষণ ৰোধ হ'ব বুলি ঠাৱৰ কৰিব পাৰি।
৩/ ৰাস্তা,ঘাট, দলং, ৰাজহুৱা আস্হান , বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ চৌহদ আদিত প্লাষ্টিক মুক্ত হোৱাৰ সম্ভাৱনা আছে।
৪/ অনলাইন শিক্ষাৰ জনপ্ৰিয়তা বৃদ্ধি পাব।
৫/ অনলাইন ব্যৱসায় প্ৰচলন বৃদ্ধি পাব । তাৰ ফলত বিভিন্ন ব্ৰেণ্ডৰ কম্পিউটাৰ, মোবাইল ফোন আদি অনলাইন আহিলাসমূহৰ চাহিদা বৃদ্ধি পাব আৰু ব্যৱসায়িক দিশত বৃহৎ সংখ্যক লোক লাভৱান হব।
৬/ কম্পিউটাৰ শিক্ষাৰ চাহিদা বাঢ়িব।
ওপৰোক্ত আলোচনাৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰো যে ক'ভিড-১৯ ৰ ফলত আমাৰ দেশৰ সৰ্বস্তৰতে আৰ্থসামাজিক উন্নয়নৰ দিশত কু-প্ৰভাৱ প্ৰভাৱ পৰিব। বিভিন্ন বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ বন্ধৰ ফলত সমগ্ৰ দেশতে অৰ্থনৈতিক ভাৱে সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব। বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানসমূহে দেশৰ সামগ্ৰিক উন্নয়ন প্ৰক্ৰিয়াক খৰতকীয়া কৰাত আগভাগ লয়। এই সমূহ বন্ধৰ লগে লগে কোনো আয়ৰ সুফল নেদেখাৰ ফলত অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আৰ্থিক ভাৱে জুৰুলা হ'ব আৰু চৰকাৰক কৰ আদায় দিব নোৱাৰিব তেতিয়া চৰকাৰৰ ৰাজভঁৰাল শোচনীয় হৈ পৰিব ,যাৰ বাবে চৰকাৰৰ উন্নয়নমূলক কাম-কাজসমূহত প্ৰত্যক্ষ প্ৰভাৱ পৰিব বুলি ক'ব পাৰি।
'তলাবন্ধ'ৰ ফলত এই অনুষ্ঠান প্ৰতিষ্ঠানসমূহত গ্ৰাহকৰ হ্ৰাস পাব। গ্ৰাহকৰ অবিহনে কোনো অনুষ্ঠান প্ৰতিষ্ঠান চলিব নোৱাৰে।যেনে- বেংক, উত্তৰ পূব বিত্তীয় নিগম,ডাকঘৰ, ভাৰতীয় জীৱন বীমা নিগম ,চৰকাৰী পৰিবহণ ব্যৱস্থা আদিত প্ৰভাৱ পৰাৰ সম্ভাৱনা অধিক।
গ্ৰামাঞ্চল বা চহৰাঞ্চলৰ আত্ম সহায়ক গোট সমূহৰ বিভিন্ন কাৰ্যত অচলাৱস্হাৰ সৃষ্টি হ'ব পাৰে। ফলস্বৰূপে উপাৰ্জনৰ পথত শিথিলতা আহি পৰাৰ বাবে বেংকক সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰিব। ইয়াৰ বাবে বিত্তীয় প্ৰতিষ্ঠান সমূহ বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হোৱা সম্ভাৱনা উদয় হ'ব।
গতিকে এই জটিল সন্ধিক্ষণত আমি সকলোৱে ক'ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিব লাগিব। সাৱধানতা, সচেতনতা অৱলম্বন কৰি গণ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰয়াস কৰাৰ লগতে চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা সমূহ সঠিকমতে পালন কৰি সমাজৰ উন্নয়নত অৰিহণা আগবঢ়াব লাগিব। তেতিয়াহে আৰ্থসামাজিক উন্নয়ন সম্ভৱ হৈ ৰ'ব ।
----------+++++++++--------+++++++------------
No comments:
Post a Comment
dudulsonowal32@gmail.com