জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ প্ৰধান বৈশিষ্ট্য সমূহ:
👉 জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটসমূহ অধ্যয়ন কৰিলে কিছুমান বিশেষ বৈশিষ্টৰ পৰিলক্ষিত হয়। সেই বৈশিষ্ট্য সমূহ থোৰতে আলোচনা আগবঢ়োৱা হ'ল -
১/ বিস্তৃত মঞ্চ নিৰ্দেশনা হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ অন্যতম বৈশিষ্ট্য। এনে নিৰ্দেশনাই নাটকত পৰিৱেশ সহজ কৰি তোলাত সহায় কৰে। জ্যোতিপ্ৰসাদৰ নাটকৰ প্ৰতিটো দৃশ্যতে এনে নিৰ্দেশনা বিদ্যমান।
২/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটসমূহত নাৰী চৰিত্ৰক বেছি প্ৰাধান্য দিয়া হৈছে। শোণিতকুঁৱৰীত উষা আৰু চিত্ৰলেখা, কাৰেঙৰ লিগিৰীত শেৱালী আৰু কাঞ্চন কুমাৰী, ৰূপালীমত ৰূপালীম আৰু ইতিভেন আদিৰ পৰা এই কথা স্পষ্ট ভাৱে জানিব পৰা যায়।
৩/ নায়িকা প্ৰধান নাটক: পুৰুষৰ চৰিত্ৰ অংকন কৰিলেও বেছিভাগ নাটকতে নায়ক হ'বৰ জোখাৰে তেওঁলোকৰ যোগ্যতা নাই। আগৰৱালাৰ নাটসমূহ নায়িকা প্ৰধান আছিল বাবেই খনিকৰক বাদ দি বাকীকেইখনৰ নামাকৰণ নায়িকাৰ নামেৰে কৰা হৈছে বুলি ক'ব পাৰি।
৪/আগৰৱালাৰ নাটসমূহত প্ৰেমে এক বিশেষ স্থান অধিগ্ৰহণ কৰি আছে।আটাইকেইখন নাটকতে প্ৰেমক কেন্দ্ৰ কৰিয়েই কাহিনী ভাগৰ সূত্ৰপাত হৈছে।
৫/ গীতৰ ওপৰত প্ৰাধান্য : আগৰৱালাৰ প্ৰতিখন নাটকতে গীতৰ সংযোগ বেছি। সামগ্ৰিক ভাৱে তেওঁৰ নাটকত প্ৰায় আঢ়ৈ কুৰি গীত সন্নিবিষ্ট হৈছে বুলি জনা যায়।
৬/ ৰোমাণ্টিক কাব্যিকতাৰ প্ৰাচুৰ্য হ'ল আগৰৱালাৰ নাটকৰ অন্যতম প্ৰধান বৈশিষ্ট্য বুলি ধৰিব পাৰি।
৭/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটসমূহ ট্ৰেজেডিমূলক।
৮/ কাহিনীতকৈ চৰিত্ৰৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে।
৯/ আপেক্ষিক ভাৱে নাটক সমূহৰ কাহিনী দীঘল আৰু ব্যাখ্যা বেছি।
শোণিত কুঁৱৰীৰ বিষয় বস্তু আৰু চৰিত্ৰ চিত্ৰণ :
জ্যোতিপ্ৰসাদ আগৰৱালা আছিল প্ৰকৃত অৰ্থত এজন আধুনিক নাট্যকাৰ। আগৰৱালা দেৱে মাত্ৰ চৈধ্য বছৰ বয়সতে "শোণিত কুঁৱৰী" নাটখনি লিখি উলিয়াইছিল। নাটখনি এক গুৰুগম্ভীৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে।
শোণিত কুঁৱৰী নাটকখনৰ কাহিনী ভাগৰ মাজেদি কেইটামান বিষয় বস্তু প্ৰতিফলিত হোৱা দেখা যায়।নাটৰ বিষয়বস্তু প্ৰধানতঃ প্ৰেমসৰ্বস্ব। অথবা ৰোমাণ্টিক ধৰ্মী নাটক হিচাপে আখ্যা দিব পাৰি। প্ৰেমৰ শক্তিৰে উষা আৰু অনিৰুদ্ধৰ মিলন সম্ভৱ হৈ উঠিছে। দ্বিতীয়তে, নাটকখন নায়িকা প্ৰধান। কাহিনীতকৈ চৰিত্ৰ সৃষ্টিৰ ওপৰত নাটকৰ নাট্যকাৰে অধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে।উষা চৰিত্ৰক কেন্দ্ৰ কৰিয়েই জ্যোতিপ্ৰসাদে 'শোণিত কুঁৱৰী' নামেৰে নাটকখন নামাকৰণ কৰিছে বুলি থল আছে। নাটকৰ কাহিনী ভাগ পৌৰাণিক আখ্যান সৰ্বস্ব হ'লেও কল্পনাৰ ৰহন সানি কাহিনী মনোৰম আৰু গ্ৰহণীয় কৰি তোলাত নাট্যকাৰৰ কৃতিত্ব প্ৰকাশ পাইছে। গীতৰ প্ৰাচুৰ্যতাও নাটকীয় বিষয়-বস্তুক উপস্থাপন কৰাৰ ক্ষেত্ৰত এক উত্তম দিশ হিচাপে বিবেচনা কৰিব পাৰি। কিয়নো চৰিত্ৰৰ মানসিক অৱস্থাৰ চিত্ৰন আৰু পৰিস্থিতিৰ উজ্জ্বলতা গীতৰ সংযোজনৰ ফলত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ অংগৰাগ গীতবোৰ নোহোৱা কৰিলে গোটেই নাটকখনৰে অপূৰণীয় ক্ষতি হ'ব পাৰে। আনহাতে বিষয়-বস্তুক উপস্থাপন কৰাৰ বাবে জ্যোতিপ্ৰসাদে মঞ্চ নিৰ্দেশনাত যি বিস্তৃত বৰ্ণনা আগবঢ়াইছে সেইটো বাদ দিলেও নাটকীয় পৰিৱেশ বিনষ্ট হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। গতিকে নাটক খনত পৰিৱেশ সৃষ্টিও বিষয়-বস্তুৰ অন্যতম ভিতৰুৱা অংশ হিচাপে বিবেচিত কৰিব পাৰি। বিশেষকৈ 'শোণিত কুঁৱৰী' নাটকৰ ক্ষেত্ৰত নাট্যকাৰে উপযুক্ত পৰিৱেশ ৰচনাৰে মূল বিষয়বস্তুক স্পষ্ট ৰূপত দাঙি ধৰিব সক্ষম হৈছে।
নাটকৰ প্ৰধান অন্যতম উপাদান হৈছে চৰিত্ৰ। চৰিত্ৰ যিমানেই শক্তিশালী হ'ব নাটকখনো সিমানেই মনোগ্ৰাহী হ'ব। নাটক এখন হ'বৰ বাবে কাহিনীৰ যিমান প্ৰয়োজন চৰিত্ৰৰো সমানেই প্ৰয়োজন। নাটকত কাহিনী সৃষ্টি কৰে চৰিত্ৰৰ কাৰ্যকলাপে। সেয়েহে চৰিত্ৰ নহ'লে নাটকৰ কাহিনী হ'ব নোৱাৰে। জ্যোতিপ্ৰসাদৰ নাটক 'শোণিত কুঁৱৰী'ত বহু চৰিত্ৰৰ সমাৱেশ ঘটিছে। বিশেষকৈ আগৰৱালা দেৱৰ নাটক সমূহ চৰিত্ৰ প্ৰধান বুলি উপৰত উল্লেখ কৰা হৈছে। কাহিনীতকৈ চৰিত্ৰৰ বৈচিত্ৰ্যৰ ওপৰত গুৰুত্ব দিয়া তেওঁৰ নাটক শোণিত কুঁৱৰীৰ পুৰুষ চৰিত্ৰবোৰ হৈছে - বাণ ৰজা, প্ৰসেনজিৎ, কুষ্মাণ্ড, শ্ৰীকৃষ্ণ, বলোৰাম, সাত্যকি, প্ৰদ্যুম্ন, অনিৰুদ্ধ, সনাতন, নাৰদ , ইন্দ্ৰ,বৰুণ, অগ্নি, মদন , শংকৰ, নন্দী, কাৰ্তিক,গনক, নাপিত, বাটৰুৱা, সভাসদ,দুত, প্ৰহৰী, সৈন্য আদি।
নাৰী চৰিত্ৰ সমূহৰ ভিতৰত উষা, চিত্ৰলেখা, পত্ৰলেখা, কুজী, মধুমতী, স্বপ্নাদেৱী, ৰতি, চন্দ্ৰলেখা , মধুলেখা আৰু উষাৰ সংগীসকল উল্লেখযোগ্য।
ইয়াত মুখ্য চৰিত্ৰ কেইটামানৰ বিষয়ে সংক্ষিপ্ত পৰিচয় দাঙি ধৰা হ'ল। --
উষা: আগৰৱালাৰ শোণিত কুঁৱৰী নাটকৰ নায়িকা হৈছে উষা। অৰ্থাৎ উষাক কেন্দ্ৰ কৰিয়েই নাটিকা খনৰ কাহিনীভাগ আৰম্ভ হৈছে। উষা বানাসুৰৰ একমাত্ৰ সুন্দৰী কন্যা। উষাৰ যৌৱন প্ৰাপ্তি আৰু অপৰূপ সৌন্দৰ্য্যই বাণ ৰজাক চিন্তিত কৰি তুলিছিল। সেয়ে যৌৱনৰ তাড়নাত যাতে উষাই অবাটে নাযায় তাৰ বাবে উষাক অগ্নিগড়ত আৱদ্ধ কৰি ৰাখিছিল। তাই সখীয়েক চিত্ৰলেখাৰ সহায়ত সপোনৰ কোঁৱৰ অনিৰুদ্ধৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। নাটখনিত উষা হৈছে কেন্দ্ৰীয় চৰিত্ৰ ।
অনিৰুদ্ধ : নাটখনিৰ নায়ক অৰ্থাৎ দ্বিতীয় চৰিত্ৰ হৈছে অনিৰুদ্ধ। অনিৰুদ্ধ হৈছে শ্ৰীকৃষ্ণৰ নাতি আৰু প্ৰদ্যুন্নৰ পুত্ৰ। নাটখনত অনিৰুদ্ধৰ চৰিত্ৰটোৱে সাহস, বীৰত্ব আৰু শৌৰ্য-বীৰ্যৰ প্ৰতীকৰূপে চিত্ৰিত হৈছে। সদ্য যৌৱন প্ৰাপ্ত অনিৰুদ্ধ কোঁৱৰ নাটখনত উপজিয়েই প্ৰেমিক ৰূপত অৱতীৰ্ণ হৈছে। বান ৰজাৰ সন্মুখত ৰুদ্ৰ মূৰ্তি ধৰা কাৰ্যই অনিৰুদ্ধক সাহস বীৰত্ব আৰু শৌৰ্য-বীৰ্যৰ অধিকাৰী ৰূপত আত্মপ্ৰকাশ কৰাত সহায় কৰিছে। চৰিত্ৰটোত প্ৰথমে আবেগ অনুভূতিৰে পৰিপূৰ্ণ চফল ডেকা প্ৰেমিক ৰূপে আৰু পিছৰ মূহুৰ্তত এগৰাকী ক্ষত্ৰিয় বীৰ হিচাপে অংকিত হৈছে। ইয়াৰ ফলত চৰিত্ৰটোৰ আকৰ্ষণ বৃদ্ধি ঘটাইছে।
চিত্ৰলেখা : শোণিত কুঁৱৰী নাটকখনৰ আন এটি মনোৰম চৰিত্ৰ হৈছে - চিত্ৰলেখা। বানাসুৰৰ ৰাজসভাৰ মন্ত্ৰী কুষ্মাণ্ডৰৰ জীয়ৰী তথা উষাৰ সখীয়েক ৰূপত আত্মপ্ৰকাশ কৰা চৰিত্ৰটিয়ে হৈছে চিত্ৰলেখা। চিত্ৰলেখা মায়াবিদ্যাত পাৰদৰ্শী, চিত্ৰবিদ্যাত সুদক্ষা, সংগীত বিদ্যাত পাৰ্গত, নৃত্যপটিয়সী আৰু কলা-কুশলী জ্ঞানৰ অধিকাৰী আছিল। উষা আৰু অনিৰুদ্ধৰ মাজত মিলন একমাত্ৰ চিত্ৰলেখাৰ বাবে সম্ভৱ হৈ উঠিছে। সেয়েহে চিত্ৰলেখা চৰিত্ৰটো ত্যাগৰ প্ৰতীক হিচাপে চিত্ৰিত হৈছে বুলি বিবেচনা কৰিব পাৰি।
বানাসুৰ : বানাসুৰৰ সম্পৰ্কে নকলে নাটকৰ কাহিনী আধাৰুৱা হ'ব। নাটকখনৰ আন এটা প্ৰধান চৰিত্ৰ হৈছে বানাসুৰ। বানাসুৰ দৈত্যৰাজ বলিৰ পুত্ৰ আৰু শোণিতপুৰৰ ৰজা আছিল। বান ৰজা তপ-জপ, বল-বীৰ্যত অনন্য হিচাপে খ্যাত আছিল। তদুপৰি বান আছিল ভগৱান মহাদেৱৰ ভক্ত। শিৱৰ বৰদানৰ ফলত তেওঁ অদম্য শক্তিধৰ বীৰলৈ পৰ্যবসিত হৈছিল। সেই অসীম বীৰৰ জৰিয়তে স্বৰ্গৰ ৰজা ইন্দ্ৰ, বৰুণ , অগ্নিক ধৰি আনি বন্দী কৰি ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু শ্ৰীকৃষ্ণৰ হাতত তেওঁ পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।
মুখ্যতঃ উল্লেখিত চৰিত্ৰ কেইটাকে শোণিত কুঁৱৰী নাটকখনৰ মুখ্য চৰিত্ৰ হিচাপে গণ্য কৰিব পৰা যায়।
শোণিত কুঁৱৰী নাটকখনৰ অন্যতম বৈশিষ্ট্য কাব্যধৰ্মীতা। সুদূৰপ্ৰসাৰী কল্পনা, প্ৰেমানুভূতিৰ কোমলতা, মধুৰ আবেগ, ভাৱ আৰু ভাষাৰ প্ৰাঞ্জলতা আদিৰ সমাহাৰে শোণিত কুঁৱৰী নাটকখনৰ উপভোগ্যতা বৃদ্ধি পাবলৈ কৰাৰ লগতে উৎকৃষ্ট নাটক হিচাপে বিবেচিত হোৱাত অৰিহণা যোগাইছে। চিত্ৰলেখাৰ মুখৰ সংলাপে নাটকৰ মনোগ্ৰাহীতা দুগুণে বৃদ্ধি কৰিছে। চিত্ৰলেখাই নাটকখনত কৈছে যে " শিল্পীয়ে সকলোকে ভাল পায়। সকলোৰে শান্তি, সৌন্দৰ্য আৰু মাধুৰ্য সৃষ্টিতে শিল্পী এগৰাকীৰ আনন্দ আৰু সফলতা। ব্যক্তিকেন্দ্ৰিক ভোগ বিলাসৰ পৰা তেওঁলোকৰ অৱস্থান সদায় নিলগত। লগতে মানুহৰ মনত শান্তি, সমৃদ্ধি বৃদ্ধি কৰিব পৰাতেই শিল্পীৰ সাৰ্থকতা।
জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এইখন প্ৰথম ৰচিত নাটক আৰু প্ৰায় ১৪ বছৰ বয়সতে ৰচনা কৰা হ'লেও ই সমাজৰ তথা সময়ৰ এক উৎকৃষ্ট নিদৰ্শনৰ নাটক হিচাপে প্ৰতিফলিত হৈ থাকিব। সময়ৰ লগত খাপ খোৱাকৈ ৰচিত নাটক খনে যুগে যুগে মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰি থাকিব। ইয়াতেই নাট্যকাৰ সফলতা প্ৰকাশ পাইছে। নাটখনৰ জৰিয়তে নাট্যকাৰে নিজৰ প্ৰতিভাও দাঙি ধৰিব সক্ষম হৈছে।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹