Showing posts with label 248.থলুৱা জনগোষ্ঠী একোটাৰ পৰম্পৰাগত ... উপকাৰসমূহ ।. Show all posts
Showing posts with label 248.থলুৱা জনগোষ্ঠী একোটাৰ পৰম্পৰাগত ... উপকাৰসমূহ ।. Show all posts

Tuesday, January 10, 2023

থলুৱা জনগোষ্ঠী একোটাৰ পৰম্পৰাগত খাদ্যাভ্যাস আৰু ইয়াৰ স্বাস্থ্যৰ প্ৰতি উপকাৰসমূহ ।The traditional food habits of an indigenous community and its health benefits.

থলুৱা জনগোষ্ঠী একোটাৰ পৰম্পৰাগত খাদ্যাভ্যাস আৰু ইয়াৰ স্বাস্থ্যৰ প্ৰতি উপকাৰসমূহ।The traditional food habits of an indigenous community and its health benefits.

১/ পাতনি
থলুৱা জনগোষ্ঠী একোটাৰ পৰম্পৰাগত খাদ্য বুলিলে সাধাৰণতে পূৰ্বৰ পৰা চলি অহা খাদ্যৰ অভ্যাসকে বুজা যায়। একোটা জনগোষ্ঠীৰ অন্তৰ্গত মানুহবিলাকে বিভিন্ন উপায়েৰে খাদ্য খোৱা দেখা যায়। বয়ল কৰা, পুৰা,পাতত দিয়া আদি উপায়েৰে সাধাৰণতে খাদ্য সম্ভাৰ প্ৰস্তুত কৰা পৰিলক্ষিত হয়। অসমৰ প্ৰতিটো জনগোষ্ঠীৰ মাজত এনে খাদ্যাভ্যাস আছে। আহোম, কছাৰী, মৰাণ,মটক, দেউৰী, ৰাভা, কাৰ্বি, মিচিং, লালুং,ৰেংমা,ডিমাচা,... আদি জনগোষ্ঠীৰ মাজত বিভিন্ন খাদ্য সম্ভাৰ দেখা যায়। প্ৰতিটো জনগোষ্ঠীৰে বেলেগ বেলেগ খাদ্যাভ্যাস আছে। বিশেষকৈ অসমত বাস কৰা এই সকল লোকৰ ইচ্ছা, অনিচ্ছা আৰু ৰুচি-অভিৰুচি অনুসৰি খাদ্যভাস গঢ়ি উঠে। আগৰ দিনৰ মানুহবোৰে বয়ল কৰা বেছিকৈ খাইছিল। পাতত দিয়া আৰু খৰিকাত দিয়া খাদ্যবোৰ হৈছে কচু, মাকচি টেঙা, কিছু গোন্ধোৱা মাছ, মাংস, আদিবোৰ পাতত দিয়া হয় আৰু তাজা মাছ, মাংস খৰিকাত দিয়া হয়। আন কিছুমান শাক-পাচলি আছে যি উহুৱাই (Boiled)খালেহে ভাল লাগে। অতি সুস্বাদু হয়। উল্লেখ্য যে পাতত দিয়া আৰু খৰিকাত দিয়া খাদ্য খাবলৈ অতি সুস্বাদু হয়। আগৰ দিনৰ মানুহবোৰ অৰ্থাৎ আজিৰ পৰা ১০০ বছৰৰ আগৰ মানুহে এনে উপায়েৰে খোৱাৰ বাবে হয়তো তেওঁলোক সুদীৰ্ঘ কাল জীয়াই থাকিবলৈ সক্ষম হৈছিল। কিন্তু আধুনিক সমাজৰ মানুহে মিঠাতেল বা অন্য তেলৰ সহায়ত তৈয়াৰ নকৰা খাদ্য খাবলৈ ইচ্ছা নকৰে। অধিক তেল আৰু মা-মচলা জাতীয় খাদ্যহে আজিকালি মানুহৰ প্ৰিয়।যাৰ বাবে মানুহৰ বিভিন্ন ৰোগ হ'বলৈ ধৰিছে।

২/থলুৱা জনগোষ্ঠীৰ বৰ্ণনা আৰু পৰম্পৰাগত খাদ্যাভ্যাস কি
থলুৱা জনগোষ্ঠী বুলিলে অতীজৰে পৰা যিবিলাক জনগোষ্ঠীয়ে অসমত বাস কৰি আহিছে সেইবিলাককে নিশ্চয় বুজোৱা হয়। অসমৰ মাটিৰ লগত এই জাতিবোৰৰ সম্বন্ধ প্ৰগাঢ়। এই জাতিবিলাকে অতীজৰে পৰা নিজৰ ইচ্ছা অনুসৰি আৰু নিজৰ কায়দাৰে খাদ্য খোৱাৰ পৰম্পৰা গঢ়ি তুলিছিল। তেওঁলোকে খাদ্যবোৰ পাতত দিছিল নতুবা কেৱল পানীত উতলাই সিজাই খাইছিল। তদুপৰি আন কিছুমানে আকৌ জুইত সেকি বা পুৰি খাইছিল। সাধাৰণতে তাহানিৰ সেই দিনবোৰত আজিৰ দৰে মিঠাতেলৰ উভয়নৈদী নাছিল। সেয়েহে নিশ্চয় ইয়াৰ ব্যৱহাৰো কম আছিল। গতিকে বিকল্প হিচাপে পোৰা, সেকা, উহুৱা আৰু পাতত দিয়া প্ৰথাৰে বা পদ্ধতিৰে খোৱা খাদ্য প্ৰস্তুত কৰিছিল। জাতি এটাৰ পূৰ্বৰ পৰা চলি অহা এনে অভ্যাসগত খাদ্যাভ্যাসেই হৈছে পৰম্পৰাগত খাদ্যাভ্যাস । 

৩/ পৰম্পৰাগত খাদ্য তালিকা আৰু গুণাগুণৰ বৰ্ণনা
পৰম্পৰাগত খাদ্য ---
ভাত
ভাত হৈছে থলুৱা জনগোষ্ঠী সমূহৰ মূল খাদ্য। বিভিন্ন জাতৰ চাউল জনগোষ্ঠী সমূহে ভাতৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। পৰম্পৰাগত ভাৱে চলি অহা কিছুমান ধানৰ পৰা এনে চাউলৰ উৎপাদন কৰা হয়। বিশেষকৈ পুৰণি ধানৰ জাতবোৰ হৈছে - জহা, ৰূপহী লাহী, পঞ্জাৱ লাহী, দলকচি, কাজিৰঙা, গম্ভীৰ, সুৱাগমণি, লাহীবৰ,মতাবৰ, মানিকীমধুৰী। বৰা ধানৰ ভিতৰত - নলবৰা, বকুল বৰা আদি। উল্লেখ্য যে এনে ধানৰ পৰা চাউল উৎপাদন কৰি থলুৱা জনগোষ্ঠী সমূহে খাদ্য হিচাপে ব্যৱহাৰ কৰে। জহা চাউলৰ ভাত, লাহী চাউলৰ ভাত, বৰ চাউলৰ ভাত, বৰা জলপান অসমীয়া জাতিৰ অন্যতম উৎকৃষ্ট মানৰ খাদ্য হিচাপে পৰিগণিত। ভাৰতৰ আন ঠাইৰ খাদ্য সমূহৰ সৈতে ফেৰ মাৰিব পৰা অসমীয়া সমাজৰ খাদ্য অলপ পৃথক বুলি ক'ব পাৰি। অসমীয়া সমাজত এনে বিভিন্ন জাতৰ চাউলৰ পৰা বিভিন্ন খাদ্য প্ৰস্তুত কৰে। যেনে - চিৰা, হুৰুম, সান্দহ, গোটা কৰাই , আখৈ, লাওত দিয়া জলপান, টেকেলি পিঠা, তিল পিঠা, ঘিলা পিঠা , হাতীকান পিঠা, হালোৱা, .. আদি হৰেক ৰকমৰ খাদ্য প্ৰস্তুত কৰা হয়। সুষম আহাৰত থকা সকলোবোৰ উপাদান কম বেছি পৰিমাণে এনে খাদ্যত উপলব্ধ হয়।

বিভিন্ন তৰকাৰী বা আঞ্জাৰ উপকৰণ সমূহ : 
(ক) আলু পিটিকা
(খ) কচু উহুৱা
(গ) উখোৱা চাউলৰ ভাত
(ঘ) বেঙেনা পোৰা
(ঙ)মাছ পুৰি বা খৰিকাত দি পিটিকা কৰা 
(চ) কচু থোৰ পাতত দিয়া 
(ছ) মাংস আৰু লাইজাবৰিৰ বয়ল ( জুলীয়া)
(জ) বাঁহ গাজ উহুৱা 
(ঝ) মাংস খৰিকাত দিয়া 
(ঞ) কণবিলাহী আৰু খুটুৰা শাক বয়ল কৰা।
(ট) মানিমুনি আৰু ভেদাইলতা পাতত দিয়া
(ঠ) কলডিল আৰু কলপচলা ... আদি।

উল্লেখ্য যে এনে খাদ্যত কোনো ভেজাল নাই। এনে খাদ্যত কোনো মা-মচলা মিহলোৱা নহয়। তাৰোপৰি তেল জাতীয় দ্ৰব্য ব্যৱহাৰ কৰা নহয়,য'ত ব্যৱহাৰ কৰে তাতো একেবাৰে কম। সেয়ে এনে খাদ্যই পেটৰ কোনো অপকাৰ নকৰাৰ উপৰিও আমাৰ শৰীৰৰো কোনো হানি বিঘিনি নঘটায়।  খাবলৈ সুস্বাদু হোৱাৰ লগতে পৰম্পৰাগত খাদ্যই শৰীৰত প্ৰয়োজনীয় কেলৰি বা শক্তি যোগান ধৰিবলৈ সক্ষম। আনহাতে থলুৱা ভাৱে প্ৰাপ্ত এনে খাদ্য ঔষধি গুণ যুক্তও হয়।  বৰ্তমান সময়ত অধিক মা-মচলা দি এডোঙা তেলত সিজোৱা খাদ্য খোৱাৰ ফলত দেহত নানানটা ৰোগৰ সৃষ্টি হোৱা দেখা যায়। সেয়ে হয়তো আজিকালি মানুহৰ সজম ক্ষমতা কম আৰু ঘনাই পেটচলা বেমাৰত ভোগিব ধৰে।

৪/ স্বাস্থ্যৰ প্ৰতি উপকাৰী দিশসমূহ 
 # ই দেহত শক্তি বৃদ্ধি ঘটাব পাৰে।
 # ই হজমি শক্তি বৃদ্ধি ঘটোৱাত সহায় কৰে।
 # দেহৰ ৰোগ নিৰাময়ত এনে খাদ্যই সহায় কৰে।
 # পেট চলা, গ্ৰহণী ৰোগ, কৃৰ্মীপেলু হোৱাৰ পৰা ৰক্ষা কৰে।
 # লিভাৰ ভালে ৰখাত এনে খাদ্য উত্তম।
 # বয়ল তৰকাৰী আৰু বয়ল আহাৰ গ্ৰহণ কৰিলে বহু ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

৬/ পৰামৰ্শ আৰু সামৰণি 
বয়ল, পোৰা, সেকা খাদ্য খালে কিছু ক্ষেত্ৰত শৰীৰত অসুবিধা দেখা দিবও পাৰে। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে দেহৰ বাবে পোৰা,সেকা আৰু বয়ল কৰা খাদ্য অতিমাত্ৰা ব্যৱহাৰ কৰা অনুচিত। কাৰণ বয়ল কৰিলে খাদ্য বিধ সম্পূৰ্ণকৈ নিসিজে যাৰ বাবে পেটত অসুখ কৰাৰ সম্ভাৱনা থাকে। কেৱল বয়ল খালে দেহত তেলৰ অভাৱে দেখা দিয়ে। অৰ্থাৎ চৰ্বি দেহে উচিত পৰিমাণত নাপায়। দেহত এই উপাদানৰ পৰিমাণ হ্ৰাস পালে দেহে নানানটা ৰোগৰ সন্মুখীন হোৱা সম্ভাৱনা থাকে।




প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল। আৰৈমূৰীয়া গাওঁ। 


Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts