Showing posts with label 152.ঢেকীয়া শাক আৰু আমাৰ প্ৰাত্যহিক জীৱন।. Show all posts
Showing posts with label 152.ঢেকীয়া শাক আৰু আমাৰ প্ৰাত্যহিক জীৱন।. Show all posts

Saturday, October 9, 2021

ঢেকীয়া শাক আৰু আমাৰ প্ৰাত্যহিক জীৱন।

ঢেকীয়া আৰু আমাৰ প্ৰাত্যহিক জীৱন : 


খাটিখোৱা অসমীয়া মানুহৰ ঢেকীয়াৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে। হাবিৰ পৰা প্ৰাপ্ত শাক পাচলিৰ জৰিয়তে বিশেষকৈ গ্ৰাম্য অঞ্চলৰ লোকসকলে ৰান্ধনীশালৰ অভাৱ পূৰণ কৰে। ঢেকীয়া অতি সহজে পোৱা আৰু মিষ্ট বনৰীয়া খাদ্য হিচাপে পৰিচিত। যুগ যুগান্তৰ ধৰি অসমীয়া সমাজত ঢেকীয়া শাকৰ প্ৰচলন হৈ আহিছে। কেৱল খাদ্যৰ বাবেই নহয় সোণোৱাল কছাৰীসকলৰ শাক্ত পন্হীৰ শকদৈ পূজাত ঢেকীয়া ব্যৱহাৰ কৰা দেখা যায়। ঢেকীয়াৰ এখন আঞ্জা এই পূজাত থকাটো বাধ্যতামূলক। আনহাতে ই এবিধ বিভিন্ন উপকাৰী উপাদান যুক্ত উদ্ভিদ হিচাপে পৰিগণিত। 


ঢেকীয়াত থকা উপাদান সমূহ হৈছে এনেধৰণৰ -

ঢেকীয়াত থাকে প্ৰটিন, ভিটামিন এ, ভিটামিন বি কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এণ্টেঅক্সিডেণ্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ আদি ।

ঢেকীয়া শাক আমাৰ সকলোৰে পৰিচিত খাদ্য। ঢেকীয়া (Fiddlehead ferns) এবিধ শাক জাতীয় বনৰীয়া উদ্ভিদ। বিজ্ঞানীসকলৰ মতে পৃথিৱীত প্ৰায় দহহাজাৰ ঢেকীয়াবৰ্গৰ প্ৰজাতি আছে। কিন্তু উত্তৰ-পূৰ্বাঞ্চলত ৫ বিধ ঢেকীয়াহে উপলব্ধ আছে ।


আহক জানো ঢেকীয়া শাকৰ উপকাৰিতা- 



১. লিভাৰৰ অসুখ নিৰাময় কৰে।

২. জণ্ডিচ, টিউমাৰ, ভাইৰাচজনিত ৰোগ নিৰাময় কৰে।

৩. ঢেকীয়াত থকা কেলচিয়াম, ফচফৰাছ হাড়ৰ গঠনৰ বাবে উপকাৰী।

৪. ঢেকীয়াৰ বাতনাশক গুণ আছে।

৫. মহিলাৰ স্তন ৰোগৰ বাবে অতিকৈ উপকাৰী। প্ৰসৱৰ পিছত হোৱা স্তনৰ বিষ, স্তনাগ্ৰ ফাটি যোৱা আৰু মাতৃদুগ্ধৰ উন্নতি ঘটায়।

৬. বক্ষৰোগ, কাঁহ-শ্বাসজনিত ৰোগ, হাওঁফাওঁৰ কৰ্কটৰোগ প্ৰতিৰোধ কৰে।

৭. ঢেকীয়া ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।

৮. ঢেকীয়াই শক্তিবৰ্ধক আৰু যৌনশক্তি বৃদ্ধি কৰে।

৯. ঢেকীয়া মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সন (UTI)ত উপকাৰী।

১০. ফিটা পেলু নাশ কৰে ঢেকীয়াই।

১১. ঢেকীয়াৰ শিপাৰ গুড়িৰ পাউদাৰ লগালে ঘা শুকায় ৷

১২. কোষ্ঠকাঠিন্য দূৰ কৰে।

১৩. ঢেকীয়াত থকা ভিটামিন এয়ে দৃষ্টিশক্তিৰ উন্নতি কৰে।

১৪. ঢেকীয়াত থকা পটিচিয়ামে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

১৫. ঢেকীয়া শাকত বিকিৰণ ৰোধক গুণ আছে।

১৬. ঢেকীয়াৰ শিপাৰ চাহ বনাই খালে হাওঁফাওঁত অক্সিজেনৰ প্ৰবাহ ভাল হয় ৷ উশাহ লোৱাৰ কষ্ট দূৰ হয় ৷

ঢেকীয়া শাকৰ অপকাৰীতা :


ঢেকীয়া শাকৰ যিদৰে উপকাৰী গুণ আছে ঠিক সেইদৰে অপকাৰীতাও আছে। ঢেকীয়া শাক অত্যধিক খোৱা ভাল নহয়। আগৰ বুঢ়া-মেথা সকলে কোৱা মতে ঢেকীয়া সদায় খোৱা অনুচিত। কিয় ?
১/ ঢেকীয়া শাকে দেহা ভাগৰাই তোলে। 
২/ অত্যধিক টোপনি হোৱাৰ সম্ভাৱনা থাকে।
৩/ ৰাতি ঢেকীয়া শাক খালে হজম নহয়।
৪/ ৰাতি ঢেকীয়া শাক খালে গেছ হয়।
৫/ আধা সিজাকৈ ঢেকীয়া শাক খালে ওকালি আহে আৰু বমি হয়।
৬/ আধা সিজাকৈ ঢেকীয়া শাক খালে পেটৰ বিষ হয়। হাগনি আৰু জ্বৰ আদি লক্ষণে দেখা দিয়ে । 

যিয়েই নহওঁক ঢেকীয়া শাকৰ আদৰ কিন্তু অসমত ইমূৰৰ পৰা সিমূৰলৈ দিনক দিনে বৃদ্ধি পাই আহিছে। ইয়াৰ কাৰণ হৈছে বজাৰত অন্য শাক পাচলিৰ জুই ছাইৰ দাম। ইয়াৰোপৰি বজাৰত প্ৰাপ্ত প্ৰায় বোৰ শাক পাচলিত ৰাসায়নিক ঔষধ ছটিওৱা হয় বুলি সকলোৱে ধাৰণা কৰে। এইটো সত্য যে বজাৰত প্ৰাপ্ত প্ৰায় বোৰ শাক পাচলিতে দৰৱ দিয়া হয়। নহ'লেনো অনা পাছদিনাখনেই গেলি যায় নে ? এইবোৰৰ কাৰণতে বনৰীয়া ঢেকীয়া শাকৰ আদৰ বৃদ্ধি পাবলৈ ধৰিছে। আনকি বৰ্তমান সময়ত নগৰ এলেকাত প্ৰতি ঘৰে ঘৰে ঢেকীয়া শাক, তৰা, টিকনি বৰুৱা আদি বাৰীত লগাই লোৱা দেখা যায়।




প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে অশেষ আন্তৰিক ধন্যবাদ জনালো।- দুদুল সোণোৱাল।

সহায়ক উৎস
https://as.vikaspedia.in/health/ousadh/9a29c79959c09be9f0-9899aa9959be9f09bf9a49be

 

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts