বিয়াৰ ঠিক ডেৰ বছৰৰ পিছত আমাৰ প্ৰথম সন্তান স্বৰূপে আহিছিল ৰপম ।ল'ৰা সন্তানৰ বাবে ঘৰৰ সকলোৱে আশা কৰিছিল আৰু শেষত সেই আশা পূৰণ হ'ল । দ্বিতীয় সন্তান কন্যা । তিনি বছৰৰ বিৰতিত দ্বিতীয় সন্তান ৰূপালীৰ জন্ম হৈছিল। তাৰপিছত হাঁহি ধেমালিৰ সংমিশ্ৰণেৰে আমাৰ সংসাৰ খন আগবাঢ়ি গৈছিল। অভাৱ অনাটন নথকা নহয়। দুই এটা কথা কটাকটি হ'লেও সংসাৰখন সুখেৰে অতিবাহিত হৈছিল। আমাৰ ঘৰটো পথৰ দাঁতিত হোৱাৰ বাবে মানুহজনে সৰুকৈ এখন বিস্কুটৰ দোকান বহাইছিল। তাৰপৰা আয় হোৱা টকাৰে যেনতেন জোৰা টাপলি মাৰি সংসাৰ খন চলোৱা হৈছিল। তাৰপাছত কি জানো হ'ল হঠাৎ মানুহ জন ওচৰৰে এজনৰ লগত চেন্নাই লৈ যাবলৈ সাজু হ'ল। বহু বাধা দিয়ো মনাব নোৱাৰিলোঁ। চেন্নাইত কাম কৰি লগৰ জনৰ ঘৰ হেনো পকা কৰিলে গতিকে সিও চেন্নাই লৈ গৈ সঠিকমতে উপাৰ্জন কৰি ঘৰখন পকা কৰিহে এৰিব। বহু আশা বুকুত বান্ধি এইদৰে সি চেন্নাই পালেগৈ । যোৱা সময়ত সি কেনেকৈ আলফুলে তাইক সাৱতি ধৰিছিল। মই কৈছিলো- " চাওঁ এৰি দিয়ক ,মা'য়ে দেখিব এতিয়া।" সি উপায়হীন হৈ এৰি দিছিল। মই বাৰু এইবোৰ কেনেকৈ পাহৰিম !
: "ভালদৰে সাৱধানে থাকিব তাত । অচিন ঠাই। সদায় ফোন কৰিব।" -- এইদৰে তাই মনৰ মানুহজনক দঢ়াই দঢ়াই কৈছিল।
লৈছিল। মানুহজনে সদায় তাইৰ পৰা ঘৰৰ খবৰ-খাটি লৈছিল। মাহেকে পষেকে টকাও পঠিয়াইছিল। গতিকে ঘৰ চলাবলৈ কোনো অসুবিধাৰ সন্মুখীন হোৱা নাছিল তাইৰ। এইদৰে চলি গৈছিল গতানুগতিকতাৰে আমাৰ সৰু সংসাৰ খন। কিন্তু নিয়তিৰ হয়তো আমাৰ এই সুখ সহ্য নহ'ল । সেয়েহে কালধুমুহা হৈ আহিল নিয়তি আমাৰ মাজলৈ সকলোৰে অজানিতে। ........
... বিশ্বত কৰনা'ই সংসাৰী ৰূপ ধাৰণ কৰিছে। ভাৰততো ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিল । চেন্নাই, বাংগালোৰ, দিল্লী , মুম্বাই ক'তো যেন বাদ পৰা নাই। তেনে সময়তে অসমতো ওলালে কৰনা আক্ৰান্ত লোক । ইহঁতৰ সকলোৱে বোলে 'তবলিঘি জামাত'ত অংশগ্ৰহণ কৰিছিল। এনে সময়তে মানুহ জন ঘৰলৈ ফিৰি অহাৰ বাবে ফোন কৰিছিল। কিন্তু অসম চৰকাৰৰ নিৰ্দেশমতে ফিৰি আহিলে হেনো কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক। আমি সকলোৱে ভয় আৰু সন্ত্ৰসিত হৈছিলো। এহ যি হয় হ'ব বুলি ভাবি আহিবলৈ কৈ দিছিলো । কথা এষাৰি আছে- 'ৰাখে হৰি মাৰে কোনে ।' আনহাতে বিধিৰ লিখন নহয় খণ্ডন। গতিকে তেখেতৰ লগতে কেইবাজনো লোকে নিজ ঘৰৰ অভিমুখী যাত্ৰী হ'ল। .....
চৌধ্য দিনৰ অন্তত সি কৰনা আক্ৰান্ত ৰোগী বুলি খবৰ হৈ আহিল। মোৰ মূৰতে সৰগ ভাগি পৰা যেন লাগিল । গুৱাহাটীৰ মেডিকেল কলেজত অৰ্থাত কভিড-১৯ চেণ্টাৰত তেওঁক ৰখা হৈছে। এদিন সকলোৱে চাবলৈ গ'লো । দূৰৰ পৰাই মাতবোল কৰিলো । ওচৰলৈ যাবলৈ নিদিলে । কৰ্তৃপক্ষৰ কাঢ়া নিৰ্দেশ। কান্দি কান্দি বাউলী হৈ দুদিন থাকি ঘৰলৈ ঘূৰি আহিলো। আপোনজনে আপোনজনক স্পৰ্শ কৰিবও নোপোৱাটো কিমান বেদনাদায়ক সেই কথা কোনে বুজিব। তাৰপাছত ..... প্ৰায় এমাহ মান থাকি সি আমাক এৰি গুচি গ'ল ইহ সংসাৰৰ মায়া -মোহ ত্যাগ কৰি। কি মৰ্মান্তিক খবৰ ! কি দুখজনক সময় ! বুকু ঢকিয়াই কান্দি কান্দি বাউলী হৈছিলো । শাহুমায়ে বুজাইছিল। জন্মদাত্ৰী মাতৃয়ে বুজায়ছিল -"এতিয়া কন্দা কতা খন কৰিলে নচলিব । কোলাত দুটা পেন্দুকনা আছে । যি হ'ব লগা আছিল হ'ল । হোৱাটোক নোহোৱা কৰিব নোৱাৰি। গতিকে নিজক চম্ভালি আগুৱাই যাব লাগিব। "
মাকৰ নিৰ্দেশ অনুসৰি তাই বগা সাঁজ পিন্ধিলে। মানুহজনৰ সকাম নিকাম ভায়েকে আহি সমাধা কৰিলে। তাৰপাছত .... এইয়া আজি তাৰ বছেৰেকীয়াৰ বাবে বজাৰ সমাৰ কৰিবৰ বাবে বজাৰলৈ যাবলৈ সাজু হৈছে তাই । অহা পৰহিলৈ তেখেতৰ বছেৰেকীয়া। থূলমুল কৈ নিয়মটো কৰিবৰ বাবে সি যা-যোগাৰ কৰিছে। হে প্ৰভু ! তেখেতক যেন বৈকুণ্ঠত কুশলে ৰাখে । .... হঠাৎ তাইৰ মুখেৰে কাকূতিমূলক উক্তি ফাঁকি ওলাই আহিল। তাই খিৰিকীৰে দূৰলৈ চাই পঠিয়ালে । দূৰ দিগন্তত যেন দুচপৰা বগা ডাঁৱৰে সাবতা সাবতি কৰি মৰম বিনিময় কৰিছে ।
বেদনা গধূৰ মনটোক সামৰি-সতুৰি তাই বজাৰলৈ অট'ৰে ৰাওনা হ'ল।
----------+++++++++---------
বি.দ্ৰ. - গল্প টো সম্পূৰ্ণ কাল্পনিক। অজানিতে কাৰোবাৰ লগত মিলি গ'লে লেখক দায়ি নহয়।
Wonderfull
ReplyDeleteWonderfull
ReplyDeleteWonderfull
ReplyDeletethis blog___Wonderfull
ReplyDeleteThis blog__wonderfull
ReplyDeletewonderfull
ReplyDeleteWonderful
ReplyDeletewonderfull
ReplyDeletewonderfull
ReplyDeleteb wonderfull i
ReplyDeleteB WonderfullB
ReplyDeleteB WonderfullB
ReplyDelete