মনোবিজ্ঞানী পিটাৰ চেন্দিফোৰ্ডৰ মতে বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানত সাধাৰন মনোবিজ্ঞানৰ সত্য, সূত্ৰ, আৰু তত্ত্ব আদি নীতিসমূহৰ প্ৰয়োগেই হ'ল শিক্ষা মনোবিজ্ঞান | ( Educational psychology is nothing more less than the application of psychological principles to the problems of school room.) পৰৱৰ্তী কালত স্কিনাৰ, ষ্টিফেনচ , পিল, ক্ৰ আৰু ক্ৰ আদি মনোবিজ্ঞানী সকলে শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা বিভিন্ন ধৰণে আগবঢ়াইছে যদিও তেওঁলোকৰ সকলোৰে মতত শিক্ষাৰ প্ৰকৃতি , ব্যক্তিত্বৰ বিকাশ ,ব্যক্তিৰ বিভিন্নতা আৰু সমাজৰ স'তে সম্পৰ্ক ৰক্ষা কৰি ব্যক্তিৰ বিষয়ে অধ্যয়ন কৰা আদিয়েই প্ৰতিফলিত হৈছে | সকলো দাৰ্শনিকৰ মতাদৰ্শৰ ওপৰত নিৰ্ভৰ কৰি সাৰ্বিকভাৱে কব পাৰি যে শিক্ষা মনোবিজ্ঞান হ'ল প্ৰায়োগিক মনোবিজ্ঞানৰ এনে এক শাখা য'ত শিক্ষা সম্বন্ধীয় সকলো মানৱ আচৰণ আৰু শিক্ষণ-শিকণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো মানসিক দিশ অধ্যয়ন কৰে |
প্ৰাথমিক শিক্ষকে কিয় মনোবিজ্ঞান অধ্যয়ন কৰা প্ৰয়োজন :
১. জন আদাম নামৰ শিক্ষাবিদজনৰ মতে শিক্ষক সকলে শিক্ষাৰ মনোবিজ্ঞান অধ্যয়ন কৰাটো অতি আৱশ্যক | তেখেতৰ মতে, " শিক্ষণ নামৰ ক্ৰিয়া পদটোৱে দুটা বিষয় সাঙুৰি লয় - এটা হ'ল ব্যক্তিজন আৰু আনটো হ'ল বিষয়টো, শিক্ষকে 'জন' নামৰ ল'ৰাজনক লেটিন ভাষা শিকায় , শিক্ষকে লেটিন ভাষা জনাৰ লগতে 'জন'কো জনা উচিত |" সংজ্ঞাটোৰ পৰা বুজা যায় যে প্ৰতিজন শিক্ষকৰ পঠনীয় বিষয়বস্তুৰ জ্ঞান থকাৰ উপৰিও শিক্ষাৰ্থীৰ মানসিকতা সম্বন্ধেও জ্ঞানৰ প্ৰয়োজন যাতে তেওঁলোকৰ ৰুচি-অভিৰুচি , ক্ৰিয়া-প্ৰতিক্ৰিয়া তথা পঢ়াৰ ধাউতি সম্পৰ্কে স্পষ্টকৈ বুজিব পাৰি |
২. শিশু সম্বন্ধে জ্ঞান অৰ্জনৰ অৰ্থে শিক্ষা মনোবিজ্ঞান অধ্যয়ন অতি জৰুৰী | শিশুৰ অন্তনিৰ্হিত সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰি শুদ্ধ পথেৰে পৰিচালনা কৰিবলৈ আৰু এই উদ্দেশ্যত উপনীত হ'বলৈ শিক্ষাৰ্থীৰ মানসিকতা আৰু ইয়াৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিভিন্ন কাৰকবিলাকৰ সম্বন্ধে শিক্ষকৰ জ্ঞান থকা একান্তই প্ৰয়োজন | এই ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নে শিক্ষকক যথেষ্ট সহায় আগবঢ়াব |
৩. শিশুসকল স্বভাৱগত দিশত পৃথক | আনকি যঁজা শিশুহঁতৰ মাজতো পাৰ্থক্য পৰিলক্ষিত হয় | শাৰীৰিক , মানসিক, আৱেগিক বৈশিষ্ট্যৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ল'ৰা-ছোৱালীৰ মাজৰ পাৰ্থক্য শিক্ষকে অনুধাৱন কৰিব পাৰিব লাগিব | তদুপৰি শিকণ ক্ষমতাৰ ক্ষেত্ৰতো পাৰ্থক্য থাকে | কিছুমান শিশু আছে অতি তীক্ষ্ণ বুদ্ধিৰ , ক্ষিপ্ৰ গতিৰে তেঁওলোকে শিক্ষণ প্ৰক্ৰিয়াত আগবাঢ়ি যায় | অন্যহাতে আন কিছুমান শিশু আছে বুদ্ধিত সমূলি কেঁচা আৰু শিকনত সেয়ে অনগ্ৰসৰ হৈ ৰৈ যায় | গতিকে প্ৰাথমিক শিক্ষক এজনে বিভিন্ন ধৰণৰ ব্যক্তি পাৰ্থক্যৰ শিক্ষাৰ্থীসকলক চিনাক্তকৰণ কৰি উপযুক্ত শিক্ষা প্ৰদান কৰি আগুৱাই নিবলৈ শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ আৱশ্যকতা অনস্বীকাৰ্য |
৪.শিশুৰ বিকাশৰ বৈশিষ্ট্যসমূহৰ বিষয়ে বিতংকৈ জনাৰ প্ৰয়োজন আছে | জন্মৰ পৰা মৃত্যুলৈ এজন ব্যক্তিয়ে বিকাশৰ চাৰিটা স্তৰ যেনে- শৈশৱকাল, বাল্যকাল, কৈশোৰ কাল আৰু প্ৰাপ্তবয়স্ক কাল অতিক্ৰম কৰে | এই বিকাশৰ বিভিন্ন স্তৰৰ নিজস্ব বৈশিষ্ট্য আছে আৰু ইয়াৰ বিষয়ে জানিবলৈ হ'লে শিক্ষকে শিক্ষা মনোবিজ্ঞান অধ্যয়ণ কৰিব লাগিব | ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ শাৰীৰিক, মানসিক, আৱেগিক বৈশিষ্ট্যসমূহে তেওঁলোকৰ শিকণ-শিক্ষণ প্ৰক্ৰিয়াত কেনেধৰণৰ প্ৰভাৱ পেলাই সেই সম্বন্ধে জ্ঞান অৰ্জন কৰি ছাত্ৰ-ছাত্ৰীৰ বয়স অনুপাতে শিক্ষকে গুণগত শিক্ষা প্ৰদান কৰিব পাৰে |
৫. শিশুৰ মানসিক স্বাস্হ্য সম্বন্ধেও জ্ঞান আহৰণৰ প্ৰয়োজন আছে | মানসিক স্বাস্হ্যই শিক্ষণ প্ৰক্ৰিয়াত সদায়েই প্ৰভাৱ পেলাই আহিছে | ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্হ্য, মানসিক ৰোগৰ কাৰণ সমূহ জনাৰ দৰকাৰ আছে ,শিক্ষকজনৰ এই সম্বন্ধে জ্ঞান থাকিলেহে ছাত্ৰ-ছাত্ৰীক সুচাৰুৰূপে সুশিক্ষা প্ৰদান কৰিব পাৰিব |
৬. মনোবিজ্ঞানে শিক্ষণৰ বিভিন্ন দিশ যেনে- শিক্ষণৰ স্বৰূপ , শিক্ষণৰ নীতি , ভিন্ ভিন্ বয়সৰ শিক্ষাৰ্থীৰ বাবে ভিন্ন শিক্ষণ পদ্ধতি অৱলম্বন আদিৰ বিষয়ে আলোচনা কৰে | শিক্ষণ প্ৰক্ৰিয়া সঠিক হবলৈ উল্লেখিত বিষয়সমূহৰ ওপৰত শিক্ষকজনৰ গভীৰ জ্ঞান থকাটো বাণ্চনীয় তেতিয়াহে শিক্ষণ প্ৰক্ৰিয়া ফলপ্ৰসু হব |
৭.শ্ৰেণী পৰিৱেশ সুস্হ হ'লেহে শ্ৰেণীত শিক্ষাদান প্ৰক্ৰিয়া ফলপ্ৰসু হয় | সেয়ে শিক্ষকজন এই সম্পৰ্কে সজাগ - সচেতন হ'ব লাগে | শিক্ষা মনোবিজ্ঞান অধ্যয়নে শিক্ষকক শ্ৰেণী পৰিৱেশৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱৰ সম্পৰ্কে সচেতন কৰোৱাৰ লগতে শিক্ষণ শিক্ষাৰ্থীৰ অনুকূল কৰি শ্ৰেণী পৰিৱেশ গঢ়ি তোলাত সহায় কৰে |
৮. ভিন্ ভিন্ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ উপযোগী কৰি শিক্ষণ পদ্ধতি প্ৰস্তুত কৰিবলৈ হ'লে শিক্ষকসকলে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰাৰ বাদে গত্যন্তৰ নাই | কাৰণ শিক্ষাদানৰ সাৰ্থকতা নিৰ্ভৰ কৰে উপযুক্ত পদ্ধতি প্ৰয়োগৰ ওপৰত | পাঠ্যপুথিৰ শিক্ষণীয় বিষয় কেতিয়া বা কিদৰে শিশুৰ সন্মুখত উপস্হাপন কৰিলে বিশেষ ফলপ্ৰদ হয় , কোন বিষয়ত বেছি বুদ্ধিৰ প্ৰয়োজন ইত্যাদিবোৰ অতি গুৰুত্বপূৰ্ণ বিষয়ত মনোবিজ্ঞানে শিক্ষকজনক সিদ্ধান্ত গ্ৰহণত সহায় কৰিব |
৯. এটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এটা দলীয় মনোভাৱ নিহিত থাকে | দল হিচাপে তেওঁলোকৰ আচৰণ ব্যক্তিগত আচৰণতকৈ পৃথক | দলীয় গতিশীলতাই দলৰ মাজত থকা বিভিন্ন প্ৰক্ৰিয়াক নিৰ্দেশ কৰে আৰু বৰ্তমান সময়ত দলীয় গতিশীলতাই ফলপ্ৰসু শিক্ষণত ইয়াৰ প্ৰভাৱৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে | দলীয় আচৰণ আৰু শিক্ষক-ছাত্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে জানিবলৈ শিক্ষকে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰিব লাগিব |
১০. পৰিমাপকৰণ আৰু মূল্যায়ণৰ সম্যক জ্ঞান শিক্ষকজনৰ থকাটো বাণ্চনীয় | আধুনিক শিক্ষাব্যৱস্হাত শিক্ষাৰ্থীৰ মানসিক শক্তি আৰু সেই সমূহ উপযুক্ত পৰিমাপণ কৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা চিনাক্তকৰনৰ জৰিয়তে গুণগত শিক্ষা প্ৰদান কৰিব পাৰি | মানসিক শক্তিৰ শুদ্ধ পৰিমাপণৰ অৰ্থে মনোবিদসকলে নানা ধৰণৰ পৰীক্ষা প্ৰণালী প্ৰস্তুত কৰি উলিয়াইছে যেনে- বুদ্ধিৰ অভীক্ষা , স্মৃতি পৰীক্ষা আদি |
উপৰোক্ত আলোচনাৰ জৰিয়তে প্ৰাথমিক শিক্ষকৰ বাবে শিক্ষা মনোবিজ্ঞান কিমান প্ৰয়োজন তাক অনুধাৱন কৰিব পাৰি | শিক্ষাৰ লক্ষ্য , শিক্ষা পদ্ধতি আৰু শিক্ষাৰ বিষয়-বস্তু মনোবিজ্ঞানৰ লগত ওত:প্ৰোতভাৱে জড়িত হৈ আছে বাবে এই শিক্ষা জ্ঞানৰ দ্বাৰা শিশুৰ মন আৰু প্ৰকৃতি বুজাত সহায় কৰে | শিক্ষকৰ কৰ্তব্য কেৱল ছাত্ৰক শিকোৱাটোৱেই নহয় | শিশুৰ ব্যক্তিত্ব যাতে সুপথে পৰিচালিত হৈ লক্ষ্যস্হানত উপনীত হ'বলৈ সক্ষম হয় তাৰ প্ৰতিও শিক্ষকে সজাগ দৃষ্টি ৰাখিব লাগিব | বিষয়বস্তু জ্ঞান প্ৰদান কৰাৰ উপৰিও শিক্ষকে ছাত্ৰৰ চিন্তা , কৰ্মৰ সু-অভ্যাস গঠন, নৈতিক চৰিত্ৰৰ ভেটি স্হাপন ,ব্যক্তিত্ব সুস্হ বিকাশ আদিৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব | তেহে ছাত্ৰ-ছাত্ৰীৰ সাৰ্বজনীন বিকাশ সম্ভৱ হ'ব | শিক্ষাব্যৱস্হাত শিশুৰ বিভিন্ন দিশৰ বিকাশৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ প্ৰভাৱ সেয়ে অনস্বীকাৰ্য | শিক্ষাদান প্ৰক্ৰিয়াত শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ | বিদ্যায়ল়ৰ বাহিৰে-ভিতৰে শিক্ষকে বহুধৰণৰ দায়িত্ব সুচাৰুৰূপে সমাপন কৰিবলৈ শিক্ষা মনোবিজ্ঞানৰ সহায় লোৱাত বাদে গত্যন্তৰ নাই | সাম্প্ৰতিক শিক্ষা ব্যৱস্হাৰ সৈতে জড়িত দেশৰ প্ৰতিজন প্ৰাথমিক শিক্ষকে এই শিক্ষা মনোবিজ্ঞান পঢ়াটো বৰ জৰুৰী হৈ পৰিছে |
ঠিকনা: দুদুল সোনোৱাল |
গাওঁ/পো.অ.: আৰৈমূৰীয়া (ছৈখোৱা ঘাট )
জিলা : তিনিচুকীয়া, অসম |
পিন : ৭৮৬১৫৪
আপোনাক জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগলৈ আন্তৰিক স্বাগতম জনাইছো। জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগটো জীৱনত প্ৰাপ্ত অভিজ্ঞতাৰে সজাব প্ৰয়াস কৰা হৈছে। প্ৰতিটো লেখা স্বকীয় চিন্তাধাৰাৰ ফচল। কোনো লেখকে লেখা কাহিনীৰ লগত মিলি গ'লে লেখক দায়ী নহয় আৰু এই ব্লগত সদাশয় পাঠকৰ উৎসাহপূৰ্ণ মন্তব্য কামনা কৰাৰ লগতে বিভিন্ন লেখা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদেৰে -
Sunday, June 14, 2020
শিক্ষা মনোবিজ্ঞান আৰু প্ৰাথমিক শিক্ষক
"কোনো ব্যক্তিৰ বাহ্যিক ব্যৱহাৰৰ পৰ্যবেক্ষণ বা আচৰণ সম্পৰ্কীয় বিজ্ঞানেই হ'ল মনোবিজ্ঞান |" জে. বি. ৱাটচন আৰু প্ৰায়ভাগ দাৰ্শনিকে মেকডুগেলৰ এই সংজ্ঞাটো সৰ্বসন্মতভাৱে গৃহীত বুলি গ্ৰহণ কৰিছিল | প্ৰকৃততে মনোবিজ্ঞান এটা ব্যাপক পৰিসৰৰ বিষয় , যাৰ সংজ্ঞা ইমান সহজতে আগবঢ়াব পৰা নাযায় | মনোবিজ্ঞানক ইয়াৰ বিস্তৃত পৰিসৰ আৰু পৰিধিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান কেইবাটাও ভাগত বিভক্ত কৰা হৈছে | সেয়া হ'ল - শিশু মনোবিজ্ঞান , প্ৰাণী মনোবিজ্ঞান, শিক্ষা মনোবিজ্ঞান , শাৰীৰিক মনোবিজ্ঞান আদি | শিক্ষা মনোবিজ্ঞান হ'ল মনোবিজ্ঞানৰ এটা ভাগ বা শাখা |
Labels:
18. প্ৰাথমিক শিক্ষক আৰু.......
Subscribe to:
Post Comments (Atom)
Featured post
২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !
২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 ! স্বামী বিবেকানন্দ 🚀🚀আজি ২৩ তা...
Popular posts
-
খেল-ধেমালি : খেল-ধেমালি বুলি কওঁতে ইয়াত মাইনৰ গেমছ আৰু আন সৰু সৰু খেল সমূহৰ কথা কোৱা হৈছে যিবোৰ সৰু সৰু ল'ৰ...
-
গণিতৰ ব্যৱহাৰ প্ৰাচীন কালত মানুহে হাঁহিব বা কান্দিব জনা মুহূৰ্ত্তৰ পৰাই বা কিছু বুজিবৰ সক্ষম হোৱা দিনৰে পৰা গণিতৰ ব্যৱহাৰ আমা...
-
পঢ়ক আৰু পঢ়ুৱাওক: পাঠ্য সূচী : * নৈতিক শিক্ষা কি ? : * কিয় নৈতিক শিক্ষাৰ প্ৰয়োজন ?: * মূল্যবোধৰ শিক্ষা গ্ৰহণত নৈতিক শিক্ষা ! : * সামৰণি :...
-
বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা:: A development plan of a school. কোনো এটা কাম কৰিব যোৱাৰ আগতে কামটো কেতিয়া কৰিব, কাৰ দ্বাৰা কৰিব, কামটো সমাপ...
-
১. বৃত্তিমূলক শিক্ষা কি ? ২. ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি ? ৩. কিয় প্ৰয়োজন/ বিৱৰণ ? ৪. বৃত্তিমূলক শিক্ষাই ...
No comments:
Post a Comment
dudulsonowal32@gmail.com