Showing posts with label 176.যিখিনি কথা চন্দ্ৰ চেত্ৰী চাৰৰ বিদায় সভাত কোৱা নহ'ল.... Show all posts
Showing posts with label 176.যিখিনি কথা চন্দ্ৰ চেত্ৰী চাৰৰ বিদায় সভাত কোৱা নহ'ল.... Show all posts

Monday, January 3, 2022

যিখিনি কথা চন্দ্ৰ চেত্ৰী চাৰৰ বিদায় সভাত কোৱা নহ'ল...

  যিখিনি কথা চন্দ্ৰ চেত্ৰী চাৰৰ বিদায় সভাত কোৱা নহ'ল...

What was not said at Chandra Chetri sir's farewell meeting....

 

 

পৰম শ্ৰদ্ধাৰ আজিৰ বিদায়ী সভাৰ সভাপতি মহোদয়, উপস্থিত শ্ৰদ্ধাৰ আমন্ত্ৰিত অতিথি বৃন্দ, মোৰ অগ্ৰজ আৰু অনুজ সহকৰ্মী বৃন্দ আৰু মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰী সকল । 

    জয়জয়তে আপোনাসৱলৈ নতুন বছৰৰ হিয়া ভৰা ওলগ জনাইছোঁ। আজিৰ বিদায়ী সভাত কি বক্তব্য ৰাখিম ভাবি পোৱা নাই। প্ৰকৃততে বিদায় জানো মানুহক দিব পাৰি ? বিদায় শব্দটোৱেই সাধাৰণতে খুব দুখজনক। মানুহে মানুহক বিদায় দিয়াটো খুব অসুবিধা কাম বুলি গণ্য কৰিব পাৰি। সময় নিৰৱধি নৈ সদৃশ। ই কালৈকো নৰয়। নিৰৱধি সময়ক ধৰি ৰখাৰ ধৃষ্টতা আমাৰ নাই। সময়ৰ নীতি-নিয়ম মানি আমি আগবাঢ়ি যোৱাৰ বাদে গত্যন্তৰ নাই। সেয়েহে আমিও সময়ৰ নিয়ম মানি চাৰক দুখেৰে বিদায় জনাবলৈ অগ্ৰসৰ হৈছোঁ।
    সি যি কি নহওঁক,বিগত প্ৰায় ৪০ বছৰ কাল হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়ত চাকৰি কৰি, শিক্ষাৰ্থীসকলক নিজৰ সামৰ্থ্য অনুসৰি সকলো উজাৰি দি জ্ঞানৰ পোহৰ বিলাই আহি আহি অৱসৰৰ কালছোৱাত ভৰি দিলেহি আমাৰ সন্মানীয় চন্দ্ৰ চেত্ৰী চাৰে। সুদীৰ্ঘ কাল ছোৱাত তেখেতে নিশ্চয় বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰিবলগীয়া হৈছিল। বহু উত্থান-পতনৰ মাজেৰে নিশ্চয় আগবাঢ়িব লগা হৈছিল। এই সকলোবোৰ অতিক্ৰমি চাৰে নিজৰ লক্ষ্যত উপনীত হ'ল। আৰু আমি তেখেতৰ এই সমযকেই যেন বিদায় দি স্মৃতিৰ পটত সজীৱ কৰি ৰাখিবলৈ আমি প্ৰয়াস কৰিছোঁ। 
    চন্দ্ৰ চেত্ৰী চাৰৰ সম্পৰ্কে মই সিমান বেছিকৈ জ্ঞাত নহয় যদিও তেখেতক কিন্তু চকাছন্দাকৈ ডেকাকালৰ পৰাই চিনি পাওঁ। আজিৰ পৰা পছিশ বছৰৰ আগতে কলেজলৈ যাওঁতে এবাৰ তেখেতৰ গাড়ীৰে আৰৈমূৰীয়াৰ পৰা ধলালৈ যোৱা এতিয়াও মোৰ স্পষ্টকৈ মনত আছে। সেই তেতিয়াৰ পৰাই অলপীয়াকৈ তেখেতৰ সম্পৰ্কে জানিছিলো । মিচিকিয়া হাঁহিৰে তেখেতক সদায় আনন্দমুখৰ হৈ থকাই পাওঁ। 
   পৰৱৰ্তীকালত ২০০১ চনৰ পৰা মই যেতিয়া হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয়ত চাকৰি কৰো, সেই তেতিয়াৰ পৰাই তেখেতক বিশেষকৈ এজন অভিভাৱকৰ ৰূপত পাইছিলো । তেখেত সদায় স্পষ্টবাদী , সৎসাহসী আৰু ভদ্ৰ স্বভাৱৰ আছিল বুলি জানো। তদুপৰি তেখেতৰ লগত লোকপিয়লৰ কালছোৱাত মই সান্নিধ্যলৈ আহিছিলো। সেই তেতিয়াৰ পৰাই মই তেখেত এজন হাঁহিমুখীয়া মানুহ হিচাপে দেখি আহিছোঁ। যিকোনো পৰিস্থিতিৰ লগত সহজে মিলি যাবলৈ তেখেতে পাৰিছিল আৰু আনকো এই ক্ষেত্ৰত উৎসাহিত কৰা দেখিছিলো। এয়া প্ৰকৃততে এজন শিক্ষকৰ গাত থাকিব লগা গুণসমূহ থকাৰ বাবে সম্ভৱ হৈছিল বুলি ভাবোঁ। কিন্তু যিকোনো হিচাপ নিকাচৰ ক্ষেত্ৰত তেখেত সদায় হিচাবী আছিল। 
    বিগত ২০১৭ চনত মধ্য ইংৰাজী বিদ্যালয়খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰিকৰণ হোৱাত তেখেতৰে এজন সহকৰ্মী হিচাপে আমিও কৰ্মত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত হৈছিলো। তেখেতে বৰ চাতুৰ্যতাৰে বিদ্যালয়খন পৰিচালনা কৰিছিল। তেখেতৰ দিনতে এম ই চেকচনৰ সন্মুখৰ গেট আৰু ৱাল সম্পূৰ্ণ হৈছিল। বিদ্যালয়লৈ কিছুমান ক্ষেত্ৰত নতুনত্ব অহাৰ পৰিলক্ষিত হৈছিল। তেখেতৰ চিন্তা আছিল যোগাত্মক। বিদ্যালয়ৰ উন্নতিৰ হকে তেখেতে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। কোনো শিক্ষকৰ সৈতে যাতে মনোমালিন্য নহয় সেই ক্ষেত্ৰত তেখেত সদা সতৰ্ক আছিল। সমদৃষ্টি আৰু সমভাৱ পোষন কৰি তেখেতক বিদ্যালয় পৰিচালনা কৰা দেখি আহিছোঁ। 

    বৰ বেছি দীঘলীয়া নকৰোঁ , তেখেতে বিদ্যালয়ৰ উন্নতিৰ বাবে , ছাত্ৰ ছাত্ৰীৰ হিতৰ বাবে মানসিক আৰু কায়িকভাৱে যি বহুমূলীয়া অৱদান আগবঢ়াই থৈ গ'ল সেয়া নিশ্চয় এদিন মূল্যায়ন হ'ব, বিদ্যালয়ৰ ইতিহাসৰ পাতত জিলিকি ৰব। 
    স্বনামধন্য কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱে আমাক কৈ গৈছে যে 'মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ, আমিও কৰিব পাৰোঁ জীৱন গঢ়িত। অভিনয় শেষ হলে আয়ু বেলি মাৰ গ'লে,থৈ যাব পাৰোঁ খোজ সময়ৰ বালিত।।" গতিকে এই সময়ৰ ইতিহাসত আমি সকলোৱে নিজৰ নাম উজ্বলাই ৰাখিবলৈ প্ৰয়াস কৰিব লাগিব। জীৱনৰ অন্তিম সময়চোৱাত হ'লেও আমি এনে প্ৰচেষ্টা অক্ষুণ্ণ ৰাখিলেহে এদিন আমাৰ নাম ইতিহাসত জিলিকি ৰব। আমাৰ ছাত্ৰ ছাত্ৰী সকলে চন্দ্ৰ চেত্ৰী চাৰৰ প্ৰতিটো সাৰুৱা কথা মনত ৰাখিব লাগিব আৰু ইয়াক ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে আমি চাৰক প্ৰকৃততে সন্মান জনোৱা হ'ব। 
  
     সদৌ শেষত কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ ভাষাৰে কওঁ -
"পল পল দণ্ড কৰি সময় গৈছে উৰি
পাখি লগা কাঁড়ৰ নিচিনা অবিৰাম।
বহু দূৰ আছে গতি সময় তাকৰ অতি
কৰিবলগীয়া আমি আছে বহু কাম।।"
 
   অৱসৰৰ পাছত তেখেতে নিশ্চয় নিজৰ ঘৰুৱা কামত ব্ৰতী হ'ব। আমাৰ অনুৰোধ তেখেতে যেন নিজৰ বহু বছৰৰ অভিজ্ঞতাসমূহ কিতাপৰ পৃষ্ঠাত সন্নিবিষ্ট কৰি ছপা আকাৰত ৰাইজক পঢ়িবলৈ সুবিধাকণ দিব। সামাজিক কামৰ লগত জাগ্ৰত প্ৰহৰী হৈ জড়িত হ'ব আৰু আধ্যাত্মিক দিশতো অংশগ্ৰহণ কৰি সমাজক আগুৱাই নিয়াত অহোপুৰুষাৰ্থ প্ৰয়াস কৰিব। 
  পুনৰাই আহিবলগীয়া দিনবিলাকত তেখেতে সু-স্বাস্থ্যৰ অধিকাৰী হৈ সুখ শান্তিৰে দিনবোৰ অতিবাহিত কৰিবলৈ সক্ষম হওঁক আমি তাৰে কামনা কৰিলো। তেখেত দীৰ্ঘজীৱি হওক তাৰে কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিলো।
          ধন্যবাদেৰে ....

সহ শিক্ষক, দুদুল সোণোৱাল।
03/01/2022, সোমবাৰ ।
     

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts